প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

দিল্লীত বেংক ডিপ’জিট ইঞ্চুৰেন্স প্ৰগ্ৰেমত জমাকৰ্তাসকলক সম্বোধন প্ৰধানমন্ত্ৰীৰ


"যোৱা কেইদিনমানত, এক লাখৰোধিক জমাকৰ্তাই বছৰ-বছৰ ধৰি আৱদ্ধ হৈ থকা তেওঁলোকৰ ধন ঘূৰাই পাইছে। এই পৰিমাণ ১৩০০ কোটি টকাৰো অধিক"

"আজিৰ নৱ্য ভাৰতে সমস্যা সমাধানৰ বাবে চেষ্টা কৰি আছে, আজিৰ ভাৰতে সমস্যা পৰিহাৰ নকৰে"

৮ কেন্দ্ৰীয় মন্ত্ৰীয়ে মহাৰাষ্ট্ৰৰপৰা ডিপ’জিটৰ্ছ ফাৰ্ষ্ট কাৰ্য্যসূচীত যোগদান কৰে- মুম্বাইৰপৰা শ্ৰী নীতিন গাডকাৰী, পুনেৰপৰা শ্ৰী পীয়ুষ গোৱেল, থানেৰপৰা শ্ৰী পুৰুষোত্তম ৰূপালা তথা অন্যান্যসকল

Posted On: 12 DEC 2021 3:44PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত "ডিপ’জিটৰ্ছ ফাৰ্ষ্টঃ ৫ লাখ টকা পৰ্য্যন্ত গেৰাণ্টিযুক্ত সময়-নিৰ্ধাৰিত ডিপ’জিট ইঞ্চুৰেন্স পেমেন্ট" শীৰ্ষক এটি অনুষ্ঠান সম্বোধন কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী, বিত্ত দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ এই অনুষ্ঠানত উপস্থিত আছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি একাংশ জমাকৰ্তাক চেক প্ৰদান কৰে।

উপস্থিত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, আজি দেশখনৰ বেংকিং খণ্ডটো আৰু কোটি-কোটি বেংক একাউণ্ট হ’ল্ডাৰসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ দিন কিয়নো এই দিনটোত কেইবা দশক ধৰি অব্যাহত থকা এটা বৃহৎ সমস্যা সমাধান কৰা হৈছে। তেখেতে গুৰুত্ব আৰোপ কৰি কয় যে 'ডিপ’জিটৰ্ছ ফাৰ্ষ্ট' ৰ উদ্দীপনাটো অতি অৰ্থপূৰ্ণ। যোৱা কেইদিনমানত, এক লাখৰোধিক জমাকৰ্তাই বছৰ-বছৰ ধৰি আৱদ্ধ হৈ থকা তেওঁলোকৰ ধন ঘূৰাই পাইছে। এই পৰিমাণ ১৩০০ কোটি টকাৰো অধিক, শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যিকোনো দেশে কেৱল সমস্যাৰাজি সময়মতে সমাধানৰদ্বাৰাহে অধিক বেয়া হোৱাৰপৰা ৰক্ষা কৰিব পাৰে। অৱশ্যে, তেখেতে কয়, বহু বছৰ ধৰি সমস্যাৰাজি পৰিহাৰ কৰাৰ এটি প্ৰৱণতা আছিল। আজিৰ নৱ্য ভাৰতে সমস্যাৰাজি সমাধানৰ চেষ্টা কৰি আছে, আজি ভাৰতে সমস্যাৰাজি পৰিহাৰ নকৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে অৱগত কৰে যে ভাৰতত বেংক জমাকৰ্তাসকলৰ বাবে বীমা ব্যৱস্থা ৬০ ৰ দশকত আৰম্ভ হৈছে। পূৰ্বে, বেংকত জমা কৰা পৰিমাণৰ ভিতৰত, কেৱল ৫০ হাজাৰ টকালৈকে পৰিমাণ নিশ্চিত কৰা হৈছিল। তাৰ পিছত ইয়াক এক লাখ টকালৈ বৃদ্ধি কৰা হয়। অৰ্থাৎ, যদি বেংকটোৰ পতন হয়, তেন্তে জমাকৰ্তাসকলে মাত্ৰ এক লাখ টকালৈকে লাভৰ ব্যৱস্থা আছিল। এই টকা কেতিয়া পৰিশোধ কৰা হ'ব তাৰো কোনো সময়সীমা নাছিল। "দৰিদ্ৰ লোকসকলৰ উদ্বেগ বুজি উঠি, মধ্যবিত্ত শ্ৰেণীৰ উদ্বেগ বুজি উঠি, আমি এই পৰিমাণ ৫ লাখ টকালৈ বৃদ্ধি কৰিছো", প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। আইন সংশোধনৰদ্বাৰা আন এটা সমস্যাৰে মোকাবিলা কৰা হৈছিল। "পূৰ্বে য'ত ধন ঘূৰাই দিয়াৰ কোনো সময়সীমা নাছিল, এতিয়া আমাৰ চৰকাৰে ইয়াক ৯০ দিন অৰ্থাৎ ৩ মাহৰ ভিতৰত বাধ্যতামূলক কৰি তুলিছে। অৰ্থাৎ বেংকৰ পতন হোৱাৰ ক্ষেত্ৰতো জমাকৰ্তাসকলে তেওঁলোকৰ ধন ৯০ দিনৰ ভিতৰত ঘূৰাই পাব", তেখেতে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে অভিমত আগবঢ়াই কয় যে দেশখনৰ সমৃদ্ধিত বেংকসমূহে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আৰু বেংকসমূহৰ সমৃদ্ধিৰ বাবে, জমাকৰ্তাৰ ধন সুৰক্ষিত হোৱাটো সমানেই গুৰুত্বপূৰ্ণ। যদি আমি এটা বেংক জীয়াই ৰাখিব খুজো, তেন্তে জমাকৰ্তাসকলক সুৰক্ষিত কৰিব লাগিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে বিগত বছৰবোৰত বহুতো ক্ষুদ্ৰ ৰাজহুৱা খণ্ডৰ বেংকক বৃহৎ বেংকৰে একত্ৰিতকৰণেৰে ইয়াৰ সামৰ্থ্য, ক্ষমতা আৰু স্বচ্ছতা সকলো ধৰণেৰে সুদৃঢ় কৰা হৈছে। যেতিয়া আৰবিআয়ে সমবায় বেংকসমূহ নিৰীক্ষণ কৰে, ই এইসমূহৰ প্ৰতি সাধাৰণ জমাকৰ্তাৰ আস্থা বৃদ্ধি কৰে। তেখেতে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, সমস্যাটো কেৱল বেংক একাউণ্টৰ ক্ষেত্ৰতে নহয়, প্ৰত্যন্ত গাওঁসমূহলৈ বেংকিং সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰতো আছিল। আজি, দেশখনৰ প্ৰায় প্ৰতিখন গাঁৱতে, বেংক শাখা বা বেংকিং কৰেছপণ্ডেন্টৰ সুবিধা ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত লাভ কৰা হৈছে। তেখেতে লগতে কয় যে আজি ভাৰতৰ সাধাৰণ নাগৰিকে যিকোনো সময়তে, যিকোনো স্থানতে, দিনটোৰ ২৪ ঘণ্টাই ডিজিটেলভাৱে সৰু-সুৰা লেনদেন কৰিবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে অভিমত আগবঢ়াই কয় যে এনে বহু সংস্কাৰ সাধন কৰা হৈছে যিয়ে ভাৰতৰ বেংকিং ব্যৱস্থাক ১০০ বছৰৰ সৰ্ববৃহৎ দুৰ্য্যোগতো সুচাৰুৰূপে পৰিচালনাত সহায় কৰিছে। তেখেতে লগতে কয়, "বিশ্বখনৰ উন্নত দেশসমূহেও তেওঁলোকৰ নাগৰিকসকলক সহায় আগবঢ়াবলৈ সংগ্ৰাম কৰি থাকোতে ভাৰতে দেশখনৰ প্ৰায় প্ৰতিটো শ্ৰেণীকে ক্ষীপ্ৰতাৰে পোনপটীয়াকৈ সহায় আগবঢ়াইছিল।"

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিগত কেইবছৰমানত গ্ৰহণ কৰা ব্যৱস্থাৰাজিয়ে বীমা, বেংক ঋণ আৰু বিত্তীয় সবলীকৰণৰ দৰে সুবিধাসমূহ দৰিদ্ৰ, মহিলা, পথৰ বিক্ৰেতা আৰু ক্ষুদ্ৰ কৃষকসকলৰ এক বৃহৎ কম সেৱা প্ৰাপ্ত অংশলৈ লৈ গৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, বেংকিঙে পূৰ্বে কোনো গুৰুত্বপূৰ্ণ পন্থাৰে দেশখনৰ মহিলাসকলক স্পৰ্শ কৰা নাছিল। তেখেতে কয়, ইয়াক তেখেতৰ চৰকাৰে অগ্ৰাধিকাৰ হিচাপে গ্ৰহণ কৰিছিল। জন ধন যোজনাৰ অধীনত খোলা কোটি-কোটি বেংক একাউণ্টৰ ভিতৰত, আধাৰোধিক মহিলাৰ। "এই বেংক একাউণ্টসমূহে মহিলাসকলৰ অৰ্থনৈতিক সবলীকৰণত পেলোৱা প্ৰভাৱ, আমি শেহতীয়া ৰাষ্ট্ৰীয় পাৰিবাৰিক স্বাস্থ্য সমীক্ষাতো প্ৰত্যক্ষ কৰিছো", তেখেতে কয়।

সমগ্ৰ ভাৰতৰ ভিন্ন প্ৰান্তৰপৰা কেন্দ্ৰীয় মন্ত্ৰীসকল যোগদান।

৮ কেন্দ্ৰীয় মন্ত্ৰীয়ে মহাৰাষ্ট্ৰৰপৰা ডিপজিটৰ্ছ ফাৰ্ষ্ট কাৰ্য্যসূচীত যোগদান কৰে- মুম্বাইৰপৰা শ্ৰী নীতিন গাডকাৰী, পুনেৰপৰা শ্ৰী পীয়ুষ গোৱেল, থানেৰপৰা শ্ৰী পুৰুষোত্তম ৰূপালা তথা অন্যান্যসকল।

কেন্দ্ৰীয় পথ পৰিবহণ ও ঘাইপথ মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীয়ে কয়, "চৰকাৰখনৰ বীমা আৱৰণ ৫ লাখ টকালৈ বৃদ্ধিৰ সিদ্ধান্তই জ্যেষ্ঠ নাগৰিক আৰু মধ্য-বিত্ত জমাকৰ্তাসকলক সকলোতকৈ বেছি লাভান্বিত কৰিব। পলম হোৱা সত্বেও উপভোক্তাসকলে অৱশেষত ন্যায় লাভ কৰিছে।"

বাণিজ্য ও উদ্যোগ আৰু বস্ত্ৰ মন্ত্ৰী শ্ৰী পীয়ূষ গোৱেলে অৱগত কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুজৰাটৰ মুখ্যমন্ত্ৰিত্বৰ সময়ত, তেখেতে জমা আৱৰণ বৃদ্ধিৰ অৰ্থে কেন্দ্ৰলৈ এখনি পত্ৰ লিখিছিল।

শ্ৰী গোৱেলে লগতে কয়, "পূৰ্বে জমাকৰ্তাসকলে ৮-৯ বছৰৰ পিছত তেওঁলোকৰ ধন লাভ কৰাৰ বিপৰীতে ডিপ’জিট ইঞ্চুৰেন্স ক্ৰেডিট গেৰাণ্টি আঁচনিখনৰ অধীনত ৯০ দিনলৈ হ্ৰাস কৰা হৈছে। ই বেংকসমূহৰ ওপৰত বিশ্বাস বৃদ্ধিত সহায় কৰিব।"

কেন্দ্ৰীয় মীন পালন, পশুপালন ও দুগ্ধজাত সামগ্ৰী দপ্তৰৰ মন্ত্ৰী শ্ৰী পুৰুষোত্তম ৰূপালাই কয়, প্ৰধানমন্ত্ৰী মোদীয়ে জনসাধাৰণ, বিশেষকৈ জ্যেষ্ঠ নাগৰিক আৰু মহিলাসকলৰ প্ৰতি চৰকাৰখনৰ সংবেদনশীলতা আৰু সঁহাৰি প্ৰদৰ্শন কৰিছে।

মন্ত্ৰীসকলে তেওঁলোকৰ সংশ্লিষ্ট স্থানত ডিপ’জিট ইঞ্চুৰেন্স আঁচনিৰ আমন্ত্ৰণপ্ৰাপ্ত হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় আৰু ৰিফাণ্ড চেকো বিতৰণ কৰে।

***

MD/CP/PK/SB



(Release ID: 1781212) Visitor Counter : 99