প্ৰতিৰক্ষা মন্ত্ৰালয়

উত্তৰ ও পূব সীমান্ত অঞ্চলত বিআৰঅ’ এ নিৰ্মাণ কৰা ১২ টা পথ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিলে প্ৰতিৰক্ষা মন্ত্ৰীয়ে

পথসমূহে ৰাষ্ট্ৰীয় সুৰক্ষা ও উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি শ্ৰী ৰাজনাথ সিঙে কয়

Posted On: 17 JUN 2021 4:39PM by PIB Guwahati

প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে ২০২১ ৰ ১৭ জুনত উত্তৰ আৰু পূব সীমান্ত অঞ্চলত সীমান্ত পথ সংস্থা (BRO) ই নিৰ্মাণ কৰা ১২ টা পথ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। এই কাৰ্য্যসূচীত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডু, কেন্দ্ৰীয় যুৱ কল্যাণ ও ক্ৰীড়া (স্বতন্ত্ৰ দায়িত্ব), সংখ্যালঘু পৰিক্ৰমা আৰু আয়ুষ (স্বতন্ত্ৰ দায়িত্ব) দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজু আৰু ভাৰতৰ প্ৰতিৰক্ষা বাহিনীৰ প্ৰধান বিপিন ৰাৱট। ইয়াত উত্তৰ পূৰ্বাঞ্চল উন্নয়ন (স্বতন্ত্ৰ দায়িত্ব) দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ও প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয় (PMO) দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিং প্ৰমুখ্যে অন্যান্য বিশিষ্ট লোকসকলে ভাৰ্চুৱেলী অংশগ্ৰহণ কৰে।

অসমৰ লখিমপুৰ জিলাত আয়োজিত এটি কাৰ্য্যসূচীত, প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ২০-কিঃমিঃ দৈৰ্ঘ্যৰ কিমিন-পটিন দ্বৈত লেনযুক্ত পথৰ ই-উদ্বোধন কৰে তথা অৰুণাচল প্ৰদেশৰ নটা আন পথ আৰু কেন্দ্ৰীয় শাসিত লাডাখ আৰু জম্মু-কাশ্মীৰৰ এটাকৈ পথ উদ্বোধন কৰে। বিআৰঅ’ৰ ‘অৰুণাংক’, ‘ভৰ্তক’, ‘ব্ৰহ্মনাংক’, ‘উদয়াক’, ‘হিমাংক’ আৰু ‘সম্পৰ্ক’ প্ৰকল্পৰ অধীনত এই পথসমূহ নিৰ্মাণ কৰা হয়।

এই কাৰ্য্যসূচীত ভাষণ প্ৰদান কৰি, শ্ৰী ৰাজনাথ সিঙে বিশেষকৈ ক’ভিড-১৯ ৰ বাধা-আৰোপৰ মাজতে দেশখনৰ প্ৰত্যন্ত সীমান্ত অঞ্চলসমূহৰ আন্তঃগাঁথনি উন্নয়নত বৰঙণি যোগোৱাৰ বাবে বিআৰঅ’ক প্ৰশংসা কৰে। তেওঁ কয়, আজি উদ্বোধন কৰা পথসমূহে কৌশলী আৰু আৰ্থ-সামাজিক গুৰুত্ব বহন কৰিছে যিয়ে ৰাষ্ট্ৰীয় সুৰক্ষা সুদৃঢ়কৰণত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ সমান্তৰালভাৱে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নক উদ্দীপনা যোগাব। “এই পথসমূহ আমাৰ সশস্ত্ৰ বাহিনীসমূহৰ প্ৰয়োজনীয়তা পৰিপূৰণত সহায়ক হৈ উঠিব আৰু প্ৰত্যন্ত অঞ্চলসমূহলৈ মেডিচিন আৰু ৰেচনৰ দৰে প্ৰয়োজনীয়তাসমূহ সৰবৰাহত সহায়তা আগবঢ়াব,” তেওঁ কয়।

প্ৰতিৰক্ষা মন্ত্ৰীজনে লগতে কয় যে চৰকাৰখনৰ ‘এক্ট ইষ্ট নীতি’ ৰ অংশ হিচাপে এই পথ প্ৰকল্পসমূহ ৰূপায়ণ কৰা হৈছে যি নীতিৰ অধীনত সীমান্ত অঞ্চলসমূহৰ সামগ্ৰিক উন্নয়নত বিশেষ গুৰুত্ব আৰোপ কৰা যায়। তেওঁ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ-পূবৰ উন্নয়নৰ অৰ্থে চৰকাৰখনৰ সংকল্পৰ কথা পুনৰবাৰ উল্লেখ কৰি কয় যে অঞ্চলটো কেৱল দেশখনৰ সৰ্বাংগীন উন্নয়নেই নহয় বৰঞ্চ পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সৈতে ৰাষ্ট্ৰখনৰ সম্পৰ্কৰ বাবেই গেটৱে’।

শ্ৰী ৰাজনাথ সিঙে যোৱা বৰ্ষৰ গলৱান উপত্যকাৰ ঘটনাৰ সময়ত প্ৰদৰ্শন কৰা অনুকৰণীয় সাহস আৰু ৰাষ্ট্ৰখনৰ সেৱাত কৰা সৰ্বোচ্চ ত্যাগৰ বাবে জোৱানসকললৈ শ্ৰদ্ধা নিবেদন কৰে। তেওঁ কয়, ভাৰত এখনি শান্তি-প্ৰিয় ৰাষ্ট্ৰ কিন্তু আগ্ৰাসনৰ প্ৰতি প্ৰত্যুত্তৰ দিবলৈ ই সংকল্পবদ্ধ।

প্ৰতিৰক্ষা মন্ত্ৰীজনে তদুপৰি চৰকাৰখনৰদ্বাৰা সাধন কৰা কেতবোৰ গুৰুত্বপূৰ্ণ সংস্কাৰৰ কথা উল্লেখ কৰে। যথাঃ প্ৰতিৰক্ষা বাহিনীৰ প্ৰধানক নিযুক্তি, প্ৰতিৰক্ষা মেনুফেক্সাৰিঙত আত্ম-নিৰ্ভৰতা বৃদ্ধিৰ অৰ্থে ব্যৱস্থা গ্ৰহণ আৰু অৰ্ডিনেন্স ফেক্টৰী ব’ৰ্ড (OFB) ৰ নিগমীকৰণ (Corporatisation)। এই সংস্কাৰৰাজি ক্ষীপ্ৰ পৰিৱৰ্তনশীল সময়ত সামৰিক প্ৰস্তুতিত চিত্ৰপট পৰিৱৰ্তনকাৰী হিচাপে প্ৰমাণিত হৈছে বুলি তেওঁ কয়।

শ্ৰী ৰাজনাথ সিঙে প্ৰধানমন্ত্ৰীগৰাকীয়ে কল্পনা কৰা ‘আত্মনিৰ্ভৰ ভাৰত’ ৰ অধীনত প্ৰতিৰক্ষা মেনুফেক্সাৰিঙত ভাৰতক আত্ম-নিৰ্ভৰ কৰি তুলিবলৈ চৰকাৰখনৰ অবিৰাম প্ৰচেষ্টাৰাজিৰ কথা উল্লেখ কৰে। “আমি ভাৰতক প্ৰতিৰক্ষা মেনুফেক্সাৰিং কেন্দ্ৰ কৰি তুলিবলৈ সক্ৰিয়তাৰে কাম কৰি আছো। প্ৰতিৰক্ষা উৎপাদনত আত্ম-নিৰ্ভৰতাই আমদানিৰ ওপৰত আমাৰ নিৰ্ভৰশীলতা হ্ৰাস, ৰপ্তানি বৃদ্ধি আৰু আমাৰ অৰ্থনীতিক সুদৃঢ় কৰিব,” তেওঁ কয়।

সীমান্ত পথৰ সঞ্চালক প্ৰধান লেফটেনেন্ট জেনেৰেল ৰাজীৱ চৌধুৰীয়ে ভাষণ প্ৰদান কৰি বিআৰঅ’ৰ সফলতাসমূহৰ চমু অৱলোকন কৰে আৰু সীমান্ত অঞ্চলসমূহৰ আন্তঃগাঁথনিগত উন্নয়নৰ অৰ্থে সংস্থাটোৰ অংগীকাৰৰ কথা দোহাৰে।

 

***



(Release ID: 1728853) Visitor Counter : 228