পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়

পেট্ৰ'লিয়াম ও প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ বৰ্ষান্তিক পৰ্য্যালোচনা


পিএমইউৱাই ২.০ ৰ অধীনত অদ্যপি ৮০.৫ লাখ সংযোগ মুকলি

পৰিবহণ ইন্ধন বজাৰৰ বাবে সংশোধিত নীতি-নিৰ্দেশনা অনুসৰি ১০ টা কোম্পানীক কৰ্তৃত্ব প্ৰদান

ইথানল মিশ্ৰিত পেট্ৰ'ল কাৰ্য্যক্ৰমৰ বাবে, অ’এমচিৰদ্বাৰা ৩০২.৩০ কোটি লিটাৰ ইথানল ক্ৰয়

১০১ টা পিএছএ অক্সিজেন প্ৰকল্প আৰম্ভ

Posted On: 23 DEC 2021 10:21AM by PIB Guwahati

পেট্ৰ'লিয়াম ও প্ৰাকৃতিক গেছ মন্ত্ৰালয় তেল ও প্ৰাকৃতিক গেছৰ অন্বেষণ আৰু উৎপাদন, শোধন, বিতৰণ আৰু বিপণন, আমদানি, ৰপ্তানি আৰু পেট্ৰ'লিয়াম সামগ্ৰীৰ সংৰক্ষণৰে জড়িত। তেল আৰু গেছ হৈছে আমাৰ অৰ্থনীতিৰ বাবে গুৰুত্বপূৰ্ণ আমদানি, শক্তি প্ৰৱেশাধিকাৰ, শক্তি দক্ষতা, শক্তি স্থিৰতা আৰু শক্তি সুৰক্ষাৰ দৰে অগ্ৰাধিকাৰসমূহৰে মোকাবিলা কৰিবলৈ সকলো ঘৰুৱা পেট্ৰ'লিয়াম সম্পদৰ উৎপাদন আৰু শোষণ বৃদ্ধিৰ বাবে মন্ত্ৰালয়টোৱে একাধিক পদক্ষেপ গ্ৰহণ কৰিছে। চলিত বৰ্ষটোত মন্ত্ৰালটোৱে নিম্নলিখিত পদক্ষেপসমূহ গ্ৰহণ কৰিছেঃ

প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাঃ দৰিদ্ৰ মহিলাসকললৈ ৮ কোটি ডিপ’জিট ফ্ৰী সংযোগ প্ৰদানৰ অৰ্থে ২০১৬ ৰ মে’ত পিএমইউৱাই ৰ শুভাৰম্ভ কৰা হৈছিল। আঁচনিখনৰ দ্বিতীয় পৰ্য্যায়ৰ উজ্জ্বলা ২. প্ৰধানমন্ত্ৰীয়ে ২০২১ ৰ ১০ আগষ্টত সমগ্ৰ-ভাৰত ভিত্তিত উত্তৰ প্ৰদেশৰ মহোবা জিলাত বিনামূলীয়া প্ৰথম ৰিফিল আৰু ষ্ট’ভৰ সৈতে অতিৰিক্ত এক কোটি এলপিজি সংযোগ প্ৰদানৰ বাবে শুভাৰম্ভ কৰিছে। ০১-১২-২০২১ লৈকে, এই আঁচনিৰ অধীনত মুঠ ৮০.৫ লাখ সংযোগ মুকলি কৰা হয়। এই মন্ত্ৰালয়ে প্ৰতিদিনে আঁচনিখনৰ ৰূপায়ণ নিৰীক্ষণ কৰি আছে।

ৰিফিল পৰ্টেবিলিটিঃ গ্ৰাহক সেৱাৰ স্বাৰ্থত বিতৰকসকলৰ মাজত প্ৰতিযোগিতা সৃষ্টিৰ অৰ্থে, ৰিফিল পৰ্টেবিলিটি ৰূপায়ণ কৰা হৈছিল যিয়ে গ্ৰাহকক ৰিফিল বুকৰ সময়ত তেওঁৰ বিতৰকক বাছনি কৰিবলৈ সক্ষম কৰি তোলে। এনে প্ৰেক্ষাপটত, গ্ৰাহকে তেওঁৰ মূল বিতৰকৰ সেৱাত সন্তুষ্ট নোহোৱাৰ ক্ষেত্ৰত তেওঁৰ অঞ্চল/ এলেকাত সেৱা আগবঢ়োৱা একেটা কোম্পানীৰ বিতৰকসকলৰ তালিকাৰপৰা যিকোনো এজন বিতৰক বাছনি কৰিব পাৰে। ইয়াৰ ফলত গ্ৰাহক সন্তুষ্টি বৃদ্ধি পাব আৰু উন্নত সেৱা প্ৰদানৰ অৰ্থে বিতৰকসকল উৎসাহিত হ'ব। গ্ৰাহকসকলে ডেলিভাৰী অংশীদাৰ বাছনিৰ অধিকাৰ প্ৰয়োগৰে, ই বিতৰকসকলক গ্ৰাহকসকললৈ উন্নত মানৰ সেৱা আগবঢ়াবলৈ আৰু তেওঁলোকৰ প্ৰদৰ্শন ৰেটিং উন্নত কৰিবলৈ অনুপ্ৰাণিত কৰে। প্ৰতিটো ৰিফিলৰ বাবে বিতৰক বাছনিৰ নমনীয়তাই এলপিজি গ্ৰাহকসকললৈ আগবঢ়োৱা ডিজিটেল সেৱাসমূহ অধিক সম্প্ৰসাৰিত কৰে।

অসুবিধা মুক্ত ৰাজসাহায্য-বিহীন এলপিজি সংযোগ (কাউণ্টাৰত): নতুন সংযোগ জাৰিৰ প্ৰক্ৰিয়াটো সহজ কৰিবলৈ, এলপিজি ৰাজসাহায্য-বিহীন ঘৰুৱা সংযোগ গ্ৰাহকৰদ্বাৰা আইডিৰ প্ৰয়োজনীয় প্ৰমাণ দাখিল আৰু ঠিকনাৰ স্ব-ঘোষণাৰে কাউণ্টাৰত জাৰি কৰিব পাৰি। গ্ৰাহকে ৰাজসাহায্য-বিহীন সংযোগ গ্ৰহণৰ পিছত ৰাজসাহায্য লাভ কৰিবলৈ নথিপত্ৰ দাখিল কৰিব খোজাৰ ক্ষেত্ৰত,এমচি আৰু এনআইচি ডিডাপ ক্লিয়াৰেন্স সাপেক্ষে স্ব-ঘোষণাৰ ব্যতিৰেকে ঠিকনাৰ প্ৰমাণ দাখিলৰদ্বাৰা ৰাজসাহায্যযুক্ত সংযোগলৈ ৰূপান্তৰৰ ব্যৱস্থাও সক্ষম কৰা হৈছে।

Graphical user interface, websiteDescription automatically generatedApplicationDescription automatically generated

মুদ্ৰা-বিহীন আৱিষ্কাৰৰ বিকাশ সাধনঃ ২০২১ ৰ নৱেম্বৰলৈকে মনোনয়ন ব্যৱস্থাৰপৰা মুঠ ০৯ টা আৱিষ্কাৰ {০৩ (অ'এনজিচিৰপৰা ০৩) আৰু পিএছচিৰপৰা ০৬ টা} আৱিষ্কাৰ মুদ্ৰাকৰণ কৰা হৈছে। পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে ৮-১১-২০১৯ তাৰিখৰ প্ৰস্তাৱ অনুসৰি পৰিবহণ ইন্ধনৰ বজাৰৰ অনুমোদনৰ বাবে নীতি-নিৰ্দেশনা সংশোধন কৰিছে, যিয়ে সহজসাধ্য ব্যৱসায়ক প্ৰোৎসাহিত আৰু ব্যক্তিগত প্লেয়াৰসকলক খুচুৰা খণ্ডত বিনিয়োগ কৰিবলৈ উৎসাহিত কৰিব। উক্ত সংকল্পটো "বাল্ক" আৰু "ৰিটেইল" ব্যৱসায়ৰ বাবে কেৱল মটৰ স্পিৰিট আৰু হাই স্পীড ডিজেলৰ বিপণনৰ ক্ষেত্ৰত প্ৰযোজ্য। লগতে, নতুন নীতি-নিৰ্দেশনাৰ অধীনত, ২০২১ ৰ ১৬ ডিচেম্বৰ অনুসৰি ১০ টা কোম্পানীক অনুমোদন প্ৰদান কৰা হৈছে।

  1. গেছ গ্ৰিডঃ গেছ গ্ৰিডৰ অংশ হিচাপে ২০২১ ৰ ছেপ্টেম্বৰলৈকে মুঠ ২১৭৩৫ কিলোমিটাৰ পাইপলাইন স্থাপন কৰা হৈছে।

ইথানল মিশ্ৰিত পেট্ৰ'ল (EBP) কাৰ্য্যক্ৰমঃ ইথানল যোগান বৰ্ষ (ESY) ২০২০-২১ ৰ সময়ত, ৩০-১১-২০২১ লৈকে মিশ্ৰণৰ উদ্দেশ্যেৰে অএমচিৰদ্বাৰা ৩০২.৩০ কোটি লিটাৰ ইথানল ক্ৰয় কৰা হৈছে। চলিত ইথানল যোগান বৰ্ষ (ESY) ২০২১-২২ ৰ বাবে ফিডষ্টক অনুসৰি বৰ্ধিত ইথানলৰ মূল্য ঘোষণা কৰা হৈছে- চি হেভি মোলাচেছ ৰুটৰপৰা প্ৰতি লিটাৰত ৪৬.৬৬/- টকা; বি হেভি মোলাচেছ ৰুটৰপৰা প্ৰতি লিটাৰত ৫৯.০৮/- টকা; কুঁহিয়াৰৰ ৰস/ চেনী/ চেনী চিৰাপ ৰুটৰপৰা প্ৰতি লিটাৰত ৬৩.৪৫/- টকা; মাকৈ আৰু ক্ষতিগ্ৰস্ত খাদ্য শস্যৰ ৰুটৰপৰা প্ৰতি লিটাৰত ৫২.৯২/- টকা আৰু এফচিআই ৰুটৰে উপলব্ধ অতিৰিক্ত চাউলৰপৰা প্ৰতি লিটাৰত ৫৬.৮৭/- টকা।

বাঅডিজেল ব্লেণ্ডিং কাৰ্য্যক্ৰমঃ ২০২১ ৰ মে পেট্ৰ'লিয়াম ও প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰীয়ে দিল্লীস্থিত ইণ্ডিয়ান অইলৰ টিক্ৰিকালান টাৰ্মিনেলৰপৰা ইঅ'আই আঁচনিখনৰ অধীনত ইচিঅ (Used Cooking Oil) আধাৰিত বাঅডিজেল মিশ্ৰিত ডিজেলৰ প্ৰথম যোগানৰ ফ্লেগ অফ কৰে। ডিজেলৰ সৈতে মিহলি কৰাৰ বাবে তেল বিপণন কোম্পানীবোৰক বিক্ৰী কৰা বাঅডিজেলৰ জিএছটি হাৰ ২০২১ ৰ ১ অক্টোবৰৰপৰা কাৰ্য্যকৰী হোৱাকৈ বিত্ত মন্ত্ৰালয়ে ১২% ৰপৰা ৫% লৈ হ্ৰাস কৰিছে। উল্লেখযোগ্য যে বাঅ’ডিজেলক তেল বিপণন কোম্পানীসমূহক ডিজেলৰ সৈতে মিশ্ৰণৰ অৰ্থে বিক্ৰী কৰা হয়।

সুলভ পৰিবহণৰ অৰ্থে বহনক্ষম বিকল্প (SATAT): "সুলভ পৰিবহণৰ অৰ্থে বহনক্ষম বিকল্প (SATAT)", ২০১৮ ৰ ১ অক্টোবৰত শুভাৰম্ভ কৰা হৈছিল য'ত তেল আৰু গেছ বিপণন কোম্পানীসমূহে সংকুচিত জৈৱ গেছ (CBG) ক্ৰয়ৰ অৰ্থে সম্ভাৱ্য উদ্যোগীৰপৰা আগ্ৰহ প্ৰকাশ (EoI) আহ্বান জনাইছে।

নিয়ামক অনুপালন বোজা হ্ৰাসঃ অনুপালনৰ বোজা হ্ৰাস, প্ৰক্ৰিয়াৰ সৰলীকৰণ আৰু 'সহজসাধ্য ব্যৱসায়' ৰ উন্নতিসাধন হৈছে পেট্ৰ'লিয়াম ও প্ৰাকৃতিক গেছ খণ্ডটোত এক নিৰন্তৰ প্ৰক্ৰিয়া।

এমঅপি আৰু এনজি ৰ প্ৰদৰ্শন সূচকঃ ০১-১২-২০২১ ত উৎপাদন হৈছে ৪২.৬৫ MtoE (তেল১৯.৮৮ এমএমটি; গেছ২২.৭৭ বিচিএম)।

ডিএছএফ-৩: পেট্ৰ'লিয়াম ও প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰীয়ে ২০২১ ৰ ১০ জুনত ডিএছএফ-৩ ৰ শুভাৰম্ভ কৰিছিল।

পিএছএ প্ৰকল্প স্থাপনঃ ক’ভিড-১৯ ৰ দ্বিতীয় ঢৌ আৰু সমগ্ৰ ভাৰতৰ ভিন্ন ৰাজ্যত অক্সিজেন যোগানৰ অভাৱৰ ফলত সৃষ্ট উদ্বিগ্ন পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি, স্বাস্থ্য ও পৰিয়াল কল্যাণ মন্ত্ৰালয় (MoH&FW) ৰ নিৰ্দেশনা অনুসৰি, উত্তৰ প্ৰদেশ, বিহাৰ, মধ্য প্ৰদেশ, ৰাজস্থান, ওড়িশা, কৰ্ণাটক, কেৰালা, গুজৰাট, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, দিল্লী আৰু মহাৰাষ্ট্ৰৰ ১১০ খন চিকিৎসালয়ত ১৩ তেল পিএছইউ ৰ আবন্টন জনোৱা হৈছিল যাতে চিএছআৰ কাৰ্য্যকলাপৰ অধীনত পৰ্য্যাপ্ত ক্ষমতাৰ প্ৰেচাৰ চুইং এডজৰ্পশ্যন (PSA) অক্সিজেন প্ৰকল্প স্থাপনেৰে এই চিকিৎসালয়/ জিলাসমূহত অক্সিজেনৰ অভাৱ সঠিকভাৱে সমাধান কৰিব পৰা যায়।

জাম্ব সুবিধা স্থাপনঃ কেতবোৰ শোধনাগাৰত, এলএমঅ' (Liquid Medical Oxygen) উৎপাদন কৰা নহয়, কিন্তু কম চাপত অক্সিজেন উপলব্ধ। ইয়াক তৰলীকৃত বা চিলিণ্ডাৰৰ জৰিয়তে পৰিবহণ কৰিব নোৱাৰি। এই অক্সিজেন চিকিৎসাৰ বাবে ব্যৱহাৰ কৰিব পৰাৰ বাবে ৰাজ্য চৰকাৰসমূহৰ সমন্বয়ত শোধনাগাৰ চৌহদৰ কাষত জাম্বভিড কেয়াৰ সুবিধা স্থাপন কৰা হৈছে। এনে সুবিধাসমূহৰ বিৱৰণ তলত উল্লেখ কৰা হৈছেঃ

প্ৰকল্পৰ নাম

স্থান

 

অক্সিজেনযুক্ত বিচনাৰ ক্ষমতা

স্থিতি

 

পানিপথ নপথা ক্ৰেকাৰ, আইঅ’চিএল

পানিপথ, হাৰিয়ানা

 

৫০০ বিচনা

 

কাৰ্য্যক্ষম

চিপিচিএল (IOCL)

চেন্নাই, তামিলনাডু

৬০ বিচনা

কাৰ্য্যক্ষম

বিনা শোধনাগাৰ

বিনা, মধ্য প্ৰদেশ

২০০ বিচনা

কাৰ্য্যক্ষম

কোচি শোধনাগাৰ

কোচি, কেৰালা

৩৫০ বিচনা

কাৰ্য্যক্ষম

এইচএমইএল

কনকৱাল, বাথিণ্ডা

১০০ বিচনা

কাৰ্য্যক্ষম

 

চিপিচিএল- ফুয়েল কোৱালিটি আপ-গ্ৰেডেশ্যন প্ৰকল্পৰ অধীনত গেছ'লিন ডিছালফিউৰাইজেশ্যন (GDS) গোটটো মাননীয় প্ৰধানমন্ত্ৰীয়ে ১৭-০২-২০২১ ত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। আইঅচিএলৰ বঙাইগাঁও শোধনাগাৰত আইএনডিমেক্স প্ৰকল্পটো ২২-০২-২০২১ ত ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰা হয়। বিপিচিএলৰ কোচি শোধনাগাৰত প্ৰপাইলিন ডেৰিভেটিভছ পেট্ৰ'কেমিকেল প্ৰকল্প (PDPP) টো ১৪-০২-২০২১ ত মাননীয় প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিছিল।

 

***

YB/RKM/SB



(Release ID: 1786016) Visitor Counter : 209