PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ বুলেটিন

Posted On: 01 JUN 2021 6:28PM by PIB Guwahati

Coat of arms of India PNG images free download

 

ভাৰতত বিগত ৫৪দিনৰ ভিতৰত দৈনিক নতুন আক্ৰান্তৰ সংখ্যা সৰ্বনিম্ন ১.২৭লাখ হৈছে; নতুন আক্ৰান্তৰ হ্ৰাসৰ ধাৰাবাহিকতা অব্যাহত

একেৰাহে ৯দিন দৈনিক আক্ৰান্ত লোকতকৈ আৰোগ্যৰ সংখ্যা অধিক হৈছে; আজি আৰোগ্যৰ হাৰ ৯২.০৯%লৈ উন্নীত

সাপ্তাহিক পজিটিভিটিৰ হাৰ বৰ্তমান ৮.৬৪% হৈছে৷ দৈনিক পজিটিভিটিৰ হাৰ ৬.৬২%লৈ হ্ৰাস, একেৰাহে ৮দিন ধৰি ১০%ৰ তলত আছে

  • পৰীক্ষাৰ সুবিধা একেৰাহে বৃদ্ধি কৰা হৈছে-মুঠ ৩৪.৬৭কোটি পৰীক্ষা সম্পন্ন
  • ৰাষ্ট্ৰজোৰা টিকাকৰণ অভিযানৰ অধীনত এতিয়ালৈকে ২১.৬৪কোটি লোকক ভেকচিন দিয়া হৈছে

 

 

 

 

 

 

 

 

 

#Unite2FightCorona

#IndiaFightsCorona

Image

ক’ভিড-১৯ৰ শেহতীয়া তথ্য

  • ভাৰতত বিগত ৫৪দিনৰ ভিতৰত দৈনিক নতুন আক্ৰান্তৰ সংখ্যা সৰ্বনিম্ন ১.২৭লাখ হৈছে; নতুন আক্ৰান্তৰ হ্ৰাসৰ ধাৰাবাহিকতা অব্যাহত
  • ভাৰতত চিকিৎসাধীন ৰোগীৰ সংখ্যা ১৮,৯৫,৫২০জনলৈ হ্ৰাস৷ ৪৩দিনৰ পাছত ২০লাখৰ নিম্নগামী হৈছে
  • বিগত ২৪ ঘণ্টাত চিকিৎসাধীন ৰোগীৰ সংখ্যা ১,৩০,৫৭২জন হ্ৰাস পাইছে৷
  • বিগত ২৪ গণ্টাত ২,৫৫,২৮৭জন ৰোগী আৰোগ্য হৈছে৷
  • একেৰাহে ১৯দিন দৈনিক আক্ৰান্ত লোকতকৈ আৰোগ্যৰ সংখ্যা অধিক হৈছে৷
  • আজি আৰোগ্যৰ হাৰ ৯২.০৯%লৈ উন্নীত হৈছে৷
  • সাপ্তাহিক পজিটিভিটিৰ হাৰ বৰ্তমান ৮.৬৪% হৈছে৷ দৈনিক পজিটিভিটিৰ হাৰ ৬.৬২%লৈ হ্ৰাস, একেৰাহে ৮দিন ধৰি ১০%ৰ তলত আছে
  • পৰীক্ষাৰ সুবিধা ক্ৰমান্বয়ে বৃদ্ধি কৰা হৈছে-মুঠ ৩৪.৬৭কোটি লোকক পৰীক্ষা কৰা হৈছে৷
  • ৰাষ্ট্ৰজোৰা টিকাকৰণ অভিযানৰ অধীনত ২১.৬ কোটি লোকক টিকাকৰণ কৰা হৈছে৷

অধিক জানিবলৈ: https://www.pib.gov.in/PressReleasePage.aspx?PRID=1723292

 

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ ২৩ কোটিতকৈ অধিক ভেকচিন প্ৰদান কৰা হৈছে

ভাৰত চৰকাৰে এতিয়ালৈকে ২৩,১৮,৩৬,৫১০টা ভেকচিন ড’জ ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহক দিছে।.

১ জুনৰ পুৱা ৮ বজালৈকে ইয়াৰে লোকচান হোৱা ড’জসহ মুঠ ২১,৫১,৪৮,৬৫৯ টা ড’জ ব্যৱহাৰ কৰা হৈছে।

ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহত হাতত এতিয়াও ১.৫৭লাখ টা ভেকচিন ড’জ আছে।

অধিক বিৱৰণৰ বাবে: https://www.pib.gov.in/PressReleasePage.aspx?PRID=1723314

 

‘প্ৰধানমন্ত্ৰী গৰীৱ কল্যান পেকেজ’(পিএমজিকেপি): ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিয়া স্বাস্থ্যকৰ্মীসকলৰ বাবে বীমা আঁচনি, বীমা দাবী কৰাৰ নতুন পদ্ধতি প্ৰক্ৰিয়াকৰণ

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিয়া স্বাস্থ্যকৰ্মীসকলৰ বাবে ‘প্ৰধানমন্ত্ৰী গৰীৱ কল্যান পেকেজ’(পিএমজিকেপি) নামৰ এখন বীমা আঁচনি ৩০.০৩.২০২০ত শুভাৰম্ভ কৰা হৈছিল আৰু আৰম্ভণিতে এই আঁচনি ৯০ দিনৰ বাবে ব্যক্তিগত দুৰ্ঘটনাৰ বাবদ সামূহিক স্বাস্থ্য কৰ্মী আৰু ব্যক্তিগত স্বাস্থ্যকৰ্মীকে ধৰি সকলো স্বাস্থ্য সেৱা প্ৰদানকাৰী, যিসকলে ক’ভিড-১৯ ৰোগীৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক স্থাপন হয় সেইসকলৰ বাবে ভাৰত চৰকাৰে এক আঁচনি হাতত লৈছিল৷ নিউ ইণ্ডিয়া কোম্পানীয়ে এই আঁচনিৰ অধীনত পলিচি ৰূপায়ণ কৰিছিল৷ এতিয়ালৈকে ইয়াৰ ম্যাদ দুবাৰ বৃদ্ধি কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে https://www.pib.gov.in/PressReleasePage.aspx?PRID=1723396

 

ক’ভিড-১৯ৰ চিকিৎসাৰ ঔষধৰ যোগান চাহিদাৰ ভাৰসাম্য থকাকৈ ঘৰুৱাভাৱে উৎপাদনত চৰকাৰে প্ৰচেষ্টা হাতত লৈছে

কেন্দ্ৰীয় মন্ত্ৰী ডি. ভি. সদানন্দ গৌড়াই কয় যে ক’ভিড-১৯ৰ চিকিৎসাৰ ঔষধ যোগান চাহিদাৰ ভাৰসাম্য থকাকৈ ঘৰুৱাভাৱে উৎপাদনত চৰকাৰে প্ৰচেষ্টা হাতত লৈছে৷

মন্ত্ৰীগৰাকীয়ে কয় যে সকলো ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল আৰু কেন্দ্ৰীয় প্ৰতিষ্ঠানক ২১ এপ্ৰিলৰ পৰা ৩০ মে’লৈ ৯৮.৮৭লাখ ৰেমডেছিভিৰ ভায়েল প্ৰদান কৰা হৈছে৷ ৰেমডেছিভিৰৰ উৎপাদনৰ পৰিমাণ ১০গুণ বৃদ্ধিৰে চাহিদাতকৈ যোগান যথেষ্ট পৰিমাণে বৃদ্ধিৰ প্ৰচেষ্টা হাতত লোৱা হৈছে৷ মন্ত্ৰীগৰাকীয়ে লগতে সকলো ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল আৰু কেন্দ্ৰীয় প্ৰতিষ্ঠানক ২,৭০,০৬০টা এম্ফটেৰিচিন-বি ভায়েল আৱণ্টন কৰিছে৷

অধিক বিৱৰণৰ বাবেঃ https://www.pib.gov.in/PressReleasePage.aspx?PRID=1723419

 

দক্ষিণৰ ৰাজ্য অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, কৰ্ণাটক আৰু তেলেংগানাই অক্সিজেন এক্সপ্ৰেছৰ জৰিয়তে ২,০০০ মেট্ৰিকটনকৈ এলএমঅ’ লাভ কৰিছে; অসমে চতুৰ্থ খন অক্সিজেন এক্সপ্ৰেছেৰে ৮০ মেট্ৰিকটন এলএমঅ’ লাভ কৰিলে

ভাৰতীয় ৰে’লৱেই সমগ্ৰ দেশত তৰল মেডিকেল অক্সিজেন যোগান ধৰি আহিছে৷ এতিয়ালৈকে ভাৰতত ১,৩৫৭ খন টেংকাৰৰ জৰিয়তে ২২,৯১৬ মেট্ৰিকটন এলএমঅ’ সৰবৰাহ কৰিছে৷ ইতিমধ্যে ৩৩৪ অক্সিজেন এক্সপ্ৰেছে ইয়াৰ যাত্ৰা সম্পূৰ্ণ কৰিছে৷ দক্ষিণৰ ৰাজ্য অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, কৰ্ণাটক আৰু তেলেংগানাই অক্সিজেন এক্সপ্ৰেছৰ জৰিয়তে ২,০০০ মেট্ৰিকটনকৈ এলএমঅ’ লাভ কৰিছে৷ অসমে চতুৰ্থ খন অক্সিজেন এক্সপ্ৰেছেৰে ৮০ মেট্ৰিকটন এলএমঅ’ লাভ কৰিলে৷

অধিক বিৱৰণৰ বাবেঃ https://www.pib.gov.in/PressReleasePage.aspx?PRID=1723411

 

ক’ভিড-১৯ মহামাৰীৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ১৫ জুনলৈকে ‘ফ্লেক্সি’ উপস্থিতিৰ সুবিধা বৃদ্ধি কৰা হৈছে বুলি ক’লে কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে

কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগৰ একাংশ জ্যেষ্ঠ বিষয়াৰে বহা বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে কয় যে ক’ভিড-১৯ মহামাৰীৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ১৫ জুনলৈকে ‘ফ্লেক্সি’ উপস্থিতিৰ সুবিধা বৃদ্ধি কৰা হৈছে৷ সেই অনুসৰি ৫০%কৰ্মচাৰীয়ে সলনা সলনিকৈ দৈনিক কাম-কাজ সম্পন্ন কৰিব৷

অধিক বিৱৰণৰ বাবে: https://www.pib.gov.in/PressReleasePage.aspx?PRID=1723445

 

ওড়িশাৰ অংগুলস্থিত জেএছপিএলৰ ক’ভিড কেয়াৰ চেণ্টাৰত ২৭০খন অক্সিজেনৰ সুবিধাসম্পন্ন বিছনা উদ্বোধন কৰিলে শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে

কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ আৰু তীখা মন্ত্ৰী ওড়িশাৰ স্বাস্থ্যমন্ত্ৰীকে ধৰি একাংশ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত ওড়িশাৰ অংগুলস্থিত জেএছপিএলৰ ক’ভিড কেয়াৰ চেণ্টাৰত ২৭০খন অক্সিজেনৰ সুবিধাসম্পন্ন বিছনা উদ্বোধন কৰে৷
অধিক বিৱৰণৰ বাবে: https://www.pib.gov.in/PressReleasePage.aspx?PRID=1723408

 

চিএআইআৰ-চিএমইআৰআই,এমএছএমই ডিআই, ইণ্ডোৰ, ভাৰতীয় চিকিৎসা সংস্থা আৰু লঘু উদ্যোগ ভাৰতীয়ে এমএছএমএই সবলীকৰণৰ জৰিয়তে ভাৰতক অক্সিজেন সমৃদ্ধ কৰি তুলিছে

এমএছএমএই সবলীকৰণৰ জৰিয়তে ভাৰতক অক্সিজেন সমৃদ্ধ কৰি তোলাৰ বাবে লোৱা প্ৰচেষ্টাৱলীৰ সন্দৰ্ভত এমএছএমইয়ে ভাৰতীয় চিকিৎসা সংস্থা আৰু মধ্যপ্ৰদেশৰ লঘু উদ্যোগ ভাৰতীৰ সহযোগত চিএআইআৰ-চিএমইআৰআই,এমএছএমই উন্নয়ন প্ৰতিষ্ঠানে এক ৱেবিনাৰৰ আয়োজন কৰে৷

অধিক বিৱৰণৰ বাবেঃ https://www.pib.gov.in/PressReleasePage.aspx?PRID=1723435

 

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ ইনপুটসমূহ

কেৰালাঃ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নে কয় যে অহা মাহত ৰাজ্যখনত এক কোটি লোকক টিকাকৰণ কৰা হ’ব৷ ৰাজ্যখন ৪৫ বছৰ ঊৰ্ধ্বৰ লোকসকলৰ টিকাকৰণ প্ৰায় শেষ হৈছে৷ ৰাজ্য চৰকাৰে কেন্দ্ৰক অধিক টিকা প্ৰদানৰ বাবে অনুৰোধ জনাইছে৷ কালি ৰাজ্যখনত নতুনকৈ ১২,৩০০জন লোক আক্ৰান্ত হৈছে৷ কালিৰ ১৭৪জন ৰোগীসহ এতিয়ালৈকে কেৰালাত ৮,৮১৫জন ৰোগীৰ মৃত্যু হৈছে৷ ৰাজ্যখনত এতিয়ালৈকে মুঠ ৯৫,০৯,৮৩১জন লোকক টিকাকৰণ কৰা হৈছে৷

তামিলনাডুঃ তামিলনাডুত প্ৰথমৰ পৰা অষ্টমমানৰ শিক্ষাৰ্থীসকলক পৰৱৰ্তী শ্ৰেণীলৈ উত্তীৰ্ণ কৰোৱা হৈছে৷ মঙলবাৰে ৰাজ্যখনত ৫লাখ ভেকচিন প্ৰদানৰ পাছত এতিয়া কেন্দ্ৰীয় চৰকাৰৰ যোগানলৈ বাট চাই আছে ৰাজ্য চৰকাৰে৷ কালি ৰাজ্যখনত নতুনকৈ ২৭,৯৩৬জন লোক আক্ৰান্ত হৈছে৷ বৰ্তমান ৩,০১,৭৮১গৰাকী ৰোগী চিকিৎসাধীন হৈ থকা তামিনলাডুত কালি ৪৭৮জন ৰোগীৰ মৃ্ত্যু হৈছে৷ এতিয়ালৈকে ৰাজ্যখনত ৯০,৯৪,২৫৫জন লোকক টিকাকৰণ কৰা হৈছে

কৰ্ণাটকঃ ৰাজ্য চৰকাৰৰ বুলেটিন মতে ৩১ মে’ত ৰাজ্যখনত ১৬,৬০৪জন নতুনকৈ আক্ৰান্ত হোৱাৰ বিপৰীতে ৪১১জন ৰোগীৰ মৃ্ত্যু হৈছে৷ এতিয়া ৰাজ্যখনত ৩,১৩,৭৩০জন ৰোগী চিকিৎসাধীন হৈ আছে৷ ৰাজ্যখনত এতিয়ালৈকে ১,৩৬,১৭,৫৭৫জন লোকক টিকাকৰণ কৰা হৈছে৷

অন্ধ্ৰপ্ৰদেশঃ বিগত ২৪ ঘণ্টাত কৰা ৮৩,৪৬১টা নমূনা পৰীক্ষাৰ পাছত অন্ধ্ৰপ্ৰদেশত ৭,৯৪৩জন লোক নতুনকৈ আক্ৰান্ত হোৱাৰ লগতে ৯৮ন ৰোগীৰ মৃত্যু হৈছে৷ বিগত ২৪ ঘণ্টাত ৰাজ্যখনত ১৯,৮৪৫জন ৰোগী আৰোগ্য হৈছে৷ কালিলৈকে ৰাজ্যখনত ৯৮,৬৩,৩৪৭জন লোকক টিকাকৰণ কৰা হৈছে৷ ৰাজ্যখনত ১০জুনলৈকে সান্ধ্য আইন বলবৎ কৰা হৈছে৷ ইফালে ৰাজ্যখনত ১,১৭৯জন ৰোগী ব্লেক ফাংগাছত আক্ৰান্ত হৈছে আৰু ইয়াৰে ১৪জনৰ ইতিমধ্যে মৃত্যু হৈছে আৰু ৯৭জন আৰোগ্য হৈছে৷

তেলেংগানাঃ স্বাস্থ্য বিভাগে ক’ভিড ৰোগীৰ চিকিৎসাৰ বাবদ অত্যধিক মাচুল আদায় কৰা ৬খন চিকিৎসালৰ বিৰুদ্ধে ক’ভিড চিকিৎসা প্ৰট’কল ভংগৰ অপৰাধত ব্যৱস্থা হাতত লৈছে৷ ৰাজ্যখনৰ কেব চালকসকলক অহা ৩জুনৰ পৰা টিকাকৰণৰ ব্যৱস্থা হাতত লৈছে৷ ক’ভিড মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে গ্ৰীষ্ম বন্ধৰ সময় ১৫ জুনলৈ বৃদ্ধি কৰিছে৷ কালি ৰাজ্যখনত ২,৫২৪জন নতুন আক্ৰান্তৰ বিপৰীতে ১৮জন ৰোগীৰ মৃত্যু হৈছে৷ বৰ্তমান ৰাজ্যখনত ৩৪,০৮৩জন ৰোগী চিকিৎসাধীন হৈ আছে৷

মহাৰাষ্ট্ৰঃ বৃহনমুম্বাই পৌৰ নিগমে সোমবাৰৰ পৰা শুকুৰবাৰলৈ ১৫দিনৰ বাবে এদিনৰ অন্তৰে অন্তৰে পুৱা ৭ৰ পৰা ২বজালৈকে দোকানসমূহ খোলাৰ অনুমতি প্ৰদান কৰিছে৷ সোমবাৰে ৰাজ্যখনত ১৫,০৭৭জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷ কালি ৰাজ্যখনত নতুনকৈ ১৮৪জন ৰোগীৰ মৃত্যু হৈছে৷ বৰ্তমান ৰাজ্যখনত ২,৫৩,৩৬৭জন ৰোগী চিকিৎসাধীন হৈ আছে৷

গুজৰাটঃ কালি গুজৰাটত ১,৬৮১জন লোক নতুনকৈ আক্ৰান্ত হোৱাৰ বিপৰীতে ১৮জন ৰোগীৰ মৃত্যু হৈছে৷ সোমবাৰে ৰাজ্যখনত ২লাখ লোকক টিকাকৰণ কৰা হৈছে৷ গুজৰাটত বাহিৰত পঢ়িবলৈ যাবলগীয়া শিক্ষীৰ্থীসকলক অগ্ৰাধিকাৰ ভিত্তিত টিকাকৰণৰ ব্যৱস্থা কৰা হৈছে৷

ৰাজস্থানঃ মুখ্যমন্ত্ৰী অশোক গেহলটে বুধবাৰৰ পৰা কেতবোৰ নিৰ্দেশনাৰে আনলক প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথা ঘোষণা কৰে৷ সোমবাৰে ৰাজ্যখনত ১,৪৯৮জন নতুন আক্ৰান্ত আৰু ৬৮জন লোকৰ মৃত্যু হৈছে৷

মধ্যপ্ৰদেশঃ  মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে ৰাজ্যখনত বলবৎ থকা ‘ক’ৰোনা কাৰ্ফিউ’ অহা ১৫জুনলৈকে বৃদ্ধি কৰা হৈছে৷ কালি নতুনকৈ ১,২০৫জন ৰোগী আক্ৰান্ত আৰু ৪৮জনৰ মৃত্যু হৈছে৷ বৰ্তমান ৰাজ্যখনত ২৩,৩৯০জন ৰোগী চিকিৎসাধীন হৈ আছে৷

চত্তীশগড়ঃ চত্তীশগড় চৰকাৰে ৩১মে’লৈকে লকডাউনৰ সময়সীমা বৃদ্ধি কৰিছে৷ সোমবাৰে ৰাজ্যখনত ২,১৬৩জন নতুন আক্ৰান্ত আৰু ৩২জন ৰোগীৰ মৃত্যু হৈছে৷ বৰ্তমান ৰাজ্যখনত ৩৫,৭৪১জন ৰোগী চিকিৎসাধীন হৈ আছে৷

গোৱাঃ এমাহৰ পূৰ্বে থকা ৫১%ৰ পৰা এতিয়া গোৱাৰ পজিটিভিটিৰ হাৰ ১৯%লৈ হ্ৰাস পাইছে৷ ৰাজ্যখনৰ উপকূলীয়া জিলাত ১২টা মিউকৰমাইক’ছিছৰ ঘটনা পোৱা গৈছে যদিও ব্লেক ফাংগাছৰ অৱস্থিতি ধৰা নাই৷ চৰকাৰে টেক্সি চালক, বাইকচালকক অগ্ৰণী ক’ভিড যোদ্ধা বুলি গণ্য কৰি তেওঁলোকক টিকাকৰণ কৰাৰ সিদ্ধান্ত লৈছে৷

অসমঃ বিগত ২৪ঘণ্টাত অসমত ৪,৩৪৮জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷ পজিটিভিটিৰ হাৰ ৪শতাংশৰ তললৈ আহিছে৷ কামৰূপ মেট্ৰ’ত ৩৮৪জন আক্ৰান্ত হৈছে৷ বিগত ২৪ ঘণ্টাত অসমত ৬৫জন ৰোগীৰ মৃত্যু হৈছে৷ ১জুনৰ পৰা ৰাজ্যিক স্বাস্থ্য বিভাগৰ এটা দলে ২৮,১৪৯খন গাঁও ভ্ৰমণ কৰি ক’ভিডৰ শৃংখলা ভংগৰ যত্ন কৰিব৷

মনিপুৰঃ ৰাজ্যখনত ৮৬৯জন ৰোগীৰে ৫০হাজাৰৰ সীমা অতিক্ৰম কৰিছে৷ দেওবাৰে ১৪জন ৰোগী মৃত্যুৰ ফলত মৃত ৰোগীৰ সংখ্যা ৮০৭জনলৈ বৃদ্ধি পায়৷ ডিচি, চিএমঅ’ক টিকাকৰণৰ পৰিমাণ বৃদ্ধিৰ বাবে নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে৷

মেঘালয়ঃ মেঘালয়ত যোৱা সপ্তাহৰ পৰা নতুন আক্ৰান্ততকৈ নতুন আৰোগ্য ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে৷ সোমবাৰে ৰাজ্যখনত ৪০৮জন আক্ৰান্ত হোৱাৰ বিপৰীতে ৯৭৭জন ৰোগী আৰোগ্য হৈছে৷

অৰুণাচল প্ৰদেশঃ দেওবাৰে ৰাজ্যখনন ১১৭জন লোক নতুনকৈ আক্ৰান্ত হোৱাৰ বিপৰীতে ১২জনৰ মৃত্য হৈছে৷ বৰ্তমান ৰাজ্যখনত ৪,৯৩৪জন লোক চিকিৎসাধীন হৈ আছে৷ পিএম কেয়াৰ্ছৰ অধীনত মুককচুঙত অক্সিজেন প্লাণ্ট স্থাপন কৰা হৈছে৷

ত্ৰিপুৰাঃ  ৰাজ্যখনত সৰ্বাধিক সংখ্যক  ৪৫বছৰ ঊৰ্ধ্বৰ ব্যক্তিক টিকাকৰণ কৰা হৈছে৷ ৰাজ্যখনৰ পজিটিভিটিৰ হাৰ ২.৫১%৷

ছিকিমঃ ছিকিমত কালি তিনিজন ৰোগীৰ মৃত্যু হোৱাৰ বিপৰীতে ১৪৬জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷

 

***

 


(Release ID: 1723614) Visitor Counter : 189