আয়ুষ

বৰ্ষান্ত পৰ্যালোচনা: আয়ুষ মন্ত্ৰালয়


২০১৪-২০ত ‘আয়ুষ’-ৰ বাণিজ্য ১৭শতাংশ বৃদ্ধিৰে ১৮.১বিলিয়ন মাৰ্কিন ডলাৰত উপনীত হৈছেগৈ

ক’ভিড-১৯ ৰোগীক সুস্থ কৰি তোলাৰ বাবে প্ৰভাৱশালী ঔষধ চিনাক্ত কৰিবলৈ ‘আন্তঃবিষয়ক গৱেষণা তথা উন্নয়ণী কৰ্মবাহিনী’ গঠন

‘আয়ুষ’ৰে জড়িত সকলো পক্ষকে উপকৃত কৰিব পৰাকৈ ৫টা উল্লেখযোগ্য ‘প’ৰ্টেল’ মুকলি

‘হু-এমযোগা এপ্’ আৰু ‘ওৱাই-ব্ৰে’ক এপ্’-ৰ শুভাৰম্ভ

Posted On: 24 DEC 2021 12:35PM by PIB Guwahati

পৰম্পৰাগত ভাৰতীয় চিকিত্সা পদ্ধতি পুনৰুজ্জীৱিত কৰাৰ লগতে ইয়াৰ উত্তৰণৰ বাবে বদ্ধ পৰিকৰ হৈছে ‘আয়ুষ মন্ত্ৰালয়’। এই ক্ষেত্ৰত ব্যাপক জন সজাগতা সৃষ্টিৰ লগতে এই খণ্ডৰে জড়িত উদ্যোগ তথা আয়ুষখণ্ডৰ আনুষংগিক গোটসমূহৰ মাজত সু-সমন্বয় সাধনৰে আয়ুষ চিকিতসা পদ্ধতিক জনমুখী কৰি তোলাৰ লক্ষ্যৰে মন্ত্ৰালয়টোৱে ‘ওৱাই-ব্ৰেক এপ্’, ‘আয়ুৰ-উদ্যম’, ‘আয়ুষ গ্ৰিড’-কে ধৰি বহুবোৰ পদক্ষেপ গ্ৰহণ কৰিছে। ২০২১ চনত ‘আয়ুষ’ৰ উপস্থিতি সমগ্ৰ পৃথিৱীতে সাব্যস্ত কৰাৰ লগতে দেশ-বিদেশৰ ৰাইজ তথা উদ্যোগসমূহৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ ক্ষেত্ৰত মন্ত্ৰালয়ে উল্লেখনীয় সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে। অন্ত পৰিবলৈ ওলোৱা বছৰটোত মন্ত্ৰালয়টোৱে লাভ কৰা বহুবোৰ সাফল্যৰ গোটচেৰেক ইয়াত উল্লেখ কৰা হ’ল।

যেতিয়া সমগ্ৰ পৃথিৱীয়েই ক’ভিড-১৯ৰ দ্বাৰা শোচনীয় ভাবে আক্ৰান্ত হৈ আছিল, আয়ুষ মন্ত্ৰালয়ে এই বিশ্ব-মহামাৰীৰ বিৰুদ্ধে নিৰন্তৰ যুঁজ অব্যাহত ৰাখিছিল। এই সময়ছোৱাত মন্ত্ৰালয়ে সমগ্ৰ ৰাষ্ট্ৰ জুৰি ‘আয়ুষ-৬৪’ শীৰ্ষক ঔষধ বিতৰণ অভিযান চলাই বিশেষ সাফল্য অৰ্জন কৰিবলৈ সক্ষম হয়। আয়ুষ মন্ত্ৰালয়ৰ অধীনস্থ গৱেষণা পৰিষদ আৰু ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ ৮৬টা ‘ক্লিনিকেল ইউনিট’ৰ জৰিয়তে তথা ‘সেৱা ভাৰতী’ৰ সহযোগিতাৰে সমগ্ৰ দেশতে এই অভিযান চলোৱা হয়। ‘কেন্দ্ৰীয় আয়ুৰ্বেদিক বিজ্ঞান গৱেষণা পৰিষদ’(চিচিআৰএএছ)য়ে বিকশিত কৰা ‘আয়ুষ-৬৪’ শীৰ্ষক ‘প’লী-হাৰ্বেল ফৰ্মুলেশ্যন’বিধ ‘এছিমপ্টমেটিক’, ‘মাইল্ড’ তথা ‘মডাৰেট’ পৰ্যায়ৰ ক’ভিড-১৯ৰ সংক্ৰমণ নিৰাময়ৰ বাবে বাৰুকৈয়ে উপযোগী বুলি দেশৰ প্ৰসিদ্ধ প্ৰতিষ্ঠানসমূহৰ বিজ্ঞানীসকলে চিহ্নিত কৰিছিল। প্ৰসংগতে উল্লেখ্যে যে, এইবিধ ঔষধে ব্যাপক ৰূপত সাধন কৰা ‘মাল্টি-চেণ্টাৰ ক্লিনিকেল’ পৰীক্ষাত নিজৰ দক্ষতা সাব্যস্ত কৰিবলৈ সক্ষম হৈছে।

মহামাৰী বিধে জনতাৰ মাজত আতংক আৰু ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে আৰম্ভণীৰ সময়ছোৱাত এইবিধ মহামাৰীৰ সংক্ৰমণ-সমস্যা ৰোধৰ ক্ষেত্ৰত ‘আয়ুষ চিকিত্সা পদ্ধতি’ ফলপ্ৰসূ হ’বনে নাই সেই বিষয়ত জনতা নিশ্চিত হ’ব পৰা নাছিল। অৱশ্যে, ক’ভিড-১৯য়ে সষ্টি কৰা প্ৰত্যাহ্বান গ্ৰহণ কৰি ইয়াৰ সমাধানসূত্ৰ আৱিষ্কাৰৰ অংগীকাৰ লৈ কেন্দ্ৰীয় চৰকাৰৰ ‘আয়ুষ মন্ত্ৰালয়ে’ও আয়ুষ-ভিত্তিক পদক্ষেপ গ্ৰহণত মনোনিৱেশ কৰে। সংকটৰ সময়ত দেশৰ জনতাক সহায়ৰ হাত আগবঢ়োৱাৰ উদ্দেশ্যে মন্ত্ৰালয়টোৱে ‘১৪৪৪৩’ শীৰ্ষক এটি ‘টোল ফ্ৰী নম্বৰ’ মুকলি কৰে। সমগ্ৰ দেশ জুৰি কাৰ্যান্বিত হোৱা এই এই ‘হেল্পলাইন’ সপ্তাহৰ প্ৰতিটো দিনৰে পুৱা ৬বজাৰ পৰা নিশা ১২বজা পৰ্যন্ত সক্ৰিয় কৰি ৰখাৰ দিহা কৰা হয়।

প্ৰতি বছৰে ২১জুনত ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ উদযাপনৰ জৰিয়তে ভাৰতীয় সভ্যতাৰ অন্যতম উত্তম দান ‘যোগ’-ৰ উত্তৰণ, প্ৰচাৰ আৰু প্ৰসাৰৰো দিহা কৰি আহিছে আয়ুষ মন্ত্ৰালয়ে। ‘সপ্তম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰা ভাষণত ‘হু-এমযোগা এপ্’(‘WHO mYoga’ App) মুকলি কৰাৰ কথা যোষণা কৰিছিল। এই ‘এপ্’-ৰ জৰিয়তে বহুকেইটা ভাষাত প্ৰস্তুত কৰি উলিওৱা ‘কমন যোগা প্ৰটোকল’(চিপিচি)ৰ ভিত্তিত যোগ অনুশীলন-ৰ সহজ শিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হ’ব।

ইফালে, দেশৰ কৰ্মস্থানসমূহত কৰ্মৰত পেছাদাৰসকলৰ উত্পাদনশীলতা বৃদ্ধিৰ উদ্দেশ্যে পাঁচোটা মিনিটৰ ভিতৰতে তেওঁলোকক ‘সক্ৰিয়’, ‘পুনৰ্নিৱিষ্ট’ কৰি তোলাৰ লগতে ‘চাপ-মুক্ত’ কৰি তুলিব পৰাকৈ ‘ওৱাই-ব্ৰে’ক’ শীৰ্ষক এটা ‘এপ্’-ৰ শুভাৰম্ভ কৰে আয়ুষ মন্ত্ৰালয়ে। এই ‘এপ্’টোও ‘কমন যোগা প্ৰটোকল’ৰ আধাৰত প্ৰস্তুত কৰা হৈছে। এই ‘প্ৰটোকলত’- ‘আসন’, ‘প্ৰাণায়াম’ আৰু ‘ধ্যান’-ক সন্নিৱিষ্ট কৰা হৈছে।

সেইদৰে, ক’ভিড-১৯ আক্ৰান্তসকলক ‘মনোবৈজ্ঞানিক ভাবে পুনৰসংস্থাপিত’ কৰাৰ বাবে দেশৰ তিনিটা অগ্ৰণী প্ৰতিষ্ঠানে একেলগে মিলি এক ‘আচাৰ-বিধি’ যুগুতাই উলিয়ায়। এইকেইটা অগ্ৰণী প্ৰতিষ্ঠান হৈছে: আয়ুষ মন্ত্ৰালয়ৰ স্বতন্ত্ৰ সংস্থা ‘কেন্দ্ৰীয় যোগ আৰু নেশ্যাৰোপেথী গৱেষণা পৰিষদ’(চিচিআৰওৱাইএন), বাংগালুৰুস্থিত ‘ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য আৰু স্নায়ু বিজ্ঞান’ আৰু ‘স্বামী বিবেকানন্দ যোগা অনুসন্ধান সংস্থান’(এছ-ভিওৱাইএছএ)। কেউটা প্ৰতিষ্ঠানে যুটীয়া ভাবে এই আচাৰবিধি প্ৰকাশিত কৰে।  

ইফালে, আয়ুষ মন্ত্ৰালয়ে ‘মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়’ৰে লগ লাগি পুষ্টি সন্দৰ্ভত এক অভিযানৰ ব্যৱস্থা কৰিছে। এই অভিযানৰ জৰিয়তে গৰ্ভৱতী আৰু প্ৰসূতি মহিলা তথা শিশুসকলৰ বাবে পুষ্টিকৰ আহাৰ সহজে আৰু অপৰ্যাপ্ত ভাবে উপলব্ধ কৰিব পৰাকৈ দেশৰ অংগণৱাড়ী কেন্দ্ৰ, বিদ্যালয় আৰু ‘কিচ্ছেন গাৰ্ডেন’সমূহত বনৌষধি গছ ৰোপনৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। সেইদৰে, মন্ত্ৰালয়টোৱে ‘আয়ুষ সামগ্ৰী’ৰ বৰ্দ্ধিত বাণিজ্য সন্দৰ্ভত বিস্তৃত তথ্য আহৰণ কৰাৰ বাবে ‘আয়ুষ ছেক্টৰ ইন ইণ্ডিয়া : প্ৰছপেক্ট এণ্ড চেলেঞ্জেছ’ শীৰ্ষক এক প্ৰতিবেদনো যুগুতাই উলিয়ায়।

সেইদৰে, পৃথিৱীৰ ভিতৰতে উত্কৃষ্ট মানৰ ভাৰতীয় ‘ষ্টাৰ্টআপ’ প্ৰতিষ্ঠান গঢ়ি তোলাৰ বাবে নিৰলস প্ৰয়াস অব্যাহত ৰখাৰ লগতে ইয়াৰ এক অনুকূল বাতাবৰণ গঢ়ি তুলিব পৰাকৈ ‘আয়ুষ উদ্যম’ শীৰ্ষক অভিযানৰো শুভাৰম্ভ কৰা, জম্মু-কাশ্মীৰৰ গেণ্ডাৰবলত এখন চৰকাৰী ইউনানী চিকিত্সা মহাবিদ্যালয় আৰু হাস্পটাল স্থাপন কৰা, ‘যোগ’-ক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতত জনপ্ৰিয় কৰি তোলাৰ নিদৰ্শন হিচাপে ২০২১বৰ্ষত অনুষ্ঠিত ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ত ভাৰতত ১৫৬.৮৬নিযুত আৰু সামগ্ৰিক ভাবে পৃথিৱীৰ বিভিন্ন ঠাইত মুঠ ৪৯৬.১নিযুত লোকৰ অংশগ্ৰহণ কৰাৰ ঘটনা, বিদেশত ভাৰতীয় যোগক জনপ্ৰিয় কৰাৰ বাবে ৫০,০০০ৰো অধিক লোকৰ অংশগ্ৰহণ, আয়ুৰ্বেদ সম্পৰ্কীয় তথ্য ভাণ্ডাৰ যুগুতোৱাৰ বাবে ‘ক্লিনিকেল ট্ৰায়েল ৰেজিষ্ট্ৰী অব ইণ্ডিয়া’- চমুকৈ ‘চিটিআৰআই’ শীৰ্ষক তথ্য-প্ৰযুক্তি ভিত্তিক ‘প’ৰ্টেল’ৰ লগতে ‘এএমএআৰ’, ‘আৰএমআইএছ’, ‘এছএএইচআই’ আৰু ‘ই-মেধা’ আদি ‘প’ৰ্টেল’সমূহে ‘অনলাইন’ত ‘আয়ুষ’-ৰ উপস্থিতি সুলভ কৰি তোলাত সহায় কৰা আদি পদক্ষেপ বছৰটোত ‘আয়ুষ মন্ত্ৰালয়’য়ে সাব্যস্ত সাফল্যৰ নিৰ্দশন।

ইফালে, স্বাধীনতাৰ ৭৫বছৰক স্মৰণীয় কৰি তোলাৰ বাবেও আয়ুষ মন্ত্ৰালয়ে এলানি কাৰ্যক্ৰম ৰূপায়ণৰ ব্যৱস্থা কৰিছিল। যোৱা ৩০আগষ্টৰ পৰা ৫ছেপ্টেম্বৰলৈকে চলা এই কাৰ্যক্ৰমত ‘ওৱাই-ব্ৰে’ক এপ্’-ৰ শুভাৰম্ভ কৰা, দেশ জুৰি বনৌষধি বিতৰণ, দেশৰ ৭৫হাজাৰ হেক্টৰ ভূমিত বনৌষধি ৰোপণ কৰা, এটা বছৰৰ ভিতৰত ৭৫লাখ লোকৰ মাজত ‘প্ৰ’ফিলেক্টিক’ ঔষধ বিতৰণৰ অভিযান চলোৱা, ৭৫,০০০খন স্কুল আৰু কলেজত ‘হামাৰা আয়ুষ, হামাৰা স্বাস্থ্য’ শীৰ্ষক বক্তৃতানুষ্ঠানৰ আয়োজন কৰা, ‘আয়ুষ পদ্ধতি’ৰ চিকিত্সা জনপ্ৰিয়কৰণৰ উদ্দেশ্যে ‘ওৱাই-ব্ৰে’ক এপ্’-ৰ সহযোগিতাৰে ‘ৱে’বিনাৰ’ অনুষ্ঠিত কৰাৰ দৰে কাৰ্যসূচী সামৰি লোৱা হয়। এই কাৰ্যক্ৰম এবছৰ ধৰি চলিব।  

আয়ুষ মন্ত্ৰালয়ে গ্ৰহণ কৰা আন এক উদ্যোগৰ জৰিয়তে মন্ত্ৰালয়টোৱে ক’ভিড-১৯ সংক্ৰমিত ৰোগীৰ চিকিত্সা সন্দৰ্ভত ‘প্ৰ’লিফেটিক’ অধ্যয়ণ আৰু ‘এড-অন ইণ্টাৰভেশ্যন’ৰ বাবে ‘আন্তঃবিষয়ক আয়ুষ গৱেষণা তথা উন্নয়ণ সম্পৰ্কীয় এক কৰ্মবাহিনী’ গঠন কৰা হয়। এই কৰ্মবাহিনীত ‘ভাৰতীয় চিকিত্সা গৱেষণা পৰিষদ’(আইচিএমআৰ), ‘জৈৱ-প্ৰযুক্তি বিভাগ’(ডিবিটি), ‘বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ’(চিএছআইআৰ), ‘অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান’(এআইআইএমএছ) আৰু অন্যান্য ‘আয়ুষ প্ৰতিষ্ঠান’সমূহৰ প্ৰতিনিধিসকলক অন্তৰ্ভক্ত কৰা হৈছে।

ক’ভিড-১৯ৰ পৰা আৰোগ্য হোৱাৰ ক্ষেত্ৰত ‘অশ্বগন্ধা’-ৰ ফলপ্ৰসূতা সন্দৰ্ভত যৌথ ভাবে অধ্যয়ণ কৰাৰ বাবে ‘অখিল ভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠান’(এআইআইএ) আৰু ইউনাইটেড কিংডম-ৰ ‘লণ্ডন স্কুল অব হাইজিন এণ্ড ট্ৰ’পিকেল মেডিচিন’(এলএছএইচটিএম)য়ে এক গুৰুত্বপূৰ্ণ বুজাবজিত উপনীত হৈছে। দুয়োটা প্ৰতিষ্ঠানৰ মাজত স্বাক্ষৰিত বুজাবুজিৰ চুক্তিখনৰ আধাৰত ইউকে-ৰ তিনিখন মহানগৰী— লেইচেষ্টাৰ, বাৰ্মিংহাম আৰু লণ্ডন(ছাউথেল  আৰু ৱেম্বিলি)-ৰ ২০০০ব্যক্তিৰ ওপৰত অশ্বগন্ধাৰ ফলপ্ৰসূতাৰ ‘ক্লিনিকেল পৰীক্ষণ’ কৰা হয়। উল্লেখ্য যে এই পৰীক্ষণৰ সাফল্যই সংক্ৰমণৰোধক চিকিত্সাৰ ক্ষেত্ৰত অশ্বগন্ধাৰ পাৰদৰ্শিতা প্ৰতিপন্ন কৰাৰ লগতে পৃথিৱীৰ বৈজ্ঞানিক সম্প্ৰদায়ৰ স্বীকৃতি লাভৰ ক্ষেত্ৰত পথ প্ৰশস্থ কৰি তুলিব।

 

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত ‘আয়ুষ’-ক শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে পাছিঘাটত ৩০খন আসন বিশিষ্ট এখন নতুন আয়ুৰ্বেদিক মহাবিদ্যালয় আৰু ৬০খন বিচনাৰে এখন আয়ুৰ্বেদ চিকিত্সালয় স্থাপন কৰা হ’ব।

অনুজ্ঞা পত্ৰৰ অনুমোদন প্ৰক্ৰিয়া সহজ কৰি তোলাৰ লগতে কম সময়তে এই প্ৰক্ৰিয়া সম্পন্ন কৰাৰ বাবে মন্ত্ৰালয়টোৱে এটা ‘অনলাইন এপ্লিকেশ্যন পদ্ধতি’ৰ শুভাৰম্ভ কৰে। এই পদ্ধতিয়ে আয়ুৰ্বেদ, সিদ্ধ আৰু উনানী(এএছইউ) ঔষধ উত্পাদনৰে জড়িত উত্পাদক প্ৰতিষ্ঠানসমূহৰ বাবে প্ৰয়োজনীয় অনুজ্ঞা পত্ৰৰ অনুমোদন প্ৰক্ৰিয়া সহজ কৰি তোলাৰ লগতে সামগ্ৰিক ভাবে প্ৰক্ৰিয়াটো অধিক খৰটকীয়া, কাগজৰ ব্যৱহাৰ কম কৰাৰ লগতে অধিক স্বচ্ছ কৰি তুলিব।

ইতিমধ্যে আয়ুষ মন্ত্ৰালয়ে ‘ফাৰ্মাকোপীয়া কমিছন ফৰ ইণ্ডিয়ান মেডিচিন এণ্ড হোমিঅ’পেথী’(পিচিআইএমএম্ডএইচ) আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ‘আমেৰিকান হাৰ্বেল ফাৰ্মাকোপীয়া’-ৰ সৈতে এক বুজাবুজিৰ চুক্তি সম্পাদিত কৰিছে। এই চুক্তিয়ে দুয়োখন দেশৰ মাজত সমতা আৰু পাৰস্পৰিক লাভ আদায়ৰ ভিত্তিত আয়ুৰ্বেদ আৰু অন্যান্য ভাৰতীয় পাৰম্পৰিক চিকিত্সা পদ্ধতিৰ শ্ৰীবৃদ্ধি, উত্তৰণ আৰু বিকাশৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব।

বছৰটোত লাভ কৰা সাফল্যৰ ক্ষেত্ৰত আৰু এটা অভিলেখ ৰচনা কৰি আয়ুষ মন্ত্ৰালয়ৰ ‘ইণ্ডিয়ান ফাৰ্মাচিউটিকেল কৰ্পোৰেশ্যন লিমিটেড’ নামৰ ৰাজহুৱা খণ্ডৰ উত্পাদক গোটটোৱে ২০২০-২১বিত্তীয় বৰ্ষত ১৬৪.৩৩কোটি টকা(তদৰ্থ)ৰ আয় লাভ কৰিবলৈ সক্ষম হয়। প্ৰতিষ্ঠানটোৰ ইতিহাসত এয়া হৈছে এই পৰ্যন্ত কোনো এটা বিত্তীয় বৰ্ষত লাভ কৰা সৰ্বাধিক আয়। এই বৰ্ষত সৰ্বাধিক ১২কোটি টকাৰ অধিক লাভ আহৰণৰ অভিলেখ ৰচনা কৰিছে প্ৰতিষ্ঠানটোৱে। উল্লেখ্য যে, যোৱাটো বছৰ অৰ্থাত্ ২০১৯-২০ত প্ৰতিষ্ঠানটোৰ আয় হৈছিল ৯৭কোটি টকা। প্ৰতিষ্ঠানটোৰ আয় বৃদ্ধিয়ে ক’ভিড-১৯ মহামাৰীৰ কালছোৱাত ‘আয়ুষ’-ৰ ঔষধৰ প্ৰতি ৰাইজৰ মাজত বৃদ্ধি পোৱা আস্থাকে প্ৰতিপন্ন কৰিছে।

খণ্ডটোৱে সন্মুখীন হৈ অহা বিভিন্ন প্ৰত্যাহ্বান আৰু সমস্যৱলী চিনাক্ত কৰি ইয়াৰ সমাধানৰ জৰিয়তে সামগ্ৰিক ভাবে গোলকীয় প্ৰেক্ষাপটত ‘আয়ুষ’-ৰ জনপ্ৰিয়তা বঢ়োৱাৰ বাবে আয়ুষ মন্ত্ৰালয়ে সক্ৰিয়তাৰে কাম কৰি আছে।

 

***

 

SK/KB



(Release ID: 1786013) Visitor Counter : 118