আয়ুষ

আয়ুষ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে মণিপুৰৰ মোৰেহত ৫০খন বিছনাযুক্ত একীকৃত আয়ুষ হাস্পতালৰ উদ্ঘাটন কৰে


আয়ুষ মন্ত্ৰীয়ে মণিপুৰত আয়ুষৰ বিকাশৰ বাবে প্ৰধান পদক্ষেপৰ ঘোষণা কৰে

Posted On: 05 DEC 2021 6:02PM by PIB Guwahati

কেন্দ্ৰীয় আয়ুষ আৰু বন্দৰ, শ্বিপিং তথা জলপথ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে আজি ভাৰ্চুৱেল মাধ্যমত মণিপুৰৰ মোৰেহত ৫০খন বিছনাযুক্ত একীকৃত আয়ুষ হাস্পতালৰ উদ্ঘাটন কৰে আৰু লগতে মণিপুৰত আয়ুষ উদ্যোগৰ বিকাশ আৰু সংবৰ্ধনৰ বাবে প্ৰধান পদক্ষেপসমূহৰ ঘোষণা কৰে। কেন্দ্ৰীয় মন্ত্ৰীজনে এখন সংবাদমেল সম্বোধন কৰি কয় যে মন্ত্ৰালয়ে ৰাজ্যখনত ১৫খন আয়ুষ ঔষধালয়, ১০খন বিছনাযুক্ত সাতখন হাস্পতাল, ১০০খন স্কুল হাৰ্বেল গাৰ্ডেন, প্ৰতিখন জিলাত ১৬খনকৈ নাৰ্ছাৰী, আৰু ৫০টা স্বাস্থ্য তথা ৱেলনেছ কেন্দ্ৰ (এইচডব্লিউচি) খোলাৰ সিদ্ধান্ত লয়।

 

কেন্দ্ৰীয় মন্ত্ৰীজনে বিশেষ সন্মানীয় অতিথি হিচাপে ইম্ফলত 'পূৰ্বোত্তৰ ভাৰতৰ পৰম্পৰাগত স্বাস্থ্য প্ৰথাৰ নথিকৰণ, বৈজ্ঞানিক সত্যাপণ আৰু আকলনক উদগণি দিবলৈ ফাইটোফাৰ্মাচিউটিকেল মিছন' শীৰ্ষক বিষয়ৰ ওপৰত আয়োজিত এক কাৰ্যক্ৰমত ভাগ লৈছিল। মণিপুৰৰ মুখ্যমন্ত্ৰী শ্ৰী এন বীৰেন সিংহ, কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী ডাঃ আৰ কে ৰঞ্জন সিংহ, মণিপুৰৰ মুখ্যমন্ত্ৰীৰ পৰামৰ্শদাতা (স্বাস্থ্য), ডাঃ এছ ৰঞ্জন সিংহও উপস্থিত থাকে।

 

এই উপলক্ষে মন্ত্ৰী মহোদয়ে কয় যে তেওঁৰ বিশ্বাস আছে যে এই যোজনাবিলাক সম্পূৰ্ণ হৈ যোৱাৰ পিছত আয়ুষ উদ্যোগৰ বিকাশ সাধন কৰিবলৈ আৰু অধিক সাহায্য প্ৰদান কৰা হ'ব। তেওঁ আশা প্ৰকাশ কৰে যে এই যোজনাসমূহে মণিপুৰৰ জনসাধাৰণক বিভিন্ন ঔষধি গছ বিকশিত কৰা, ভৱিষ্যতে অধিক বিকাশ সুনিশ্চিত কৰা আৰু কৰ্ম সংস্থাপন সৃষ্টি কৰাৰ ক্ষেত্ৰত প্ৰেৰণা যোগাব। কেন্দ্ৰীয় মন্ত্ৰীজনে কয়, 'ভাৰতজুৰি মুঠ ৬,০০০ ঔষধি গেছৰ ১,০০০ৰো অধিক ঔষধি গছ মণিপুৰতে আছে। আমি নিশ্চিতভাৱে এই সুযোগৰ সৎ ব্যৱহাৰ কৰিব লাগে।'

 

কেন্দ্ৰীয় মন্ত্ৰীজনে লগতে কয়, "মণিপুৰৰ মহিলাসকলৰ সমস্ত সমুদায়ত এক বিশেষ আৰু শক্তিশালী পৰিচয় আছে। মই মহিলাসকলক অনুৰোধ কৰিছো যে তেওঁলোক আগবাঢ়ি আহক আৰু এই ঔষধি গছবোৰক উদগণি দিবলৈ আৱশ্যকীয় পদক্ষেপ গ্ৰহণ কৰক। মই আপোনালোকক আশ্বাস দিছো যে আমি আপোনালোকৰ উৎপাদনৰ বাবে অসংখ্য বজাৰ উপলব্ধ কৰাম যাৰ জৰিয়তে কেৱল উদ্যমিতাৰ ভাবনাই বিকশিত নহয়, কেৱল 'আত্মনিৰ্ভৰ মণিপুৰ'ৰ পথ প্ৰশস্ত নহয়, বৰং কৃষকো লাভবান হ'ব আৰু তেওঁলোকৰ কৃষি আয় দুগুণ কৰাৰ লক্ষ্যত উপনীত হ'ব পৰা যাব।"

 

*****

SK



(Release ID: 1778713) Visitor Counter : 105