গৃহ মন্ত্ৰালয়

ছখন ৰাজ্যলৈ ৩,০৬৩.২১ কোটি টকাৰ অতিৰিক্ত কেন্দ্ৰীয় সাহায্যত অনুমোদন কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ অধ্যক্ষাধীন উচ্চ পৰ্য্যায়ৰ কমিটিৰ


অসম, গুজৰাট, কৰ্ণাটক, মধ্য প্ৰদেশ, উত্তৰাখণ্ড আৰু পশ্চিম বংগই ২০২১ ত সংঘটিত বান/ ভূমিস্খলন/ ঘূৰ্ণীবতাহৰ বাবে পুঁজি লাভ কৰিব

Posted On: 30 DEC 2021 5:20PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ অধ্যক্ষাধীন উচ্চ পৰ্য্যায়ৰ কমিটি (HLC) য়ে ২০২১ ত বানপানী, ভূমিস্খলন আৰু ঘূৰ্ণীবতাহৰ বাবে ক্ষতিগ্ৰস্ত হোৱা ছখন ৰাজ্যলৈ ৰাষ্ট্ৰীয় দুৰ্য্যোগ সাহায্য পুঁজি (NDRF) ৰ অধীনত অতিৰিক্ত কেন্দ্ৰীয় সাহায্যত অনুমোদন জনাইছে। এই অনুমোদনে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰখনৰ এনে প্ৰাকৃতিক দুৰ্য্যোগৰ সন্মুখীন হোৱা ছখন ৰাজ্যৰ লোকসকলক সহায় কৰাৰ সংকল্পকে প্ৰদৰ্শন কৰিছে।

এইচএলচিয়ে এনডিআৰএফৰপৰা ,০৬৩.২১ কোটি টকাৰ অতিৰিক্ত কেন্দ্ৰীয় সাহায্যত অনুমোদন জনাইছেঃ

  • ২০২১ ত হোৱা ঘূৰ্ণীবতাহ 'টাউক্তে' ৰ বাবে, গুজৰাটলৈ ১,১৩৩.৩৫ কোটি টকা;
  • ২০২১ ত হোৱা ঘূৰ্ণীবতাহ 'য়াছ' ৰ বাবে, পশ্চিম বংগলৈ ৫৮৬.৫৯ কোটি টকা;
  • ২০২১ ৰ দক্ষিণ পশ্চিম মৌচুমী বায়ুৰ সময়ত বানপানী/ ভূমিস্খলনৰ বাবে, অসমলৈ ৫১.৫৩ কোটি টকা, কৰ্ণাটকলৈ ৫০৪.০৬ কোটি টকা, মধ্য প্ৰদেশলৈ ৬০০.৫০ কোটি টকা আৰু উত্তৰাখণ্ডলৈ ১৮৭.১৮ কোটি টকা

ইতিমধ্যে ৰাজ্যসমূহৰ নিষ্পত্তিত ৰখা ৰাজ্যিক দুৰ্য্যোগ সাহায্য পুঁজি (SDRF) লৈ ৰাজ্যসমূহক কেন্দ্ৰই আগবঢ়োৱা পুঁজিৰ উপৰঞ্চি এই অতিৰিক্ত সাহায্য প্ৰদান কৰা হৈছে। ২০২১-২২ বিত্তীয় বৰ্ষটোত কেন্দ্ৰীয় চৰকাৰে ২৮ খন ৰাজ্যলৈ এইসমূহৰ এছডিআৰএফত ১৭,৭৪৭.২০ কোটি টকা আগবঢ়ায়। লগতে এনডিআৰএফৰপৰা ৭ খন ৰাজ্যলৈ ৩,৫৪৩.৫৪ কোটি টকা মুকলি কৰা হয়।

ঘূৰ্ণীবতাহ 'টাউক্তে' আৰু 'য়াছ'ৰ পিছত, এনডিআৰএফৰপৰা ২০-০৫-২০২১ ত গুজৰাটলৈ ১,০০০ কোটি টকা আৰু ২৯-০৫-২০২১ ত পশ্চিম বংগলৈ ৩০০ কোটি টকা আগতীয়াকৈ মুকলি কৰা হয়।

২০২১-২২ বৰ্ষটোত, কেন্দ্ৰীয় চৰকাৰে প্ৰাকৃতিক দুৰ্য্যোগসমূহৰ ঠিক পিছতে ক্ষতিগ্ৰস্ত ৰাজ্যসমূহৰ চৰকাৰৰপৰা এখনো স্মাৰকপত্ৰ লাভলৈ অপেক্ষা নকৰাকৈ ২২ টা আন্তঃমন্ত্ৰালয় কেন্দ্ৰীয় দল (IMCT) নিযুক্ত কৰে।

 

***

NW/RK/AY/RR/SB



(Release ID: 1786489) Visitor Counter : 150