প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

উত্তৰাখণ্ডৰ দেৰাডুনত একাধিক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Posted On: 04 DEC 2021 6:21PM by PIB Guwahati

প্ৰথমতে মই উত্তৰাখণ্ডৰ সকলো সন্মানীয় জ্যেষ্ঠ ব্যক্তি, মৰমৰ ভাই-ভনী, আইমাতৃসকলক শ্ৰদ্ধা আৰু মৰম জনাইছো৷ আশাকৰো আপোনালোক সকলো কুশলে আছে৷ মোৰ শুভেচ্ছা গ্ৰহণ কৰিব৷

উত্তৰাখণ্ডৰ ৰাজ্যপাল শ্ৰীমান গুৰমীত সিং জী, জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীমান পুষ্কৰ সিং ধামী জী, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী প্ৰহ্লাদ যোশী জী, অজয় ভট্ট জী, উত্তৰাখণ্ডৰ মন্ত্ৰী সৎপাল মহাৰাজ জী, হৰক সিং ৰাৱট জী, ৰাজ্যিক মন্ত্ৰী পৰিষদৰ সদস্যসকল, সংসদৰ মোৰ সহযোগী নিশংক জী, তীৰথ সিং ৰাৱট জী, অন্য সাংসদসকল, ভাই ত্ৰিৱেন্দ্ৰ সিং ৰাৱট জী, বিজয় বহুগুনা জী, বিধায়কসকল, মেয়ৰ শ্ৰী, জিলা পঞ্চায়তৰ সদস্যসকল, ভাই মদন কৌশিক জী আৰু মোৰ মৰমৰৰ ভাই-ভনীসকল,

আপোনালোক সকলোৱে ইমান অভূতপূৰ্ব হাৰত মোক আশীৰ্বাদ দিবলৈ আহিছে৷ আপোনালোকৰ স্নেহ, আপোনালোকৰ আশীৰ্বাদৰ প্ৰসাদ পাই আমি সকলো অভিভূত হৈছো৷ উত্তৰাখণ্ড সমগ্ৰ দেশৰ আস্থাই নহয়, বৰঞ্চ কৰ্ম আৰু কৰ্মঠতাৰ ভূমি৷ সেইবাবে ইমান ক্ষেত্ৰৰ বিকাশ, ইয়াৰ ভব্য স্বৰূপ দিয়াটো দ্বৈত ইঞ্জিনৰ চৰকাৰে অগ্ৰাধিকাৰ দিছে৷ এই ভাৱনাৰে কেৱল বিগত পাঁচ বৰ্ষত উত্তৰাখণ্ডৰ বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰে ১ লাখ কোটি টকাতকৈ অধিক প্ৰকল্পত স্বীকৃতি দিছে৷ ইয়াৰ চৰকাৰে ক্ষিপ্ৰতাৰে এই প্ৰকল্পসমূহ ৰূপায়ণ কৰিছে৷ এই প্ৰচেষ্টাত আগুৱাই আজি ১৮ হাজাৰ কোটি টকাতকৈ অধিক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰা হৈছে৷ ইয়াৰ জৰিয়তে যোগাযোগেই হওক, স্বাস্থ্যই হওক, সংস্কৃতিয়েই হওক, তীৰ্থস্থানেই হওক, বিদ্যুতেই হওক, শিশুসকলৰ বাবে বিশেষভাৱে নিৰ্মাণ কৰা শিশু উপযোগী চিটী প্ৰকল্পই হওক, প্ৰায় সকলো ক্ষেত্ৰৰ সৈতে জড়িত প্ৰকল্প অন্তৰ্ভূক্ত হৈ আছে৷ বিগত বছৰসমূহত কঠোৰ পৰিশ্ৰমৰ পাছত বহু জৰুৰী প্ৰচেষ্টা হাতত লোৱাৰ পাছত অৱশেষত এই দিন আহিছে৷ মই কেদাৰুপৰীৰ পবিত্ৰ ভূমিৰ পৰা কৈছো, আজি দেৰাডুনৰ পৰা দোঁহাৰিছো যে এই প্ৰকল্পসমূহে এই দশকটো উত্তৰাখণ্ডৰ দশক হিচাপে গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷ এইসকলো প্ৰকল্পৰ বাবে উত্তৰাখণ্ডৰ লোকসকলক বহুত বহুত অভিনন্দন জনালো, বহুত বহুত শুভেচ্ছা জনালো৷ যিসকল লোকে সোধে যে দ্বৈত ইঞ্জিনৰ চৰকাৰৰ লাভ কি, তেওঁলোকে আজি দেখিছে যে দ্বৈত ইঞ্জিনৰ চৰকাৰে কিদৰে উত্তৰাখণ্ডত বিকাশৰ গংগা বোৱাই আছে৷

ভাই-ভনীসকল,

এই শতিকাৰ আৰম্ভণিতে অটল বিহাৰী বাজপেয়ী জীয়ে ভাৰতৰ যোগাযোগ ব্যৱস্থা সম্প্ৰসাৰণৰ অভিযান আৰম্ভ কৰিছিল৷ কিন্তু তেওঁৰ পাছত ১০ বছৰ দেশত এনে চৰকাৰ আছিল, যি দেশৰ, উত্তৰাখণ্ডৰ, বহুমুলীয়া সময় অপচয় কৰিলে৷ ১০ বছৰত দেশত আন্তঃগাঁথনি নিৰ্মাণৰ নামত কেলেংকাৰী, দুৰ্নীতি হ’ল৷ ইয়াৰদ্বাৰা দেশৰ যিমান লোকচান হ’ল, তাৰ ক্ষতি আমি দুগুন গতিৰে কৰা পৰিশ্ৰমেৰে পুৰণ কৰিছো৷ আজি ভাৰতে আধুনিক আন্তঃগাঁথনিৰ ক্ষেত্ৰত ১০০লাখ কোটিতকৈ অধিক বিনিয়োগ ইচ্ছাৰে আগুৱাই হৈছে, আজি ভাৰতৰ নীতি গতিশক্তিৰ, দুই-তিনিগুন গতিৰে কাম কৰাৰ৷ বছৰ বছৰ ধৰি অসম্পূৰ্ণ হৈ থকা প্ৰকল্পসমূহ, কোনো প্ৰস্তুতি অবিহনে ফিটা কটাৰ ধৰণ এৰি আজি ভাৰতে নৱভাৰত নিৰ্মাণৰ সৈতে জড়িত হৈছে৷ একবিংশ শতিকাৰ এই কালছোৱাত ভাৰতত যোগাযোগৰ এটা এনে মহাযজ্ঞ চলি আছে, যি ভৱিষ্যতৰ ভাৰতক বিকশিত দেশত শাৰীলৈ উন্নীত কৰাত বৃহৎ ভূমিকা পালন কৰিব৷ এই মহাযজ্ঞৰে এটা যজ্ঞ আজি এই দেৱভূমিত হৈ আছে৷

ভাই-ভনীসকল,

এই দেৱভূমি ভক্তও আহে, উদ্যমী ব্যক্তিও আহে, প্ৰকৃতিপ্ৰেমীও আহে৷ এই ভূমিৰ যি সামৰ্থ, সেয়া বঢ়োৱাৰ বাবে ইয়াৰ আধুনিক আন্তঃগাঁথনিত অভূতপূৰ্ব কাম কৰা হৈছে৷ চাৰধামলৈ সকলো সময়তে ব্যৱহাৰযোগ্য পথ প্ৰকল্পৰ অধীনত আজি দেৱপ্ৰয়াগৰ পৰা শ্ৰীকোট আৰু ব্ৰহ্মপুৰীৰ পৰা কোড়িয়ালালৈকে এই প্ৰকল্পসমূহৰ আধাৰশিলা স্থাপন কৰা হৈছে৷ ভগৱান বদ্ৰীনাথলৈ যোৱাৰ বাবে লামবাগ ভূমিস্খলনে যি বাধাৰ সৃষ্টি কৰিছিল, সেই বাধাও এতিয়া দূৰ হৈছে৷ এই ভূমি-স্খলনে দেশজুৰি কিমান সংখ্যক তীৰ্থযাত্ৰীক বদ্ৰীনাথ যাত্ৰা কৰাৰ পৰা বিৰত কৰালে বা ঘণ্টাৰ পাছচ ঘণ্টা ধৰি অপেক্ষা কৰিবলৈ বাধ্য কৰাইছিল আৰু একাংশ লোকক অপেক্ষা কৰি কৰি ঘুৰি যাবলৈ বাধ্য কৰালে তাৰ সীমা নাই৷ এতিয়া বদ্ৰীনাথৰ যাত্ৰা আগতকৈ অধিক সুৰক্ষিত আৰু সুখৰ হ’ব৷ আজি বদ্ৰীনাথ জী, গংগোত্ৰী আৰু যমুনোত্ৰী ধামত বহু সুবিধাযুক্ত নতুন প্ৰকল্পৰো কাম আৰম্ভ হৈছে৷

ভাই-ভনীসকল,

উন্নত যোগাযোগ আৰু সুবিধাৰ জৰিয়তে পৰ্যটন আৰু তীৰ্থস্থানৰ কিমান লাভ হয়, বিগত বৰ্ষসমূহত কেদাৰধামত আমি অনুভৱ কৰিছো৷ কেদাৰনাথ দুৰ্যোগৰ পূৰ্বে ২০১২চনত ৫লাখ ৭০হাজাৰ লোকে দৰ্শন কৰিছিল আৰু সেয়া সেই সময়ত অভিলেখ আছিল, ২০১২ চনত এই যাত্ৰীৰ সংখ্যা ডাঙৰ অভিলেখ আছিল৷ সেইদৰে ক’ৰোনা কাল আৰম্ভ হোৱাৰ পূৰ্বে ২০১৯চনত ১০লাখতকৈ অধিক লোকে কেদাৰনাথ দৰ্শন কৰিছিল৷ অৰ্থাৎ কেদাৰ ধামৰ পুনৰ নিৰ্মাণে কেৱল ভক্তৰ সংখ্যাকে বঢ়োৱা নাছিল, বৰঞ্চ তাৰ লোকসকলৰ ৰোজগাৰৰো যথেষ্ট সুযোগ প্ৰদান কৰিছিল৷

বন্ধুসকল,

আগতে যেতিয়া মই উত্তৰাখণ্ডলৈ আহিছিলো বা উত্তৰাখণ্ডলৈ অহা-যোৱা কৰা লোকক লগ পাইছিলো, তেওঁলোকে কৈছিল-মোদী জী দিল্লীৰ পৰা দেৰাডুনৰ যাত্ৰা গণেশপুৰলৈকে বহুত সহজতে হৈ যায়, কিন্তু গণেশপুৰৰ পৰা দেৰাডুনলৈ বহুত কঠিন হয়৷ আজি মই আনন্দিত হৈছো যে দিল্লী-দেৰাডুন অৰ্থনৈতিক কৰিড’ৰৰ আধাৰশিলা স্থাপন হ’ল৷ যেতিয়া এইটোৰ নিৰ্মাণ হ’ব, দিল্লীৰ পৰা দেৰাডুনলৈ অহা-যোৱা কৰোতে যিমান সময় লাগিছিল, সেয়া প্ৰায় আধা হ্ৰাস পাব৷ ইয়াৰ জৰিয়তে কেৱল দেৰাডুনৰ লোকসকলৰে লাভ নহয়, বৰঞ্চ হৰিদ্বাৰ, মুজফ্ফৰনগৰ, চামলীস বাগপট আৰু মেৰঠ যাবলগীয়াসকলৰো সুবিধা হ’ব৷ এই অৰ্থনৈতিক কৰিড’ৰে এতিয়া দিল্লীৰ পৰা হৰিদ্বাৰলৈ অহা-যোৱা কৰাৰ সময়ো কম কৰিব৷ হৰিদ্বাৰ ৰিং ৰোড প্ৰকল্পৰ জৰিয়তে হৰিদ্বাৰ চহৰৰ বছৰ বছৰ পুৰণি যান-যঁটৰ সমস্যাৰ পৰা মুক্তি প্ৰদান কৰিব৷ ইয়াৰ দ্বাৰা কুমাও ক্ষেত্ৰৰ সৈতে সম্পৰ্ক আৰু অধিক সহজ কৰিব৷ তদুপৰি, ঋষিকেশৰ পৰিচয়, আমাৰ লক্ষ্মণ ঝুলা সেঁতুৰ সমীপত এক নতুন সেঁতুৰো আধাৰশিলা আজি স্থাপন কৰা হৈছে৷

ভাই-ভনীসকল,

দিল্লী-দেৰাডুন এক্সপ্ৰেছৱে কেৱল পৰিৱেশৰ সুৰক্ষাৰ লগতে বিকাশত আমাৰ মডেলৰো প্ৰমাণ কৰিব৷ ইয়াৰ জৰিয়তে এফালে উদ্যোগৰ কৰিড’ৰ হ’ব আৰু ই এছিয়াৰ আটাইতকৈ ডাঙৰ ইলেভেটেড ৱাইল্ডলাইফ কৰিড’ৰো হ’ব৷ এই কৰিড’ৰে যাতায়াত সহজ কৰাৰ লগতে বন্য জীৱজন্তুৰো সুৰক্ষিত চলাচলত সহায় কৰিব৷

বন্ধুসকল,

উত্তৰাখণ্ডত ঔষধযুক্ত জড়ি-বুটি আছে, যি প্ৰাকৃতিকভাৱে উপাদন কৰা হয়, যাৰ চাহিদা এতিয়া বিশ্বজুৰি আছে৷ এতিয়াও উত্তৰাখণ্ডৰ এই সামৰ্থ্যক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিব পৰা নাই৷ এতিয়া যি আধূনিক পাৰফিউম আৰু সুগন্ধি গৱেষণাগাৰ নিৰ্মাণ কৰা হৈছে, ই উত্তৰাখণ্ডৰ সামৰ্থ্য আৰু অধিক বৃদ্ধি কৰিব৷

ভাই-ভনীসকল,

আমাৰ পাহাৰসমূহে, আমাৰ সংস্কৃতি-আমাৰ সংস্কৃতিক শক্তিশালী কৰা নহয়, বৰঞ্চ ই আমাৰ দেশৰ সুৰক্ষাৰো দুৰ্গ৷ পাহাৰত থকা লোকসকলৰ সুগম কৰাটো দেশৰ অগ্ৰাধিকাৰসমূহৰ্ অন্যতম৷ কিন্তু দুৰ্ভাগ্যক্ৰমে দশক দশক ধৰি দেশত যি চৰকাৰ আছিল, তেওঁলোকৰ নীতি আৰু ৰণনীতিত কোনো দুৰদৰ্শনী চিন্তা নাছিল৷ তেওঁলোকৰ বাবে উত্তৰাখণ্ডই হওক বা হিন্দুস্থানৰ অন্যান্য স্থানেই হওক তেওঁলোকৰ এটাই ইচ্ছা আছিল, নিজৰ পুঁজি শক্তিশালী কৰা, নিজৰ ঘৰ ভৰোৱা, আত্মীয়ৰ যত্ন লোৱা৷

ভাই-ভনীসকল,

আমাৰ বাবে উত্তৰাখণ্ড জপ আৰু তপস্যাৰ মাৰ্গ৷ ২০০৭ৰ পৰা ২০১৪ চনৰ মাজৰ সময়ছোৱাত কেন্দ্ৰত যি চৰকাৰ আছিল, তেওঁলোকে ৭ বছৰত উত্তৰাখণ্ডৰ কি কি কাম কৰিছিল? পূৰ্বৰ চৰকাৰে উত্তৰাখণ্ডত ৭ বছৰত কেৱল ২৮৮ কিলোমিটাৰ ঘাইপথ নিৰ্মাণ কৰিছিল৷ আমাৰ চৰকাৰে ৭ বছৰত উত্তৰাখণ্ডত ২হাজাৰ কিলোমিটাৰতকৈ অধিক দৈঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰিছে৷ ভাই-ভনীসকল, আপোনালোকেই কওক এয়া আপোনালোকে কাম বুলি ভাৱেনে নাভাৱে? ইয়াৰ জৰিয়তে জনতাৰ ভাল হোৱা নাই নেকি? উত্তৰাখণ্ডৰ যুৱপ্ৰজন্মৰ ভাগ্য উদয় হ’বনে নহয়? ইমানেই নহয়, পূৰ্বৰ চৰকাৰে উত্তৰাখণ্ডত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে ৭ বছৰত ৬০০ কোটি টকা ব্যয় কৰিছিল৷ অলপ ভালদৰে শুনক, কিয়নো আমাৰ চৰকাৰে চাৰে সাত বছৰত ১২হাজাৰ কোটিতকৈ অধিক টকা ব্যয় কৰিছে৷

ভাই-ভনীসকল,

এয়া কেৱল সংখ্যাৰ হিচাপেই নহয়৷ যেতিয়া আন্তঃগাঁথনিৰ ইমান বৃহৎ প্ৰকল্পত কাম হৈছে, তেতিয়া কিমান বস্তুত প্ৰয়োজন হ’ব৷ চিমেণ্ট লাগিব, লোহা লাগিব, কাঠ লাগিব, ইটা লাগিব, শ্ৰমিক লাগিব, উদ্যমী লোক লাগিব৷ স্থানীয় যুৱক-যুৱতীসকলৰ বাবে বিভিন্ন ধৰণৰ সুযোগ সৃষ্টি হ’ব৷ এই কামসমূহত যিসকল শ্ৰমিক লাগিব, অভিযন্তা লাগি, মেনেজমেণ্ট লাগিব, তেওঁলোকৰ অধিক সংখ্যকে স্থানীয় লোক৷ সেইবাবে আন্তঃগাঁথনিৰ এই প্ৰকল্প উত্তৰাখণ্ডৰ বাবে সংস্থাপনৰ এক নতুন অৰ্থনীতি গঢ় দিছে, হাজাৰ হাজাৰ যুৱক-যুৱতীক সংস্থাপন দিছে৷ আজি মই গৌৰৱেৰে ক’ব পাৰো যে পাঁচ বছৰৰ পূৰ্বে মই কৈছিলো, একেটা কথা দোহাৰিবলৈ ৰাজনীতিক সাহস অলপ কম থাকে৷ মনত পেলাওক মই কি কৈছিলো আৰু আজিও গৌৰৱেৰে ক’ব পাৰো যে উত্তৰাখণ্ডৰ পানী আৰু যৌৱন উত্তৰাখণ্ডৰ কাম আহিব৷

বন্ধুসকল,

সীমান্তৱৰ্তী পাহাৰীয়া এলেকাৰ আন্তঃগাঁথনিতো পূৰ্বৰ চৰকাৰে যিমান কৰিব লাগিব, সিমান গুৰুত্ব সহকাৰে কৰা নাছিল৷ সীমান্তত পথ নিৰ্মাণ হৈছে, দল নিৰ্মাণ হৈছে, সেইবোৰতো তেওঁলোকে ধ্যান দিয়া নাছিল৷ এক ৰেংক এক পেন্সনেই হওক, আধুনিক অস্ত্ৰ-শস্ত্ৰই হওক বা সন্ত্ৰাসবাদীক যোগ্য প্ৰত্যুত্তৰ দিয়া ইত্যাদি ক্ষেত্ৰত প্ৰতিটো স্তৰত সেনাক নিৰাশ কৰা, নিৰুৎসাহ কৰাৰ শপত তেওঁলোকে যেন খাইছিল৷ কিন্তু আজি যি চৰকাৰ আছে, সেই চৰকাৰে বিশ্বৰ কোনো দেশৰ হেঁচাত নচলে৷ আমি ৰাষ্ট্ৰ প্ৰথম, সদায় প্ৰথম মন্ত্ৰত চলো৷ আমি সীমান্তৱৰ্তী পাহাৰ এলেকাতো শ শ কিলোমিটাৰ নতুন পথ নিৰ্মাণ কৰা হৈছে৷ বতৰ আৰু ভৌগোলিক জটিলতা সত্তেও ই কাম ক্ষিপ্ৰতাৰে কৰা হৈছে৷ এই কাম কিমান গুৰুত্বপূৰ্ণ সেয়া উত্তৰাখণ্ডৰ প্ৰতিটো পৰিয়াল, সেনাত নিজৰ সন্তানক প্ৰেৰণ কৰা পৰিয়ালতকৈ অধিক ভালদৰে কোনে বুজি পাব৷

বন্ধুসকল,

এটা সময়ত পাহাৰত থকা লোকসকলে বিকাশৰ মুল সুঁতিৰ সৈতে জড়িত হোৱাৰ বাবে সপোন দেখিয়েই থমকি ৰৈছিল৷ প্ৰজন্মৰ পাছত প্ৰজন্ম পাৰ হৈ গৈছিল, তেওঁলোকে এইটোকে ভাৱি আছিল যে আমি কেতিয়া পৰ্যাপ্ত বিদ্যুৎ লাভ কৰিম, আমি কেতিয়া পকী গৃহ লাভ কৰিম? আমাৰ গাঁৱলৈ পথ সংযোগ হ’ব নে নাই? ভাল চিকিৎসা সুবিধান পাম নে নাপাম আৰু পলায়নবাদী ব্যৱস্থা কেতিয়া অন্ত পৰিব? এনে কিমান যে তেওঁলোকৰ মনত উদয় হৈছিল৷

বন্ধুসকল

যেতিয়া কিবা এটা কৰাৰ আৱেগ থাকিব, তেতিয়া….সলনি হ’ব আৰু সলনি হ’ব৷ আপোনালোকৰ এই সপোন পুৰণ কৰাৰ ববে আমি দিনে-ৰাতিয়ে পৰিশ্ৰম কৰি আহিছো৷ আজি চৰকাৰে এই কথালৈ অপেক্ষা নকৰে যে নাগৰিকে তেওঁলোকৰ ওচৰলৈ নিজৰ সমস্যা লৈ আহিব, তাৰপাছত চৰকাৰে কিবা এটা ভাৱিব আৰু পদক্ষেপ গ্ৰহণ কৰিব৷ এতিয়া চৰকাৰ এনেকুৱা যে পোনপটীয়াকৈ নাগৰিকৰ ওচৰলৈ যায়৷ আপোনালোকে মনত পেলাওক এটা সময় আছিল যেতিয়া উত্তৰাখণ্ডত ১.২৫ লাখ পৰিয়ালত নলসংযোগী পানী আছিল৷ বৰ্তমান চাৰে সাত লাখতকৈ অধিক পৰিয়ালত নলেৰে পানী প্ৰদান কৰা হৈছে৷ আজি ঘৰৰ ৰান্ধনীশাললৈকে যেতিয়া নলেৰে পানী আহিছে-তেতিয়া হ’লে মাতৃ-ভগ্নীসকলে মোক তথা আমাৰ সকলোকে আশীৰ্বাদ দিব নে নিদিব? নলেৰে পানী আহিলে মাতৃ-ভগ্নীসকলৰ কষ্ট লাঘৱ হ’বনে নাই? তেওঁলোকে সুবিধা পাব নে নাই? এই কাম জল জীৱন আঁচনি আৰম্ভ হোৱাৰ দুবছৰৰ ভিতৰতে আমি কৰিছো৷ ইয়াৰ অভূতপূব্ লাভ উত্তৰাখণ্ডৰ মাতৃ-ভগ্নী তথা মহিলাসকলৰ হৈছে৷ উত্তৰাখণ্ডৰ মাতৃ-ভগ্নীসকলে সদায় আমাক বহুত মৰম দিছে৷ আমি সকলোৱে দিনে-নিশাই পৰিশ্ৰম কৰি, দায়বদ্ধতাৰে কাম কৰি, আমাৰ এই মাতৃ-ভগ্নীসকলৰ জীৱন সহজ কৰি, তেওঁলোকৰ ঋণ পৰিশোধৰ নিৰন্তৰ প্ৰয়াস কৰি আহিছো৷

বন্ধুসকল,

দ্বৈত ইঞ্জিনৰ চৰকাৰত উত্তৰাখণ্ডৰ স্বাস্থ্য আন্তঃগাঁথনিৰো অভূতপূৰ্ব কাম হৈছে৷ উত্তৰাখণ্ডত ৩খন নতুন চিকিৎসা মহাবিদ্যালয়ক স্বীকৃতি দিয়া হৈছে৷ ইমান সৰু ৰাজ্যত তিনিখন নতুন চিকিৎসা মহাবিদ্যালয় আৰু আজি হৰিদ্বাৰ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হৈছে৷ ঋষিকেশ এইমছে সেৱা আগবঢ়াইছে, কুমাওত উপগ্ৰহ কেন্দ্ৰইও শীঘ্ৰে সেৱা আগবঢ়োৱাৰ বাবে মুকলি কৰা হ’ব৷ টিকাকৰণৰ দিশত উত্তৰাখণ্ড আজি দেশৰ অগ্ৰণী ৰাজ্যৰ শাৰীত আছে আৰু ইয়াৰ বাবে ধামী জী আৰু তেওঁৰ সতীৰ্থসকলৰ লগতে উত্তৰাখণ্ড চৰকাৰক অভিনন্দন জ্ঞাপন কৰিছো৷ ইয়াৰ অন্তৰালতো উন্নত চিকিৎসা আন্তঃগাঁথনিৰ বহুত ভূমিকা আছে৷ এই ক’ৰোনা কালত উত্তৰাখণ্ডত অৰ্ধশতাধিক নতুন অক্সিজেন প্লাণ্টো স্থাপন কৰা হৈছে৷

বন্ধুসকল,

বহু লোকে বিচাৰে, আপোনালোক সকলোৰে মনত ভাৱ হয় যে আপোনালোকৰ সন্তানো চিকিৎসক হওক, অভিযন্তা হওক, মেনেজমেণ্ট পঢ়ক৷ কিন্তু নতুন প্ৰতিষ্ঠান যদি নিৰ্মাণ কৰা নহয়, তেতিয়া আসনৰ সংখ্যাও নাবাঢ়ে, তেতিয়া আপোনালোকৰ সপোন পুৰণ হ’ব জানো? আজি দেশত নিৰ্মাণ কৰা নতুন চিকিৎসা মহাবিদ্যালয়, নতুন আইআইটি, নতুন আইআইএম, শিক্ষাৰ্থীৰ বাবে বৃত্তিমুলক পাঠ্যক্ৰমৰ বৰ্ধিত আসনে দেশৰ বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মৰ ভৱিষ্যতক শক্তিশালী কৰাৰ কাম কৰিছে৷ আমি সাধাৰণ লোকৰ সামৰ্থ্য বৃদ্ধি কৰি, তেওঁলোকক সবলীকৰণ কৰি, তেওঁলোকৰ ক্ষমতা বৃদ্ধি কৰি, তেওঁলোকক সন্মান সহকাৰে জীয়াই থকাৰ নতুন সুযোগ প্ৰদান কৰিছো৷

বন্ধুসকল,

সময়ৰ লগে লগে আমাৰ দেশৰ ৰাজনীতিত বিভিন্ন প্ৰকাৰৰ বিকৃতি আহিছে আৰু আজি এই বিষয়েও মই উত্তৰাখণ্ডৰ পবিত্ৰ ভূমিৰ পৰা কেতবোৰ কথা ক’ব বিচাৰিছো৷ একাংশ ৰাজনৈতিক দলৰ দ্বাৰা, সমাজৰ বিভাজন কৰে, কেৱল এটা শাখা, সেয়া লাগিলে নিজৰ জাতিয়েই হওক, কোনো নিৰ্দিষ্ট ধৰ্মৰে হওক, বা নিজৰ সৰু এলেকাৰ ভিতৰতে হওক, তাৰ প্ৰতি ধ্যান দিয়া৷ এই প্ৰয়াস চলিছিল কিয়নো তাত ভোটবেংক দেখিছিল৷ ইমানখিনি চম্ভালি লওক, ভোটবেংক বনাই দিয়ক, গাড়ী চলি থাকিব৷ এই ৰাজনৈতিক দলসমূহে আৰু এটা দৃষ্টিভংগী গ্ৰহণ কৰিছিল৷ সেয়া বিকৃতিৰ এক ৰূপ আৰু সেই পথে জনতাক শক্তিশালী হ’বলৈ নিদিয়ে, এই প্ৰচেষ্টা অব্যাহত থাকে যাতে জনসাধাৰণ কেতিয়াও শক্তিশালী হ’ব নোৱাৰে৷ তেওঁলোকে এইটো বিচাৰে যে এই জনতা-জনাৰ্দন সদায় অসহায় হৈ থাকক আৰু তেওঁলোকৰ ৰাজত্ব অক্ষুণ্ণ থাকক৷ এই বিকৃত ৰাজনীতিৰ আধাৰ এই যে লোকসকলৰ আৱশ্যকতা পুৰণ নকৰক৷ তেওঁলোক আনৰ ওপৰত নিৰ্ভৰ কৰি থাকক৷ তেওঁলোকৰ সকলো প্ৰচেষ্টা এনে যাতে জনতা-জনাৰ্দন শক্তিশালী হ’ব নোৱাৰে৷ দুৰ্ভাগ্যজনকভাৱে এই ৰাজনৈতিক দলসমূহে জনসাধাৰণৰ মনত এনে ধাৰণা গঢ় দিছিল যে চৰকাৰ আমাৰ পিতৃ-মাতৃ, এতিয়া যি পাব চৰকাৰৰ পৰাই পাব৷ জনতাৰ মনতো এই কথাই থিতাপি লৈছিল৷ অৰ্থাৎ এফালে দেশৰ সাধাৰণ জনতাৰ স্বাভিমান, তেওঁলোকৰ গৌৰৱ সুচিন্তিত ৰণনীতিৰে বিনস্ত কৰাৰ লগতে তেওঁলোকক আনৰ ওপৰত নিৰ্ভৰশীল কৰি তুলিলে৷ দুখৰ কথা এই যে এই সকলোবোৰ কৰাৰ পাছতো তেওঁলোকক ঘুনাক্ষও নজনালে৷ কিন্তু এই চিন্তাধাৰা, এই দৃষ্টিভংগীৰ বিপৰীতে আমি এক পৃথক ৰাস্তা বাছনি কৰিলো৷ আমি যি পথ বাছনি কৰিলো, সেই পথ কঠিন, সেই পথ জটিল, কিন্তু দেশৰ হিতকৰ, দেশৰ জনসাধাৰণৰ হিতৰক৷ আমাৰ পথ হৈছে-সবকা সাথ, সবকা বিশ্বাস৷ আমি কৈছো যে যি আঁচনিয়েই গ্ৰহণ কৰিম, ভেদ-ভাৱ অবিহনে সকলোৰে বাবে কৰিম৷ আমি ভোটবেংক ৰাজনীতিৰ আধাৰ বনোৱা নাই, বৰঞ্চ জনসাধাৰণৰ সেৱাৰ অগ্ৰাধিকাৰ দিলো৷ আমাৰ দৃষ্টিভংগী হৈছে দেশক শক্তিশালী কৰা৷ আমাৰ দেশ কেতিয়া শক্তিশালী হ’ব? যেতিয়া সকলো পৰিয়াল শক্তিশালী হ’ব৷ আমি এনে সমাধান বিচাৰি উলিয়ালো, এনে আঁচনি প্ৰস্তুত কৰিলো যিটোৱে ভোটবেংক তুলা-চালনী ঠিক নকৰে কিন্ত ভেদ-ভাৱ অবিহনে আপোনাৰ জীৱন সহজ কৰি তুলিব, আপোনালোকক নতুন সুযোগ প্ৰদান কৰিব, আপোনালোকক শক্তিশালী কৰিব৷ আপোনালোকেও এনে পৰিৱেশ নিবিচাৰে, য’ত আপোনালোকৰ সন্তান আনৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে৷ যিসমূহ সমস্যা আপোনালোকে সন্মুখীন হৈছে, যিসমূহ জটিলতা আপোনালোকে জীৱনত ভূগিব লগা হ’ল, আপোনালোকে নিবিচাৰে সেই সমস্যা সন্তানৰ বাবেও ভৱিষ্যতে থাকক৷ আমি আপোনালোকক আনৰ ওপৰত নিৰ্ভৰশীল হৈ থকাতকৈ আত্মনিৰ্ভৰশীল হিচাপে গঢ়িব বিচাৰো৷ যেনেকৈ মই কৈছিলো যে যিসকল আমাৰ অন্নদাতা, তেওঁলোক শক্তিদাতাও হওক৷ সেইবাবে ইয়াৰ জৰিয়তে আমি খেতিৰ কাষত সৌৰ শক্তিৰ পেনেল লগোৱাৰ কুসুম যোজনা আনিলো৷ ইয়াৰ জৰিয়তে কৃষকে খেতিপথাৰতে বিদ্যুৎ উৎপাদন কৰাৰো সুবিধা হৈছে৷ আমি কৃষকক কোনো ধৰণে আনৰ ওপৰত নিৰ্ভৰশীল কৰা নাই আৰু তেওঁলোকৰ মনত এনে ভাৱো অহা নাই যে বিনামূলীয়াকৈ বিদ্যুৎ পাই আছে৷ এই প্ৰয়াসেৰে তেওঁলোকে বিদ্যুতো পাইছে আৰু দেশৰ ওপৰতো বোজা পৰা নাই আৰু তেওঁলোকে এফালৰ পৰা আত্মনিৰ্ভৰশীল হৈছে আৰু এই যোজনাই দেশৰ বহু স্থানক আমাৰ কৃষকসকলে ৰূপায়ণ কৰিছে৷ সেইদৰে আমি দেশজুৰি উজ্বলা যোজনা আৰম্ভ কৰিলো৷ ইয়াৰ প্ৰচেষ্টা এই যে ঘৰে ঘৰে বিদ্যুতৰ বিল কম আহক৷ ইয়াৰ বাবে দেশজুৰি আৰু ইয়াৰ উত্তৰাখণ্ডত কোটি কোটি এলইডি বাল্ব প্ৰদান কৰিলো আৰু পূৰ্বতে প্ৰতিটো এলইডি বাল্বত ৩০০-৪০০টকা লৈছিল, আমি সেই দাম ৪০-৫০টকা কৰিলো৷ আজি প্ৰায় সকলো পৰিয়ালতে এলইডি বাল্ব ব্যৱহাৰ হৈছে আৰু জনসাধাৰণৰ বিল কম হৈছে৷ বহু পৰিয়ালত যি মধ্যবিত্ত, নিম্ন মধ্যবিত্ত পৰিয়াল আছে, তেওঁলোক মাহিলী ৫০০-৬০০টকালৈকে বিদ্যুতৰ বিল হ্ৰাস পালে৷

বন্ধুসকল,

সেইদৰে আমি মোবাইল ফোনৰ দাম কম কৰিলো, ইণ্টাৰনেটৰ দাম কম কৰিলো, গাঁৱে গাঁৱে কমন ছাৰ্ভিছ চেণ্টাৰ খুলি আছো, বহুত সুবিধা গাঁৱত প্ৰদান কৰা হৈছে৷ এতিয়া গাঁৱৰ লোকসকলে ৰে’লৰ টিকট সংৰক্ষণ কৰিবলৈ চহৰলৈ আহিবলগীয়া নহয়, এটা দিন নষ্ট কৰিবলগীয়া নহয়৷ ১০০-৩০০টকা বাছৰ ভাড়াৰ ভৰিবলগীয়া নহয়৷ তেওঁলোকে নিজৰ গাঁৱৰ কমন ছাৰ্ভিছ চেণ্টাৰতে অলনাইনযোগে ৰে’লৰ টিকট বুকিং কৰিব পাৰে৷ সেইদৰে আপোনালোকে দেখিছে নিশ্চয় এতিয়া উত্তৰাখণ্ডত হোমষ্টেৰ সুবিধা প্ৰতিখন গাঁৱতে পাইছেগৈ৷ কিছু সময়ৰ পূৰ্বে উত্তৰাখণ্ডৰ লোকসকলৰ সৈতে কথা পতাৰ সুযোগ মই পাইছিলো, যিসকলে অতি সফলতাৰে হোমষ্টে চলাই আছে৷ যেতিয়া ইমান যাত্ৰী আহিব, পূৰ্বৰ তুলনাত দুই-তিনিগুন অধিক যাত্ৰী আহিবলৈ লৈছে, তেনে অৱস্থাত হোটেলৰ পৰ্যাপ্তৰ প্ৰশ্ন উঠাটো স্বাভাৱিক আৰু ৰাতি ইমান হোটেলো নাথাকে, কিন্তু প্ৰতিটো ঘৰতে এটা কোঠা বনোৱা হৈছে, উন্নত সুবিধাৰ ব্যৱস্থা কৰা হৈছে৷ মোৰ বিশ্বাস, উত্তৰাখণ্ডই হোমষ্টে গঢ় দিয়াত, সুবিধাৰ সম্প্ৰসাৰণ কৰাত সমগ্ৰ দেশক মাৰ্গ দৰ্শন কৰিব৷

বন্ধুসকল,

সেইদৰে আমি দেশৰ চুকে-কোনে পৰিৱৰ্তন আনিছো৷ এই পৰিৱৰ্তনে দেশক একবিংশ শতিকাত আগুৱাই নিব, উত্তৰাখণ্ডৰ লোকসকলক আত্মনিৰ্ভৰ কৰিব৷

বন্ধুসকল,

সমাজৰ প্ৰয়োজনীয়তাৰ বাবে কিবা এটা কৰা আৰু ভোটবেংক বনোৱাৰ বাবে কিবা কৰা, এই দুয়োটাৰ মাজত বৃহৎ পাৰ্থক্য আছে৷ যিসময়ত আমাৰ চৰকাৰে দুখীয়া লোকসকলক বিনামূলীয়াকৈ ঘৰ নিৰ্মাণ কৰি দিছে, তেনে অৱস্থাত তেওঁলোকৰ জীৱনৰ আটাইতকৈ ডাঙৰ চিন্তা দূৰ কৰিছে৷ যিসময়ত আমাৰ চৰকাৰে দুখীয়া লোকসকলক ৫লাখ টকালৈকে বিনামূলীয়া চিকিৎসা সুবিধা প্ৰদান কৰিছে, তেনে অৱস্থাত তেওঁলোকক মাটি-বাৰী বিক্ৰী কৰাৰ পৰা ৰক্ষা কৰিছে, তেওঁলোকক সুদখোৰৰ পাকচক্ৰৰ পৰা ৰক্ষা কৰিছে৷ যেতিয়া আমাৰ চৰকাৰে ক’ৰোনা কালত সকলো দুখীয়া পৰিয়ালক বিনামূলীয়া আহাৰ সুনিশ্চিত কৰিছে, তেনে অৱস্থাত তেওঁলোক অনাহাৰে থকাৰ পৰা ৰক্ষা পৰিছে৷ মই জানো যে দেশৰ দুখীয়া, দেশৰ মধ্যবিত্ত লোকসকলে এই কথা বুজি পায়৷ সেয়েহে সকলো ৰাজ্যতে আমি জনসাধাৰণৰ আশীৰ্বাদ লাভ কৰিছো আৰু আগলৈও পাই থাকিব৷

বন্ধুসকল,

স্বাধীনতাৰ অমৃত কালত দেশে যি প্ৰগতিৰ হাৰত গতি কৰিছে, সেয়া কেতিয়াও থমকি নৰয়, বৰঞ্চ অধিক বিশ্বাস আৰু সংকল্পৰে আগুৱাই যাব৷ অহা পাঁচ বছৰত উত্তৰাখণ্ডই ৰূপালী জয়ন্তীৰ দিশে গতি কৰিব৷ এনে কোনো লক্ষ্য নাথাকিব, যি উত্তৰাখণ্ডই অৰ্জন নকৰিব৷ এনে কোনো সংকল্প নাথাকিব, যি এই দেৱভূমিয়ে সিন্ধি কৰিব নোৱাৰিব৷ আপোনালোকৰ কাষত ধামী জীৰ দৰে যুৱ নেতৃত্ব আছে, তেওঁ অভিজ্ঞতাসম্পন্ন টীম আছে৷ আমাৰ লগত বহুসংখ্যক জ্যেষ্ঠ নেতা আছে৷ ৩০-৪০ বছৰৰ অভিজ্ঞতাসম্পন্ন নেতাৰ টীম আছে, যি উত্তৰাখণ্ডৰ উজ্জ্বল ভৱিষ্যতৰ নামত সমৰ্পিত৷

মোৰ মৰমৰ ভাই-ভনীসকল,

যিসকলে দেশজুৰি বিভাজন আনিছে, তেওঁলোকে কেতিয়াও উত্তৰাখণ্ডৰ পুনৰগঠন কৰিব নোৱাৰে৷ আপোনালোকৰ আশীৰ্বাদত বিকাশৰ এই দ্বৈত ইঞ্জিনে ক্ষিপ্ৰতাৰে বিকশিত হৈ থাকিব, এই বিশ্বাসেৰে পুনৰবাৰ আপোনালোক সকলোকে অভিনন্দন জনাইছো৷ আজি যেতিয়া দেৱভূমিলৈ আহিছো, বীৰ মাতৃসকলৰ ভূমিলৈ আহিছো, তেতিয়া কিছু পুষ্প, কিছু শ্ৰদ্ধা জনাই মোৰ কেইটামাট কবিতাৰ পংক্তিৰে মোৰ ভাষণ সামৰিছো—

য’ত বতাহ বয় সংকল্পৰ বাবে,

য’ত পাহাৰে গৌৰৱৰ শিক্ষা দিয়ে

য’ত ওখ-চাপৰ সকলো পথে

কেৱল ভক্তিৰ সুৰ দিয়ে

সেই দেৱভূমি ধ্যানেৰে

সেই দেৱভূমি ধ্যানেৰে

মই সদায় ধন্য হও

হে! মোৰ ভাগ্য,

মোৰ সৌভাগ্য

মই তোমাক শিৰণত কৰো৷

মই তোমাক শিৰণত কৰো৷

আৰু মই ধন্য হও৷

তুমি ভাৰত মাতৃৰ আঁচল

জীৱনৰ ৰ’দৰ ছাঁ তুমি

কেৱল স্পৰ্শ কৰি তিতি যোৱা

তুমিয়েই আটাইতকৈ পবিত্ৰ ভূমি

কেৱল সমৰ্পণৰ বাবেই

মই দেৱভূমিলৈ আহো

মই দেৱভূমিলৈ আহো

হে! মোৰ ভাগ্য,

মোৰ সৌভাগ্য

মই তোমাক শিৰণত কৰো৷

মই তোমাক শিৰণত কৰো৷

আৰু ধন্য ধন্য হৈ যাও৷

যাৰ অঞ্জলিত গংগা জল থাকে

য’ত সকলোৰে মনত ন্যায় থাকে

য’তে গাঁৱে গাঁৱে দেশভক্ত আছে

য’ৰ নাৰীত প্ৰকৃত শক্তি আছে

সেই দেৱভূমিৰ আশীৰ্বাদৰ বাবে

মই আহো

সেই দেৱভূমিৰ আশীৰ্বাদৰ বাবে

মই আহো

হে! মোৰ ভাগ্য,

মোৰ সৌভাগ্য

মই তোমাক শিৰণত কৰো৷

মই তোমাক শিৰণত কৰো৷

আৰু ধন্য ধন্য হৈ যাও৷

মাণ্ডৱেৰ ৰুটি

হড়কেৰ বীট

পাবলৈ সকলোৱে ইচ্ছা কৰে

শিৱজীৰ জপ

ঋষি মুনিসকলৰ

এই তপো ভূমি

অগণন বীৰৰ

এই জন্মভূমি

মই দেৱভূমিলৈ আহো

মই তোমাক শিৰণত কৰো৷

মই তোমাক শিৰণত কৰো৷

আৰু ধন্য ধন্য হৈ যাও৷৷

মোৰ সৈতে সকলোৱে কওক,

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

বহুত বহুত ধন্যবাদ!

***

DS/AKJ/VK/AK/DB



(Release ID: 1790905) Visitor Counter : 146