PIB Headquarters
ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ বুলেটিন
Posted On:
07 JUN 2021 6:20PM by PIB Guwahati
#Unite2FightCorona
#IndiaFightsCorona
ক’ভিড-১৯ৰ সর্বশেষ তথ্য
ভাৰতত নতুন দৈনিক সংক্রমিত ১ লক্ষ জন; ৬১ দিনৰ ভিতৰত সর্বনিম্ন
ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ সংক্রমিত হৈছে ১,০০,৬৩৬ জন। যোৱা ২ মাহত যি সর্বনিম্ন। একেৰাহে ১১ দিন দৈনিক সংক্রমিতৰ সংখ্যা ২ লক্ষৰ কম। কেন্দ্র আৰু ৰাজ্য তথা কেন্দ্রশাসিত অঞ্চলসমূহৰ যৌথ উদ্যোগৰ ফলত ই সম্ভব হৈছে। দেশত চিকিৎসাধীন সংক্রমিতৰ সংখ্যা আজি ১৪,০১,৬০৯ জন। একেৰাহে ৭ দিন এই সংখ্যা ২০ লক্ষৰ কম। যোৱা ২৪ ঘণ্টাত চিকিৎসাধীন সংক্রমিতৰ পৰিমাণ কমিছে ৭৬,১৯০লৈ। বর্তমান দেশত মুঠ সংক্রমিতৰ মাত্র ৪.৮৫ শতাংশ সংক্রমিত। একেৰাহে ২৫ দিন নতুনকৈ সংক্রমিতৰ পৰা সুস্থ হৈ উঠাৰ সংখ্যা বেছি। যোৱা ২৪ ঘণ্টাত আৰোগ্যলাভ কৰিছে ১,৭৪,৩৯৯ জনে। পূৰ্বৰ দিনাৰ তুলনাত নতুনকৈ আৰু ৭৩,৭৬৩ জন অধিক সুস্থ হৈ উঠিছে। ইয়াৰ ফলত এই পর্যন্ত ২,৭১,৫৯,১৮০ জনে আৰোগ্যলাভ কৰিছে। দেশত সার্বিকভাবে কোভিড মুক্তিৰ হাৰ ৯৩.৯৪ শতাংশ।
যোৱা ২৪ ঘন্টাত দেশত ১৫,৮৭,৫৮৯ টা নমুনাৰ পৰীক্ষা কৰা হৈছে। এই পর্যন্ত দেশত ৩৬,৬৩,৩৪,১১১ টা নমুনা পৰীক্ষা কৰা হৈছে। এফালে যেনেকৈ নমুনা পৰীক্ষাৰ সংখ্যা বাঢ়িছে, আনফালে সংক্রমণৰ হাৰ নিম্নমুখী। আজি এই হাৰ ৬.৩৪ শতাংশ। একেৰাহে ১৪ দিন এই হাৰ ১০ শতাংশৰ কম।
সবিশেষ জানিবলৈঃ https://pib.gov.in/PressReleseDetail.aspx?PRID=1725008
কোভিড-১৯ টীকাকৰণৰ সর্বশেষ তথ্য
কেন্দ্রীয় চৰকাৰে এতিয়ালৈকে ৰাজ্য আৰু কেন্দ্রশাসিত অঞ্চলসমূহত ২৪ কোটিৰো বেছি টীকা সৰবৰাহ কৰিছে। আজি পুৱা ৮টা পর্যন্ত পোৱা তথ্য অনুযায়ী অপচয়সহ মুঠ ২৩ কোটি ১১ লক্ষ ৬৯ হাজাৰ ২৫১টা টীকাৰ ডোজ ব্যবহাৰ কৰা হৈছে। অতএব, এতিয়ালৈকে ৰাজ্য আৰু কেন্দ্রশাসিত অঞ্চলসমূহৰ হাতত ১ কোটি ৪৯ লক্ষৰো বেছি টীকাৰ ডোজ মজুত আছে।
সবিশেষ জানিবলৈঃ https://pib.gov.in/PressReleseDetail.aspx?PRID=1725005
কোভিড-১৯ৰ বিষয়ে মন্ত্রীগোষ্ঠীৰ ২৮তম বৈঠকত পৌৰোহিত্য কৰে ডাঃ হর্ষ বর্ধনে
কোভিড-১৯ বিষয়ে গঠিত উচ্চ পর্যায়ৰ মন্ত্রীগোষ্ঠীৰ ২৮তম বৈঠকত ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমত পৌৰোহিত্য কৰিছে কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী ডাঃ হর্ষ বর্ধনে। তেওঁকয় যে দেশত আৰোগ্যৰ হাৰ বৃদ্ধি পাই এতিয়া ৯৩.৯৪ শতাংশ হৈছেগৈ। যোৱা ২৪ ঘণ্টাত দৈনিক সংক্রমণ প্রায় ১ লক্ষলৈ নামি আহিছে, যিটো ৬১ দিনত সর্বনিম্ন। আজিৰ বৈঠকত স্বৰাষ্ট্র মন্ত্রকৰ উপৰিও একাধিক মন্ত্রকৰ মন্ত্রী আৰু প্রতিমন্ত্রীসকল উপস্থিত আছিল।
সবিশেষ জানিবলৈঃ https://pib.gov.in/PressReleseDetail.aspx?PRID=1725061
কেন্দ্রই ৰাজ্যসমূহক কো-উইন ২.০ত নিবন্ধীকৰণৰ বাবে সচিত্র পৰিচয়পত্র হিচাপে ইউনিক ডিজেবিলিটি আইডেন্টিফিকেচন কার্ডক (ইউডিআইডি) স্বীকৃতি দিবলৈ কৈছে
টীকাকৰণ প্রক্রিয়াক সার্বজনীন কৰি তোলাৰ বাবে কেন্দ্রৰ নিৰন্তৰ প্রচেষ্টাৰ ই এক অঙ্গ।
কেন্দ্রই ১৬ জানুৱাৰীৰ পৰা কার্যকৰী টীকাকৰণ কর্মসূচী নিশ্চিত কৰাৰ বাবে ৰাজ্য আৰু কেন্দ্রশাসিত অঞ্চলসমূহৰ সৈতে একত্ৰিত হৈ কাম কৰিছে। দেশজুৰি বিভিন্ন শ্রেণীৰ মানুহৰ টীকাকৰণ নিশ্চিত কৰিবলৈ কেন্দ্রীয় চৰকাৰে কো-উইন ডিজিটেল প্ল্যাটফর্ম প্ৰস্তুত কৰিছে। কোভিড টীকাকৰণ পদ্ধতিত এই প্ল্যাটফর্ম মূল কাৰিকৰী চালিকাশক্তি। কেন্দ্রীয় চৰকাৰে টীকাকৰণক সার্বজনীন কৰাৰ বাবে প্রতিনিয়ত যি উদ্যোগ গ্ৰহণ কৰিছে তাৰেই অঙ্গ হিচাপে ৰাজ্য আৰু কেন্দ্রশাসিত অঞ্চলসমূহলৈ স্বাস্থ্য মন্ত্রকে আজি এখন চিঠি পঠিয়াইছে। এই চিঠিত ইউনিক ডিজেবিলিটি আইডেন্টিফিকেচন কার্ডক (ইউডিআইডি) কো-উইন প’র্টেলত নাম নিবন্ধীকৰণৰ বাবে স্বীকৃতি দিবলৈ কৈছে। দ্বিতীয়তে মার্চত কো-উইন ২.০ সংক্রান্তীয় নির্দেশাবলীত টীকাকৰণত ব্যৱহাৰ কৰাৰ বাবে সাত ধৰণৰ সচিত্র পৰিচয়পত্রৰ কথা কোৱা হৈছিল। ৰাজ্য আৰু কেন্দ্রশাসিত অঞ্চলসমূহলৈ লিখা চিঠিত স্বাস্থ্যমন্ত্রকে জনাইছে, সামাজিক ন্যায় আৰু ক্ষমতায়ণ দপ্তৰৰ ভিন্নভাবে সক্ষমসকলৰ ক্ষমতায়ণ দপ্তৰে যি সচিত্র পৰিচয়পত্র দিয়ে তাত সংশ্লিষ্ট ব্যক্তিৰ নাম, জন্মৰ বছৰ, লিঙ্গ আৰু ছবি থাকিব- যি কোভিড-১৯ টীকাকৰণত চিনাক্তকৰণৰ বাবে সকলো চর্তই পূৰণ কৰিব। সেয়ে কো-উইনত ভিন্নভাবে সক্ষম ব্যক্তিসকলৰ টীকাকৰণৰ সময়ত ইউডিআইডিক যুক্ত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ বাবে কো-উইন প’র্টেলত শীঘ্রেই পৰিবর্তন কৰা হ’ব। কেন্দ্রীয় স্বাস্থ্য মন্ত্রকে ৰাজ্য আৰু কেন্দ্রশাসিত অঞ্চলসমূহক ইউডিআইডি কার্ডৰ বিষয়ে প্রয়োজনীয় প্রচাৰ চলাবলৈ পৰামর্শ দিছে।
সবিশেষ জানিবলৈঃ https://pib.gov.in/PressReleseDetail.aspx?PRID=1725057
পিআইবিৰ ফিল্ড ইউনিটৰ পৰা পোৱা ইনপুট
কেৰালা : এই পর্যন্ত মুঠ ১ কোটি ৩ লক্ষ ৮২ হাজাৰ ৭৬৫ জনক টীকা দিয়া হৈছে। নতুনকৈ ১৪ হাজাৰ ৬৭২ জন কৰোণা আক্রান্ত হৈছে কালি।
তামিলনাডু : এই পর্যন্ত ৰাজ্যত পৰীক্ষা কৰাৰ পিছত সংক্রমিত ৰোগীৰ সংখ্যা ২২ লক্ষ ৩৭ হাজাৰ ২৩৩ জন। দেওবাৰে আকৌ ২০ হাজাৰ ৪২০ জন নতুনকৈ আক্রান্ত হৈছে।
কর্ণাটক : দেওবাৰে ১২ হাজাৰ ২০৯ জন নতুনকৈ কৰোণা আক্রান্ত হৈছে। মৃত্যু হৈছে আৰু ৩২০ জনৰ। এই পর্যন্ত মুঠ ১ কোটি ৫১ লক্ষ ১২ হাজাৰ ৭৪৪ জনক কোভিড টীকা দিয়া হৈছে।
অন্ধ্রপ্রদেশ : ২৪ ঘণ্টাত ৮ হাজাৰ ৯৭৬ জন নতুনকৈ কৰোণা আক্রান্ত হৈছে। মৃত্যু হৈছে আকৌ ৯০ জনৰ। মুঠ ১ কোটি ৮ লক্ষ ৫২ হাজাৰ ৫৭ জনক কোভিড টীকা দিয়া হৈছে।
তেলেঙ্গানা : কালি ১ হাজাৰ ৪৩৬ জন নতুনকৈ কৰোণা আক্রান্ত হৈছে। মৃত্যু হৈছে আকৌ ১৪ জনৰ। ৰাজ্যখনত আৰোগ্যৰ হাৰ ৯৩.৬২ শতাংশ।
মহাৰাষ্ট্র : ২৪ ঘণ্টাত ১২ হাজাৰ ৫৫৭ জন নতুনকৈ কৰোণা আক্রান্ত হৈছে। মৃত্যু হৈছে আৰু ২৩০ জনৰ।
গুজৰাট : এই পর্যন্ত মুঠ ১ কোটি ৮৪ লক্ষ ৪ হাজাৰ ৬৫৪ জনক টীকা দিয়া হৈছে। ৰাজ্যখনত আৰোগ্যৰ হাৰ ৯৬ শতাংশৰ অধিক।
ৰাজস্থান : দেওবাৰে নতুনকৈ আকৌ ৯০৪ জন কৰোণা আক্রান্ত হৈছে। ৰাজ্যখনত ৩০ জুন পর্যন্ত বিবাহ অনুষ্ঠান নিষিদ্ধ কৰা হৈছে।
মধ্যপ্রদেশ : ২৪ ঘণ্টাত আকৌ ৭৩৫ জন কৰোণা আক্রান্ত হৈছে। মৃত্যু হৈছে আৰু ৪২ জনৰ।
ছত্তিশগড় : কালি আকৌ ৯৯৯ জন নতুনকৈ কৰোণা আক্রান্ত হৈছে। সংক্রমণৰ হাৰ ৩ শতংশৰ তললৈ নামি আহিছে।
গোৱা : দেওবাৰে ৪০৩ জন নতুনকৈ আক্রান্ত হৈছে। মৃত্যু হৈছে আৰু ১৬ জনৰ।
অসম : ২৪ ঘণ্টাত আকৌ ৩৭ জনে কৰোণা আক্রান্ত হৈ মৃত্যু হৈছে। নতুনকৈ আক্রান্ত হৈছে ২ হাজাৰ ২২৮ জন।
মণিপুৰ : ২৪ ঘণ্টাত ৮২৩ জন নতুনকৈ আক্রান্ত হৈছে। মৃত্যু হৈছে আকৌ ৯ জনৰ।
নাগালেণ্ড : দেওবাৰে আৰু ৪ জনৰ মৃত্যু হৈছে আৰু নতুনকৈ কৰোণা আক্রান্ত হৈছে আকৌ ৭৭ জন।
ত্রিপুৰা : ২৪ ঘণ্টাত ৬৫৪ জন নতুনকৈ কৰোণা আক্রান্ত হৈছে। মৃত্যু হৈছে আকৌ ৬ জনৰ।
ছিক্কিম : দেওবাৰে নতুনকৈ আৰু ৩৪০ জন কোভিড-১৯ আক্রান্ত হৈছে।
মেঘালয় : দেওবাৰে আকৌ ১২ জনৰ মৃত্যু হৈছে। এই লৈ মৃতৰ সংখ্যা হৈছেগৈ ৬৬৪। ১৮ৰ পৰা ৪৪ বছৰ বয়সীয়াসকলৰ টীকাকৰণৰ বাবে শ্লট বুকিং-ৰ অনুমতি দিছে মেঘালয় চৰকাৰে।
পাঞ্জাব : ৰাজ্যখনত সক্রিয় ৰোগীৰ সংখ্যা ৫ লক্ষ ৭৯ হাজাৰ ৫৬০ জন। মুঠ মৃত্যু হৈছে ১৫ হাজাৰ ৭৬ জনৰ।
হাৰিয়ানা : এই পর্যন্ত ৭ লক্ষ ৬২ হাজাৰ ২৯১ জনৰ নমুনা পৰীক্ষাত সংক্রমণ ধৰা পৰিছে। মুঠ মৃত্যু হৈছে ৮ হাজাৰ ৭১২ জনৰ।
চণ্ডীগড় : মুঠ মৃত্যু হৈছে ৭৭২ জনৰ। সক্রিয় ৰোগীৰ সংখ্যা ৮৩৩।
হিমাচলপ্রদেশ : এই পর্যন্ত ১ লক্ষ ৯৪ হাজাৰ ৭৪২ জনৰ নমুনা পৰীক্ষাত সংক্রমণ ধৰা পৰিছে। মুঠ মৃত্যু হৈছে ৩ হাজাৰ ২৬৩ জনৰ।
****
(Release ID: 1725822)
Visitor Counter : 156