প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

১২ অক্টোবৰত ৰাষ্ট্ৰীয় মানবাধিকাৰ আয়োগৰ ২৮সংখ্যক প্রতিষ্ঠা দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্রধানমন্ত্রীয়ে

Posted On: 11 OCT 2021 12:10PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কাইলৈ (১২ অক্টোবৰ) পুৱা ১১বজাত ভিডিঅ’ কনফাৰেন্সিংযোগে ৰাষ্ট্ৰীয় মানবাধিকাৰ আয়োগৰ (এনএইচআৰচি) ২৮সংখ্যক প্রতিষ্ঠা দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব৷ অনুষ্ঠানত কেন্দ্রীয় গৃহমন্ত্রী আৰু এনএইচআৰচিৰ অধ্যক্ষও উপস্থিত থাকিব।

ৰাষ্ট্ৰীয় মানবাধিকাৰ আয়োগ (এনএইচআৰচি) সম্পর্কে

মানবাধিকাৰ সুৰক্ষা আৰু প্রসাৰৰ লক্ষ্যৰে ১৯৯৩ চনৰ মানবাধিকাৰ আইনৰ অধীনত ৰাষ্ট্ৰীয় মানবাধিকাৰ আয়োগ গঠন কৰা হয়। এই আয়োগে যি কোনো ধৰণৰ মানবাধিকাৰ উলংঘা ঘটনা খতিয়ান লোৱাৰ লগতে মানবাধিকাৰ উলংঘা হ’লে ক্ষতিগ্রস্ত লোকসকলক উপযুক্ত ক্ষতিপূৰণ প্ৰদানত সংশ্লিষ্ট কর্তৃপক্ষক পৰামৰ্শ আগবঢ়াব৷ একেদৰে, দোষী চৰকাৰী কর্মচাৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণৰ পৰামর্শ আগবঢ়াব৷

 

****

DS/SH/DB


(Release ID: 1764667)