নৌ-পৰিবহন মন্ত্ৰালয়

শ্ৰী সৰ্বানন্দ সোণোৱালে গুজৰাটৰ কান্দলাৰ দীনদয়াল বন্দৰত ভিন্ন ক্ষমতা বৃদ্ধি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিলে

Posted On: 19 OCT 2021 8:47PM by PIB Guwahati

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ ও জলমাৰ্গ আৰু আয়ুষ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে আজি কান্দলাৰ দীনদয়াল বন্দৰ (DPT) ত ভিন্ন ক্ষমতা বৃদ্ধি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ ভিতৰত আছেঃ

• ১২ মাহৰ ভিতৰত ৩৬ কোটি টকা ব্যয় সাপেক্ষে ২ টা গম্বুজ আকৃতিৰ গুদাম নিৰ্মাণ কৰা হ'ব যিয়ে আবৃত মজুত ক্ষমতা ১.৪৫ লাখ মেট্ৰিক টন বৃদ্ধি কৰিব।

• ৯৯ কোটি টকা ব্যয় সাপেক্ষে পুৰণি কান্দলাত ১৮ মাহ সময়ত ৮ টা অইল জেটি নিৰ্মাণ কৰা হ'ব আৰু বন্দৰৰ অনুকূল ক্ষমতা ৩.৫০ এমএমটিপিএ বৃদ্ধি কৰা হ'ব আৰু জাহাজসমূহৰ অপেক্ষাৰ ম্যাদৰ পৰিৱৰ্তনৰ সময় হ্ৰাস কৰা হ'ব।

• কেণ্টিন, গেৰেজ, বিশ্ৰামৰ আশ্ৰয়স্থল ইত্যাদিৰ দৰে আনুষাংগিক সুবিধা সমৃদ্ধ ট্ৰাক/বাহনৰ অৰ্থে পাৰ্কিং প্লাজা গঢ়ি তোলা হৈছে। ১৪.৫৯ কোটি টকা ব্যয়েৰে এই গেটসমূহত স্থাপন কৰা ইবিএছ ও আৰএফআইডিৰ দৰে ডিজিটেল পদক্ষেপৰ সৈতে সম্পৰ্কীয় গেটসমূহত বাহনৰ ভিৰ হ্ৰাস কৰাৰ অৰ্থে নথিপত্ৰৰ প্ৰি-গেট প্ৰমাণীকৰণৰ বাবে ইয়াক গঢ়ি তোলা যায়।

• কাৰ্যকৰী দক্ষতা আৰু বন্দৰত খোৱা তেল আৰু ৰাসায়নিক পদাৰ্থৰ সঞ্চালন ক্ষমতা উন্নত কৰাৰ বাবেও ১২৬.৫০ কোটি টকা ব্যয় সাপেক্ষে বৰ্তমানৰ পাইপলাইন নেটৱৰ্কৰ আধুনিকীকৰণ কৰা যায়। প্ৰকল্পটোৱে অনুকূল ক্ষমতা ৮ এমএমটিপিএৰপৰা ২৩.৮ এমএমটিপিএলৈ বৃদ্ধি কৰিব।

মন্ত্ৰীজনে মেচাৰ্ছ আইপিআৰচিএলে এলচি-২৩৬, কান্দলাত অব্যাহত ৰখা ৰ’ড-অ’ভাৰ-ব্ৰীজৰ কামৰ অগ্ৰগতি পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে এই সন্মানীয় আৰঅ’বি প্ৰকল্পৰ আধাৰশিলা প্ৰধানমন্ত্ৰীগৰাকীয়ে স্থাপন কৰিছিল। শ্ৰী সোণোৱালে তদুপৰি ভিন্ন আয়ুৰ্বেদিক উদ্ভিদৰ প্ৰতিপালনৰ বাবে ডিপিটিৰ ৰ’টাৰী ফৰেষ্টত "আয়ুষ বন" উদ্বোধন কৰে। তেওঁ নগৰাঞ্চলত সেউজীয়া আৱৰণ আৰু কচ্ছ অঞ্চলত গছৰ আৱৰণৰ ঘনত্ব বৃদ্ধিৰ অৰ্থে সেউজ-বেল্ট এলেকাত ডিপিটিয়ে আৱণ্টন জনোৱা ৩০ একৰ ভূমিত কৰা গছপুলি-ৰোপণ পৰিদৰ্শন কৰে।

শ্ৰী সৰ্বানন্দ সোণোৱালে নেভিগেশ্যনেল চেনেল, ৱাটাৰফ্ৰণ্ট আৰু প’ৰ্ট ফেচিলিটিৰাজি, ৰে'লৱে চাইডিং পৰিদৰ্শন কৰে আৰু ডিপিটিয়ে অব্যাহত ৰখা উন্নয়নমূলক কামৰ বুজ ল’বলৈ ১৬ নং কাৰ্গ’ জেটিলৈকে সমগ্ৰ ঘাট অঞ্চল পৰিদৰ্শন কৰে।

ইয়াৰ পিছত মন্ত্ৰীজনে প্ৰধানমন্ত্ৰীৰ গতি শক্তি আৰু ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনৰ দৃষ্টিৰ সৈতে সংগতি ৰাখি দীনদয়াল প’ৰ্ট ট্ৰাষ্টৰদ্বাৰা অব্যাহত ৰখা ভিন্ন উন্নয়নমূলক প্ৰকল্পৰাজিৰ সম্পৰ্কে সংবাদ মাধ্যমক অৱগত কৰে।  তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে ডিপিটিয়ে বন্দৰ ও সামুদ্ৰিক খণ্ডৰ লাভালাভৰ অৰ্থে এক্সিম কাৰ্গ’ৰ সুচল আৰু দ্ৰুত স্থানান্তৰৰ বাবে বিশ্বমানৰ আন্তঃগাঁথনিৰ সুবিধা আগবঢ়াই যাব। তেওঁ তদুপৰি ডিপিটিত কাম কৰি থকা ট্ৰেড ইউনিয়নসমূহৰ সৈতে বৈঠকত মিলিত হয় আৰু তেওঁলোকক তেওঁলোকৰ সকলো ন্যায্য দাবী সময়োচিতভাৱে পৰিপূৰণৰ আশ্বাস প্ৰদান কৰে।

শ্ৰী সোণোৱালে তদুপৰি ডিপিটিৰ বাৰ্থ নং ১১ ১২ত কেআইচিটি কণ্টেইনাৰ টাৰ্মিনেল পৰিদৰ্শন কৰে আৰু কন্টেইনাৰ আৰু ষ্টেকিং য়াৰ্ডৰ যান্ত্ৰিক সঞ্চালন প্ৰত্যক্ষ কৰে। ইয়াৰোপৰি তেওঁ কান্দলাৰ এমচিচি ভ্ৰমণ কৰে আৰু ডিজিএলএল আৰু অংশীদাৰসকলৰ বিষয়া-বৰ্গৰে বাৰ্তালাপৰ সময়ত কচ্ছৰ ভিটিএছ-গ’ল্ফৰ অপাৰেশ্যনেল ৰুম আৰু টাৱাৰ পৰিদৰ্শন কৰে।

চল্ট পেন লেণ্ড ভ্ৰমণৰ সমছোৱাত ডিপিটিৰ অধ্যক্ষ শ্ৰী এছ.কে. মেহতাই মন্ত্ৰীজনক নিমখ উৎপাদন প্ৰক্ৰিয়া সম্পৰ্কে অৱগত কৰে, যিয়ে দেশখনত নিমখ উৎপাদনলৈ বৃহৎ বৰঙণি যোগাই আহিছে। মন্ত্ৰীগৰাকীয়ে স্থানীয় চল্ট পেন শ্ৰমিক "আগৰিয়া পৰিয়াল"ৰ সৈতেও মত-বিনিময় কৰে। তদুপৰি তেওঁ ডিপিটিৰ টুনা ছেটেলাইট বন্দৰ পৰিদৰ্শন কৰে আৰু "পশুধন"ৰ ৰপ্তানিৰ অৰ্থে দেশীয় নিৰ্মিত জাহাজৰ পৰিচালনা পৰিদৰ্শন কৰে।

***

MJPS/MS/jk/SB



(Release ID: 1765416) Visitor Counter : 147