PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ বুলেটিন

Posted On: 04 JUN 2021 7:16PM by PIB Guwahati

#Unite2FightCorona

#IndiaFightsCorona

প্ৰেছ ইনফৰমেচন ব্যুৰ

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

ভাৰত চৰকাৰ

Image

ভিড-১৯ৰ শেহতীয়া তথ্য

  • চিকিৎসাধীন লোকৰ সংখ্যা ক্ৰমে হ্ৰাস পাই ভাৰতৰ চিকিৎসাধীন ৰোগীৰ সংখ্যা ১৬,৩৫,৯৯৩; একেৰাহে ৮দিন ধৰি ২লাখতকৈ কম হৈছে
  • বিগত ২৪ ঘণ্টাতে চিকিৎসাধীন ৰোগী ৭৭,৪২০জন হ্ৰাস পাইছে৷
  • দৈনিক হ্ৰাসৰ ধাৰাবাহিকতা অব্যাহত ৰাখি বিগত ২৪ ঘণ্টাত ১.৩২লাখ লোক আক্ৰান্ত হৈছে
  • এতিয়ালৈকে দেশত ২.৬৫ কোটি লোক কভিডৰ পৰা আৰোগ্য হৈছে
  • বিগত ২৪ ঘণ্টাত ২,০৭,০৭১ জন ৰোগী আৰোগ্য হৈছে
  • একেৰাহে ২২দিন ধৰি দৈনিক নতুন নতুন আক্ৰান্ত ৰোগীতকৈ আৰোগ্যৰ সংখ্যা অধিক হৈছে
  • ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৯৩.০৮%লৈ উন্নীত হৈছে
  • সাপ্তাহিক পজিটিভিটিৰ হাৰ ৭.২৭%হৈছে
  • দৈনিক পজিটিভিটিৰ হাৰ ৬.৩৮% হৈছে, একেৰাহে ১১দিন এই হাৰ ১০%তকৈ কম হৈছে
  • ভিড পৰীক্ষণৰ সক্ষমতা ক্ৰমে বৃদ্ধি কৰি ৩৫.৭ কোটিলৈ বৃদ্ধি কৰা হৈছে
  • এতিয়ালৈকে ৰাষ্ট্ৰজোৰা টিকাকৰণ অভিযানৰ অধীনত ২২.৪১ কোটি ভেকটিন ডজ প্ৰদান কৰা হৈছে

 

চিএছআইআৰ ছচাইটিৰ বৈঠকত অধ্যক্ষতা কৰিলে প্রধানমন্ত্রীয়ে

আমি এই দশকৰ লগতে পৰৱৰ্তী দশকৰ চাহিদা পূৰণত প্রয়োজনীয় প্রস্তুতি হাতত লব লাগিবঃ প্রধানমন্ত্রী

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ কনফাৰেন্সযোগে বিজ্ঞান আৰু উদ্যোগ গৱেষণা পৰিষদ ছচাইটিৰ বৈঠকত অধ্যক্ষতা কৰে৷ এই উপলক্ষে প্রধানমন্ত্রীয়ে কয় যে এই শতিকাত কৰোনা মহামাৰী আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হিচাপে ধৰা দিছে। কিন্তু অতীতত যেতিয়া মানৱ সভ্যতাৰ কোনো ডাঙৰ সংকট দেখা দিছিল বিজ্ঞানে তেতিয়াই উন্নত ভৱিষ্যৎ গঢ়ি তোলাৰ বাবে প্রয়োজনীয় ব্যৱস্থা হাতত লৈছে। বিজ্ঞানৰ মূল বৈশিষ্ট্য হল সংকটৰ সময় সমস্যাৰ সমাধান আৰু বিভিন্ন সংকটত যিবোৰ সম্ভাৱনা দেখা দিব সেইবোৰ কামত লগোৱাৰ বাবে নতুন ব্যৱস্থা গঢ়ি তোলা।.

অধিক বিৱৰণৰ বাবে https://www.pib.gov.in/PressReleasePage.aspx?PRID=1724359

 

অক্সিজেন কনচেনট্ৰেটৰৰ বাণিজ্যিক দৰ নিয়ন্ত্ৰণ কৰিব চৰকাৰে

ভিড-১৯ মহামাৰীৰ বাবে সৃষ্টি হোৱা অভাৱনীয় পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত চৰকাৰে অক্সিজেন কনটেনট্ৰেটৰৰ দাম নিয়ন্ত্ৰণ কৰাৰ সিদ্ধান্ত লৈছে৷

অধিক বিৱৰণৰ বাবে: https://www.pib.gov.in/PressReleasePage.aspx?PRID=1724330

 

ভিড-১৯ৰ টিকাকৰণৰ শেহতীয়া তথ্য

ভাৰত চৰকাৰে এতিয়ালৈকে বিনামূলীয়া আৰু ৰাজ্য সমূহে নিজে ক্ৰয় কৰাকে ধৰি মুঠ ২৪ কোটি ভেকচিন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ প্ৰেৰণ কৰিছে৷ ইয়াৰে আজি পুৱালৈকে ২২.৭৭কোটি ভেকচিন ব্যৱহাৰ হৈছে৷

অধিক বিৱৰণৰ বাবে: https://www.pib.gov.in/PressReleasePage.aspx?PRID=1724292

 

ভিড-১৯ৰ বাবে ভাৰতত আৱদ্ধ হৈ থকা বিদেশী নাগৰিকৰ ভাৰতীয় ভিছাৰ ম্যাদ উকলি গলেও তাৰ ম্যাদ ৩১.০৮.২০২১লৈকে ব্ৰতী থাকিব

ভিড-১৯ৰ বাবে বাণিজ্যিক বিমানৰ চলাচল স্বাভাৱিক নোহাৱাৰ বাবে যিসকল বিদেশী নাগৰিক ভাৰতত বিদেশী নাগৰিক বন্ধ হৈ আছে, তেওঁলোকৰ ভিছাৰ ম্যাদ ৩১.০৮.২০২১লৈকে বৃদ্ধি কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে: https://www.pib.gov.in/PressReleasePage.aspx?PRID=1724392

 

জয়ছালমেৰৰ জিলা চিকিৎসালয়ত অক্সিজেন প্লাণ্ট স্থাপন কৰিলে পাৱাৰগ্ৰিডে

ভাৰতৰ পাৱাৰগ্ৰিড নিগম লিমিটেডে জয়ছালমেৰৰ জিলা চিকিৎসালয়ত অক্সিজেন প্লাণ্ট স্থাপন কৰে৷ ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে এই প্ৰকল্প উদ্বোধন কৰে৷

অধিক বিৱৰণৰ বাবে: https://www.pib.gov.in/PressReleasePage.aspx?PRID=1724432

 

দেশৰ দক্ষিণাঞ্চলৰ বাবে ১০,০০০ মেট্ৰিকটন তৰল মেডিকেল অক্সিজেন যোগান ধৰিছে অক্সিজেন এক্সপ্ৰেছ

ভাৰতীয় ৰেলৱেই সমগ্ৰ দেশৰ বিভিন্ন ৰাজ্যত তৰল মেডিকেল অক্সিজেন যোগানৰ ধাৰাবাহিকতা অহ্যাবত ৰাখিছে৷ এতিয়ালৈকে ভাৰতীয় ৰেলৱে ১,৪৫৩ টেংকাৰৰ জৰিয়তে ২৪,৮৪০ মেট্ৰিকটন যোগান ধৰিছে৷

অধিক বিৱৰণৰ বাবে: https://www.pib.gov.in/PressReleasePage.aspx?PRID=1724375

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ ইনপুটসমূহ

কেৰালাঃ কেৰালাত দ্বিতীয় বাও চৰকাৰৰ প্ৰথমখন বাজেটত দ্বিতীয় ক’ভিড-১৯ লহৰৰ সংকটৰ প্ৰতি লক্ষ্য ৰাখি ২০,০০০ কোটি টকা পেকেজ ঘোষণা কৰিছে বিত্ত মন্তৰী কে এন বালাগোপালে৷ তেওঁ লগতে ১৮ ভচৰ ঊৰ্ধ্বৰ লোকসকলৰ টিকাকৰণৰ বাবে ১,০০০ কোটি টকা ধাৰ্য কৰিছে৷ লগতে ৫০০ কোটি টকা বিনামূলীয়া ভেকচিনৰ বাবে আছুতীয়াকৈ ৰখা হৈছে৷ একে সময়তে কেৰালা উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক শয্যাগত ৰোগী আৰু জ্যেষ্ঠ নাগৰিকসকলক ঘৰতে টিকা প্ৰদানৰ নিৰ্দেশ প্ৰদান কৰিছে৷ বৃহস্পতিবাৰে কেৰালাত ১৮,৮৫৩জন নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে৷ কালিৰ ১৫৩জন ৰোগীসহ এতিয়ালৈকে কেৰালাত ৯,৩৭৫জন ৰোগীৰ মৃত্যু হৈছে৷ ৰাজ্যখনত এতিয়ালৈকে মুঠ ৯৯,৫,০৫৯জন লোকক টিকাকৰণ কৰা হৈছে৷

তামিলনাডুঃ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে তামিলনাডুত ভাৰত বায়’টেকৰ ভেকচিন প্ৰস্তুতকৰণ ইউনিট স্থাপনৰ বাবে প্ৰতিনিধিবৰ্গৰ সৈতে এক আলোচনাত মিলিত হয়৷ ষ্টেলিনে লগতে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীলৈ মিউকৰমাইক’ছিছ ৰোগীৰ চিকিৎসাৰ বাবে এম্ফ’টেৰিচিনৰ ৩০,০০০ভায়েল প্ৰদানৰ বাবে পত্ৰ লিখিছে৷ কালি ৰাজ্যখনত নতুনকৈ ২৪,৪০৫জন লোক আক্ৰান্ত হৈছে৷ তামিনলাডুত কালি ৪৬০জন ৰোগীৰ মৃ্ত্যু হৈছে৷ এতিয়ালৈকে ৰাজ্যখনত ৯৬,১,১৯৮জন লোকক টিকাকৰণ কৰা হৈছে

কৰ্ণাটকৰাজ্য চৰকাৰৰ বুলেটিন মতে ০৩.০৬.২০২১ত ৰাজ্যখনত ১৮,৩২৪জন নতুনকৈ আক্ৰান্ত হোৱাৰ বিপৰীতে জন ৰোগীৰ মৃ্ত্যু হৈছে৷ এতিয়া ৰাজ্যখনত ২,৮৬,৯৮জন ৰোগী চিকিৎসাধীন হৈ আছে৷ ৰাজ্যখনত এতিয়ালৈকে ১,৪,২,২৭৩জন লোকক টিকাকৰণ কৰা হৈছে৷

অন্ধ্ৰপ্ৰদেশঃ বিগত ২৪ ঘণ্টাত কৰা ৮৬,২৩৩টা নমূনা পৰীক্ষাৰ পাছত অন্ধ্ৰপ্ৰদেশত ১১,৪২১জন লোক নতুনকৈ আক্ৰান্ত হোৱাৰ লগতে ৮১জন ৰোগীৰ মৃত্যু হৈছে৷ বিগত ২৪ ঘণ্টাত ৰাজ্যখনত ১৬,২২৩জন ৰোগী আৰোগ্য হৈছে৷ কালিলৈকে ৰাজ্যখনত ১,০৩,৭,৮৪৬জন লোকক টিকাকৰণ কৰা হৈছে৷

তেলেংগানাঃ ৰাজ্যিক উচ্চ আদালতৰ নিৰ্দেশমৰ্মে ক’ভিডৰোগীৰ নামত ব্যক্তিগত চিকিৎসালয়ে লোৱা উচ্চ নিৰিখৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে৷ কালি ৰাজ্যখনত ,৬১জন নতুন আক্ৰান্তৰ বিপৰীতে ১৮জন ৰোগীৰ মৃত্যু হৈছে৷ বৰ্তমান ৰাজ্যখনত ৩২,৫৭৯জন ৰোগী চিকিৎসাধীন হৈ আছে৷

অসমঃ বিগত ২৪ঘণ্টাত অসমত ৪,০৯জন লোক নতুনকৈ আক্ৰান্ত আৰু ৪৬জন ৰোগীৰ মৃত্যু হৈছে৷ পজিটিভিটিৰ হাৰ ৪.২শতাংশ৷ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কয় যে জিএমচিএইচত জুনৰ ভিতৰতে অতিৰিক্ত ২০০খন আইচিইউ বিছনা সাজু কৰি তোলা হৈছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ডিচেম্বৰৰ ভিতৰত ৰাজ্যখনত সকলো লোকক টিকাকৰণ কৰা হ’ব৷

মনিপুৰঃ কালি ৰাজ্যখনত ৭২৯জন ৰোগীৰে ক’ভিডত আক্ৰান্ত হোৱা লগতেজন ৰোগী মৃত্যু হৈছে৷

মেঘালয়ঃ মেঘালয়ত কালি ৫৫২জন আক্ৰান্ত হোৱাৰ বিপৰীতে ৫৯৪জন ৰোগী আৰোগ্য হৈছে৷ ৰাজ্যখনত কালি ৯জন ৰোগী মৃত্যু হয়৷ ৰাজ্যখনৰ বৰ্ধিত আক্ৰান্তৰ পৰিপ্ৰেক্ষিতত লকডাউন ঘোষণাৰ কথা চিন্তা-চৰ্চা কৰা বুলি মুখ্যমন্ত্ৰী কনৰাড কে. চাংমাই কয়৷

ছিকিমঃ ছিকিমত কালি চাৰিজন ৰোগীৰ মৃত্যু হোৱাৰ বিপৰীতে ২৮৯জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷ ৰাজ্যখনত বৰ্তমান ৪,১৮৪জন ৰোগী চিকিৎসাধীন হৈ আছে৷

ত্ৰিপুৰাঃ  ৰাজ্যখনত বিগত ২৪ ঘণ্টাত ৬৭৭জন ৰোগী আক্ৰান্ত হৈছে৷ ৰাজ্যখনৰ পজিটিভিটিৰ হাৰ ৪.৭৭%

নাগালেণ্ডঃ  ৰাজ্যখনত বিগত ২৪ ঘণ্টাত ১৬৮জন ৰোগী আক্ৰান্ত হোৱাৰ লগতে ৫জন ৰোগীৰ মৃত্যু হৈছে৷ ৰাজ্যখনত বৰ্তমান ৪,৭১১জন ৰোগী চিকিৎসাধীন হৈ আছে৷

মহাৰাষ্ট্ৰঃ মহাৰাষ্ট্ৰ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ৰাজ্যখনৰ পজিটিভিটি হাৰ আৰু জিলাসমূহৰ অক্সিজেন বিছনাৰ ভিত্তিত পাঁচ তৰপীয়া আনলক প্লেন প্ৰস্তুত কৰিছে৷ ক’ভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰা হৈছে৷

গুজৰাটঃ গুজৰাট চৰকাৰে আজিৰে পৰা দীৰ্ঘ সময়ৰ বাবে বজাৰসমূহ খোলা ৰাখিবলৈ ঘোষমা কৰে৷ কালি গুজৰাটত ১,২০৭জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷ গুজৰাটত এতিয়া ২৪,৪০৪জন ৰোগী চিকিৎসাধীন হৈ আছে৷

ৰাজস্থানঃ  কালি ৰাজ্যখনত ১,২৫৮জন নতুন আক্ৰান্ত আৰু ৪৪জন লোকৰ মৃত্যু হৈছে৷ ৰাজ্যখনত এতিয়া ২৭,৪০৮জন ৰোগী চিকিৎসাধীন হৈ আছে৷

মধ্যপ্ৰদেশঃ কালি ৰাজ্যখনত ৮৪৬জন নতুন আক্ৰান্ত আৰু ৫০জন লোকৰ মৃত্যু হৈছে৷ ৰাজ্যখনত এতিয়া ১৪,১৮৬জন ৰোগী চিকিৎসাধীন হৈ আছে৷

চত্তীশগড়ঃ চত্তীশগড়ত আৰোগ্যৰ হাৰ ৯৭%কালি ৰাজ্যখনত ১৬,১৯জন নতুন আক্ৰান্ত আৰু ২জন ৰোগীৰ মৃত্যু হৈছে৷ বৰ্তমান ৰাজ্যখনত ২৯,৩৭৮জন ৰোগী চিকিৎসাধীন হৈ আছে৷

গোৱাঃ কালি গোৱাত ৫৭২জন ৰোগী নতুনকৈ আক্ৰান্ত হৈছে৷ ৰাজ্যখনত কালি ১৭জন ৰোগী ক’ভিডত মৃত্যু হৈছে৷ বৰ্তমান ৰাজ্যখনত ৯,৭০০জন ৰোগী চিকিৎসাধীন হৈ আছে৷

পাঞ্জাৱঃ ৰাজ্যখনত বৰ্তমান ২৮,৬৭৩জন ৰোগী চিকিৎসাধীন হৈ আছে৷ এতিয়ালৈকে ৰাজ্যখনত মুঠ ৫,৭৪,১১৪জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ১৪,৮৪০জন ৰোগী মৃত্যু হৈছে৷

হাৰিয়ানাঃ ৰাজ্যখনত বৰ্তমান ১২,৬৮৮জন ৰোগী চিকিৎসাধীন হৈ আছে৷ এতিয়ালৈকে ৰাজ্যখনত মুঠ ৭,৬০,০১৯জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ৮,৫৩২জন ৰোগীৰ মৃত্যু হৈছে৷ এতিয়ালৈকে ৰাজ্যখনত ৫৮,৯৮,৮৬৯জন লোকক টিকাকৰণ কৰা হৈছে৷

চণ্ডীগড়ঃ ৰাজ্যখনত বৰ্তমান ১,১৩৫জন ৰোগী চিকিৎসাধীন হৈ আছে৷ ৰাজ্যখনত মুঠ ৭৬২জন ৰোগীৰ মৃত্যু হৈছে৷

হিমাচলপ্ৰদেশঃ ১,৯৩,১৩৭টা নমূনা পৰীক্ষা কৰা হিমাচলপ্ৰদেশত বৰ্তমান ১১,০৫৭জন ৰোগী চিকিৎসাধীন হৈ আছে৷ ৰাজ্যখনত মুঠ ৩,২১৭জন ৰোগীৰ মৃত্যু হৈছে৷

 

****

 

MV/DB



(Release ID: 1724494


(Release ID: 1724671) Visitor Counter : 165