নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav

কোচিন শ্বিপয়াৰ্ড লিমিটেডত পাঁচখন জলযানৰ একত্ৰ কাৰ্যক্ৰম মুকলি কৰিলে জাহাজ পৰিবহন মন্ত্ৰীয়ে

Posted On: 01 NOV 2021 3:20PM by PIB Guwahati

বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ তথা আয়ুস দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে আজি কোচিন শ্বিপয়াৰ্ড লিমিটেড (চিএছএল) পাঁচখন জলযানৰ একত্ৰ কাৰ্যক্ৰম মুকলি কৰে। মন্ত্ৰীজন কোচিত এক তিনিদিনীয়া ভ্ৰমণসূচীৰে উপস্থিত হয়, এই মন্ত্ৰালয়ৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত পিএছইউলৈ তেওঁৰ প্ৰথম ভ্ৰমণ। চিএছএলৰ পাঁচগৰাকী জ্যেষ্ঠা মহিলা কৰ্মচাৰীয়ে জলযানকেইখনৰ কাৰ্যক্ৰম আৰম্ভ কৰে।

 

মন্ত্ৰীজনে সীমান্ত সুৰক্ষা বাহিনীৰ বাবে তিনিটা ফ্লটিং 'ৰ্ডাৰ আউট-পোষ্ট (এফবিঅ'পি) কাৰ্যক্ৰমৰ আৰম্ভণিৰ লগতে এএছকেঅ' মেৰিটাইমছ এএছ, নৰৱেৰ বাবে দুখন ফুল্লী ইলেকট্ৰিক অটনমাছ ফেৰিও উদ্ঘাটন কৰে, যি পৃথিৱীৰ প্ৰথম অটনমাছ ফেৰিৰ অন্যতম। 

 

জাহাজ পৰিবহন উদ্যোগৰ বাবে প্ৰযুক্তিগত আৰু দীৰ্ঘস্থায়ী সমাধানৰ দিশত আগবঢ়োৱা বৰঙণিৰ বাবে মন্ত্ৰীজনে চিএছএলৰ প্ৰশংসা কৰে। এক অতিশয় সফল প্ৰথম সাগৰীয় অনুশীলনৰ পিছত বৰ্তমান ইয়াৰ দ্বিতীয়টো সাগৰীয় অনুশীলন সম্পন্ন কৰা দেশৰ সৰ্বপ্ৰথম ইণ্ডিজেনাছ এয়াৰক্ৰাফ্ট কেৰিয়াৰ (আইএচি), আইএনএছ বিক্ৰান্তৰ নিৰ্মাণৰ বাবেও তেওঁ চিএছএলৰ গুণানুকীৰ্তন কৰে।

 

কালি সাগৰীয় অনুশীলনৰ সময়ত শ্ৰী সোণোৱালে আইএচিত চিফ অফ নেভেল ষ্টাফ, পিএছডব্লিউ মন্ত্ৰালয়ৰ সচিব, পিএছডব্লিউ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব আৰু চিএছএলৰ চিএমডিৰ সৈতে আৰোহন কৰে আৰু এই গুৰুত্বপূৰ্ণ তথা কৌশলগত ৰাষ্ট্ৰীয় প্ৰকল্পৰ অগ্ৰগতি পৰ্যবেক্ষণ কৰে। কেন্দ্ৰীয় মন্ত্ৰীজনে কয় যে আইএচিৰ সাগৰীয় অনুশীলনৰ সফলতা হৈছে আমাৰ দেশৰ 'আত্ম নিৰ্ভৰতা' বাবে চলোৱা প্ৰচেষ্টাৰ প্ৰকৃত প্ৰতিফলন। মন্ত্ৰীজনে এই প্ৰাপ্তিৰ বাবে প্ৰকল্পটোত জড়িত হৈ থকা চিএছএল, ইণ্ডিয়ান নেভী, বিভিন্ন 'ইএম আৰু সকলো অংশীদাৰক প্ৰশংসা কৰে।

 

আইএচি হৈছে প্ৰায় ৪০,০০০ টন স্থানচ্যুতকৰণৰ সক্ষমতা থকা দেশৰ সৰ্ববৃহৎ যুদ্ধ জাহাজ। এই জাহাজখন হৈছে থলুৱাভাৱে বিকশিত আৰু প্ৰথমবাৰৰ বাবে ভাৰতীয় নৌ জাহাজত ব্যৱহৃত ২১,৫০০ টন বিশেষ শ্ৰেণীৰ ষ্টীলৰ এক বিশালাকায় গাঁথনি। জাহাজখনৰ বিশালতাক সৰ্বাধিক ২০০০ কিঃমিঃ অফ কেবলিং, ১২০ কিঃমিঃ অফ পাইপিঙৰ পৰা জুখিব পাৰি আৰু ইয়াত ২৩০০টা কম্পাৰ্টমেণ্ট আছে। উন্নত ছফ্টৱেৰ ব্যৱহাৰ কৰি শ্বিপয়াৰ্ডে সবিশেষ নিৰ্মাণ কাৰ্য সম্পাদন কৰিছিল যি ডিজাইনাৰসকলক জাহাজখনৰ কম্পাৰ্টমেণ্টবিলাকৰ এটা সম্পূৰ্ণ থ্ৰীডি ভিউ পাবলৈ সক্ষম কৰি তুলিছিল। দেশত এই প্ৰথমবাৰৰ বাবে এখন এয়াৰক্ৰাফ্ট কেৰিয়াৰৰ জোখত এখন জাহাজৰ থ্ৰীডিত সম্পূৰ্ণৰূপে আৰ্হি প্ৰস্তুত কৰা হয়।

 

এক চিঅ'জিএজি (কম্বাইণ্ড গেছ এণ্ড গেছ) প্ৰপালচন কনফিগাৰেচনত চাৰিটা গেছ টাৰবাইনেৰে এই জলযান শক্তিমন্ত। আইএচিখন অসংখ্য হাই এণ্ড প্ৰযুক্তিৰে সুসজ্জিত ' আছে নেটৱৰ্ক কেন্দ্ৰিক বিভাজিত ডেটা প্ৰচেছিং আৰু কণ্ট্ৰ' ছিষ্টেম, ইণ্ট্ৰিকেট এভিয়েচন ফেচিলিটী কমপ্লেক্স, দ্য ষ্টেট অফ দ্য আৰ্ট উইপনছ আৰু ছেন্সৰৰ লগতে আছে অতি শক্তিশালী প্ৰপালচন এণ্ড পাৱাৰ জেনেৰেচন এণ্ড ডিছট্ৰিবিউচন (পিজিডি) ব্যৱস্থাপনা।

 

আইএচিৰ নিৰ্মাণে ভাৰতীয় অৰ্থনীতিত ব্যাপক অৰিহণা যোগাইছে যিহেতু ষ্টীল, ইলেক্ট্ৰ মেকানিকেল যন্ত্ৰৰ আহিলাৰ দৰে ঊৰ্ধসুঁতিৰ উদ্যোগ আৰু আন্তঃগাঁথনি তথা সেৱাৰ দৰে নিম্নসুঁতিৰ উদ্যোগ উভয়তে এক চাহিদাৰ সৃষ্টি কৰিলে। থলুৱা ডিজাইন আৰু নিৰ্মাণ সক্ষমতাক আগবঢ়াই নিয়াৰ লগতে আনুষঙ্গিক বহুতো উদ্যোগৰ বিকাশ সম্ভৱ কৰি ২০০০ চিএছএল কৰ্মী আৰু আনুষঙ্গিক উদ্যোগত প্ৰায় ১২০০০ কৰ্মীৰ নিয়োগৰ পথ মুকলি কৰে।

 

জাহাজ মেৰামতিৰ ক্ষেত্ৰত ইণ্ডিয়ান নেভীৰ সৈতে কোচিন শ্বিপয়াৰ্ড লিমিটেডৰ এক দীঘলীয়া সম্পৰ্ক আছে আৰু ইণ্ডিয়ান নেভীৰ সকলো এয়াৰক্ৰাফ্ট কেৰিয়াৰৰ গুৰুতৰ কামকাজ কোচিন শ্বিপয়াৰ্ড লিমিটেডতে সম্পন্ন হয়। আইএচিৰ নিৰ্মাণৰ জৰিয়তে য়াৰ্ড আৰু ইণ্ডিয়ান নেভীৰ সম্পৰ্ক বহুগুণে বাঢ়িল।

 

"ভৌগোলিক সম্প্ৰসাৰণ আৰু সক্ষমতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত য়াৰ্ডলৈ কেন্দ্ৰীয় চৰকাৰে সকলো সহযোগিতা আগবঢ়াই আছে। মেৰিটাইম ইণ্ডিয়া ভিজন ২০৩০ৰ জৰিয়তে চৰকাৰে ভাৰতক জাহাজ নিৰ্মাণ আৰু জাহাজ মেৰামতিৰ এক স্থান হিচাপে গঢ়ি তোলাৰ লক্ষ্য ৰাখিছে, এই প্ৰচেষ্টাত চিএছএল হৈছে এক প্ৰধান সংগী", কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে কয়।

 

মন্ত্ৰীজনে চিএছএলৰ চৌহদত শ্বিপ মডেল ৰুম 'স্মৃতি' উদ্ঘাটন কৰে, যি চিএছএলৰ ৫০ বছৰৰ সমৃদ্ধ ইতিহাস দাঙি ধৰিছে। স্মৃতিয়ে যোৱা পাঁচটা দশকত চিএছএলে নিৰ্মাণ কৰা প্ৰধান জলযানবিলাক প্ৰদৰ্শন কৰিছে। চিএছএলৰ উচ্চ স্বীকৃত চিএছআৰ তৎপৰতাসমূহৰ ভিত্তিত এখন কফি টেবুল বুক মন্ত্ৰীজনে উন্মোচন কৰে।

 

এই ভ্ৰমণৰ সময়ত, মন্ত্ৰীজনে য়াৰ্ডৰ কামকাজৰ এক পৰ্যবেক্ষণ কৰে আৰু চিএছএলৰ জাহাজ নিৰ্মাণ আৰু জাহাজ মেৰামতিৰ ব্যৱস্থাপনা ভ্ৰমণ কৰে। মন্ত্ৰীজনে লগতে কোচিৰ উইলিংডন আইলেণ্ডত চিএছএলে প্ৰতিষ্ঠা কৰি থকা ইণ্টাৰনেচনেল শ্বিপ ৰিপেয়াৰ ফেচিলিটীও পৰিদৰ্শন কৰে।

 

****

 

MJPS/MS


(Release ID: 1768754) Visitor Counter : 163
Read this release in: English , Urdu , Hindi , Malayalam