শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়

শ্ৰম আৰু নিয়োগ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলীয়ে আজি শুভাৰম্ভ কৰে গুৱাহাটীৰ ২০০ খন বিচনাযুক্ত ইএছআইচি চিকিৎসালয়ৰ নিৰ্মাণ কাৰ্য

উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহো এই চিকিৎসালয়ৰ পৰা লাভান্বিত হ'ব: ৰামেশ্বৰ তেলী

Posted On: 16 NOV 2021 7:04PM by PIB Guwahati

শ্ৰম আৰু নিয়োগ তথা পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলীয়ে আজি গুৱাহাটীৰ বেলতলাত ২০০ খন বিচনাযুক্ত ইএছআইচি মডেল চিকিৎসালয়ৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে। ফলক উন্মোচন কৰি চিকিৎসালয়খনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰি শ্ৰী তেলীয়ে কয় যে শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে বেলতলাত এই ২০০ খন বিচনাযুক্ত ইএছআইচি চিকিৎসালয় নিৰ্মাণৰ প্ৰস্তাৱত অনুমোদন জনাইছে আৰু লগতে প্ৰায় ১৪৩ কোটি টকাৰ আনুমানিক ব্যয়ৰো অনুমোদন জনাইছে।

শ্ৰী তেলীয়ে তেওঁৰ ভাষণত কয় যে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ইএছআইচিৰ দ্বাৰা পৰিচালিত একমাত্ৰ মডেল চিকিৎসালয় এই বেলতলাস্থিত চিকিৎসালয়খনে আৰম্ভণিতে কেৱল অসমৰ বীমাকৃত ব্যক্তিসকলক চিকিৎসাৰ সুবিধা প্ৰদান কৰিছিল যদিও এতিয়া ই মেঘালয়ৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্য ক্ৰমে নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা আৰু মিজোৰামৰ লোকসকলকো চিকিৎসা প্ৰদান কৰি আহিছে। তেওঁ লগতে কয় যে এই চিকিৎসালয়খন সম্পূৰ্ণ হোৱাৰ পিছত কেৱল অসমৰ প্ৰায় ৩ লাখ আইপিয়েই উন্নত স্বাস্থ্য সুবিধা লাভ নকৰে, বৰঞ্চ উত্তৰ-পূৰ্বাঞ্চলৰ আন বহুতো ৰাজ্যৰ লোকেও ইয়াৰ সুবিধা লাভ কৰিব।

অসম চৰকাৰে এতিয়া তিনিচুকীয়াত অৱস্থিত ইএছআই চিকিৎসালয়খন ইএছআইচিক হস্তান্তৰ কৰাৰ প্ৰস্তাৱত সন্মতি জনোৱাৰ কথা ঘোষণা কৰি শ্ৰী তেলীয়ে কয় যে শীঘ্ৰেই এই চিকিৎসালয়খনে শ্ৰম বিভাগৰ অধীনত ইএছআইচিৰ জৰিয়তে লোকসকলক আধুনিক আৰু উন্নত চিকিৎসাৰ সুবিধা প্ৰদান কৰিব। তেওঁ লগতে জনায় যে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত এই চৰকাৰে অসমৰ আৰু ৬খন নতুন জিলা যেনে কোকৰাঝাৰ, বাক্সা, হোজাই, চৰাইডো, ডিমা হাচাও আৰু হাইলাকান্দিত ইএছআইচি আঁচনি ৰূপায়ণ কৰিছে। এতিয়া অসমৰ প্ৰায় ৩০ খন জিলাত ইএছআই আঁচনি ৰূপায়ণ কৰা হৈছে, তেওঁ কয়।

ই-শ্ৰম পৰ্টেলৰ বিষয়ে উল্লেখ কৰি শ্ৰী ৰামেশ্বৰ তেলীয়ে কয় যে এতিয়ালৈকে প্ৰায় ৮ কোটি লোকে এই পৰ্টেলত নিজকে পঞ্জীয়ন কৰিছে। তেওঁ সকলোকে যিমান সম্ভৱ সোনকালে পঞ্জীয়ন সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ সৈতে সহযোগিতা কৰিবলৈ আহ্বান জনায়।

ইফালে "ইএছআইচি কোভিড-১৯ সাহায্য আঁচনি" সন্দৰ্ভত উল্লেখ কৰি শ্ৰী তেলীয়ে কয় যে বীমাকৃত ব্যক্তিৰ কোভিড -১৯ৰ ফলত মৃত্যু হ'লে তেওঁৰ পৰিয়ালক সকাহ দিয়াৰ উদ্দেশ্যে ২০২১ চনত এই আঁচনিখন আৰম্ভ কৰা হৈছিল আৰু আঁচনিখনৰ অধীনত এতিয়ালৈকে অসমত  কেইবা লাখ টকা প্ৰদান কৰা হৈছে ।

আজিৰ অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে বীমাকৃত ব্যক্তিৰ পৰিয়ালৰ লোকক COVID-19 ৰ সাহায্য আঁচনিৰ প্ৰমাণপত্ৰও প্ৰদান কৰে। তেওঁ অসংগঠিত খণ্ডৰ হিতাধিকাৰীসকলক ই-শ্ৰম কাৰ্ড বিতৰণৰো আজি শুভাৰম্ভণি কৰে।

আজিৰ অনুষ্ঠানত লোকসভাৰ সাংসদ কুইন ওজা আৰু অন্যান্য ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

 

*****



(Release ID: 1772435) Visitor Counter : 169


Read this release in: English , Urdu , Hindi