প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘ভাৰতীয় উদ্যোগ পৰিসংঘ’(চিআইআই)ৰ বাৰ্ষিক সভা ২০২১ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

Posted On: 11 AUG 2021 6:38PM by PIB Guwahati

নমস্কাৰ জী,

ভাৰতৰ প্ৰগতিক গতি প্ৰদান কৰা উদ্যোগ জগতৰ দিগগজবৃন্দ, চিআইআই-ৰ সদস্যমণ্ডলীক নমস্কাৰ জনাইছো! কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ মোৰ জ্যেষ্ঠ সতীৰ্থসকল, চিআইআই-ৰ অধ্যক্ষ শ্ৰী টি ভি নৰেন্দ্ৰ্ জী, উদ্যোগজগতৰ নেতাসকল, এই কাৰ্যক্ৰমত উপস্থিত থকা অনেক দেশৰ ৰাজনেতাসকল, বিভিন্ন দেশত নিযুক্ত হৈ থকা ৰাষ্ট্ৰদূতসকল, উপস্থিত সজ্জনসকল!

পৃথিৱীজোৰা মহামাৰীৰ এই দুৰ্যোগৰ মাজত অনুষ্ঠিত আজিৰ এই সভা বাৰুকৈয়ে গুৰুত্বপূৰ্ণ। ইমান ডাঙৰ সংকটৰ মাজতো আমি চৰকাৰ আৰু ভাৰতৰ উদ্যোগ জগতৰ ঐক্য শক্তিশালী হোৱাও দেখিবলৈ পাইছো। মাস্ক, পিপিই কিট, ভেণ্টিলেটৰ-ৰ পৰা টীকাকৰণ পৰ্যন্ত, দেশক যিয়েই প্ৰয়োজন হৈছে, যেতিয়াই প্ৰয়োজন হৈছে, উদ্যোগজগতে আগবাঢ়ি আহি যথা সম্ভৱ সহযোগিতা আগবঢ়াইছেই। উদ্যোগজগতৰ সকলো বন্ধু, সকলো সংগঠন ভাৰতৰ ‘গ্ৰ’থ ষ্টৰী’-ৰ বহুত ডাঙৰ অংশ হৈ আহিছে। আপোনালোক আটাইৰে প্ৰয়াসৰেই ভাৰতৰ অৰ্থনীতিয়ে এতিয়া আকৌ গতি লাভ কৰিবলৈ সক্ষম হৈছে। এতিয়া চাগৈ কদা-কাদচিতহে এনে দিন আহে যেতিয়া  নতুন ‘অপৰ্চুনিটী’ক লৈ কোনোবা নহয় কোনোবা ‘চিইঅ’’-ৰ মন্তব্য নহাকৈ থাকে। তথ্য প্ৰযুক্তি ক্ষেত্ৰত ‘ৰেকৰ্ড হায়াৰিং’ক লৈয়ো আমি প্ৰতিবেদন দেখিছো। এইখন দেশত ‘ডিজিটেলাইজেশ্যন’ আৰু চাহিদাৰ ‘গ্ৰ’থ’ৰে পৰিণাম হয়। এনেকুৱা পৰিস্থিতিত আমাৰ প্ৰয়াস এই নতুন সুযোগক গ্ৰহণ কৰি, নিজৰ লক্ষ্যৰ দিশে দুগুণ গতিৰে আগবাঢ়ি যোৱাৰ হোৱা উচিত।

বন্ধুসকল,

চিআইআই-ৰ বৈঠক এইবেলি ৭৫সংখ্যক স্বাধীনতা দিৱসৰ উদযাপনৰ মাজত, ‘স্বাধীনতাৰ অমৃত মহোত্সৱ’ৰ মাজত অনুষ্ঠিত হৈছে। এয়া বহুত ডাঙৰ উপলক্ষ, ভাৰতীয় উদ্যোগ জগতৰ নতুন সংকল্পৰ বাবে, নতুন লক্ষ্য গ্ৰহণৰ বাবে। ‘আত্মনিৰ্ভৰ ভাৰত অভিযান’ৰ সফলতাৰ বহুত ডাঙৰ দায়িত্ব, ভাৰতীয় উদ্যোগ জগতৰ ওপৰত আছে। আৰু মই আপোনালোকক ক’ব বিচাৰিছো যে চৰকাৰ আপোনালোকৰ লগত আছে, আপোনালোকৰ সকলো প্ৰয়াসৰ সৈতে আছে। আজি দেশত উন্নয়ণৰ বাবে যি পৰিৱেশৰ সৃষ্টি হৈছে, নিজৰ সামৰ্থ্য প্ৰতি যি বিশ্বাসৰ সৃষ্টি হৈছে, ভাৰতীয় উদ্যোগ জগতে তাৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰা উচিত। বিগত বছৰচেৰেকত ভাৰতত যি পৰিৱৰ্তনৰ ধাৰা আৰম্ভ হৈছে, সেয়া লাগিলে চৰকাৰৰ চিন্তাধাৰালৈ অহা পৰিৱৰ্তনেই হওক, চৰকাৰৰ মনোভাৱ আৰু ‘এপ্ৰোচ’য়েই হওক, চৰকাৰী ব্যৱস্থাৱলীৰ কাম কৰাৰ পদ্ধতিয়েই হওক, সেয়াতো আপোনোলোক আটায়ে অনুভৱ কৰিছেই, দেখিয়েই আছে, হৃদয়ংগম কৰিয়েই আছে। আজিৰ নতুন ভাৰত, নতুন পৃথিৱীৰ সৈতে চলা-ফিৰা কৰিবলৈ সাজু আছে, তত্পৰ হৈ আছে। যিখন ভাৰত বিদেশী বিনিয়োগৰ ক্ষেত্ৰত আশংকিত আছিল, আজি সেই ভাৰতেই সকলো প্ৰকাৰৰ বিনিয়োগক স্বাগত জনাইছে। যিখন ভৰতৰ কৰৰে জড়িত নীতিসমূহক লৈ বিনিয়োগকাৰীসকল হতাশ হৈছিল, আজি সেইখন ভাৰততেই কেৱল পৃথিৱীৰ সকলোতকৈ ‘কম্পিটিটিভ ক’ৰ্পোৰেট টেক্স’য়েই উপলব্ধ নহয়, বৰং ‘ফে’চলেছ টেক্স ছীষ্টেম’ও উপলব্ধ হয়।

যিখন ভাৰতৰ দস্তাবেজসমূহত, কাগজ-পত্ৰত, আইন-কানুনত আমোলাতান্ত্ৰিক মেৰ-পেচৰ পয়োভৰৰ কথা সদায়ে শুনা গৈছিল, সেইখন দেশেই এতিয়া ‘ইজ অব ডুয়িং বিজনেছ’-ৰ ক্ষেত্ৰত পৃথিৱীৰ বহু দেশক পিচ পেলাই এক দীঘলীয়া জাপ মাৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা গৈছে। য’ত বছৰ বছৰ ধৰি শ্ৰমিক পৰিক্ৰমা, উদ্যোগ সম্পৰ্কীয় কাম-কাজৰ বাবে  নানা ধৰণৰ আইন-কানুনৰ মেৰপেচ অতিক্ৰমণৰ বিড়ম্বনা সহ্য কৰিবলগীয়া হৈছিল, সেইখন দেশতে এতিয়া ডজনে ডজনে শ্ৰম আইন কেৱল ৪খন শ্ৰম আইনত সমাহিত কৰা হৈছে। য’ত কৃষিক কেৱল জীয়াই থকাৰ সাধন হিচাপেই গণ্য কৰি অহা হৈছিল, সেইখন দেশতে এতিয়া কৃষিখণ্ডলৈ ঐতিহাসিক সংস্কাৰৰ জৰিয়তে ভাৰতীয় কৃষকৰাইজক দেশ-বিদেশৰ বজাৰেৰে প্ৰত্যক্ষ ভাবে জড়িত কৰাৰ প্ৰয়াস কৰি থকা হৈছে। এই সকলো প্ৰকাৰৰ প্ৰয়াসৰ পৰিণতিতে আজি ভাৰতত অভিলেখ পৰিমাণৰ ‘প্ৰত্যক্ষ বিদেশী বিনিয়োগ’ সম্ভৱ হোৱাৰ উপৰি ‘এফপিআই’তো নতুন অভিলেখ স্থাপিত হৈছে। আজি দেশৰ ‘বিদেশী মুদ্ৰা ভাণ্ডাৰো’ সৰ্বাকালৰ সৰ্বাধিক পৰ্যায়ত সমৃদ্ধ হৈছে।

বন্ধুসকল,

নতুন ভাৰতৰ ‘থত প্ৰ’চেছ’ বাৰু কি, তাৰ এটা উদাহৰণ মই আপোনালোকৰ আগত দাঙি ধৰিব খুজিছো। এটা সময় আছিল আমি সকলো বিদেশী বস্তুকে উন্নত বুলি ভাবিবলৈ লৈছিলো। এই মানসিকতাৰ পৰিণতি কি হৈছিল চাওকচোন, এয়া আপোনালোকৰ দৰে উদ্যোগক্ষেত্ৰৰ দিগগজসকলে বাৰুকৈয়ে বুজি পাই, নহয় জানো! আমাৰ নিজৰ ব্ৰেণ্ডসমূহো, যিবোৰ ব্ৰেণ্ড আমি বছৰ বছৰ ধৰি কৰা পৰিশ্ৰমৰ ফলত মূৰ দাঙি, উঠিছিল সেইবোৰকো আনকি বিদেশী নামেৰেহে প্ৰচাৰিত কৰাৰ ব্যৱ্স্থা কৰা হৈছিল। আজি স্থিতি দ্ৰুতগতিত সলনি হৈছে। আজি দেশবাসীৰ আগ্ৰহ, ভাৰতত তৈয়াৰী সামগ্ৰীৰ প্ৰতিহে অধিক হোৱা দেখা গৈছে। কোম্পানী ভাৰতীয় হ’বই লাগিব বুলিও কোনো কথা নাই, পিচে আজি প্ৰতিগৰাকী ভাৰতীয়ই ভাৰতত তৈয়াৰী সামগ্ৰীহে কিনিব বিচাৰে। অৰ্থাত্, দেশে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰি লৈছেই, এতিয়া উদ্যোগজগতে এই সিদ্ধান্তক সাৰোগত কৰি নিজৰ নীতি প্ৰস্তুত কৰিব লাগিব, ৰণকৌশল তৈয়াৰ কৰিব লাগিব। ‘আত্মনিৰ্ভৰ ভাৰত অভিযান’ত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত ইয়ে আপোনালোকক বহুত সহায় কৰিব।

দ্বিতীয় এটা ‘ফেক্টৰ’ হৈছে, যাৰ প্ৰতিও আপোনালোকে মনোযোগ দিয়া উচিত হ’ব। সেয়া হৈছে, ভাৰতবাসীৰ বৃদ্ধি পোৱা আত্মবিশ্বাস। এই আত্মবিশ্বাসক আমি সকলো ‘চেক্টৰ’তে দেখি আহিছো। এতিয়া অলপতে অলিম্পিকৰ পথাৰত ইয়াৰ অনুভৱ কৰিব পৰা গৈছিল। আজি ভাৰতৰ যুৱক-যুৱতীয়ে যেতিয়া খেলপথাৰত নামে, তেওঁলোকৰ মনত সেই ভীতিগ্ৰস্ততা নাথাকে। তেওঁলোকে পৰিশ্ৰম কৰিব বিচাৰে, তেওঁলোকে ৰিস্ক ল’ব বিচাৰে, তেওঁলোকে ফলাফল নিশ্চিত কৰিব বিচাৰে। ‘য়েছ, উই বিলং টু দিছ প্লেচ’- এই ভাৱ আজি আমি আমাৰ যুৱ প্ৰজন্মৰ মাজত দেখিছো। এনেধৰণৰ আত্মবিশ্বাস আজি ভাৰতৰ ‘ষ্টাৰ্টআপ’সমূহৰ মাজতো দেখিবলৈ পোৱা যায়। আজি ‘ইউনিকৰ্ণ’সমূহ ভাৰতৰ নতুন পৰিচিতি হ’বলৈ ধৰিছে। ৭-৮ বছৰৰ আগতে ভাৰতত ৩-৪টামান ‘ইউনিকৰ্ণ’ আছিল। আজি ভাৰতত প্ৰায় ৬০টামান ‘ইউনিকৰ্ণ’ আছে। ইয়াৰে ২১টা ‘ইউনিকৰ্ণ’তো যোৱা কেইটামান মাহৰ ভিতৰতে গঢ়ি উঠিছে। আৰু এই কথা আপোনালোকেও চাগৈ লক্ষ্য কৰিছে যে এই ‘ইউনিকৰ্ণ’সমূহ, বেলেগ বেলেগ খণ্ডৰ পৰা উদ্ভাসী উঠিছে। স্বাস্থ্য-প্ৰযুক্তি, সামাজিক বাণিজ্য আদি ক্ষেত্ৰত ‘ইউনিকৰ্ণ’ গঢ়ি উঠা কথাই এই সংকেতকে দিছে যে ভাৰতত সকলো পৰ্যায়তে কিমান পৰিৱৰ্তন সম্ভৱ হৈছে। বাণিজ্যত ‘ৰিস্ক’ লোৱাৰ প্ৰবৃত্তি, নিজৰ সামৰ্থ্যৰ ওপৰত ভৰসা কৰাৰ প্ৰবৃত্তি নিৰন্তৰ বাঢ়িবলৈ লৈছে। ইমান ডাঙৰ মহামাৰীৰ মাজতো আমাৰ ‘ষ্টাৰ্টআপ’সমূহৰ আকাংক্ষাই শীৰ্ষাৰোহণ কৰিছে। বিনিয়োগকাৰীৰ তৰফৰ পৰাও ভাৰতীয় ‘ষ্টাৰ্টআপ’সমূহৰ বাবে অভিলেখ পৰিমাণৰ সঁহাৰি দেখিবলৈ পোৱা গৈছিল।

‘ষ্টাৰ্টআপ’সমূহৰ অভিলেখ পৰিমাণৰ তালিকাভুক্তিয়ে ভাৰতীয় কোম্পানী আৰু ভাৰতীয় বজাৰসমূহৰ বাবে এটা নতুন যুগৰ শুভাৰম্ভ কৰিছে। ইয়ে এই কথাকো প্ৰতিপন্ন কৰে যে ভাৰতৰ হাতত উন্নয়ণৰ অসাধাৰণ সুযোগ উপলব্ধ আছে, ‘ট্ৰিমেণ্ডাছ ৰেছপন্ছ’ উপলব্ধ হৈছে।

বন্ধুসকল,

প্ৰযুক্তিক লৈ আজি দেশত যি উত্সাহ দেখিবলৈ পোৱা গৈছে, সিয়ে চৰকাৰক দ্ৰুত গতিৰে সংস্কাৰৰ বাবে পদক্ষেপ গ্ৰহণৰ বাবে অনুপ্ৰাণিত কৰিছে। যিসমূহ সংস্কাৰ আমি কৰিছো সেয়া কিন্তু সহজ সিদ্ধান্ত নাছিল, এয়া কোনো সাধাৰণ পৰিৱৰ্তন নাছিল। এই সকলো সংস্কাৰৰ বাবে দশক দশক ধৰি আহ্বানৰ জোৱাৰ উঠিয়েই আহিছিল, ইয়াৰ প্ৰয়োজনীয়তাৰ কথা সকলোৱেই উচ্চাৰিত কৰিছিল। ইয়াৰ সন্দৰ্ভত কথা-বতৰাটো বাৰুকৈয়ে কৰা হৈছিল, কিয়নো এই কথা মানি লোৱা হৈছিল যে এই পৰিৱৰ্তন সাধন কৰাতো দৰাচলতেই কঠিন কাম হয়। কিন্তু আপোনালোকেও দেখিছে যে আমি সেই সিদ্ধান্তকে কেনেকৈ সম্পূৰ্ণ দৃঢ়তাৰ সৈতে কৰিলো আৰু মহামাৰীৰ ধামখুমীয়াৰ মাজতো সংস্কাৰৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছো। আৰু আপোনালোকে এয়াও দেখিছে যে দেশে কেনেকৈ এই সংকল্প সাৰোগত কৰি লৈছে। যেনেকৈ বাণিজ্যিক কয়লা খননৰ শুভাৰম্ভ কৰা হৈছিল, ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণক মুকলিকৈ উত্সাহিত কৰা হৈছে, প্ৰতিৰক্ষা খণ্ডত বৃহত্ বৃহত্ সংস্কাৰৰ শুভাৰম্ভ কৰা হৈছে, মহাকাশ আৰু আণৱিক খণ্ডৰ দৰে ক্ষেত্ৰও ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰি দিয়া হৈছে। আজি ‘নন ষ্ট্ৰেটেজিক’ৰ লগতে ‘ষ্ট্ৰেটেজিক ছেক্টৰ’তো ব্যক্তিগত প্ৰতিষ্ঠানক সুযোগ প্ৰদান কৰা হৈছে, চৰকাৰৰ নিয়ন্ত্ৰণ সীমিত কৰা হৈছে। এনেধৰণৰ কঠিন সিদ্ধান্তই আজি সহজে সম্ভৱ কৰা হৈছে কিয়নো দেশে নিজৰ ব্যক্তিগত খণ্ডৰ ওপৰত, আপোনালোকৰ সকলোৰে ওপৰত ভৰসা কৰিছে। যেতিয়াই এই ক্ষেত্ৰসমূহত আমাৰ প্ৰতিষ্ঠানসমূহ সক্ৰিয় হ’ব তেতিয়াই ইয়াত সম্ভাৱনাসমূহো বিস্তাৰিত হ’ব। আমাৰ যুৱ-প্ৰজন্মৰ বাবে অধিকৰ পৰা অধিকতৰ সুযোগ উপলব্ধ হ’ব, উদ্ভাৱনাৰ এক নতুন যাত্ৰা আৰম্ভ হ’ব।

বন্ধুসকল,

আমাৰ উদ্যোগমূহৰ ওপৰত দেশে বিশ্বাস কৰাৰ পৰিণতিতেই আজি উত্তৰণ ঘটিছে। আজি ‘ইজ অব ডুয়িং বিজনেছ’ বাঢ়িবলৈ লৈছে, আৰু ‘ইজ অব লিভিং’-ৰ ক্ষেত্ৰতো উত্তৰণ ঘটিছে। কোম্পানী আইনত কৰা সংস্কাৰ ইয়াৰ বহুত ডাঙৰ উদাহৰণ বুলি চিহ্নিত হৈছে। আজি এনেধৰণৰ বহু প্ৰাবধানক ‘ডিক্ৰিমিনেলাইজ’ কৰা হৈছে, যিবোৰ এটা সময়ত আমাৰ উদ্যমীসকলৰ বাবে মূৰৰ বিষতকৈ কম নাছিল। সেইদৰেই, ‘এমএছএমই’ খণ্ডকো উত্সাহিত কৰাৰ বাবে বহুবোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে যি ইয়াক সীমিত কৰাৰ বাবে থকা বাধ্যবাধকতাৰ পৰা মুক্ত কৰিব। ৰাজ্যিক পৰ্যায়ৰ সংস্কাৰৰ প্ৰসংগতো আজি গুৰুত্ব আৰোপ কৰা হৈছে, ৰাজ্যসমূহকো অংশীদাৰিত্ব আগবঢ়োৱা হৈছে আৰু তেওঁলোকক অতিৰিক্ত ব্যয় কৰাৰ বাবে সহযোগিতা আগবঢ়োৱা হৈছে। ‘মে’ক ইন ইণ্ডিয়া’ৰ লগতে নিয়োগ আৰু ৰপ্টানীৰ গতি ত্বৰান্বিত কৰাৰ বাবে দেশে ‘পিএলআই’ আঁচনিসমূহ আৰম্ভ কৰিছে। এই সকলো সংস্কাৰ আজি এইকাৰণেই হ’বলৈ লৈছে আজি দেশত যি চৰকাৰ আছে, সেই চৰকাৰে এই সংস্কাৰ কেৱল বাধ্যবাধকতাৰ আধাৰত কৰা নাই, বৰং সংস্কাৰক আমি দায়বদ্ধতা বুলিয়ে স্বীকাৰ কৰিছো। আজিও আমাৰ সংস্কাৰৰ গতি ত্বৰান্বিত হৈয়ে আছে। এতিয়া সংসদৰ এই অধিৱেশনতে এনে বহুকেইখন বিধেয়ক পাৰিত কৰা হৈছে, যিয়ে দেশৰ এই প্ৰয়াসসমূহক আৰু গতি প্ৰদান কৰিব। ‘দি ফেক্টৰিং ৰেগুলেশ্যন এমেণ্ডমেণ্ট বিল’-য়ে সৰু সৰু বেহা-বেপাৰক ঋণ আহৰণৰ ক্ষেত্ৰত সহায় কৰিব। ‘ডিপ’জিট ইঞ্চোৰেন্স এণ্ড ক্ৰেডিট গেৰাণ্টী কৰ্পোৰেশ্যন এমেণ্ডমেণ্ট বিল’-য়ে ক্ষুদ্ৰ জমাকৰ্তাসকলৰ অধিকাৰসমূহক সুৰক্ষা প্ৰদান কৰিব। অলপতে মাথোঁ, আমি অতীতৰ ত্ৰুটিসমূহক আঁতৰাই ‘ৰেট্ৰোস্পেক্টিভ টেক্সেশ্যন’-কো সমাপ্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। এই সিদ্ধা্ন্তক লৈ উদ্যোগজগতত যিধৰণে আলোচনা হৈছে, ইয়াৰ ফলত উদ্যোগ আৰু চৰকাৰৰ মাজত বিশ্বাস আৰু শক্তিশালী হৈ উঠিব।

বন্ধুসকল,

আজি দেশত এনে এখন চৰকাৰ আছে যিয়ে দেশৰ হিতৰ বাবে ডাঙৰ ডাঙৰ ‘ৰিস্ক’ ল’বলৈও সাজু আছে। আপোনালোকৰ চাগৈ মনত আছে, ‘জিএছটি’-তো ইমান বছৰ ধৰি স্থবিৰ হৈয়ে ৰৈ গৈছিল, কাৰণ পূৰ্বৰ চৰকাৰে তেনেধৰণৰ ৰাজনৈতিক ‘ৰিস্ক’ লোৱাৰ সাহস গোটাবই পৰা নাছিল। আমি কেৱল ‘জিএছটি’ বলবতেই কৰা নাছিলো, বৰঞ্চ আজি আমি অভিলেখ পৰিমাণৰ ‘জিএছটি’ সংগ্ৰহৰ নিদৰ্শন দেখি আছো। এনে বহুবোৰ উদাহৰণ মই আপোনালোকক আঙুলিয়াই দিব পাৰো, উল্লেখ কৰিব পাৰো। আজি আপোনালোকৰ সন্মুখত এনে এখন চৰকাৰ আছে, যিয়ে সকলো বাধাকে অতিক্ৰমী আগুৱাই যোৱাৰ প্ৰয়াস কৰিছে, সকলো পৰিসীমাকে আঁতৰাই পঠাবলৈ প্ৰয়াস কৰিছে। আজি এনে এখন চৰকাৰ আছে, যিয়ে আপোনালোকক সুধি আছে যে ভাৰতীয় উদ্যোগজগতৰ শক্তি বঢ়োৱাৰ বাবে আৰু কি কৰিব লাগিব?

বন্ধুসকল,

আমাৰ পূৰ্বজসকলে কৈ গৈছে যে- “নৈংক চক্ৰং পৰিভ্ৰমতি”। অৰ্থাত্, ‘কেৱল এটা চকাৰে গাড়ী কেতিয়াও চলিব নোৱাৰে। সকলো চকাই ভালকৈ চলিব লাগিব’। সেয়ে, উদ্যোগেই ‘ৰিস্ক’ লোৱাৰ বাবে নিজৰ স্বাভাৱিক আগ্ৰহক আৰু অলপ বৃদ্ধি কৰাৰ প্ৰয়োজন আছে। ‘আত্মনিৰ্ভৰ ভাৰত’ৰ সংকল্পৰ সিদ্ধিৰ বাবে নতুন আৰু জটিল পথৰ নিৰ্বাচনো আমিয়েই কৰিব লাগিব। বিনিয়োগ আৰু ৰোজগাৰৰ গতি বঢ়োৱাৰ বাবে উদ্যোগজগতৰ পৰা দেশে বহুখিনি আশা কৰে। ৰাজহুৱা খণ্ডৰ ‘ফুটপ্ৰিণ্ট’কো ‘ৰেচনেলাইজ’ আৰু ‘মিনিমাইজ’ কৰাৰ বাবেও নতুন ‘পিএছই’ নীতিৰ জৰিয়তে নিৰ্ণায়ক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াত উদ্যোগৰ তৰফৰ পৰাও অধিকতৰ উত্সাহ আৰু উদ্দীপনা দেখুওৱা উচিত।

‘ৰাষ্ট্ৰীয় শিক্ষা নীতি’ৰ মাধ্যমৰে দেশে এক বহুত ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াত স্কুল, ‘স্কিল’ৰ পৰা গৱেষণা পৰ্যন্ত এক নতুন ‘ইক’ছীষ্টেম’ তৈয়াৰ কৰাৰ ভৰপূৰ ‘ৰোডমেপ’ অংকিত হৈছে। ইয়াতো উদ্যোগৰ এক সক্ৰিয় ভূমিকা অতিকে জৰুৰী। বিশেষকৈ গৱেষণা আৰু উন্নয়ণৰ শিতানত বিনিয়োগৰ পৰা আমি গম্ভীৰতাৰে কাম কৰিব লাগিব। ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বাবে, ‘আৰএণ্ডডি’ শিতানত আমাৰ বিনিয়োগ আমি বহু গুণে বৃদ্ধি কৰিব লাগিব আৰু এয়া কেৱল চৰকাৰী প্ৰয়াসৰেই সম্ভৱ নহয়। ইয়াত উদ্যোগজগতৰো বৃহত্ অংশীদাৰিত্ব থাকিব লাগিব। আমাৰ লক্ষ্য, ‘ব্ৰেণ্ড ইণ্ডিয়া’ক সবল কৰাটো হ’ব লাগিব। আমাৰ লক্ষ্য, দেশক সমৃদ্ধি আৰু সন্মান প্ৰদান কৰাৰ হ’ব লাগিব। এই লক্ষ্যৰ প্ৰাপ্তিৰ বাবে আমি নিজৰ অংশীদাৰিত্বক শক্তিশালী কৰিব লাগিব। মই আপোনালোকৰ সকলো সমস্যাৰ সমাধানৰ বাবে, আপোনালোকৰ সকলো পৰামৰ্শৰ বাবে সকলো সময়তে উপস্থিত আছো আৰু আগলৈও এয়া অব্যাহত ৰাখিম। মই আকৌ এবাৰ ‘স্বাধীনতাৰ অমৃত মহোত্সৱ’ৰ কাৰ্যকালত আপোনালোককো অনেক ‘অমৃত সংকল্প’ লোৱাৰ বাবে আহ্বান জনাই, আপোনালোকে নতুন সংকল্পৰে, নতুন উদ্দীপনাৰে আগুৱাই যোৱাৰ কামনা কৰিলো। আপোনালোক আটাইলৈকে বহুত বহুত শুভকামনা জনালো! ধন্যবাদ!

 

*****

 

DS/VJ/DK/AK/KB



(Release ID: 1746317) Visitor Counter : 214