স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ টীকাকৰণৰ শেহতীয়া স্থিতি

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ ২৬কোটি পালিৰো অধিক প্ৰতিষেধকৰ যোগান

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত দিব পৰাকৈ জমা আছে ১.৫৩কোটি পালিৰো অধিক প্ৰতিষেধক

प्रविष्टि तिथि: 13 JUN 2021 11:15AM by PIB Guwahati

ভাৰত চৰকাৰে দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ (বিনামূলীয়া আৰু প্ৰত্যক্ষ ভাবে ৰাজ্যৰ সংগ্ৰহ এই দুই শ্ৰেণীভুক্ত) এই পৰ্যন্ত ২৬কোটিৰো অধিক (২৬,৬৪,৮৪,৩৫০)পালি প্ৰতিষেধক যোগান ধৰিছে।

ইয়াৰে আধানাৰ্জি হোৱাকো ধৰি মুঠ ২৫,১২,৬৬,৬৩৭পালি (আজি পুৱা ৮বজা পৰ্যন্ত উপলব্ধ তথ্যানুসৰি) ব্যৱহৃত হৈছে।

ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ হাতত দিব পৰাকৈ এতিয়াও জমা আছে ১.৫৩কোটি পালিৰো অধিক(১,৫৩,৭৯,২৩৩) প্ৰতিষেধক।

.ইফালে, ৪লাখৰো অধিক(৪,৪৮,৭৬০) পালি প্ৰতিষেধক আগন্তুক তিনিটা দিনত ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে গ্ৰহণ কৰিব পৰাকৈ মোকলাই দিয়াৰ ব্যৱস্থা কৰা হৈছে।

****

MV/KB


(रिलीज़ आईडी: 1726855) आगंतुक पटल : 272
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Tamil , Malayalam , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Telugu , Kannada