কেবিনেট সচিবালয়

বংগোপসাগৰত সৃষ্ট ঘূৰ্ণীবতাহৰ মোকাবিলা কৰিবলৈ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কমিটী (এনচিএমচি)ৰ পর্যালোচনা বৈঠক কেবিনেট সচিবৰ

Posted On: 01 DEC 2021 9:58PM by PIB Guwahati

কেবিনেট সচিব শ্রী ৰাজীব গৌবাৰ অধ্যক্ষতাত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কমিটী (এনচিএমচি)য়ে বংগোপসাগৰৰ সৃষ্ট ঘূৰ্ণীবতাহ মোকাবিলাৰ প্রস্তুতি বুজ পোৱাৰ বাবে আজি কেন্দ্রীয় মন্ত্ৰালয়/সংস্থা আৰু ৰাজ্য চৰকাৰসমূহৰ সৈতে পর্যালোচনা বৈঠক অনুষ্ঠিত কৰে৷

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সঞ্চালক প্ৰধানে বংগোপসাগৰৰ ওপৰত নিম্নচাপৰ বর্তমান অৱস্থা সম্পর্কে অৱগত কৰে। তেওঁ কয় যে অহা ডিচেম্বৰৰ ভিতৰত এই নিম্নচাপ ঘূৰ্ণীবতাহত পৰিণত হ’ব পাৰে। এই ঘূৰ্ণীবতাহ ডিচেম্বৰৰ পুৱাৰ ভাগত অন্ধ্রপ্রদেশ আৰু ওড়িশাৰ উপকূল অতিক্রম কৰিব বুলি আশা কৰা হৈছে৷ ইয়াৰ ফলত এই দুই ৰাজ্যৰ উপকূলীয় জিলাসমূহত ধাৰাসাৰ বৰষুণ আৰু সমুদ্রত ডাঙৰ ঢৌকে প্রতি ঘণ্টাত ৯০ৰ পৰা ১০০ কিলোমিটাৰ বেগত বতাহ আহিব পাৰে। অন্ধ্রপ্রদেশৰ শ্রীকাকুলাম, বিশাখাপট্টনম, বিজয়নগৰম আৰু ওড়িশাৰ উপকূলৱৰ্তী জিলাসমূহত এই ঘূৰ্ণীবতাহৰ প্রভাৱ পৰিব পাৰে। ইয়াৰ ফলত গংগোত্ৰী পশ্চিমবংগ আৰু উপকূলৱর্তী অঞ্চলত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে।

ঘূৰ্ণীবতাহৰ প্ৰভাৱৰ পৰা যাতে আন্তঃগাঁথনি ক্ষেত্রত ন্যূনতম ক্ষয়ক্ষতি আৰু প্রাণহানি ৰোধ কৰিব পৰা যায়, সেয়া সুনিশ্চিত কৰাৰ বাবে অন্ধ্রপ্রদেশ, ওড়িশা, পশ্চিমবংগ আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ মুখ্যসচিব, অন্যান্য শীর্ষ বিষয়াসকলৰ উপযুক্ত প্রস্তুতিমূলক ব্যৱস্থা গ্রহণ সম্পর্কে অৱগত কৰা হৈছে। সংশ্লিষ্ট ঘূৰ্ণীবতাহ প্রভাৱিত অঞ্চলৰ পৰা সাধাৰণ মানুহক স্থানান্তৰ কৰাৰ কথা কোৱা হৈছে।

এই ৰাজ্যসমূহত ৰাষ্ট্ৰীয় দুৰ্যোগ বাহিনীৰ ৩২টা দল মোতায়েন কৰা হৈছে আৰু অতিৰিক্ত দল সাজু ৰখা হৈছে। আনকি প্রয়োজনত নৌ আৰু বিমানকে ধৰি সেনা আৰু নৌ বাহিনীৰ এটা সাহাৰ্য আৰু উদ্ধাৰকাৰী দল সাজু ৰখা হৈছে।

ৰাজ্য আৰু কেন্দ্রীয় সংস্থাসমূহৰ সৈতে প্রস্তুতিমূলক ব্যৱস্থা পর্যালোচনা কৰি প্রাণহানি ৰোধ, সম্পত্তি, আন্তঃগাঁথনি আৰু ফচলৰ ক্ষয়ক্ষতি কম কৰাৰ বাবে কেবিনেট সচিব শ্রী ৰাজীৱ গৌবাই ঘূৰ্ণীবতাহ স্থলভাগত খুন্দা মৰাৰ পূৰ্বে সংশ্লিষ্ট ৰাজ্য চৰকাৰ আৰু কেন্দ্রীয় সংস্থাসমূহক সকলো প্রতিৰোধ, সতর্কতামূলক ব্যৱস্থা গ্রহণৰ ওপৰত দিবলৈ কয়৷ মাছমৰীয়াসকলক মাছ ধৰিবলৈ যোৱা নিষেধ আৰু সমুদ্রত থকা সকলো জাহাজক অনতিপলমে ঘূৰাই অনাৰ বাবে সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহক যথাযথ ব্যৱস্থাগ্রহণ কৰিবলৈও কয় কেবিনেট সচিবে। তেওঁ ঘূৰ্ণীবতাহৰ প্ৰভাৱ পৰিব পৰা এনে অঞ্চলৰ পৰা সাধাৰণ মানুহক শীঘ্ৰে স্থানান্তৰ কৰাৰ বাবেও কয়৷ সচিব গৌবাই ৰাজ্য চৰকাৰসমূহক সকলো কেন্দ্রীয় সংস্থাই সকলো সময়তে সহায় কৰিবলৈ প্রস্তুত থকা বুলি আশ্বাস দিয়ে।

বৈঠকত গৃহ মন্ত্ৰালয়, বন্দৰ আৰু জাহাজ চলাচল আৰু জলপথ মন্ত্ৰালয়, মীন বিভাগ, দূৰসংযোগ বিভাগৰ সচিব আৰু বিদ্যুৎ, পেট্র’লিয়াম আৰু প্রাকৃতিক গেছ মন্ত্ৰালয়ৰ শীর্ষ বিষয়াসকল, ৰাষ্ট্ৰীয় দুৰ্যোগ বাহিনী, ভাৰতীয় বতৰ বিজ্ঞান বিজ্ঞাগকে ধৰি অন্যান্য শীর্ষ বিষয়াসকল উপস্থিত থাকে৷

****

NW/RK/AY/RR/DB



(Release ID: 1777593) Visitor Counter : 94