প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে প্ৰয়াগৰাজ ভ্ৰমণ আৰু লক্ষাধিক মহিলা সমবেত হোৱা এটি কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে
প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১৬ লাখ মহিলা সদস্যক লাভান্বিত কৰি আত্ম সহায়ক গোটসমূহলৈ ১০০০ কোটি টকা হস্তান্তৰ কৰে
প্ৰধানমন্ত্ৰীয়ে ব্যৱসায়িক কৰেছপণ্ডেন্ট-সখীসকললৈ প্ৰথম মাহৰ বেতন হস্তান্তৰ আৰু লগতে মুখ্য মন্ত্ৰী কন্যা সুমংগলা আঁচনিৰ ১ লাখৰো অধিক হিতাধিকাৰীলৈ ধন হস্তান্তৰ কৰে
প্ৰধানমন্ত্ৰীয়ে ২০০ ৰোধিক পৰিপূৰক পুষ্টি নিৰ্মাণ গোটৰ আধাৰশিলা স্থাপন কৰে
"মুখ্য মন্ত্ৰী কন্যা সুমংগলা যোজনাৰ দৰে আঁচনিসমূহ গ্ৰামাঞ্চলৰ দৰিদ্ৰ আৰু কন্যাসকলৰ বাবে বিশ্বাসৰ এক পৰম মাধ্যম হৈ পৰিছে"
"উত্তৰ প্ৰদেশৰ মহিলাসকলৰ বাবে দ্বৈত-ইঞ্জিনযুক্ত চৰকাৰখনে নিশ্চিত কৰা নিৰাপত্তা, মৰ্য্যাদা আৰু সন্মান অভূতপূৰ্ব। উত্তৰ প্ৰদেশৰ মহিলাসকলে পূৰ্বৰ পৰিস্থিতিৰাজিক প্ৰত্যাৱৰ্তন কৰিবলৈ নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে"
"মই মহিলাৰ আত্ম-সহায়ক গোটৰ ভগ্নীসকলক আত্মনিৰ্ভৰ ভাৰত অভিযানৰ চেম্পিয়ন বুলি গণ্য কৰো। এই আত্ম-সহায়ক গোটসমূহ প্ৰকৃততে ৰাষ্ট্ৰীয় সহায়ক গোট"
"কন্যাসকলেও পঢ়া-শুনা কৰিবলৈ আৰু সমান সুযোগ লাভ কৰিবলৈ সময় পোৱাতো বিচাৰিছিল। সেয়েহে, কন্যাৰ বাবে বিবাহৰ আইনী বয়স ২১ বছৰলৈ অনা
Posted On:
21 DEC 2021 3:08PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰয়াগৰাজ ভ্ৰমণ আৰু তৃণমূল পৰ্যায়কে প্ৰমুখ্য কৰি মহিলাসকলক সবল কৰাৰ বাবে অনুষ্ঠিত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আত্ম সহায়ক গোট (SHG) সমূহৰ বেংক একাউণ্টত ১০০০ কোটি টকা হস্তান্তৰ কৰে, যাৰ ফলত আত্ম সহায়ক গোটসমূহৰ প্ৰায় ১৬ লাখ মহিলা সদস্য লাভান্বিত হয়। দীনদয়াল অন্ত্যোদয়া যোজনা- ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান (DAY-NRLM) ৰ অধীনত এই হস্তান্তৰ কৰা হৈছে যাৰ জৰিয়তে ৮০,০০০ আত্ম সহায়ক গোটে এছএইচজিয়ে প্ৰতি ১.১০ লাখ টকাৰ সামূহিক বিনিয়োগ পুঁজি (CIF) আৰু এছএইচজিয়ে প্ৰতি ১৫০০০ টকাৰ ঘূৰ্ণায়মান পুঁজি লাভ কৰিছে ৬০,০০০ আত্ম সহায়ক গোটে। এই কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০,০০০ ব্যৱসায়িক কৰেছপণ্ডেন্ট-সখী (B.C.-Sakhis) ৰ একাউন্টত প্ৰথম মাহৰ বেতন হিচাপে ৪০০০ টকা হস্তান্তৰ কৰি বি.চি.-সখীসকলক উৎসাহিত কৰা দেখা যায়। এই কাৰ্য্যসূচীতে প্ৰধানমন্ত্ৰীগৰাকীয়ে মুখ্য মন্ত্ৰী কন্যা সুমংগলা আঁচনিৰ অধীনত ১ লাখৰোধিক হিতাধিকাৰীলৈ মুঠ ২০ কোটিৰোধিক পৰিমাণ হস্তান্তৰ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০২ টা পৰিপূৰক পুষ্টি নিৰ্মাণ গোটৰ আধাৰশিলা স্থাপন কৰে।
এই কাৰ্য্যসূচীত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে হিন্দী সাহিত্যৰ আচাৰ্য্য মহাবীৰ প্ৰসাদ দ্বিবেদীলৈ মৃত্যু বাৰ্ষিকীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেখেতে কয়, প্ৰয়াগৰাজ হাজাৰ-হাজাৰ বছৰ ধৰি আমাৰ মাতৃ শক্তিৰ প্ৰতীক গংগা-যমুনা-সৰস্বতীৰ সংগমস্থলৰ দেশ হৈ আহিছে। আজি এই তীৰ্থ চহৰখনত নাৰী-শক্তিৰ এনে এক আশ্চৰ্য্যকৰ মিলন দেখা গৈছে, তেখেতে কয়।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, সমগ্ৰ দেশখনে উত্তৰ প্ৰদেশত মহিলা সবলীকৰণৰ বাবে কৰা কাম প্ৰত্যক্ষ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, মুখ্য মন্ত্ৰী কন্যা সুমংগলা যোজনাৰ দৰে আঁচনিসমূহৰ অধীনত তেখেতে আজি ৰাজ্যখনৰ এক লাখৰোধিক হিতাধিকাৰী কন্যাৰ একাউণ্টলৈ কোটি-কোটি টকা হস্তান্তৰ কৰিছে, যি গ্ৰামাঞ্চলৰ দৰিদ্ৰ আৰু কন্যাসকলৰ বাবে বিশ্বাসৰ এক পৰম মাধ্যম হৈ পৰিছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে অভিমত আগবঢ়াই কয় যে উত্তৰ প্ৰদেশৰ মহিলাসকলৰ বাবে দ্বৈত- ইঞ্জিনযুক্ত চৰকাৰখনে নিশ্চিত কৰা নিৰাপত্তা, মৰ্য্যাদা আৰু সন্মান অভূতপূৰ্ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, উত্তৰ প্ৰদেশৰ মহিলাসকলে পূৰ্বৰ পৰিস্থিতিৰাজিক প্ৰত্যাৱৰ্তন কৰিবলৈ নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে বেটি বচাওঁ, বেটি পঢ়াওঁ অভিযানৰদ্বাৰা লিংগ নিৰ্বাচক গৰ্ভপাত প্ৰতিহত কৰিবলৈ চৰকাৰখনে সমাজৰ চেতনা জাগ্ৰতকৰণৰ চেষ্টা কৰিছে। ইয়াৰ ফলত বহুতো ৰাজ্যত কন্যাৰ সংখ্যা বৃদ্ধি পাইছে, তেখেতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, গৰ্ভৱতী মহিলাৰ টীকাকৰণ, চিকিৎসালয়ত প্ৰসৱ আৰু গৰ্ভধাৰণৰ সময়ত পুষ্টিৰ ওপৰত চৰকাৰখনে গুৰুত্ব আৰোপ কৰিছে। প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনাৰ অধীনত, গৰ্ভধাৰণৰ সময়ত মহিলাসকলৰ বেংক একাউণ্টত ৫০০০ টকা জমা কৰা হয় যাতে তেওঁলোকে সঠিক আহাৰ গ্ৰহণ কৰিব পাৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে একাধিক পদক্ষেপৰ কথা উল্লেখ কৰে যিয়ে মহিলাসকলৰ মৰ্য্যাদা বৃদ্ধি কৰিছে। স্বচ্ছ ভাৰত অভিযানৰ অধীনত কোটি-কোটি শৌচালয় নিৰ্মাণ, উজ্জ্বলা আঁচনিৰ অধীনত গেছ সংযোগৰ সুবিধা আৰু ঘৰত টেপৰ পানীৰ সংযোগে ভগ্নীসকলৰ জীৱনতো নতুন সুবিধাৰ সঞ্চাৰ কৰিছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।
প্ৰধানমন্ত্ৰীয়ে অভিমত আগবঢ়াই কয় যে কেইবা দশক ধৰি ঘৰ আৰু সম্পত্তিক কেৱল পুৰুষৰ অধিকাৰ হিচাপে গণ্য কৰা হৈছিল। তেখেতে কয়, চৰকাৰখনৰ আঁচনিসমূহে এই বৈষম্য দূৰ কৰি আছে। প্ৰধানমন্ত্ৰী আৱাস যোজনা ইয়াৰ সৰ্ববৃহৎ উদাহৰণ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত প্ৰদান কৰা ঘৰসমূহ অগ্ৰাধিকাৰৰ ভিত্তিত মহিলাৰ নামত নিৰ্মাণ কৰা হৈছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে নিয়োগ আৰু পৰিয়ালৰ উপাৰ্জন বৃদ্ধিৰ বাবে অব্যাহত থকা আঁচনিসমূহত মহিলাসকলক সমান অংশীদাৰ কৰা হৈছে। আজি, মুদ্ৰা যোজনাই নতুন মহিলা উদ্যোগীসকলক উৎসাহিত কৰিছে, আনকি গাওঁসমূহৰ দৰিদ্ৰ পৰিয়ালৰ সকলকো। তেখেতে লগতে কয় যে দীনদয়াল অন্ত্যোদয়া যোজনাৰ জৰিয়তে সমগ্ৰ দেশখনৰ আত্ম-সহায়ক গোট আৰু গ্ৰাম্য সংগঠনসমূহৰ সৈতেও মহিলাসকলক সংযুক্ত কৰা হৈছে। "মই মহিলাৰ আত্ম-সহায়ক গোটৰ ভগ্নীসকলক আত্মনিৰ্ভৰ ভাৰত অভিযানৰ চেম্পিয়ন বুলি গণ্য কৰো। এই আত্ম-সহায়ক গোটসমূহ প্ৰকৃততে ৰাষ্ট্ৰীয় সহায়ক গোট", প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবুলি গুৰুত্ব আৰোপ কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে অভিমত আগবঢ়াই কয় যে কোনো ধৰণৰ বৈষম্য নোহোৱাকৈ দ্বৈত- ইঞ্জিনযুক্ত চৰকাৰখনে কন্যাসকলৰ ভৱিষ্যৎ সুদৃঢ়কৰণৰ বাবে নিৰন্তৰভাৱে কাম কৰি আছে। তেখেতে কন্যাৰ বিবাহৰ আইনী বয়স সম্পৰ্কে গুৰুত্বপূৰ্ণ সিদ্ধান্ত সন্দৰ্ভতো অৱগত কৰে। "পূৰ্বে, পুত্ৰসকলৰ বাবে বিবাহৰ আইনী বয়স আছিল ২১ বছৰ, কিন্তু কন্যাসকলৰ বাবে আছিল মাত্ৰ ১৮ বছৰ। কন্যাসকলেও পঢ়া-শুনা কৰিবলৈ আৰু সমান সুযোগ লাভ কৰিবলৈ সময় পোৱাতো বিচাৰিছিল। সেয়েহে, কন্যাৰ বাবে বিবাহৰ আইনী বয়স ২১ বছৰলৈ অনাৰ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। দেশখনে কন্যাৰ নিমিত্তে এই সিদ্ধান্ত লৈছে", শ্ৰী মোদীয়ে কয়।
প্ৰধানমন্ত্ৰীগৰাকীয়ে শেহতীয়া বছৰকেইটাত ৰাজ্যখনৰ আইন-শৃংখলাজনিত পৰিস্থিতিৰ উন্নতিৰ কথা উল্লেখ কৰে। তেখেতে কয়, মাফিয়াৰাজ আৰু অনিয়ম নিৰ্মূলৰ সৰ্ববৃহৎ হিতাধিকাৰী হৈছে উত্তৰ প্ৰদেশৰ ভগ্নী আৰু কন্যাসকল। এই পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ বাবে তেখেতে মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথক প্ৰশংসা কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "আজি উত্তৰ প্ৰদেশত নিৰাপত্তাৰ লগতে অধিকাৰো আছে। আজি উত্তৰ প্ৰদেশত একেদৰে ব্যৱসায়ৰ সম্ভাৱনা আছে। আমাৰ মাতৃ আৰু ভগ্নীসকলৰ আশীৰ্বাদত, কোনেও এই নতুন উত্তৰ প্ৰদেশক পুনৰ অন্ধকাৰলৈ ঠেলি দিব নোৱাৰে বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছে।"
***
DS/AK/SB
(Release ID: 1790450)
Visitor Counter : 193
Read this release in:
Hindi
,
English
,
Urdu
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam