কেবিনেট

‘ৰূ-পে’ ডেবিট কাৰ্ড’ আৰু ‘ল’-ভেল্যু ভীম-ইউপিআই’-ৰ জৰিয়তে সম্পাদিত লেনদেন(পি২এম) জনপ্ৰিয়কৰণৰ উদ্দেশ্যে ৰূপায়িত কৰিব খোজা এক ‘ইনচেণ্টিভ আঁচনি’লৈ কেবিনেটৰ অনুমোদন


এবছৰৰ বাবে ১৩০০কোটি টকাৰ বিত্তীয় পুঁজি আৱণ্টন

ইয়াৰ জৰিয়তে ‘বেংক-ৰহিত’ আৰু ‘আনুষ্ঠানিক বেংক তথা বিত্তীয় ব্যৱস্থাপনা’ৰ বাহিৰত ৰৈ যোৱা জনসংখ্যাৰ বাবে ডিজিটেল দেনা ব্যৱস্থাত প্ৰৱেশৰ প্ৰশস্ত হ’ব

Posted On: 15 DEC 2021 4:03PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ সভাই আজি ‘ৰূ-পে’ ডেবিট কাৰ্ড’ আৰু ‘ল’-ভেল্যু(২,০০০টকা পৰ্যন্ত)ভীম-ইউপিআই’-ৰ জৰিয়তে দেশত সম্পাদিত লেনদেন(‘পাৰ্ছন টু মাৰ্চেণ্ট’-পি২এম) জনপ্ৰিয়কৰণৰ উদ্দেশ্যে ৰূপায়িত কৰিব খোজা এক ‘ইনচেণ্টিভ আঁচনি’লৈ অনুমোদন জনায়।

এই আঁচনিৰ অধীনত ‘ৰূ-পে’ ডেবিট কাৰ্ড’ আৰু ‘ল’-ভেল্যু ভীম-ইউপিআই’ ব্যৱস্থাৰে সম্পাদিত লেনদেন(পি২এম)ৰ মূল্যৰ বিপৰীতে শতাংশ হাৰত অংশ প্ৰদান কৰি চৰকাৰে অধিগ্ৰহণ কৰা বেংকসমূহক উত্সাহিত কৰিব। ইয়াৰ বাবে ১এপ্ৰিল,২০২১ৰ পৰা এটা বছৰৰ বাবে ১৩০০কোটি টকাৰ বিত্তীয় পুঁজি আৱণ্টনৰো দিহা কৰা হৈছে।

 

আঁচনিখনে ‘ৰূ-পে’ ডেবিট কাৰ্ড’ আৰু ‘ভীম-ইউপিআই’ৰ জৰিয়তে দেশত ডিজিটেল লোনদেনৰ এক বিশাল প্ৰেক্ষাপট ৰচনা কৰাৰ ক্ষেত্ৰত অধিগ্ৰহণ কৰা বেংকসমূহক সহায় কৰাৰ লগতে সমাজৰ সকলো খণ্ড আৰু শ্ৰেণীৰ লোকৰ উপৰি ‘বেংক-ৰহিত’ আৰু ‘আনুষ্ঠানিক বেংক তথা বিত্তীয় ব্যৱস্থাপনা’ৰ বাহিৰত ৰৈ যোৱা জনসংখ্যাৰ বাবেও ডিজিটেল দেনা ব্যৱস্থাত প্ৰৱেশৰ পথ প্ৰশস্ত কৰিব।

পটভূমি:

দেশত ডিজিটেল লেনদেনৰ পৰিসৰ বৃদ্ধিৰ বাবে ২০২১-২২বিত্তীয় বৰ্ষৰ বাজেটত চৰকাৰে ঘোষণা কৰা প্ৰস্তাৱক সাৰোগত কৰিয়েই এই আঁচনিখন যুগুতোৱা হৈছে।

 

***

DS/DKS/KB



(Release ID: 1782494) Visitor Counter : 172