প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জল জীৱন মিচনৰ অংশ হিচাপে দেশৰ বিভিন্ন গাঁও পঞ্চায়ত আৰু পানী সমিতিৰ সৈতে মত বিনিময় অনুষ্ঠানত প্রধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ
Posted On:
02 OCT 2021 2:44PM by PIB Guwahati
নমস্কাৰ,
মোৰ কেন্দ্রীয় মন্ত্রিসভাৰ সদস্য শ্রী গজেন্দ্র সিং শ্বেখাৱটজী, শ্রী প্রহ্লাদ সিং পেটেল জী, শ্রী বিশ্বেশ্বৰ টুডু জী, বিভিন্ন ৰাজ্যৰ মাননীয় মুখ্যমন্ত্রী, বিভিন্ন ৰাজ্যৰ মন্ত্রীবৰ্গ, সমগ্ৰ দেশৰ বিভিন্ন পঞ্চায়তৰ সদস্যসকল, বিভিন্ন পানী সমিতিৰ সদস্য আৰু দেশৰ বিভিন্ন প্রান্তত প্রযুক্তিৰ জৰিয়তে এই কাৰ্যসূচীৰ সৈতে সংযুক্ত হোৱা কোটি কোটি ভাই-ভনীসকল৷
আজি ২ অক্টোবৰ৷ দেশৰ দুই মহান সুপুত্রক আমি এই দিনটোত অতি গৌৰৱেৰে স্মৰণ কৰো৷ পূজনীয় বাপু জী আৰু লাল বাহাদুৰ শাস্ত্রী জী, এই দুই মহান ব্যক্তিত্বৰ হৃদয়ত ভাৰতৰ গাঁওসমূহে সকলো সময়তে প্রাধান্য পাইছিল৷ মই অতিশয় আনন্দিত যে আজিৰ দিনটোত দেশৰ লাখ লাখ গাঁৱৰ জনতাই গাঁওসভা হিচাপে জল জীৱন বাৰ্তালাপত অংশগ্রহণ কৰিছে৷ এনে অভূতপূর্ব আৰু দেশজোৰা মিচনক এই উৎসাহ আৰু প্রাণশক্তিৰ জৰিয়তে সফল কৰি তুলিব পৰা যাব৷ জল জীৱন মিচনৰ ভাৱনা কেৱল মানুহৰ ঘৰে ঘৰে পানী প্ৰদানৰ মাজতে সীমাবদ্ধ নহয়৷ এয়া বিকেন্দ্ৰীকৰণৰ এক ডাঙৰ অভিযান। এয়া গাঁৱৰ দ্বাৰা পৰিচালিত, মহিলাৰ দ্বাৰা পৰিচালিত এক অভিযান। ইয়াৰ মূল ভেঁটি গণ-আন্দোলন আৰু গণ-অংশীদাৰিত্ব। আজি সেই কথা আমি এই অনুষ্ঠানত বাস্তবায়িত হোৱা দেখিছো৷
ভাই-ভনীসকল,
জল জীৱন মিচনক আৰু অধিক শক্তিশালী, স্বচ্ছ কৰি তুলিবলৈ আজি কেইবাটাও পদক্ষেপ হাতত লোৱা হৈছে৷ জল জীৱন মিচন এপত এই অভিযান সংক্রান্তীয় সকলো তথ্য এটা স্থানতে পোৱা যাব৷ দেশৰ কিমান ঘৰ লোকে পানী পাইছে, পানীৰ গুণমান কিমান, পানী যোগান প্ৰকল্পৰ বিৱৰণ ইত্যাদিবোৰ এই এপত পোৱা যাব৷ আপোনালোকৰ প্রতিখন গাঁৱৰ তথ্য সেই এপত আছে৷ পানীৰ গুণমান নিৰীক্ষণ আৰু তদৰাকী পৰিকাঠামোৰ জৰিয়তে পানীৰ গুণাগুন বজাই ৰখাৰ ক্ষেত্রত অত্যন্ত সহায়ক হ’ব৷ গাঁৱৰ মানুহে যি পানী লাভ কৰিব, এই এপৰ জৰিয়তে তাৰ গুণমান সম্পর্কে তেওঁলোকে জানিব পাৰিব৷
বন্ধুসকল,
এই বছৰ আমি পূজনীয় বাপুজীৰ জয়ন্তী স্বাধীনতাৰ অমৃত মহোৎসৱৰ এই গুৰুত্বপূর্ণ সময়ত পালন কৰিছো৷ আমাৰ প্রত্যেকৰে এটা সুখানুভূতি হ’ল দেশবাসীয়ে বাপুজীৰ সপোনসমূহক বাস্তবায়িত কৰাৰ বাবে নিৰন্তৰ পৰিশ্রম কৰিছে, ক্রমাগত এই কর্মযজ্ঞত অংশগ্রহণ কৰিছে৷ আজি দেশৰ অধিকাংশ গাঁও আৰু চহৰে নিজকে মুকলি স্থানত মলত্যাগৰ পৰা মুক্ত বুলি ঘোষণা কৰিছে৷ প্রায় ২ লাখ গাঁৱত পেলনীয়া ব্যৱস্থাপনাৰ কাম আৰম্ভ হৈছে৷ ৪০ হাজাৰতকৈ অধিক গাঁও পঞ্চায়তে ‘এবাৰ ব্যৱহাৰ কৰা প্লাষ্টিক’ নিষিদ্ধ ঘোষণা কৰিছে৷ দীর্ঘ সময় ধৰি উপেক্ষিত খাদী আৰু হস্তশিল্পৰ বিক্ৰী এতিয়া কেইবা গুণ বৃদ্ধি হৈছে৷ এই সকলো প্রচেষ্টাৰ জৰিয়তে আজি দেশে আত্মনির্ভৰ ভাৰত অভিযানৰ সংকল্প লৈ আগুৱাই গৈছে৷
গান্ধীজীয়ে কৈছিল যে গ্ৰাম স্বৰাজৰ বাস্তৱিক অর্থ হল আত্মবলেৰে সমৃদ্ধ হোৱা৷ সেইবাবে মই ক্রমান্বয়ে চেষ্টা কৰি আহিছো, যাতে গ্ৰাম স্বৰাজৰ এই ভাৱনা বাস্তবায়নৰ দিশত আগুৱাই যায়৷ গুজৰাটৰ মুখ্যমন্ত্রী হিচাপে বহুদিন ধৰি কাম কৰি মই গ্ৰাম স্বৰাজৰ এই ভাৱনাক তৃণমূল পৰ্যায়ত বাস্তবায়িত কৰাৰ সুযোগ পাইছো৷ নির্মল গাঁৱৰ সংকল্প লৈ গাঁওসমূহক উন্মুক্ত স্থানত মলত্যাগৰ পৰা মুক্ত কৰা, জলমন্দিৰ অভিযানৰ জৰিয়তে গাঁৱৰ পুৰণি পুখুৰীসমূহক পুনৰুজ্জীৱিত কৰা, জ্যোতিগ্ৰাম যোজনাৰ জৰিয়তে গাঁৱত ২৪ ঘণ্টাই বিদ্যুৎ যোগান, তীর্থগাঁও প্ৰকল্পৰ জৰিয়তে গাঁৱে গাঁৱে হাই-কাজিয়া পৰিৱর্তে সম্প্রীতি আৰু সৌহাৰ্দক উৎসাহ যোগোৱা, ই-গ্ৰাম আৰু ব্র’ডবেণ্ডৰ জৰিয়তে সকলো গাঁও পঞ্চায়তৰ ই-যোগাযোগ ব্যৱস্থাৰ উন্নয়ন ইত্যাদি ধৰণৰ বহু প্রচেষ্টাত গাঁওসমূহক ৰাজ্যৰ উন্নয়নৰ প্রধান স্তম্ভ কৰি তোলা সম্ভৱ হৈছে৷ বিগত দুই দশকত গুজৰাটে এই ধৰণৰ প্রকল্পসমূহৰ বাবে বিশেষকৈ জল সংৰক্ষণৰ ক্ষেত্রত ভাল কাম কৰাৰ বাবে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্রতিষ্ঠানৰ পৰা পুৰস্কাৰ পাইছে৷
বন্ধুসকল,
২০১৪ চনত যেতিয়া দেশবাসীয়ে আমাক নতুন দায়িত্ব দিছিল, তেতিয়া গুজৰাটৰ সেই গ্ৰাম স্বৰাজ আন্দোলনৰ অভিজ্ঞতা মই ৰাষ্ট্ৰীয় পৰ্যায়ত প্রয়োগ কৰাৰ সুযোগ পাইছো৷ গ্ৰাম স্বৰাজ মানে কেৱল পঞ্চায়তসমূহত নির্বাচন কৰা আৰু পঞ্চায়ত সদস্য আৰু সভাপতি নিয়োগ কৰা নহয়, গ্ৰাম স্বৰাজৰ প্ৰকৃত লাভ তেতিয়াই পোৱা যাব, যেতিয়া গাঁৱৰ উন্নয়ন সংক্রান্ত পৰিকল্পনা আৰু ব্যৱস্থাপনাত গাঁওবাসীৰ সক্রিয় অংশীদাৰিত্ব থাকিব৷ এই লক্ষ্যৰে চৰকাৰে বিশেষকৈ, পানী আৰু পৰিচ্ছন্নতা শিতানত গাঁও পঞ্চায়তসমূহক পোনপটীয়াকৈ ২.২৫লাখ কোটিতকৈও অধিক ধন প্রদান কৰিছে৷ আজি এফালে গাঁও পঞ্চায়তসমূহক অধিক অধিকাৰ দিয়া হৈছে, আনফালে তেওঁলোকৰ আর্থিক লেনদেনৰ স্বচ্ছতাৰ ওপৰতো সম্পূর্ণ দৃষ্টি দিয়া হৈছে৷ গ্ৰাম স্বৰাজক লৈ কেন্দ্রীয় চৰকাৰৰ দায়বদ্ধতাৰ এক ডাঙৰ প্রমাণ হ’ল জল জীৱন মিচন আৰু এই পানী সমিতি গঠন।
বন্ধুসকল,
আমি এনে বহুত চিনেমা দেখিছো, গল্প-কবিতা পঢ়িছো, য’ত আমি বিস্তৃতভাৱে দেখিছো বা পঢ়িছো কিদৰে গাঁৱৰ মহিলা আৰু শিশুসকলে পানী সংগ্ৰহৰ বাবে কেইবা মাইল ধৰি খোজ কাঢ়ি যাব লগা হৈছিল। গাঁৱৰ কথা বুলি ক’লেই বহুত মানুহৰ মনত এই ধৰণৰ কঠিন জীৱন যাপনৰ ছবি ভাঁহি উঠে। কিন্তু বহু মানুহৰ মনত এই প্রশ্ন জাগি উঠে যে এই মানুহবোৰে সদায় কোনো নদী বা পুখুৰীলৈকে কিয় যাব লগা হয়? কিয় এওঁলোকৰ বাবে পানী প্ৰদান কৰা হোৱা নাছিল? মই ভাৱো যিসকলৰ ওপৰত দীর্ঘ সময় ধৰি নীতি নির্ধাৰণৰ দায়িত্ব আছিল, তেওঁলোকে নিজকে এই প্রশ্নসমূহ কৰা উচিত আছিল৷ কিন্তু এই প্রশ্নসমূহ ইমান দিনে কোনেও সোধা নাছিল কাৰণ তেওঁলোকে য’ত থাকে, তাত তেওঁলোকে ইমান পানীৰ সমস্যাত ভোগা নাছিল৷ পানী অবিহনে জীৱনত কিমান সমস্যা হয়, কেনে প্রতিকূল অৱস্থাৰ সন্মুখীন হ’বলগীয়া হয়, সেই সম্পর্কে তেওঁলোকে নাজানে৷ তেওঁলোকৰ ঘৰত পানী, ছুইমিং পুলত পানী। পানীয়েই পানী। এই সকল লোকে কেতিয়াও দাৰিদ্র্যতাক দেখা নাই৷ সেইবাবে দাৰিদ্র্য তেওঁলোকৰ বাবে এক আকর্ষণৰ বিষয়। সাহিত্য আৰু বৌদ্ধিক জ্ঞান প্রদর্শনৰ উপায়। এওঁলোকৰ মনত এক আদর্শ গাঁৱৰ প্রতি মোহ থকা উচিৎ আছিল, কিন্তু তেওঁলোকে গাঁওসমূহক অভাৱগ্রস্থ হৈ থকাটোকে পছন্দ কৰিছিল৷
কিন্তু মই গুজৰাটৰ ল’ৰা; য’ত বছৰৰ অধিকাংশ সময় খৰাং হৈ থাকে। মই এইটোও দেখিছো, পানীৰ এক এক টোপালৰ কিমান গুৰুত্ব। সেইবাবে যেতিয়া গুজৰাটৰ মুখ্যমন্ত্রী আছিলো, তেতিয়া আমাৰ অগ্রাধিকাৰৰ মাজত মানুহক পানী প্ৰদান কৰাটো আৰু পানী সংৰক্ষণে অধিক গুৰুত্ব পাইছিল। কেৱল মানুহৰ বাবে বা কৃষকৰ বাবে পানী প্ৰদান কৰাই নহয়, আমি ভূগর্ভৰ জলস্তৰ উন্নত কৰাৰ বাবে কাম কৰিবলগীয়া হৈছিল৷ মই গুজৰাটৰ ভূগর্ভৰ জলস্তৰ উন্নত কৰাটো সুনিশ্চিত কৰিছিলো। এইটো এটা ডাঙৰ কাৰণ আছিল, সেয়েহে প্রধানমন্ত্রী হোৱাৰ পাছৰ পৰা মই পানী সংক্রান্তীয় সকলো প্রতিকূলতাৰ বিৰুদ্ধে ক্রমান্বয়ে কাম কৰি আহিছো৷ ফলস্বৰূপে, মই যি ফল পাইছো, সেয়া প্রতিগৰাকী ভাৰতীয়ক গর্বিত কৰাৰে কথা৷
স্বাধীনতাৰ পাছৰ পৰা ২০১৯লৈকে আমি দেশত মাত্র ৩ কোটি ঘৰত নলযোগে পানী প্ৰদান কৰা হৈছিল। ২০১৯চনত জল জীৱন মিচন আৰম্ভ হোৱাৰ পাছৰ পৰা ৫ কোটি ঘৰত নলসংযোগী পানী যোগান ধৰা হৈছে৷ আজি দেশৰ প্রায় ৮০খন জিলাৰ ১.২৫ লাখ গাঁৱত প্রতিটো পৰিয়ালত নলযোগে পানী প্ৰদান কৰা হৈছে৷ অর্থাৎ বিগত সাত দশকত যিমান কাম হৈছে, বৰ্তমান ভাৰতত মাত্র দুবছৰত তাতকৈ অধিক কাম কৰি দেখুৱাইছে৷ সেই দিনটো দূৰত নাই, যেতিয়া দেশৰ কোনো মা-ভনী-কন্যা আৰু পানী আনিবলৈ সদায় দূৰদুৰণিলৈ খোজ কাঢ়ি যাব লগা নহয়৷ যিমান সময় তেওঁলোকৰ ৰাহি হ’ব, সিমান সময় তেওঁলোকে লিখা-পঢ়া, আত্মনির্ভৰতা আৰু সংস্থাপনৰ বাবে কিবা এটা কৰিব পাৰিব৷
ভাই-ভনীসকল,
ভাৰতৰ উন্নয়নত পানীৰ অভাৱ যাতে বাধা হৈ নুঠে, সেয়া সুনিশ্চিত কৰাটো আমাৰ সকলোৰে দায়িত্ব। সেইবাবে সকলোকে চেষ্টা কৰতে হ’ব৷ আমাৰ ভৱিষ্যৎ প্রজন্মৰ প্রতি জবাবদিহি হ’ব লাগিব৷ পানীৰ অভাৱত আমাৰ শিশুসকলে তেওঁলোকৰ প্রাণশক্তিত দেশ নির্মাণৰ কামত লগাব নোৱাৰিব-তেনে হ’বলৈ আমি দিব নোৱাৰো! সেইবাবে আমি যুদ্ধকালীন পৰিস্থিতিত কাম কৰিব লাগিব৷ স্বাধীনতাৰ ৭৫ বছৰ পাৰ হৈ গ’ল৷ এতিয়া আমি অতি দ্রুতগতি কাম কৰিব লাগিব৷ আমি এইটো সুনিশ্চিত কৰিব লাগিব যে দেশৰ কোনো অংশত যাতে টেংকাৰ বা ৰে’লগাড়ীৰ জৰিয়তে পানী প্ৰদান কৰিব লগা নহয়!
বন্ধুসকল,
মই আগতেও কৈছো যে আমি পানী প্রসাদৰ দৰে ব্যৱহাৰ কৰিব লাগিব৷ কিন্তু একাংশ মানুহে পানীক অত্যন্ত সহজ-সুলভ বুলি ভাৱি অপচয় কৰে৷ তেওঁলোকে পানীৰ মূল্য বুজি নাপায়৷ যিসকলে পানীৰ অভাৱত ভূগিছে, তেওঁলোকেহে পানীৰ মূল্য বুজি পায়৷ তেওঁলোকে জানে এটা এটা টোপাল পানী যোগাৰ কৰিবলৈ কিমান কষ্ট কৰিব লগা হয়। দেশৰ যি যি অঞ্চলত প্রচুৰ পানী পোৱা যায় আৰু যিসকলে বহুত পানীৰ প্রাচুর্য্যৰ মাজত বসবাস কৰে, সেইসকল নাগৰিকৰ প্রতি মই অনুৰোধ, আপোনালোক পানী অপচয় নকৰে, পানী ৰাহি কৰাৰ চেষ্টা কৰক। আপোনালোকে অভ্যাস সলনি কৰক৷ আমি দেখিছো বহুত ঠাইত নলেৰে পানী পৰি থাকে, মানুহে অলপো নাভাৱে৷ বহুতক মই দেখিছো ৰাতি পানীৰ পাইপ খুলি তাৰ তলত বাল্টি ওলোটাই ৰাখে৷ পুৱা যেতিয়া পানী আহে, বাল্টি কাষত পৰি থাকে। তাৰ শব্দই তেওঁলোকৰ বাবে সংকেটৰ দৰে কাম কৰে৷ তেওঁলোকে এইটো পাহৰি যায় যে সমগ্ৰ পৃথিৱীত পানীৰ অভাৱত কিমান চিন্তিত হৈ উঠিছে।
মই ‘মন কী বাত’ অনুষ্ঠানত প্রায়েই সেই সন্মানীয় ব্যক্তিসকলৰ কথা উল্লেখ কৰিছো, যিসকলে পানী সংৰক্ষণক জীৱনৰ আটাইতকৈ বৃহৎ অভিযান হিচাপে গঢ়ি তুলিছিল৷ এই লোকসকলৰ পৰা বহুত শিকাৰ প্ৰয়োজন আছে। তেওঁলোকৰ প্রেৰণাত দেশৰ বিভিন্ন প্রান্তত পানী সংৰক্ষণৰ ক্ষেত্রত সজাগতা বৃদ্ধিৰ কামত লগাব পাৰি৷ আজি এই অনুষ্ঠানৰ সৈতে যুক্ত সমগ্ৰ দেশৰ গাঁও পঞ্চায়তসমূহৰ প্রতি মোৰ অনুৰোধ, আপোনালোকে গাঁৱৰ পানীৰ উৎসসমূহৰ সুৰক্ষা আৰু স্বচ্ছতাৰ বাবে আপ্রাণ প্ৰচেষ্টা কৰক৷ বৰষুণৰ পানী সংৰক্ষণ কৰি ঘৰত ব্যৱহাৰ কৰা, খেতিত ব্যৱহাৰ কৰি কম পানীত যিবোৰ শস্য উৎপাদিত হয়, সেইসমূহৰ কৃষিকাৰ্যক উৎসাহ যোগাই আমি নিজৰ লক্ষ্য পূৰণ কৰিব পাৰে৷
বন্ধুসকল,
দেশত এনে বহুত অঞ্চল আছে, য’ত প্ৰদূষিত পানীৰ সমস্যা আছে৷ বহুত এলেকাৰ পানী আৰ্ছেনিকৰ মাত্রা অধিক৷ সেই অঞ্চলসমূহৰ প্রত্যেক ঘৰত নলৰ জৰিয়তে বিশুদ্ধ পানী প্ৰদান কৰা সেই এলেকাৰ মানুহৰ জীৱনত আটাইতকৈ ডাঙৰ আশীর্বাদৰ দৰে৷ এটা সময়ত এনকেফেলাইটিছ বা মস্তিষ্কৰ জ্বৰত প্রভাৱিত দেশৰ ৬১খন জিলাত নলৰ জৰিয়তে পানী যোগান ধৰা হয়, এনে ঘৰৰ সংখ্যা আছিল মাত্র ৮ লাখ৷ আজি সেই জিলাসমূহত ঘৰৰ সংখ্যা ১.১১ কোটিতকৈও অধিক হৈছে৷ দেশৰ যিসমূহ জিলা উন্নয়নৰ ক্ষেত্রত আটাইতকৈ পিছ পৰি আছে, যিসমূহ জিলাত উন্নয়নৰ অভূতপূর্ব আকাংক্ষা আছে, সেইসমূহক অগ্রাধিকাৰ প্ৰদান কৰি প্রত্যেক ঘৰত নলৰ জৰিয়তে পানী প্ৰদান কৰা হৈছে৷ এই উচ্চাকাংক্ষী জিলাসমূহত এতিয়া নলৰ জৰিয়তে পানী যোগান ধৰা ঘৰৰ সংখ্যা ৩১ লাখৰ পৰা বৃদ্ধি হৈ ১.১৬ কোটিতকৈ অধিক হৈছে৷
বন্ধুসকল,
আজি দেশত কেৱল খোৱাপানীৰ যোগান নহয়, জল ব্যৱস্থাপনা আৰু জলসিঞ্চনৰ এক ব্যাপক আন্তঃগাঁথনি গঢ়ি তোলাৰ কাম দ্রুতগতিত আগুৱাই গৈছে। পানীৰ কার্যকৰী ব্যৱস্থাপনাৰ বাবে প্রথমবাৰলৈ পানী সংক্রান্তীয় প্রায় সকলো বিষয় জল শক্তি মন্ত্ৰালয়ৰ অন্তর্গত কৰা হৈছে৷ মা গংগাৰ লগতে অন্যান্য নদীৰ পানীক প্ৰদূষণমুক্ত কৰিবলৈ স্পষ্ট ৰণনীতিৰে কাম হৈছে৷ অটল ভূ-জল যোজনাৰ জৰিয়তে দেশৰ সাতখন ৰাজ্যত ভূগর্ভৰ পানীৰ স্তৰক ওপৰলৈ অনাৰ কাম চলিছে৷ বিগত সাত বছৰত প্রধানমন্ত্রী কৃষি সিঞ্চায় যোজনাৰ জৰিয়তে নলৰ জৰিয়তে জলসিঞ্চন আৰু ক্ষুদ্র জলসিঞ্চনৰ ওপৰত জোৰ দিয়া হৈছে৷ এতিয়ালৈকে ১৩ লাখ হেক্টৰৰো অধিক ভূমিত ক্ষুদ্র জলসিঞ্চনৰ অধীনলৈ অনা হৈছে৷ প্রতিটোপান পানীত অধিক ফচল-এই সংকল্পক বাস্তবায়িত কৰাৰ বাবে এনে বহুত প্রচেষ্টা লোৱা হৈছে৷ দীর্ঘ সময় ধৰি অসম্পূৰ্ণ হৈ থকা জলসিঞ্চনৰ ৯৯টা ডাঙৰ প্ৰকল্পৰ মাজত অধিকাংশৰ কাম ইতিমধ্যে বাস্তবায়িত হৈছে আৰু বাকীসমূহৰ কামো দ্রুতগতিত আগুৱাই গৈছে। সমগ্ৰ দেশৰ বান্ধসমূহৰ উন্নত ব্যৱস্থাপনা আৰু সেইসমূহৰ চোৱা-চিতাৰ বাবে হাজাৰ হাজাৰ কোটি টকাৰ বিনিয়োগৰ বিশেষ অভিযান আৰম্ভ কৰা হৈছে৷ ইয়াৰ জৰিয়তে দই শতাধিক বান্ধৰ সংস্কাৰ কৰা হৈছে৷
বন্ধুসকল,
অপুষ্টিৰ বিৰুদ্ধে যুঁজত পানীৰ ডাঙৰ ভূমিকা আছে৷ প্রত্যেক ঘৰত পানী প্ৰদান সম্ভৱ হ’লে, সন্তানৰ স্বাস্থ্যও ভাল হ’ব৷ বৰ্তমান চৰকাৰে পিএম পোষণ শক্তি নির্মাণ আঁচনিতো মঞ্জুৰ দিছে৷ এই প্ৰকল্পৰ জৰিয়তে সমগ্ৰ দেশৰ বিদ্যালয়সমূহত শিশুসকলৰ পঢ়া-শুনাৰ সমান্তৰালভাৱে পুষ্টিও সুনিশ্চিত কৰা হ’ব৷ এই প্রকল্পত কেন্দ্রীয় চৰকাৰে ৫৪ হাজাৰ কোটিতকৈও অধিক ধন খৰচ কৰা হৈছে। ইয়াৰ দ্বাৰা দেশৰ প্রায় ১২ কোটি শিশু উপকৃত হ’ব৷
বন্ধুসকল,
আমাৰ শাস্ত্রত কৈছে–
“উপকর্তুম যথা সু-অল্পম, সমর্থো ন তথা মহান।
প্রায়ঃ কূপঃ তৃষাম হন্তি, সততম ন তু বাৰিধিঃ।।”
অর্থাৎ, পানীৰ এটা সৰু কুঁৱাই যিমান লোকৰ তৃষ্ণা দূৰ কৰিব পাৰে, বিশাল সমুদ্রইও সিমান কৰিব নোৱাৰে৷ এইটো কিমান ডাঙৰ কথা! বহুবাৰ আমি দেখো যে কাৰোবাৰ ক্ষুদ্র প্রচেষ্টাই বহু ডাঙৰ সিদ্ধান্ততকৈও বিশাল হয়। আজি পানী সমিতিৰ ক্ষেত্রতো এইকথা প্রযোজ্য। পানী ব্যৱস্থাপনাৰ চোৱা-চিতা আৰু জল সংৰক্ষণ সংক্রান্তীয় কাম পানী সমিতিসমূহে নিজৰ নিজৰ গাঁৱৰ পৰিধিৰ মাজতে কৰে, কিন্তু ইয়াৰ বিস্তৃতি যথেষ্ট ডাঙৰ৷ এই পানী সমিতিসমূহ দৰিদ্র, দলিত, বঞ্চিত আৰু জনৰাষ্ট্ৰৰ মানুহৰ জীৱনত ডাঙৰ পৰিৱর্তন আনিছে।
যিসকল লোকে স্বাধীনতাৰ পাছত সাত দশক ধৰি নলৰ জৰিয়তে পানী পোৱা নাছিল, আজি সৰু এটা নলে তেওঁলোকৰ জীৱনেই সলনি কৰি দিছে৷ এইটো গৌৰৱৰ কথা যে জল জীৱন মিচনৰ জৰিয়তে গঢ় লৈ উঠা এই পানী সমিতিসমূহৰ ৫০ শতাংশ সদস্য বাধ্যতামূলকভাৱে মহিলা। এইয়া দেশৰ সাফল্য যে ইমান কম সময়ত প্রায় ৩.৫ লাখ গাঁৱত পানী সমিতি গঢ় লৈ উঠিছে। এয়া কিছু সময়ৰ পূৰ্বে আমি ‘জল জীৱন সংবাদ’ৰ সময় দেখিছো এই পানী সমিতিসমূহত গাঁৱৰ মহিলাসকলে কিমান দক্ষতাৰে কাম কৰিছে৷ মই অতিশয় আনন্দিত যে আজি গাঁৱৰ মহিলাসকলে নিজৰ গাঁৱত পানীৰ গুণাগুন পৰীক্ষাৰ বাবে বিশেষভাবে প্রশিক্ষণ লৈছে৷
বন্ধুসকল,
গাঁৱৰ মহিলাসকলৰ সবলীকৰণ আমাৰ চৰকাৰৰ সর্বোচ্চ অগ্রাধিকাৰসমূহৰ অন্যতম। বিগত বছৰসমূহত কন্যাসকলৰ স্বাস্থ্য আৰু সুৰক্ষাৰ ওপৰত বিশেষ লক্ষ্য ৰখা হৈছে৷ ঘৰ আৰু বিদ্যালয়ত শৌচালয়, সুলভ ছেনিটাৰি নেপকিনৰ পৰা আৰম্ভ কৰি গর্ভাৱস্থাত পুষ্টিৰ বাবে হাজাৰ হাজাৰ টকা সাহায্য আৰু ব্যাপক টিকাকৰণ অভিযানৰ জৰিয়তে মাতৃশক্তিক আৰু অধিক শক্তিশালী কৰি তোলা হৈছে৷ প্রধানমন্ত্রী মাতৃ বন্দনা যোজনাৰ জৰিয়তে ২ কোটিতকৈও অধিক গর্ভৱতী মহিলাক প্রায় ৮,৫০০ কোটি টকা পোনপটীয়াকৈ তেওঁলোকৰ বেংক একাউণ্টত প্ৰদান কৰা হৈছে৷ গাঁওসমূহত যি ২.৫ কোটিতকৈও অধিক পকী গৃহ গৃহহীনসকলৰ বাবে নিৰ্মাণ কৰা হৈছে, তাৰ ভিতৰত অধিকাংশ মহিলাৰ নামত দিয়া হৈছে৷ উজ্জ্বলা যোজনাৰ কোটি কোটি গ্রামীণ মহিলাক খৰিৰ ধোঁৱাৰ পৰা মুক্তি দিয়া হৈছে৷
মুদ্রা যোজনাৰ জৰিয়তেও প্রায় ৭০ শতাংশ ঋণ মহিলা ক্ষুদ্র উদ্যোগপতিসকলে পাইছে৷ আত্মসহায়ক গোটসমূহৰ জৰিয়তে গ্রামীণ মহিলাসকলৰ আত্মনির্ভৰতা অভিযানৰ সৈতে যুক্ত কৰা হৈছে৷ বিগত সাত বছৰত আত্মসহায়ক গোটসমূহৰ সংখ্যাও তিনিগুণ বৃদ্ধি পাইছে৷ ৰাষ্ট্রীয় আজীৱিকা মিচনৰ জৰিয়তে ২০১৪ৰ পূ্ৰ্বে ৫ বছৰত মা-ভনীসকলে যিমান সহায় পাইছিল, বিগত সাত বছৰত সেই সহায়ৰ মূল্য প্রায় ১৩ গুণ বৃদ্ধি পাইছে। কেৱল ইমানেই নহয় প্রায় ৩ লাখ ৭৫ হাজাৰ কোটি টকাৰ ঋণো আত্মসহায়ক গোটসমূহৰ মা-ভনীসকলক দিয়া হৈছে৷ চৰকাৰে এই আত্মসহায়ক গোটসমূহক বিনা গেৰাণ্টিত ঋণ দিয়াৰ সুযোগ বহু পৰিমাণে বদ্ধি পাইছে।
ভাই-ভনীসকল,
ভাৰতৰ উন্নয়ন গাঁৱৰ উন্নয়নৰ ওপৰতে নির্ভৰশীল। গাঁৱত বসবাস কৰা লোক, যুৱক, কৃষকসকলক লৈ চৰকাৰে এই আঁচনিসমূহত অগ্রাধিকাৰ দিছে, যাতে ভাৰতৰ গাঁওসমূহ আৰু অধিক আত্মনির্ভৰ আৰু সক্ষম হৈ উঠে। গাঁৱৰ পশুসমূহৰ পৰা ঘৰে ঘৰে যে জৈৱ বর্জ্য উৎপন্ন হয়, তাৰ পৰিৱে অনুকূল সঠিক ব্যৱহাৰৰ বাবে ‘গোৱর্ধন’ যোজনা আৰম্ভ কৰা হৈছে৷ এই যোজনাৰ জৰিয়তে দেশৰ ডেৰ শতাধিক জিলাত তিনি শতাধিক জৈৱ-গেছ প্ৰকল্পৰ কাম সম্পূর্ণ হৈছে৷ গাঁৱৰ মানুহে যাতে গাঁৱতে উন্নত প্রাথমিক চিকিৎসা পাব পাৰে আৰু গাঁৱতে সকলো প্রয়োজনীয় পৰীক্ষা-নিৰীক্ষা কৰাব পাৰে-সেয়া সুনিশ্চিত কৰিবলৈ গাঁৱত গাঁৱত ডেৰ লক্ষাধিক স্বাস্থ্য আৰু আৰোগ্য কেন্দ্ৰ নিৰ্মাণ কৰা হৈছে৷ এইবোৰৰ ভিতৰত প্রায় ৪০ হাজাৰ স্বাস্থ্য আৰু আৰোগ্য কেন্দ্ৰ নির্মাণৰ কাম সম্পূর্ণ হৈছে৷ গাঁৱৰ অংগনৱাড়ী আৰু তাত কর্মৰত ভনীসকলৰ বাবে আর্থিক সাহাৰ্য আগবঢ়োৱা হৈছে৷ গাঁওসমূহত বিভিন্ন সেৱাৰ লগতে চৰকাৰৰ সেৱা যাতে আৰু অধিক দ্রুতগতিত পাব পাৰে, সেয়া সুনিশ্চিত কৰিবলৈ বৰ্তমান ব্যাপক ৰূপত প্রযুক্তি ব্যৱহাৰ কৰা হৈছে৷
পিএম স্বামীত্ব যোজনাৰ জৰিয়তে ড্রোনৰ জৰিয়তে মানচিত্র প্ৰস্তুত কৰি গাঁৱৰ ভূমি আৰু ঘৰসমূহৰ ডিজিটেল সম্পত্তি কার্ড প্ৰস্তুত কৰা হৈছে৷ এই প্ৰকল্পৰ জৰিয়তে সাত বছৰ আগলৈকে দেশৰ ১০০তকৈও কম পঞ্চায়তত ব্র’ডবেণ্ড যোগাযোগ আছিল, বৰ্তমান ১.৫ লাখ পঞ্চায়তত অপ্টিকেল ফাইবাৰ প্ৰদান কৰা দিয়া হৈছে৷ কম দামতে ম’বাইল ফোন আৰু ইণ্টাৰনেট পোৱাৰ বাবে বৰ্তমান গাঁওসমূহত চহৰতকৈও অধিক লোকে ইণ্টাৰনেট ব্যৱহাৰ কৰিছে৷ আজি ৩লক্ষাধিক কমন চার্ভিছ চেণ্টাৰৰ জৰিয়তে গাঁৱে গাঁৱে চৰকাৰৰ কেইবা ডজন আঁচনিৰ অংশীদাৰ হৈ হাজাৰ হাজাৰ যুৱক-যুৱতীৰ কর্মসংস্থাপন প্ৰদান কৰিছে৷
এতিয়া গাঁৱত সকলো ধৰণৰ আন্তঃগাঁথনিৰ বাবে অভিলেখ পৰিমাণৰ বিনিয়োগ কৰা হৈছে৷ প্রধানমন্ত্রী গ্রামীণ চড়ক যোজনাৰ পৰা আৰম্ভ কৰি ১ লাখ কোটি টকাৰ কৃষি পূঁজি, গাঁৱৰ বাবে শীতলীকৰণ ভাণ্ডাৰ নির্মাণ, উদ্যোগ ক্লাষ্টাৰ নির্মাণ বা কৃষি মাণ্ডিসমূহৰ আধুনিকীকৰণ ইত্যাদি ক্ষেত্রত দ্রুতগতিতে কাম হৈছে৷ জল জীৱন মিচনৰ বাবে যি ৩.৬০ লাখ কোটি টকাৰ ব্যৱস্থা কৰা হৈছে, সেই ধন দেশৰ গাঁওসমূহতে খৰচ কৰা হ’ব৷ অর্থাৎ, এই অভিযানে দেশৰ গ্রামীণ অর্থনীতিক নতুন শক্তি যোগোৱাৰ লগতে গাঁওসমূহত যথেষ্ট কর্মসংস্থাপনৰ সুযোগ গঢ়ি তুলিব।
বন্ধুসকল,
আমি বিশ্বক দেখুৱাইছো যে আমাৰ ভাৰতৰ মানুহে দৃঢ় সংকল্প লৈ সামূহিক প্রচেষ্টাত অতি জটিল লক্ষ্যত উপনীত হ’ভ পাৰিছে৷ আমাৰ ঐক্যবদ্ধতাৰে যিকোনো অভিযানক সফল কৰি তুলিব লাগিব৷ জল জীৱন মিচনে যাতে দ্রুতগতি ইয়াৰ লক্ষ্যত উপনীত হয় সেই কামনাৰে মোৰ বক্তব্য সামৰিছো৷
আপোনালোক সকলোকে বহুত বহুত শুভকামনা!
ধন্যবাদ৷
*****
DS/VK/AK/DB
(Release ID: 1771901)
Read this release in:
Malayalam
,
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada