প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বাধাহীন ঋণৰ প্ৰবাহ আৰু অৰ্থনৈতিক উন্নয়ণৰ মাজত সামঞ্জস্য সৃষ্টি সন্দৰ্ভত আয়োজিত সন্মিলনত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

Posted On: 18 NOV 2021 9:30PM by PIB Guwahati

নমস্কাৰ!

দেশৰ বিত্ত মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণ জী, বিত্ত ৰাজ্যমন্ত্ৰী শ্ৰী পংকজ চৌধৰী জী, ডাক্টৰ ভাগৱত কাৰাড জী, ‘আৰবিআই’-ৰ ‘গৱৰ্ণৰ’ শ্ৰী শক্তিকান্তা দাস জী, বেংকিং খণ্ডৰ দিগগজসকল, ভাৰতীয় উদ্যোগ জগতৰ সন্মানীয় সতীৰ্থবৃন্দ, কাৰ্যক্ৰমত সংযোজিত হোৱা মহানুভৱসকল, দেৱী আৰু সজ্জনসকল,

মই অহাৰে পৰা যিখিনি শুনিছো তাত কেৱল বিশ্বাসৰ ভাৱনাকে পৰিস্ফূৰ্ত হোৱা বুলি অনুভৱ কৰিছো। অৰ্থাত্ আমাৰ ‘কনফিডেন্স লেভেল’ ইমানেই ‘ভাইব্ৰেণ্ট’ হয়, ইয়ে স্বতঃস্ফূৰ্ত ভাবেই বহুত ডাঙৰ সম্ভাৱনাক সংকল্পলৈ পৰিৱৰ্তিত কৰে আৰু সকলো মিলিজুলি আগবাঢ়িলে সংকল্পৰে সিদ্ধি প্ৰাপ্ত কৰিবলৈ মই ভাবো বৰ বেছি সময়ৰ প্ৰয়োজন নহয়। যিকোনো এখন দেশৰ উন্নয়ণী যাত্ৰাত এনে একোটা সময় আহে, যেতিয়া সেইখন দেশে উন্নয়ণৰ বাবে দীঘলীয়া জাপ মৰাৰ বাবে নতুন সংকল্প গ্ৰহণ কৰে আৰু সমগ্ৰ ৰাষ্ট্ৰৰ শক্তি সেই সংকল্পই প্ৰাপ্ত কৰাৰ বাবে সকলো জড়িত হৈ পৰে। স্বাধীনতাৰ সংগ্ৰামতো বহু দীঘলীয়া হৈছিল। ১৮৫৭ চনৰ পৰাতো বিশেষ ৰূপত ইয়াক ইতিহাসকাৰসকলে এক বিশেষ সূত্ৰৰে বান্ধি বিশ্লেষণ কৰিব বিচাৰে। কিন্তু ১৯৪২ আৰু ১৯৩০ৰ ‘দাণ্ডী যাত্ৰা’ আৰু ‘ভাৰত ত্যাগ’ আন্দোলন এই দুটা ঘটনা ইতিহাসৰ এনে দুটা বিশেষ মোৰ আছিল যে যাক আমি দেশে দীঘলীয়া জাপ মৰাৰ বাবে চলোৱা প্ৰস্তুতি বুলি অভিহিত কৰিব পাৰো। ৩০-ত যিটো জাপ মৰা হৈছিল সিয়ে সমগ্ৰ দেশতে এটা পৰিৱেশৰ সৃষ্টি কৰিছিল। আৰু ৪২-ত আৰম্ভ কৰা দ্বিতীয়টো জাপৰ পৰিণাম আমি ১৯৪৭ চনত লাভ কৰিবলৈ সক্ষম হৈছিলো। অৰ্থাত্, মই যি জাপৰ কথা ক’ব খুজিছো, স্বাধীনতাৰ ৭৫বৰ্ষ আৰু এতিয়া এনেকুৱা অৱস্থাত আমি উপনীত হৈছোহি যে সঁচা অৰ্থত এই জাপ মৰাৰ বাবে শক্তিশালী আধাৰ আৰু নিৰ্দ্ধাৰিত লক্ষ্য দুয়োটাই উপলব্ধ আছে, এতিয়া মাথোঁ জাপ মৰাৰহে কথা। মই লালকিল্লাৰ পৰাও কৈছিলো, ১৫ আগষ্টত কৈছিলো, ‘এয়াই সময়, সঠিক সময়’। আপোনালোক সকলো ৰাষ্ট্ৰ নিৰ্মাণৰ এই মহযজ্ঞৰ মুখ্য অংশীদাৰ আৰু সেয়ে ভৱিষ্যতৰ প্ৰস্তুতিৰ বাবে আপোনালোকৰ সৈতে আলোচনা, আপোনালোকৰ এই দুদিনীয়া মন্থন, আপোনালোকৰে মত-বিনিময় কৰি যি পথ-পৰিকল্পনা যুগুতোৱা হৈছে, আপোনালোকে যি নিৰ্ণয় কৰিছে, মই ভাবো সকলো কথাই নিশ্চিত ভাবেই অতিকে গুৰুত্বপূৰ্ণ হ’ব।

বন্ধুসকল,

চৰকাৰে বিগত ৬-৭ বছৰত বেংকিং খণ্ডৰ যিসমূহ সংস্কাৰ কৰিলে, বেংকিং খণ্ডক সকলো দিশৰ পৰা সহযোগিতা আগবঢ়াইছে, তাৰ সুবাদতে আজি দেশৰ বেংকিং খণ্ডই বহুত শক্তিশালী স্থিতি লাভ কৰিবলৈ সক্ষম হৈছে। আপোলোকেও চাগৈ এই কথা অনুভৱ কৰিছে যে বেংকসমূহৰ বিত্তীয়-স্বাস্থ্য এতিয়া বহু পৰিমাণে উন্নত হৈছে। ২০১৪চনৰ আগতে যিমানখিনি সমস্যা আছিল, যিমানখিনি প্ৰত্যাহ্বান আছিল, আমি এটা এটা কৰি সেইবোৰৰ সমাধানৰ পথ বিচাৰি উলিয়াইছো। আমি ‘এনপিএ’ সমস্যাৰ সমাধান কৰিছো, বেংকসমূহক পুনৰ মূলধন প্ৰদান কৰিছো, বেংকসমূহৰ শক্তি বৰ্দ্ধনৰ দিহা কৰিছো। ‘আইবিচি’-ৰ দৰে সংস্কাৰৰ ব্যৱস্থা কৰিছো, বহুখিনি আইনৰ সংশোধন কৰিছো আৰু ‘বাকীজাঁই ন্যায়াধীকৰণ’সমূহক শক্তিশালী কৰি তুলিছো। ক’ৰোনা-কালত দেশত এক ‘ডেডিকেটেড ষ্ট্ৰেছড এছেট মেনেজমেণ্ট ভাৰ্টিকল’-ৰো গঠন কৰিছো। এইসমূহ সিদ্ধান্তৰ ফলত আজি বেংকসমূহৰ ‘ৰিজলিউশ্যন আৰু ৰিক’ভাৰী’ বহু পৰিমাণে উন্নত হ’বলৈ ধৰিছে, বেংকসমূহৰ অৱস্থা শক্তিশালী হ’বলৈ ধৰিছে আৰু এক ‘ইনহেৰেণ্ট ষ্ট্ৰেংথ’ এইবোৰৰ ভিতৰত উদ্ভৱ হৈছে। চৰকাৰে যি ধৰণৰ পাৰদৰ্শিতা আৰু প্ৰতিশ্ৰুতিবদ্ধতাৰে কাম কৰিলে, তাক প্ৰতিয়মান কৰে বেংকসমূহে ঘূৰাই পোৱা ধনৰাশিয়েই। আমাৰ দেশত যেতিয়া বেংকৰ পৰা টকা লৈ কোনোবা পলাই যায় তেতিয়া আলোচনাতো বহুতেই হয়, কিন্তু কোনোবা সাহসী চৰকাৰে যদি সেই ধন ঘূৰাই অনাৰ ব্যৱস্থা কৰে তেতিয়া কিন্তু দেশত কোনো আলোচনা কৰা নহয়। আগৰ চৰকাৰসমূহৰ সময়ত যি লাখ-কোটি টকাৰ হৰলুকি হৈছিল, তাৰ পৰা লাখ কোটি টকাৰো অধিক ধনৰাশি পুনৰুদ্ধাৰ কৰা হৈছে। হ’ব পাৰে আপোনালোক সেই পৰ্যায়ৰ লোক, আপোনালোকৰ বাবে হয়তো পাঁচলাখ কোটি টকাৰ পৰিমাণটো সিমান ডাঙৰ যেন নালাগিবও পাৰে। কাৰণ যেনেদৰে এক ধাৰণাৰ  সৃষ্টি হৈছিল ইয়াত বহি থকা সেইসকল ব্যক্তিৰ নহ’বও পাৰে বুলি মই নিশ্চিত ভাবেই বিশ্বাস কৰো। কিন্তু এনে এক ধাৰণাৰেই সৃষ্টি হৈছিল। বেংকবোৰতো আমাৰেই। বেংকবোৰত যি জমা হৈ আছে সেয়াও আমাৰেই, তাতেই থাকিল কিম্বা আমাৰ ইয়াতে থাকিল, কিনো হ’ল তাতে। আৰু যি বিচাৰিছিল, তাকেই উলিয়াই দিয়া হ’ল আৰু পিচত ২০১৪চনত দেশে সিদ্ধান্ত অন্য ধৰণে ল’লে। আৰু সকলো স্থিতি স্পষ্ট হৈ গ’ল।

বন্ধুসকল,

এই পইচা ওভোটাই অনাৰ বাবে আমাৰ যি প্ৰচেষ্টা, নীতিকো আধাৰ কৰিছো, কানুনৰো আধাৰ গ্ৰহণ কৰিছো, কূটনৈতিক ‘চেনেল’ৰো সদ্ব্যৱহাৰ কৰিছো আৰু বাৰ্তাও বহু স্পষ্ট যে এয়াই এটা পথ, উভতি আহক, আৰু এই প্ৰক্ৰিয়াই এতিয়াও অব্যাহত আছে। ‘ৰাষ্ট্ৰীয় সম্পদ পুননিৰ্মাণ প্ৰতিষ্ঠান গঠন’ৰ পৰা আৰু ৩০হাজাৰ কোটিৰো অধিক, চৰকাৰী ‘গেৰেণ্টী’ৰ পৰাও প্ৰায় ২লাখ কোটি টকা ‘ষ্ট্ৰেছড এছেট’ আগন্তুক সময়ত ‘ৰিজল্ভ’ হ’ব বুলি অনুমান কৰা হৈছে। আমি সকলোৱে এই কথাও লক্ষ্য কৰি আছো যে ৰাজহুৱা খণ্ডৰ বেংকৰ ‘কনছ’লিডেশ্যন’-ৰে সমগ্ৰ বেংকিং খণ্ডৰ দক্ষতা বাঢ়িছে আৰু বজাৰৰ পৰা পুঁজি  সংগ্ৰহ কৰাতো বেংকসমূহে সহযোগিতা লাভ কৰি আছে।

বন্ধুসকল,

এই যিমানবোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে, যিমানবোৰ সংস্কাৰ সাধন কৰা হৈছে, ইয়াৰ দ্বাৰা আজি বেংকসমূহৰ হাতত এক বিশাল আৰু শক্তিশালী মূলধন গঠন হৈছে। আজিৰ তাৰিখত বেংকসমূহৰ হাতত পৰ্যাপ্ত পৰিমাণৰ ‘লিকুইডিটী’ আছে, ‘এনপিএ’-ৰ ‘প্ৰ’ভিজনিং’-ৰ ‘বেকলগ’ নাই। ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ ‘এনপিএ’ আজি পাঁচবছৰৰ ভিতৰতে সবাটোকৈ কমতো হৈছেই, ক’ৰোনাকাল হোৱা স্বত্বেও, এই বিত্তীয় বৰ্ষৰ প্ৰথম ছমাহত আমাৰ বেংকসমূহৰ শক্তিশালী স্থিতিয়ে সকলোৰে দৃষ্টি আকৰ্ষিত কৰিছে। ইয়াৰ বাবেই আন্তৰাষ্ট্ৰীয় সংস্থাসমূহেও ভাৰতৰ বেংকিং খণ্ডৰ ‘আউটলুক আপডেট’ কৰি আছে।

বন্ধুসকল,

আজি ভাৰতৰ বেংকসমূহৰ শক্তি ইমানেই বাঢ়িছে যে ইয়ে দেশৰ অৰ্থনীতিক নতুন ইন্ধন দিয়াৰ, এক বৃহত্ উত্সাহ প্ৰদান কৰাত, ভাৰতক আত্মনিৰ্ভৰ কৰি তোলাৰ ক্ষেত্ৰত বহুত ডাঙৰ ভূমিকা পালন কৰিব পাৰে। মই এই পৰ্যায়টোক ভাৰতৰ বেংকিং খণ্ডৰ এক বৃহত্ মাইলৰ খুঁটি বুলি গণ্য কৰিছো। কিন্তু আপোনালোকে চাগৈ দেখিছে, মাইলৰ খুঁটি এফালৰ পৰা আমাৰ আগলৈ যোৱা যাত্ৰাৰ সূচকো হয়। মই এইটো পৰ্যায়ক ভাৰতৰ বেংকসমূহৰ এক নতুন আৰম্ভণীৰ ৰূপ হিচাপে চাব খুজিছো। আপোনালোকৰ বাবে এইখন দেশত ‘ৱেল্থ ক্ৰীয়েটৰ্ছ’ আৰু ‘জব ক্ৰীয়েটৰ্ছ’-ক সহযোগিতা কৰাৰ সময় এয়া। ‘আৰবিআই’-ৰ ‘গৱৰ্ণৰে’ এতিয়া ‘জব ক্ৰীয়েশ্যন’ৰ কথা আলোচনা কৰিলে, মই ভাবো এয়েই সময়। এতিয়া ভাৰতৰ বেংকসমূহে নিজৰ ‘বেলেঞ্চ ছীট’ৰ লগতে দেশৰ ‘বেলেঞ্চ ছীট’কো বৃদ্ধি কৰাৰ বাবেও ‘প্ৰ’-এক্টিভ’ হৈ কাম কৰিব লাগিব। গ্ৰাহক আপোনালোকৰ কাষলৈ, আপোনালোকৰ শাখাসমূহলৈ আহিব বুলি ৰৈ থাকিলে নহ’ব। আপোনালোকে গ্ৰাহকৰ, প্ৰতিষ্ঠানসমূহৰ, ‘এমএছএমই’সমূহৰ প্ৰয়োজনীয়তাসমূহ বিশ্লেষণ কৰি, তেওঁলোকৰ কাষলৈ যাব লাগিব, তেওঁলোকৰ বাবে ‘কাষ্টমাইজড ছ’লিউশ্যন’ দিব লাগিব। উদাহৰণ হিচাপে মই কও উত্তৰ প্ৰদেশৰ বুন্দেলখণ্ড এলেকাত আৰু তামিলনাডুত দুটা ‘ডিফেন্স ক’ৰিডৰ’ নিৰ্মাণ কৰা হৈছে। এতিয়া চৰকাৰে দ্ৰুতগতিৰে তাত কাম কৰি আছে। সেই ‘ক’ৰিডৰ’ৰ আশা-পাশত যিমানবোৰ বেংকৰ শাখা আছে, তেওঁলোকক মাতি তেওঁলোকৰ সৈতে আপোনালোকে আলোচনা-বিলোচনা অনুষ্ঠিত কৰিছেনে কেতিয়াবা, যে ‘ডিফেন্স ক’ৰিডৰ’ নিৰ্মাণ কৰি থকা হৈছে, অৰ্থাত এক সম্পূৰ্ণ প্ৰতিৰক্ষাৰ নতুন খণ্ড এটা ইয়ালৈ আহি আছে। বেংকে ‘প্ৰ’-এক্টিভলী’ কিবা কৰিব পাৰেনে? ‘ডিফেন্স ক’ৰিডৰ’ নিৰ্মাণ কৰাৰ বাবে এইবোৰ কথা হোৱাৰ সম্ভাৱনা আছে, কোনবোৰ ‘কেপ্তেইন’ ইয়ালৈ আহিব পাৰে, কোনবোৰ সৰু সৰু প্ৰতিষ্ঠানৰ শৃংখল হ’ব পাৰে, ‘এমএছএমই’ এই ক্ষেত্ৰত সহয়োগিতা আগবঢ়োৱাৰ বাবে আহিব? ইয়াৰ বাবে আমাৰ বেংকসমূহৰ ‘এপ্ৰ’চ’ কেনেধৰণৰ হ’ব? ‘প্ৰ’-এক্টিভ এপ্ৰ’চ’ কি হ’ব? তেতিয়াহে ভাৰত চৰকাৰে যেনে ধৰণৰ ‘ডিফেন্স ক’ৰিডৰ’ৰ কল্পনা কৰিছিল, সেয়া বাস্তৱায়িত কৰাত বিলম্ব নহ’ব। ঠিক আছে, চৰকাৰে ‘ডিফেন্স ক’ৰিডৰ’ নিৰ্মাণ কৰিছে, কিন্তু মোৰোতো তাৰ ওপৰত দৃষ্টি আছে। আৰে, ২০বছৰ ধৰি আমাৰ ‘ৱেল ছেটেলড ক্লায়েণ্ট’ আছে, গাড়ীতো ঠিকেই চলি আছে, তেওঁলোকৰো ঠিকেই চলি আছে, বচ আৰু কি লাগিছে? এনে মনোভাৱৰে কিন্তু একো নহ’ব।

বন্ধুসকল,

আপোনালোক ‘এপ্ৰ’ভাৰ’ আৰু সন্মুখত থকা সকল ‘এপ্লিকাণ্ট’, আপোনালোক ‘দাতা’ আৰু সন্মুখত থকাসকল ‘আৱেদক’, এই ভাৱনা ত্যাগ কৰি এতিয়া বেংকসমূহে অংশীদাৰিত্বমূলক আৰ্হি গ্ৰহণ কৰিব লাগিব। যেনেকৈ এতিয়া বেংকৰ শাখা পৰ্যায়ত এই লক্ষ্য নিৰ্দ্ধাৰিত কৰিব পৰা যাবযে তেওঁলোকে নিজা ক্ষেত্ৰৰ ১০গৰাকী নতুন যুৱক অথবা ১০গৰাকী লঘূ উদ্যোগীৰ সৈতে মিলি, তেওঁলোকৰ ব্যৱসায় বঢ়োৱাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব। মই যেতিয়া স্কুলত আছিলো, সেই সময়ত বেংকসমূহৰ ৰাষ্ট্ৰীয়কৰণ হোৱা নাছিল। আৰু তেতিয়া মোৰ ঠিকেই মনত আছে বছৰত কমেও দুবাৰ বেংকৰ মানুহ আমাৰ স্কুললৈ আহিছিল, স্কুল আৰু বেংকত কিয় একাউণ্ট খোলা উচিত, সৰু সৰু ল’ৰা-ছোৱালীক পইচানো কিয় বচাব লাগে আদি কথাবোৰ বুজোৱা হৈছিল, কাৰণ তেতিয়া বেংকৰ ৰাষ্ট্ৰীয়কৰণ হোৱা নাছিল। তেতিয়া আপোনালোকে ভাবিছিল এই বেংক মোৰ বেংক, মই ইয়াৰ বাবে চিন্তা কৰিব লাগিব। এক ধৰণৰ প্ৰতিযোগিতাসুলভ মনোভাৱেও কাম কৰিছিল আৰু বেংকিং অৰ্থাত্, বিত্তীয়-জগতত বেংকিং খণ্ডৰ সৰ্ব সাধাৰণ মানুহৰ  প্ৰশিক্ষণো জৰুৰী আছিল। সকলো বেংকেই এই কাম কৰিছিল। পিচে, ৰাষ্ট্ৰীয়কৰণৰ পিচত চাগৈ মনোভাৱৰ সলনি হ’ল। কিন্তু ২০১৪ চনত বেংকৰ এই শক্তিক মই অনুধাৱন কৰি যেতিয়া তেওঁলোকক আহ্বান জনালো যে মই ‘জনধন একাউণ্ট’ৰ আন্দোলন আৰম্ভ কৰিব বিচাৰিছো, মই দুখীয়া-দৰিদ্ৰৰ জুপুৰী পৰ্যন্ত গৈ তেওঁলোকৰ ‘বেংক একাউণ্ট’ খুলিব বিচাৰিছো। যেতিয়া মই মোৰ বিষয়াবৰ্গৰে কথা-বতৰা পাতি আছিলো তেতিয়া বহুত বিশ্বাসৰ বাতাবৰণ সৃষ্টি হোৱা নাছিল। বৰঞ্চ বহুতে আশংকায়েই প্ৰকাশ কৰিছিল, এয়া কেনেকৈ হ’ব, তেতিয়া মই কৈছিলো ভাই, এটা সময় আছিল বেংকৰ মানুহ স্কুললৈ আহিছিল। সিদ্ধান্ততো লোৱা, ইমান এখন ডাঙৰ দেশ আৰু মাত্ৰ ৪০শতাংশ লোকহে বেংকৰে জড়িত, বাকী ৬০শতাংশই এতিয়াও বাহিৰতে আছে, এয়াকৈনো কেনেকৈ হ’ব পাৰিছে। যিকি নহওক, কথা মতেই কাম, আৰু এই বেংকিং খণ্ডৰ মানুহ, ৰাষ্ট্ৰীয়কৰণ হোৱা বেংকৰ মানুহ যিসকলে ডাঙৰ ডাঙৰ উদ্যোগপতিৰ সৈতে উঠা-বহা কৰাৰেই অভ্যাস গঢ়ি তুলিছিল, সেইসকলেই যেতিয়া দেশৰ সন্মুখত এক লক্ষ্য স্থিৰ কৰিলে যে আমি ‘জনধন একাউণ্ট’ খুলিব লাগে, মই আজি গৰ্বৰে  সকলো বেংকৰ কথা উল্লেখ কৰিব বিচাৰিম, সকলো বেংকৰ সকলো সৰু-ডাঙৰ বিষয়া-কৰ্মীৰ কথা উল্লেখ কৰিব বিচাৰিম, যিসকলে এই সপোনটোক বাস্তৱায়িত কৰিলে আৰু ‘জন-ধন একাউণ্ট’, ‘ফাইনেন্সিয়েল ইনক্লুজন’-ৰ পৃথিৱীখনত পৃথিৱীৰ সন্মুখত এক সুন্দৰ উদাহৰণ হিচাপে পৰিগণিত হ’ল। এয়াতো আপোনালোকৰ পুৰুষাৰ্থৰে সম্ভৱ হৈছে আৰু মই ভাবো যে ‘প্ৰধানমন্ত্ৰী জন-ধন একাউণ্ট’ৰ যি ‘মিছন’ৰ যি বীজ ২০১৪ চনত সিঁচা হৈছিল, কিন্তু আজিৰ এই কঠিনৰো কঠিন কালখণ্ডত পৃথিৱী যেতিয়া থৰথৰে কঁপিবলৈ লাগিছিল, ভাৰতৰ দুখীয়া-দৰিদ্ৰ কিন্তু টিকি থাকিবলৈ সক্ষম হ’ল। কিয়নো ‘জন-ধন একাউণ্ট’ৰ শক্তি তেওঁলোকৰ লগত আছিল। যিবোৰ বেংকৰ কৰ্মচাৰীয়ে ‘জন-ধন একাউণ্ট’ খোলাৰ বাবে পৰিশ্ৰম কৰিছিল, দুখীয়াৰ জুপুৰীয়ে জুপুৰীয়ে গৈছিল, বেংকৰ বাবুসকল কোট-টাই পিন্ধা ব্যক্তি দুখীয়াৰ ঘৰৰ আগত থিয় হৈছিলগৈ, তেতিয়াতো চাগৈ ভাবিছিল যে চৰকাৰে এইবোৰ কিৰিছে কি? কিন্তু মই ক’ম সেইসকলে এই কাম কৰাৰ বাবেই এই মহামাৰীৰ সময়ত এতিয়া কোনো দৰিদ্ৰই অনাহাৰে শুবলগীয়া হোৱা নাই। এই পূণ্যৰ ভাগ বেংকৰ সেইসকল লোকলৈ নিশ্চয় যাব। কোনো কামেই, কোনো পুৰুষাৰ্থই কেতিয়াও বিফলে নাযায়। এক শুদ্ধ চিন্তাৰে সত্যনিষ্ঠতাৰে কৰা কামৰ একোটা কালখণ্ডত নিশ্চয় ফল প্ৰাপ্ত হ’বই। আৰু ‘জন-ধন একাউণ্ট’য়ে কিমান ডাঙৰ পৰিণাম প্ৰদান কৰিলে সেয়া আমি দেখিলো আৰু আমাক এনেকুৱা অৰ্থনীতি নালাগে যে ওপৰত শক্তিশালী হওক আৰু তাৰ বোজা বহণ কৰিবলৈ লওতে তলৰ সকলোবোৰ কাবু হৈ পৰিবলগীয়া হয়। আমাৰ বেংকিং ব্যৱস্থা তলৰ পৰ্যায়তো দুখীয়াৰো দুখীয়া পৰ্যন্তক শক্তিশালী কৰিব পৰা বিধৰ হ’ব লাগিব যাতে উত্তৰণ ঘটা অৰ্থনীতিয়ে যেতিয়া ওপৰত গৈ ডাঙৰ ‘ব্লক’ নিৰ্মাণ কৰিবগৈ তেতিয়া দুয়োটাৰে সামৰ্থ্যৰে ভাৰত শক্তিৱন্ত হৈ উঠিবগৈ পাৰে। আৰু মই ভাবো যে আমি তেনে এক ভাৱনাৰেই আগবঢ়া উচিত। আপোনালোকে ভাবিব পাৰেনে যে যেতিয়া স্থানীয় ব্যৱসায়ীসকলে এনেকৈ ভাবিব পৰা হ’ব যে বেংক আৰু বেংকৰ কৰ্মচাৰীসকল তেওঁলোকৰ সৈতে থিয় দিছেহি, সহযোগিতা আগবঢ়োৱাৰ বাবে নিজেই আগবাঢ়ি আহিছে, তেতিয়া তেওঁলোকৰ আত্মবিশ্বাস কিমান বাঢ়ি যাব। আপোনালোকৰ বেংকিংৰ অভিজ্ঞতাৰ পৰাও তেওঁলোক বাৰুকৈয়ে উপকৃত হ’ব।

বন্ধুসকল,

মই জানো বেংকিং ব্যৱস্থাৰ সুস্থতাৰ বাবে এয়া নিতান্তই আৱশ্যক যে ‘ভায়েবল প্ৰজেক্ট’তে বিনিয়োগ কৰা উচিত। কিন্তু লগতে প্ৰকল্পসমূহক ‘ভায়েবল’ কৰি তোলাৰ ক্ষেত্ৰত আমি ‘প্ৰ’-এক্টিভ’ ভূমিকাতো পালন কৰিব পাৰো। ‘ভায়েবিলিটী’ৰ বাবে এটাই কাৰণ হ’ব নোৱাৰে। আমাৰ বেংকৰ বন্ধুসকলে আৰু এটা কাম কৰিব পাৰে। আপোনালোকৰ অঞ্চলৰ কাৰ কাৰ আৰ্থিক ক্ষমতা কিমান আপোনালোকে সেই কথা চাগৈ ভালকৈয়ে জানে। শাখাসমূহৰ নজৰৰ পৰা এই কথা সাৰি যাব নোৱাৰে দিয়কচোন। তেওঁলোকে সেই ধৰিত্ৰীৰ শক্তি কিমান সেই কথা জানে। আজি কোটি টকাৰ ঋণ আপোনালোকৰ পৰা নি সততাৰে সময়ত ঘূৰাই দিছে, আপোনালোকে তেওঁলোকৰ ক্ষমতা বৃদ্ধি কৰাৰ বাবেতো সহায় কৰিব পাৰে। আজি য়িসকলে কোটি টকাৰ ঋণ লৈ, বেংকক ঘূৰাই দিছে, তেওঁলোকে যাতে কেবাগুণে অধিক ঋণ লৈ ঘূৰাই দিয়াৰ বাবে শক্তি আহৰণ কৰিব পাৰে, তাৰ বাবে আপোনালোকে আগবাঢ়ি আহি তেওঁলোকক সহযোগিতা কৰা উচিত। এতিয়া আপোনালোক সকলোৱে ‘পিএলআই’ আঁচনিৰ কথা জানে আৰু আজি ইয়াত তাৰ উল্লেখো কৰা হৈছে। এই ক্ষেত্ৰত চৰকাৰেও এনে কিছু কাম কৰি আছে, যিয়ে ভাৰতৰ উত্পাদকসকলক তেওঁলোকৰ সামৰ্থ্য কেবাগুণে বঢ়োৱাৰ ক্ষেত্ৰত, নিজকে ‘গ্লোবেল কোম্পানী’লৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত, যোৱা শতিকাৰ আন্তঃগাঁথনিৰ সেই দক্ষতা, যোৱা শতিকাৰ যিবোৰ প্ৰযুক্তি আছিল, তাৰেই দিন কটাব খোজা কোম্পানীয়ে ২১শতিকাৰ সপোন বাস্তৱায়িত কৰিব পাৰিবনে বাৰু? নোৱাৰে। আজি যদি এটা ডাঙৰ অট্টালিকা নিৰ্মাণ কৰিব লাগে, বৃহত্ পৰিসৰত যদি কাম কৰিব খোজা হয়, ‘বুলেট ট্ৰেইন’ৰ কাম কৰিব খোজা হয়, ‘এক্সপ্ৰেছ ৱে’-ৰ কাম কৰিব খোজা হয়, তেতিয়া হ’লে তাৰ বাবে প্ৰয়োজন হোৱা সা-সৰঞ্জামো বহু দুৰ্লভ হ’ব যেন লাগিব। তেওঁলোকক ধনৰ প্ৰয়োজন হ’ব। আমাৰ বেংকিং খণ্ডৰ লোকসকলৰ মনলৈ আহে যে মোৰ বেংকৰ এজন গ্ৰাহক এনে হ’ব যি আন্তঃগাঁথনিৰ ক্ষেত্ৰত থাকিব, পৃথিৱীত তেওঁৰ নামো হ’ব, এই কথা কিয় ভাল নহ’ব বাৰু? মোৰ বেংকটো ডাঙৰ হওক সেই কথা বাৰু ঠিকেই আছে, কিন্তু মোৰ দেশৰ এটা আন্তঃগাঁথনি নিৰ্মাতা কোম্পানী যাৰ একাউণ্ট মোৰ বেংকত আছে, সেই কোম্পানীও পৃথিৱীৰ শীৰ্ষৰ ৫টা কোম্পানীৰ ভিতৰত যদি থাকে, মোক কওকচোন, আপোনালোকৰ বেংকৰ সন্মান কিমান বাঢ়িব, নে নাবাঢ়িব! মোৰ দেশৰ শক্তি বাঢ়িবনে নেবাঢ়িব? আৰু আমি সকলো ক্ষেত্ৰতে চাব লাগিব যে আমি পৃথিৱীৰ ভিতৰতে বিভিন্ন ক্ষেত্ৰৰ সকলোতকৈ ডাঙৰ এনে কিমান মহাৰথী তৈয়াৰ কৰিব পাৰিম। আমাৰ এজন খেলুৱৈয়ে যেতিয়া সোণৰ পদক বুটলিবলৈ সক্ষম হয়, সোণৰ পদক বোটলাজনতো এজনেই হয়, কিন্তু সমগ্ৰ হিন্দুস্থানেই নিজকে সোণালী যুগত থকা যেন অনুভৱ কৰে। এই অনুভৱ জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে হয় দিয়কচোন। ভাৰতৰ কোনো এগৰাকী বুদ্ধিমান ব্যক্তিয়ে, কোনোবা বিজ্ঞানীয়ে যুদি বঁটা লাভ কৰে তেন্তে সমগ্ৰ হিন্দুস্থানেই ভাবে এয়া মোৰ ‘নবেল প্ৰাইজ’, এয়াই ‘অ’নাৰশ্বিপ’। আমাৰ বেংকিং খণ্ডই, আমাৰ বিত্তীয়-জগতে  বস্তুবোৰক উন্নতিৰ শিখৰলৈ নিয়াৰ প্ৰয়াস কৰিবনে, যাৰ পৰা বেংকিং খণ্ডৰতো লাভেই হ’ব, ইয়াৰ পৰা লোকচান কেতিয়াও নহয়।

বন্ধুসকল,

বিগত কিছু সময়ত দেশত ডাঙৰ ডাঙৰ পৰিৱৰ্তন হৈছে, যিবোৰ যোজনা ৰূপায়িত হৈছে, তাৰ ফলত দেশত তথ্যৰ যি ভাণ্ডাৰ গঠিত হৈছে, তাৰ লাভ বেংকিং খণ্ডই নিশ্চয় ল’ব লাগে। ধৰক, ‘জিএছটি’ৰ কথাই ধৰকচোন বাৰু, আজি প্ৰতিগৰাকী ব্যৱসায়ীৰ লেন-দেন, পাৰদৰ্শিতাৰে সম্পন্ন হৈ আছে। ব্যৱসায়ীসকলৰ সামৰ্থ্য কিমান, তেওঁলোকৰ বাণিজ্য কিমান ঠাইলৈ সম্প্ৰসাৰিত হৈছে, তেওঁলোকৰ বাণিজ্যিক ইতিহাস কেনে, এই সকলোবোৰৰ শক্তিশালী তথ্য এতিয়া দেশত উপলব্ধ আছে। আমি কি, এই তথ্যভাণ্ডাৰক আধাৰ কৰি আমাৰ বেংকসমূহে নিজেই সেই ব্যৱসায়ীসকলক সহায় কৰাৰ বাবে আগবাঢ়ি যাব নোৱাৰেনে! আৰু আগুৱাই যোৱাৰ বাবে সহযোগিতাৰ প্ৰতিশ্ৰুতি দিব নোৱাৰেনে বাৰু? অলপতে মই ‘ডিফেন্স ক’ৰিডৰ’ৰ কথা উল্লেখ কৰিছিলো, মই ভাৰতৰ চৰকাৰৰ ‘স্বামিত্ব যোজনা’ৰো উল্লেখ কৰিব খুজিছো। আৰু মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে মোৰ বেংকৰ বন্ধুসকলে এই ‘স্বামিত্ব যোজনা’ৰ বিষয়ে শুনিছে। আজি চৰকাৰে আৰু এইটো বিষয় এনেকুৱা যিসকল লোকে আন্তঃৰাষ্ট্ৰীয় প্ৰসংগ সন্দৰ্ভত পঢ়া-শুনা কৰে তেওঁলোকে নিশ্চয় জানিব যে সমগ্ৰ পৃথিৱীয়েই এই সমস্যাৰে যুঁজি আছে, স্বামিত্বৰ প্ৰসংগৰে, সমগ্ৰ বিশ্বই। ভাৰতে পথৰ সন্ধান কৰিছে, হয়তো আমি ইয়াৰ ফলাফল উলিয়াবগৈ পাৰিম, পাৰিমনে বাৰু? আজি চৰকাৰে প্ৰযুক্তিৰ সহায়ত, ‘দ্ৰোন’ৰে ‘মেপিং’ কৰাই, দেশৰ গাঁৱে গাঁৱে মানুহৰ সা-সম্পত্তিৰ ‘স্বামিত্ব’ৰ নথি দি আছে। পৰম্পৰাগত ৰূপত লোকসকলে সেইসমূহ ঘৰত বসবাস কৰি আহিছে, পিচে তেওঁলোকৰ কোনো নথি-পত্ৰ নাই, সা-সম্পত্তিৰ কোনো আনুষ্ঠানিক নথি-পত্ৰ নাই আৰু তাৰ বাবেই তেওলোকক সেইটো ঘৰৰ ব্যৱহাৰ কৰা অথবা কাৰোবাক সেই ঘৰটো ভাৰাত দিব হয়তো পাৰে তাৰ বাহিৰে আৰু কোনো কামত নাহে। এতিয়া যেতিয়া ‘স্বামিত্ব’ৰ নথি-পত্ৰ আনুষ্ঠানিক ভাবে লাভ কৰিব, প্ৰাধিকৃত চৰকাৰে প্ৰদান কৰা নথি থাকিব, বেংকসমূহে তেওঁলোকক সেই নথিৰ আধাৰত ঋণ দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। চাওক, ‘স্বামিত্ব’ সংক্ৰান্তীয় নথি-পত্ৰ হোৱাৰ পিচত, গাঁৱৰ ৰাইজক, যুৱ-প্ৰজন্মক ঋণ দিয়াৰ বাবে বেংকসমূহে অধিক সুৰক্ষা লাভ কৰিব। এতিয়া যিহেতু বেংকসমূহে অধিক বিত্তীয় সুৰক্ষা লাভ কৰিব সেয়ে তেওঁলোকেও গাঁৱৰ ৰাইজক সহযোগিতা আগবঢ়োৱাৰ বাবে আগবাঢ়ি আহিব লাগিব। আমাৰ দেশত কৃষিখণ্ডত বিনিয়োগ খুবেই কম হয়। ‘কৰ্পোৰেট বিশ্ব’ৰ বিনিয়োগতো প্ৰায় নোহোৱাৰ দৰেই। পিচে, খাদ্য-সংসাধন খণ্ডত বহুত সম্ভাৱনা আছে, পৃথিৱী জুৰি বৃহত্ বজাৰো আছে। গাঁৱত খাদ্য-সংসাধন উদ্যোগ, কৃষি সংক্ৰান্তীয় যন্ত্ৰ-পাতি, সৌৰ শক্তিৰে জড়িত কাম-কাজৰ দৰে বহু ক্ষেত্ৰ সাজু হৈ উঠিছে, য’ত  আপোনালোকৰ সহযোগিতাই গাঁওসমূহৰ প্ৰতিচ্ছৱিয়েই সলাই পেলাব পাৰে। এনেধৰণৰ আৰু এটা উদাহৰণ হৈছে ‘স্বনিধি যোজনা’। ‘প্ৰধানমন্ত্ৰী স্বনিধি যোজনা’ৰ সুবাদত আমাৰ পথৰ কাষৰ বেপাৰী-পোহাৰীসকল এই প্ৰথমবাৰৰ বাবে বেংকিং ব্যৱস্থাৰে সংযোজিত হৈছে। এতিয়া তেওঁলোকৰো ‘ডিজিটেল হিস্ত্ৰী’ তৈয়াৰ কৰি থকা হৈছে। বেংকসমূহে ইয়াৰ সহায়ত এইসকল লোকক সহায়ৰ হাত আগবঢ়োৱাৰ বাবে আৰু অধিক হাৰত আগবাঢ়ি অহা উচিত বুলি ভাবিছো। মই বেংকৰ লগতে ‘চহৰাঞ্চল উন্নয়ণ মন্ত্ৰালয়’কো আহ্বান জনাব খুজিছো, মই ‘মেয়ৰ’সকললৈয়ো আহ্বান জনাব খুজিছো যে আপোনালোকৰ চহৰ-নগৰসমূহত থকা এইসকল পথৰ কাষৰ বেপাৰী-পোহাৰীক মোবাইল ফোনৰ দ্বাৰা লেন-দেন কৰিবলৈ শিকোৱাৰ ব্যৱস্থা কৰক। তেওঁলোকে পাইকাৰী ব্যৱসায়ীৰ পৰা বয়-বস্তু ক্ৰয় কৰিব, সেয়াও ডিজিটেলী কিনিব, তেওঁলোকে বিক্ৰী কৰিলেও ডিজিটেলী কৰিব আৰু এয়াতো কেতিয়াও কঠিন কাম নহয়, হিন্দুস্থানে এয়া কৰি দেখুৱাইছে। তেওঁলোকৰ লেন-দেনৰ নিজা নিজা ইতিহাস ৰচিত হ’লে, তেওঁলোকক এতিয়া যদি ৫০,০০০টকাৰ ঋণ দিছে, কাইলৈ ৮০,০০০ দিব পাৰিব, পৰহিলৈ ডেৰলাখ টকা দিব পাৰিব, তেওঁলোকৰো ব্যৱসায়ৰ পৰিসৰ বাঢ়ি যাব। তেওঁলোকে অধিক বস্তু কিনিব, অধিক বস্তু বেচিব পাৰিব। এখন গাঁৱত ব্যৱসায় কৰি আছে যদি কাইলৈ তিনিখন গাঁৱত কৰিব পাৰিব।

বন্ধুসকল,

আজি দেশে যেতিয়া বিত্তীয় অন্তৰ্ভুক্তিৰ বাবে ইমানকৈ পৰিশ্ৰম কৰি আছে তেতিয়া নাগৰিকসকলৰ ‘উত্পাদনশীল সম্ভাৱনীয়তা’সমূহক ‘আনলক’ কৰাটো নিতান্তই জৰুৰী। আৰু মই ‘আনলক’ৰ কথা ইয়াত দুই-তিনিবাৰ উচ্চাৰিত হোৱা শুনিবলৈ পাইছো। বেংকিং খণ্ডৰে এক অনুসন্ধানত প্ৰকাশিত তথ্য মতে, এই তথ্য আপোনালোকৰ ফালৰ পৰাই আহিছে যে যিসমূহ ৰাজ্যত ‘জন-ধন একাউণ্ট’ যিমানেই অধিক খোলা হৈছিল, আৰু যিমান বেছি ‘জন-ধন একাউণ্ট’ সক্ৰিয় হৈ আছে, গতি বিধি নিৰন্তৰ সেই একাউণ্টসমূহত চলি আছে। বেংকৰ প্ৰতিবেদনে এটা নতুন কথা উথ্থাপন কৰিছে আৰু সেই কথা শুনি মোৰ খুবেই ভাল লাগিছে, বেংকৰ প্ৰতিবেদনত কৈ থকা হৈছে যে ইয়াৰ বাবে অপৰাধজনিত ঘটনাৰ হাৰ কমিবলৈ লৈছে। অৰ্থাত্, বেংকৰ মানুহখিনিয়ে কেতিয়াও ভবাই নাছিল যে তেওঁলোকে আৰক্ষীৰো কাম কৰি আছে, কিন্তু এয়া ‘বাই-প্ৰডাক্ট’ৰ দৰে। এক সুস্থ সমাজৰ বাতাবৰণ সৃষ্টি হ’বলৈ লৈছে। এক ‘জন-ধন একাউণ্ট’য়ে কাৰোবাক যদি অপৰাধৰ পৃথিৱীখনৰ পৰা নিলগাই আনিব পাৰে, ইয়াতকৈ জীৱনৰ পূণ্য আৰু কি হ’ব পাৰে। ইয়াতকৈ ডাঙৰ সমাজ সেৱা কি হ’ব পাৰে। অৰ্থাত্, বেংকৰ স্থানীয় লোকৰ সৈতে যিমানেই ঘনিষ্ঠতা বাঢ়িছে, ৰাইজৰ বাবে যেতিয়া বেংকৰ দুৱাৰ মুকলি হৈছে, তেতিয়া ইয়াৰ প্ৰভাৱ ৰাইজৰ জীয়াই থকাৰ পদ্ধতিৰ ওপৰতো পৰিব। বেংকিং খণ্ডৰ এই শক্তিক অনুধাৱন কৰি মই ভাবো যে আমাৰ বেংকিং খণ্ডৰ বন্ধুসকলো আগবাঢ়ি আহিব লাগিব। মই জনো, ইয়াত উপস্থিত থকাসকলৰ কথা মই কোৱা নাই কিয়নো ইয়ালৈ যিসকল প্ৰতিনিধি আহিছে তেওঁলোকে নিজৰ কথা কওক, মই আনসকলৰ প্ৰতিনিধিত্বৰ কথা কৈছো। কিন্তু কৰোতা বেংকিং খণ্ডই হ’ব লাগিব, সেয়ে মোৰ সমগ্ৰ কথা-বতৰাৰ কেন্দ্ৰবিন্দু বেংকিং খণ্ডই হয়, তাৰ নেতৃত্বৰে হয়। ৰাজহুৱা খণ্ডৰ বেংকেই হওক অথবা ব্যক্তিগত খণ্ডৰ বেংকেই হওক, নাগৰিকৰসকলৰ বাবে আমি যিমানেই বিনিয়োগ কৰিম, সিমানেই নতুন কৰ্ম-সংস্থাপনৰ সম্ভাৱনা সৃষ্টি হ’ব, সিমানেই দেশৰ যুৱ-প্ৰজন্ম, মহিলা,মধ্যবিত্ত শ্ৰেণীৰ লাভ হ’ব।

বন্ধুসকল,

আমি ‘আত্মনিৰ্ভৰ ভাৰত অভিযান’ৰ সময়ত যিবোৰ ঐতিহাসিক সংস্কাৰ কৰিছো সেইবোৰে দেশত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। আজি ‘কৰ্পোৰেট’ আৰু ‘ষ্টাৰ্টআপ’সমূহ যি হাৰত আগবাঢ়ি আহিছে সেয়া অভুতপূৰ্ব। এনেকুৱাত ভাৰতৰ আকাংক্ষাসমূহক শক্তিশালী কৰি তোলাৰ, পুঁজি গঠন কৰাৰ, সেইবোৰত বিনিয়োগ কৰাৰ ইয়াতকৈ উত্তম সময় কি হ’ব পাৰে বন্ধুসকল? ভাৰতত আৰু এই কথা আমাৰ বেংকিং খণ্ডই অনুধাৱন কৰিব লাগিব, ভাৰতত এই চিন্তাধাৰাৰে বিনিয়োগৰ ধাৰা অব্যাহত আছে, ‘ষ্টাৰ্টআপ’সমূহক সহযোগিতা আগবঢ়োৱাৰ ধাৰা অব্যাহত আছে, ‘ষ্টাৰ্টআপ’সমূহৰ মূলতে এটা চিন্তা থাকে।

বন্ধুসকল,

আপোনালোকৰ হাতত সমলৰ অভাৱ হোৱা নাই। আপোনালোকৰ হাতত তথ্যৰো অভাৱ নাই। আপোনালোকে যেনে ধৰণৰ সংস্কাৰ সাধন কৰাটো বিচাৰে, সেয়া চৰকাৰে কৰিছে আৰু কৰি থাকিব। এতিয়া আপোনালোকে ৰাষ্ট্ৰীয় সংকল্প গ্ৰহণ কৰি, ৰাষ্ট্ৰীয় লক্ষ্যৰে নিজকে সংপৃক্ত কৰি আগবাঢ়ি গ’লেই হ’ল। মোক কোৱা হৈছে যে মন্ত্ৰালয় আৰু বেংকসমূহক একেলগ কৰাৰ বাবে এতিয়া আমাৰ সচিব মহোদয়ে উল্লেখ কৰিছিল ‘ৱে’ব বেছড প্ৰজেক্ট ফাণ্ডিং ট্ৰেকাৰ’ যুগুতোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ভাল কথা, ইয়াৰ পৰা বহু সুবিধা হ’ব, কিন্ত মই সেই ক্ষেত্ৰত এটা পৰামৰ্শ আগবঢ়াব খুজিছো, এই প্ৰয়াস ভালেই কিন্তু এই প্ৰয়াস বাৰু উত্তম হ’ব নোৱাৰেনে? যদি আমি ‘গতিশক্তি প’ৰ্টেল’তে এটা ‘ইণ্টাৰফেচ’-ৰ ৰূপত এই নতুন পদক্ষেপটোক সংযোজিত কৰি দিও। স্বাধীনতাৰ এই ‘’অমৃত মহোত্সৱত ভাৰতৰ বেংকিং খণ্ড ‘বিগ থিংকিং’ আৰু ‘ইন’ভেটিভ এপ্ৰ’চ’ৰে  আগবাঢ়িব।

বন্ধুসকল,

আৰু এটা কথাত যদি আমি দেৰি কৰো তেতিয়া পিচ পৰি থাকি যাব লাগিব আৰু সেয়া হৈছে ‘ফিনটেক’। ভাৰতৰ ৰাইজৰ প্ৰতিটো নতুন বস্তুকে ‘এডপ্ট’ কৰাৰ যি শক্তি আছে নহয়, সেয়া নিতান্তই অদ্ভুত। আজি আপোনালোকে নিশ্চয় দেখিছে যে ফলমূল বিক্ৰী কৰোতা, শাক-পাচলি বিক্ৰী কৰোতায়ো ‘কিউআৰ কোড’ ব্যৱহাৰ কৰিহে পইচা লয়। মন্দিৰৰ দান গ্ৰহণ কৰোতাসকলেও কয় ‘কিউআৰ কোড’ৰে দিয়ক, হৈ যাব। অৰ্থাত্, ‘ফিনটেক’ৰ এক বাতাবৰণে গা-কৰি উঠিছে। প্ৰতিটো বেংকৰ শাখাসমূহত কমেও ১০০, মই বেছিকৈ ক’ব বিচৰা নাই, ১০০শতাংশ ডিজিটেল লেন-দেন কৰোতা ‘ক্লায়েণ্ট’ ওলাব আৰু শীৰ্ষ পৰ্যায়ৰে হ’ব। এনেকুৱা নহয় যে কোনোবা এহাজাৰ-দুহাজাৰ টকাৰ লেন-দেন কৰোতা, কোনোবা আৰু তেওঁক আপোনালোকে এনেয়ে ১০০ৰ...যিসকল ডাঙৰ ডাঙৰ, ১০০শতাংশ তেওঁলোকে ‘ডিজিটেলী’ কৰিব, যি কাৰবাৰেই নকৰক কিয়, ‘অনলাইন’ৰে, ‘ডিজিটেলী’ কৰিব। পৃথিৱীৰ ভিতৰতে শক্তিশালী আমাৰ হাতত ‘ইউপিআই প্লেটফৰ্ম’ আছে, আমিনো কিয় নকৰিম ভাই। এতিয়া আমি এই কথা ভাবোচোন, আমাৰ বেংকিং খণ্ডৰ অৱস্থা আগতে কি আছিল, গ্ৰাহক আহিছিল, আমি তেওঁলোকক ‘টোকেন’ দিছিলো, তাৰপিচত তেওঁলোকে নোট আনিছিল, বাৰে বাৰে গণ্টি কৰিছিল, ইটো-সিটো কৰি থাকিছিল। আকৌ আন কোনোবাই গণ্টি কৰি শুদ্ধাশুদ্ধ পৰীক্ষা কৰিবলগীয়া হৈছিল। আকৌ শুদ্ধ নোট, ভুল নোটক লৈয়ো মূৰ ঘমাবলগীয়া হৈছিল। অৰ্থাত্ এজন গ্ৰাহক ২০মিনিট, ২৫মিনিটত কেনেবাকৈ আঁতৰিব পাৰিছিল। আজি কিন্তু যন্ত্ৰই কাম কৰিছে, নোটো যন্ত্ৰই গণ্টি কৰি দিছে। ইয়াততো প্ৰযুক্তিৰ দক্ষতা আপোনালোকে ভালকৈয়ে উপভোগ কৰিব পাৰে। কিন্তু আজিও আমি ‘ডিজিটেল’ লেন-দেন কৰিবলৈ কি কাৰণে সংকোচ কৰো বাৰু, মই দেখোন বুজিয়েই নাপাও। লাভ-লোকচানৰ তুলাচনিৰে ইয়াক নুজুখিব বন্ধুসকল, এই যে এটা ডাঙৰ জাপ মৰাৰ এই কালখণ্ডত ‘ফিনটেকো’ এক বহুত ডাঙৰ বাট, যিটো বাটৰে গাড়ীয়ে চেঁকুৰ মেলিব। আৰু সেয়ে মই বিচাৰিম বেংকসমূহৰ প্ৰতিটো শাখাত কমেও ১০০, স্বাধীনতাৰ এই অমৃত মহোত্সৱত আমি ইয়াক বাস্তৱায়িত কৰিব লাগিব যে ২০২২ চনৰ ১৫ আগষ্টৰ আগতে এইখন দেশত বেংকৰ এটা শাখাও নাথাকিব য’ত নিজৰ ব্যৱসায় ১০০শতাংশ হাৰত ‘ডিজিটেল’ ব্যৱস্থাৰে সম্পাদন কৰা ১০০গৰাকী গ্ৰাহক নাথাকিব। ইয়াৰ পিচত পৰিৱৰ্তন আপোনাকে নিস্চয় দেখিবলৈ পাব। ‘জন-ধনে’ যি শক্তিৰ অনুভৱ আপোনালোকক দিলে, তাতোকৈয়ো অনেক গুণ শক্তিৰ অনুভৱ এই সৰু সৰু সামৰ্থ্যৰে দেখিবলৈ পাব। আমি দেখিছো মহিলা আত্মসহায়ক গোটসমূহক মই দীৰ্ঘদিন ধৰি ৰাজ্যত সেৱা কৰাৰ সুযোগ পাইছিলো, তেতিয়া প্ৰতিটো বছৰে বেংকৰ লোকসকলৰ সৈতে আলোচনা কৰিছিলো আৰু সমস্যাসমূহৰ সমাধান উলিয়াইছিলো আৰু আগলৈ কি কৰিব পাৰি সেয়া ভাবিছিলো, আৰু মই অনুভৱ কৰিছিলো যে এটা কথাৰ বাবে সকলো বেংকেই বৰ গৌৰৱৰে এটা কৈছিল আৰু তেওঁলোকে কৈছিল চাহাব এক মহিলা আত্ম সহায়ক গোটক আমি পইচা দিছো। যিয়ে সময়তকৈ আগতেই ঘূৰাই দিয়ে, সম্পূৰ্ণকৈ ঘূৰাই দিয়ে, আমাৰ কেতিয়াও চিন্তা নাথাকে। যেতিয়া আপোনালোকৰ ইমান ধুনীয়া ইতিবাচক অভিজ্ঞতা আছে তেনে ক্ষেত্ৰত ইয়াক গতি দিয়াৰ বাবে আপোনালোকৰ কোনো সক্ৰিয় যোজনা আছেনে বাৰু? আমাৰ মহিলা আত্মসহায়ক গোটসমূহৰ সম্ভাৱনীয়তা ইমানেই বেছি যে, আমাৰ অৰ্থনীতিৰ তৃণমূল পৰ্যায়ৰ এক বহুত ডাঙৰ চালিকা শক্তি তেওঁলোক হ’বগৈ পাৰে। মই ডাঙৰ ডাঙৰ ব্যক্তিৰ কথা-বতৰা শুনিছো, মই সৰু সৰু লোকৰ সৈতেও কথা পাতিছো যে আজিৰ পৃথিৱীত ‘ফাইনেন্স’ৰ আধুনিক ব্যৱস্থা আছে। সাধাৰণ নাগৰিকৰ আৰ্থিক অৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত ডাঙৰ আধাৰ হৈ উঠিব পাৰে। মই বিচাৰো এই নতুন চিন্তাৰে নতুন সংকল্পৰে জাপ মৰাৰ সুযোগতো আছেই। পতাৰ সাজু হৈ আছে বন্ধুসকল আৰু সকলোতকৈ ডাঙৰ কথা যিটো কথা মই বাৰে বাৰে কৈ আহিছো, বেংকৰ লোকসকলকতো পঞ্চাশবাৰ কৈছো যে মই আপোনালোকৰ লগত আছো। দেশৰ কল্যাণৰ বাবে সত্যনিষ্ঠাৰে কৰা যিকোনো কামৰ বাবে আপোনালোকে মোৰ কথা লিখি ৰাখক, মোৰ ‘ভিডিঅ’ ক্লিপিং’ আপোনালোকে হাতত ৰাখিব, মই আপোনালোকৰ লগত আছো, মই আপোনালোকৰ কাষত আছো, আপোনালোকৰ বাবে আছো। সত্য নিষ্টাৰে, প্ৰামাণিকতাৰে দেশৰ হিতৰ বাবে কাম কৰি থাকোতে কেতিয়াবা ভুলো হ’ব পাৰে, যদি কেতিয়াবা এনে কোনো জটিলতাও আহে তেতিয়া মই বেৰৰ দৰে থিয় হ’বলৈও সাজু আছো। কিন্তু এতিয়া দেশক আগুৱাই নিয়াৰ বাবে  আমি নিজৰ নিজৰ দায়িত্বসমূহ পালন কৰিব লাগিব। ইমান ধুনীয়া আধাৰ, ইমান ধুনীয়া সুযোগ, আকাশ চুব পৰাৰ সম্ভৱনা আছে আৰু আমি ভাবি থাকোতেই যদি সময় পাৰ কৰি দিও তেন্তে মই ভাবো যে আগন্তুক প্ৰজন্মসমূহে আমাক কেতিয়াও ক্ষমা নকৰিব।

আপোনালোক আটাইলৈকে মোৰ বহুত বহুত শুভকামনা জনালো।

ধন্যবাদ!

****

DS/SH/BM/KB



(Release ID: 1777623) Visitor Counter : 125