PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ বুলেটিন

Posted On: 31 MAY 2021 6:21PM by PIB Guwahati

 

নতুন আক্ৰান্তৰ হ্ৰাসৰ ধাৰাবাহিকতা অব্যাহত ৰাখি আজি ভাৰতত সৰ্বনিম্ন ১.৫১ লাখ লোক নতুনকৈ আক্ৰান্ত হৈছে

বিগত ৫০ দিনৰ ভিতৰত দৈনিক নতুন আক্ৰান্তৰ সংখ্যা সৰ্বনিম্ন হৈছে

একেৰাহে ১৮দিন ধৰি নতুন আক্ৰান্ততকৈ নতুন আৰোগ্য হোৱা ৰোগীৰ সংখ্যা অধিক হৈছে

আৰোগ্যৰ হাৰ ৯১.৬০%লৈ উন্নীত

একেৰাহে ৭দিন নতুন পজিটিভিটিৰ হাৰ ১০%তকৈ কম হৈ আজি ৯.৭০% হৈছে

ৰাষ্ট্ৰজোৰা টিকাকৰণ অভিযানৰ অধীনত ২১.৩ কোটিতকৈ অধিক লোকক টিকাকৰণ কৰা হৈছে

 

#Unite2FightCorona

#IndiaFightsCorona

Image

নতুন আক্ৰান্তৰ হ্ৰাসৰ ধাৰাবাহিকতা অব্যাহত ৰাখি আজি ভাৰতত সৰ্বনিম্ন ১.৫১ লাখ লোক আক্ৰান্ত হৈছে; বিগত ৫০ দিনৰ ভিতৰত দৈনিক নতুন আক্ৰান্তৰ সংখ্যা সৰ্বনিম্ন হৈছে

  • দৈনিক নতুন আক্ৰান্তৰ নিৰৱচ্ছিন্ন হ্ৰাসৰ অংশ হিচাপে, যোৱা ৫০ দিনৰ ভিতৰত ভাৰতৰ দৈনিক নতুন আক্ৰান্তৰ সংখ্যা সৰ্বনিম্ন ১.৫২ লাখ হৈ পৰিছে। একেৰাহে ৪ দিন ধৰি দেশখনৰ দৈনিক নতুন আক্ৰান্ত ২ লাখৰ নিম্ন হৈ আছে।
  • বিগত ২৪ ঘণ্টাত দৈনিক নতুন আক্ৰান্তৰ সংখ্য ১,৫২,৭৩৪ হৈছে৷
  • একেৰাহে ১৮দিন ধৰি নতুন আক্ৰান্ততকৈ নতুন আৰোগ্য হোৱা ৰোগীৰ সংখ্যা অধিক হৈছে
  • বিগত ২৪ ঘণ্টাত নতুন আৰোগ্যৰ সংখ্যা ২,৩৮,০২২জন হৈছে৷
  • মহামাৰীৰ আৰম্ভণিৰে সংক্ৰমিত লোকৰ  বিপৰীতে এতিয়ালৈকে ক’ভিড-১৯ত বিগত ২৪ ঘণ্টাৰ ২,৩৮,০২২জনসহ মুঠ ২,৫৬,৯২,৩৪২জন আৰোগ্য হৈছে৷ আৰোগ্যৰ হাৰ ৯১.৬০%লৈ উন্নীত হৈছে৷
  • সাপ্তাহিক পজিটিভিটিৰ হাৰ বৰ্তমান ৯.০৪%হৈছে৷ আজি দৈনিক পজিটিভিটিৰ হাৰ ৯.০৭%লৈ হ্ৰাস পাইছে৷ বিগত ৭দিন একেৰাহে এই হাৰ ১০%ৰ তলত আছে৷
  • আজি পুৱা ৭ বজালৈকে দেশত ৩০,২৮,২৯৫টা পৰ্বৰ জৰিয়তে মুঠ ২১,৩১,৫৪,১২৯জন লোকক টিকাকৰণ কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে:https://www.pib.gov.in/PressReleasePage.aspx?PRID=1723043

 

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ ২৩ কোটিতকৈ অধিক ভেকচিন প্ৰদান কৰা হৈছে

কেন্দ্রই এতিয়ালৈকে ২৩,১১,৬৮,৪৮০টা ভেকচিন ড’জ ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহক দিছে। ৩১ মে’ৰ পুৱা ৮ বজালৈকে ইয়াৰে লোকচান হোৱা ড’জসহ মুঠ ২১,২২,৩৮,৬৫২ টা ড’জ ব্যৱহাৰ কৰা হৈছে।  ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহত হাতত এতিয়াও ১,৭৫,৪৮,৬৪৮ টা ভেকচিন ড’জ আছে।

অধিক বিৱৰণৰ বাবে:https://www.pib.gov.in/PressReleasePage.aspx?PRID=1723045

 

সকলো ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চল আৰু কেন্দ্ৰীয় প্ৰতিষ্ঠানক এম্ফটেৰিচিন-বিৰ অতিৰিক্ত ৩০,১০০ ভায়েল প্ৰদান কৰা হৈছে- শ্ৰী ডি ভি সদানন্দ গৌড়া

কেন্দ্ৰীয় ৰসায়ন আৰু সাৰমন্ত্ৰী শ্ৰী ডি ভি সদানন্দ গৌড়াই আজি সকলো ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চল আৰু কেন্দ্ৰীয় প্ৰতিষ্ঠানক এম্ফটেৰিচিন-বিৰ অতিৰিক্ত ৩০,১০০ ভায়েল প্ৰদান কৰা হৈছে বুলি সদৰি কৰিছে৷

https://static.pib.gov.in/WriteReadData/userfiles/image/image0011BA6.jpg

অধিক বিৱৰণৰ বাবে:https://www.pib.gov.in/PressReleasePage.aspx?PRID=1723086

 

ক’ভিড-১৯ৰ দ্বিতীয় লহৰতো ইপিএফঅ’ই ইয়াৰ সদস্যসকলক আগতীয়াকৈ ধন উলিয়াবলৈ অনুমতি প্ৰদান কৰিছে

ক’ভিড-১৯ৰ দ্বিতীয় লহৰত ইয়াৰ হিতাধিকাৰীসকলক সহায় কৰাৰ লক্ষ্যৰে ইপিএফঅ’ই অপৰিশোধীয় ধন আগতীয়াকৈ উলিয়াবলৈ অনুমতি প্ৰদান কৰিছে৷ মহামাৰীৰ সসময়ত ইয়াৰ সদস্যসকলক বিত্তীয় প্ৰয়োজনীয়তা পুৰণৰ লক্ষ্যৰে ইপিএফঅ’ই ইয়াৰ হিতাধিকাৰীসকলক যোৱা বছৰৰ মাৰ্চ মাহৰ পৰা এই সুবিধা প্ৰদান কৰিছে৷

অধিক বিৱৰণৰ বাবে: https://www.pib.gov.in/PressReleasePage.aspx?PRID=1723083

 

ৰায়বেৰেইলী জিলা প্ৰশাসনক অক্সিজেন প্লাণ্ট হস্তান্তৰ কৰিলে এনটিপিচি উঞ্চহাৰে

শক্তি মন্ত্ৰালয়ৰ অধীনস্ত মহাৰত্ন ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান এনটিপিচিয়ে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজৰ প্ৰতি সহায়ৰ প্ৰচেষ্টা অব্যাহত ৰাখি এনটিপিচি ইঞ্চহাৰৰ দ্বাৰা এটা অক্সিজেন প্লাণ্ট স্থাপন কৰিছে৷জিলা প্ৰশাসনক ইতিমধ্যে এনটিপিচিয়ে এই অক্সিজেন প্লাণ্টটো হস্তান্তৰ কৰিছে৷

অধিক বিৱৰণৰ বাবে: https://www.pib.gov.in/PressReleasePage.aspx?PRID=1723114

 

এনটিপিচিয়ে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত স্বাস্থ্য খণ্ডৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ লগতে ইয়াৰ কয়লা খনি প্ৰকল্পত সহায়ৰ হাত আগবঢ়াইছে

শক্তি মন্ত্ৰালয়ৰ অধীনস্ত মহাৰত্ন ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান এনটিপিচিয় আৰু ইয়াৰ হাজাৰীবাগৰ পাক্ৰি বাৰৱাদিহ কয়লা খনি প্ৰকল্পই চিএছআইআৰ কাম-কাজৰ অধীনত ৰাঁচীত আইটিকেআই টিবি ছাণ্টাটৰিয়াম নামৰ ক’ভিডৰ নামত সমৰ্পিত হাস্পতালত অক্সিজেনৰ সুবিধাসম্পন্ন ৩০০খন বিচনা স্থাপনত সহায় কৰিছে৷

অধিক বিৱৰণৰ বাবে: https://www.pib.gov.in/PressReleasePage.aspx?PRID=1723113

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ ইনপুটসমূহ

কেৰালাঃ সোমবাৰৰ পৰা ৰাজ্যখনত লকডাউনৰ কেতবোৰ শিথিলতা কাৰ্যকৰী কৰা হৈছে৷ চৰকাৰে মালাপ্পুৰত তিনিতৰপীয়া লকডাউনো প্ৰত্যাহাৰ কৰিছে৷ অৱশ্যে এতিয়াও ৯ মে’লৈকে কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ ৰাজ্যিক সচিববালয়ত ৫০শতাংশ কৰ্মচাৰীৰে কাম চলাই আছে৷ সোমবাৰৰ পৰা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কাৰ্যালয়সমূহ আৰম্ভ কৰাৰ আশা আছে৷ এতিয়াও আন্তঃৰাজ্যিক চলাচলত বাধা আৰোপ কৰা হৈছে৷ কালি ৰাজ্যখনত নতুনকৈ ১৯,৮৯৪জন লোক আক্ৰান্ত হৈছে৷ এতিয়ালৈকে কেৰালাত ৮,৬৪১জন ৰোগীৰ মৃত্যু হৈছে৷ ৰাজ্যখনত এতিয়ালৈকে মুঠ ৯৩,৩৭,৯৫১জন লোকক টিকাকৰণ কৰা হৈছে৷

তামিলনাডুঃ তামিলনাডু ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনত এতিয়া ভেকচিনৰ নাটনি দেখা দিছে আৰু ইয়াৰ বাবে তেওঁ কেন্দ্ৰীয় চৰকাৰৰ সহায় বিচাৰিছে৷ মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনত এতিয়া প্ৰায় ৬লাখ ড’জ আছে, যিটো দুদিনৰ জোৰা মাৰিব পাৰিব৷ ইফালে, মিউকৰমাইক’ছিছৰ প্ৰাদূৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত অধিক পৰিমাণে এম্ফটেৰিচিন-বি আৰু পছাকনাজল এপিআই যোগান ধৰাৰ বাবে অনুৰোধ জনাইছে৷ তামিলনাডুলৈ এতিয়ালৈকে ৩১খন অক্সিজেন এক্সপ্ৰেছৰ জৰিয়তে ১৮,০০ মেট্ৰিকটনতকৈ অধিক তলৰ মেডিকেল অক্সিজেন যোগান ধৰা হৈছে৷ দেওবাৰে ৰাজ্যখনত নতুনকৈ ২৮,৮৬৪জন লোক আক্ৰান্ত হৈছে৷ বৰ্তমান ৩,০৫,৫৪৬গৰাকী ৰোগী চিকিৎসাধীন হৈ থকা তামিনলাডুত কালিৰ ৪৯৩জন মৃত ৰোগীসহ মৃতকৰ সংখ্যা ২৩,৭৫৪জনলৈ বৃদ্ধি পালে৷ এতিয়ালৈকে ৰাজ্যখনত ৮৮,৯১,৫৪৯জন লোকক টিকাকৰণ কৰা হৈছে

কৰ্ণাটকঃ ৰাজ্য চৰকাৰৰ বুলেটিন মতে ৩০ মে’ত ৰাজ্যখনত ২০,৩৭৮জন নতুনকৈ আক্ৰান্ত হোৱাৰ বিপৰীতে ৩৮২জন ৰোগীৰ মৃ্ত্যু হৈছে৷ এতিয়া ৰাজ্যখনত ৩,৪২,০১০জন ৰোগী চিকিৎসাধীন হৈ আছে৷ ৰাজ্যখনত এতিয়ালৈকে ১,৩৩,৯৬,১৬৯জন লোকক টিকাকৰণ কৰা হৈছে৷

অন্ধ্ৰপ্ৰদেশঃ বিগত ২৪ ঘণ্টাত কৰা ৮৪,২৩২টা নমূনা পৰীক্ষাৰ পাছত অন্ধ্ৰপ্ৰদেশত ১৩,৪০০ লোক নতুনকৈ আক্ৰান্ত হোৱাৰ লগতে ৯৪জন ৰোগীৰ মৃত্যু হৈছে৷ কালিলৈকে ৰাজ্যখনত ৯৭,৬৬,৭৭৮জন লোকক টিকাকৰণ কৰা হৈছে৷ ৰাজ্যখনত ১০জুনলৈকে সান্ধ্য আইন বলবৎ কৰা হৈছে৷
তেলেংগানাঃ ৰাজ্য চৰকাৰে আজি কেতবোৰ শিথিলতাসহ অহা দিনৰ বাবে লকডাউন সম্প্ৰসাৰণ কৰাৰ সিদ্ধান্ত লৈছে৷ ৰাজ্যখনৰ যিসকল শিক্ষাৰ্থীয়ে বিদেশৰ বিশ্ববিদ্যালয়ক নামভৰ্তি কৰিছে, তেওঁলোকক অগ্ৰাধিকাৰভিত্তিত টিকা প্ৰদানৰ সিদ্ধান্ত লৈছে৷ ইফালে, ৰাজ্যখনত অধিক সংক্ৰমণৰ আশংকা থকা সাংবাদিক/পদপথৰ দোকানী/অ’টো চালক/পথ পৰিবহণ নিগমৰ চালক-কণ্ডাক্টৰসকলক টিকাকৰণৰ অভিযান হাতত লৈছে৷ কালি ৰাজ্যখনত ১,৮০১জন নতুন আক্ৰান্তৰ বিপৰীতে ১৬জন ৰোগীৰ মৃত্যু হৈছে৷ বৰ্তমান ৰাজ্যখনত ৩৫,০৪১জন ৰোগী চিকিৎসাধীন হৈ আছে৷

অসমঃ বিগত ২৪ঘণ্টাত অসমত ৫৫জন ক’ভিড ৰোগীৰ মৃত্যু হোৱাৰ লগতে ৩,২৪৭জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷ পজিটিভিটিৰ হাৰ ৪.৫৩শতাংশ৷ কামৰূপ মেট্ৰ’ত ৪২২জন আক্ৰান্ত হৈছে৷ ৰাজ্যিক স্বাস্থ্য বিভাগে সময়ে সময়ে ১৮-৪৪ বছৰ বয়সৰ হিতাধিকাৰীৰ বাবে টিকা প্ৰদান স্থানতে পঞ্জীয়নৰ সুবিধা প্ৰদানৰ ব্যৱস্থা হাতত লৈছে৷ অৱশ্যে এয়া স্মাৰ্টফোন নথকা চাহ বাগিচা এলেকাতহে বিশেষভাৱে কাৰ্যকৰী কৰা হ’ব৷ জিলা কৰ্তৃপক্ষই কয়দী, বৃদ্ধাশ্ৰম, মানসিক স্বাস্থ্য প্ৰতিষ্ঠান আৰু ১৮ বছৰ ঊৰ্ধ্বৰ পুনৰ সংস্থাপন কেন্দ্ৰত বিশেষ টিকাকৰণ অভিযান হাতত লৈছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী মেডিকেল কলেজ আৰু হাস্পতাল পৰিদৰ্শন কৰি ক’ভিডৰ চিকিৎসা আন্তঃগাঁথনিৰ লগতে অন্যা বিষয়ৰ সন্দৰ্ভত বুজ লয়৷

মনিপুৰঃ ৰাজ্যখনত দেওবাৰে ১৭জন ৰোগী মৃত্যুৰ লগতে ১,০৩২জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷ ৰাজ্যখনত ৩,৮২,৩৫২জন লোকক ভেকচিন প্ৰদান কৰা হৈছে৷

মেঘালয়ঃ মেঘালয়ত একেৰাহে তিনিদিন ধৰি নতুন আক্ৰান্ততকৈ নতুন আৰোগ্য ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে৷ দেওবাৰে ৰাজ্যখনত ৯৭৪জন ৰোগী আৰোগ্য হৈছে৷ ৰাজ্যখনৰ অহা সপ্তাহৰ পৰা ১৮বছৰ ঊৰ্ধ্বৰ লোকসকলৰ বাবে টিকাকৰণ আৰম্ভ কৰিব৷

ছিকিমঃ ছিকিমত কালি তিনিজন ৰোগীৰ মৃত্যু হোৱাৰ বিপৰীতে ২৪৬জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷ বৰ্তমান ৰাজ্যখনত ৩,৯৬১জন ৰোগী চিকিৎসাধীন হৈ আছে৷

ত্ৰিপুৰাঃ  আগৰতলাৰ এমবিবি বিমানবন্দৰত বিগত দুদিনত অক্সিজেন চিলিণ্ডাৰ আৰু অন্যান্য ঔষধ লৈ ভাৰতীয় বায়ু সেনা বাহিনীৰ বিমান অৱতৰণ কৰিছে৷ বিগত ২৪ ঘণ্টাত ৮৫৪জন লোক নতুনকৈ আক্ৰান্ত হোৱাৰ বিপৰীতে ৮৭৩জন আৰোগ্য আৰু ৬জন ৰোগীৰ মৃত্যু হৈছে৷

নাগালেণ্ডঃ  নাগালেণ্ডত দেওবাৰে ১৯২জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ১৩জনৰ মৃত্যু হৈছে৷ বৰ্তমান ৰাজ্যখনত ৫,০৪৯জন ৰোগী চিকিৎসাধীন হৈ আছে৷

মহাৰাষ্ট্ৰঃ মহাৰাষ্ট্ৰ চৰকাৰে ১৫ জুনলৈকে মুম্বাই, নবী মুম্বাই, থানেকে ধৰি কেইখনমান চহৰত লকডাউনৰ সময় বৃদ্ধি কৰিছে৷ দেওবাৰে ৰাজ্যখনত ১৮,৬০০জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷ কালি ৰাজ্যখনত নতুনকৈ ৪০২জন ৰোগীৰ মৃত্যু হৈছে৷

গুজৰাটঃ দেওবাৰে গুজৰাটত ১,৮৭১জন লোক নতুনকৈ আক্ৰান্ত হৈছে, যিটো চলিত বৰ্ষত ২৫ মাৰ্চত পিছত সৰ্বনিম্ন হিচাপে বিবেচিত হৈছে৷ ৰাজ্যখনত এতিয়ালৈকে ১,৬৮,৯৪,৩০৩জন লোকক টিকাকৰণ কৰা হৈছে৷

ৰাজস্থানঃ বিগত ৪দিনত নতুন ৪০০ লোক আক্ৰান্তসহ ৰাজ্যখনত মিউকৰমাইক’ছিছত আক্ৰান্তৰ সংখ্যা ১,৩০০লৈ বৃদ্ধি পাইছে৷ ইয়াৰে অধিকাংশ জয়পুৰৰ৷ দেওবাৰে ৰাজ্যখনত ২,২৯৮জন নতুন আক্ৰান্ত আৰু ৬৬জন লোকৰ মৃত্যু হৈছে৷ বৰ্তমান ৰাজস্থানত ৪৯,২২৪জন ৰোগী চিকিৎসাধীন হৈ আছে৷

মধ্যপ্ৰদেশঃ  মধ্যপ্ৰদেশত ক’ভিড পজিটিভিটিৰ হাৰ ৩শতাংশলৈ হ্ৰাস পাইছে৷ ৰাজ্যখনত ক্ৰমান্বয়ে নতুন ৰোগীৰ সংখ্যা হ্ৰাস হোৱাৰ পৰিপ্ৰেক্ষিতত ১ জুনৰ পৰা আনলক প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছে৷

চত্তীশগড়ঃ চত্তীশগড় চৰকাৰে দেওবাৰে ক’ভিড-১৯ত মৃত্যু হোৱা  সংবাদকৰ্মীৰ পৰিয়াললৈ ৫লাখ টকাকৈ আৰ্থিক সাহাৰ্য প্ৰদানৰ কথা ঘোষণা কৰে৷ তদুপৰি, চত্তীশগড় সংবাদ প্ৰতিনিধি কল্যান সাহাৰ্য অধিনিয়মৰ অধীনত ক’ভিডৰ বাবদ হোৱা চিকিৎসাৰ খৰচো বহন কৰাৰ সিদ্ধান্ত লোৱা বুলি ঘোষণা কৰিছে৷

গোৱাঃ গোৱাত দেওবাৰে ৬৪৫জন লোক নতুনকৈ ক’ৰোনা ভাইৰাছত আক্ৰান্ত হোৱাৰ লগতে ২৮জন ৰোগীৰ মৃত্যু হৈছে৷

পাঞ্জাৱঃ ৰাজ্যখনত বৰ্তমান ৩৯,২৬৩জন ৰোগী চিকিৎসাধীন হৈছে আছে৷ পাঞ্জাৱত এতিয়ালৈকে ১৪,৪৩২জন ৰোগীৰ মৃত্যু হৈছে৷

হাৰিয়ানাঃ মুঠ ৭,৫৫,৩৮৯জন লোক আক্ৰান্ত হোৱা ৰাজ্যখনত বৰ্তমান ২১,০৮৭জন ৰোগী চিকিৎসাধীন হৈছে আছে৷ হাৰিয়ানাত এতিয়ালৈকে ৮,২২১জন ৰোগীৰ মৃত্যু হৈছে৷

চণ্ডীগড়ঃ মুঠ ৫৯,৯২২জন লোক আক্ৰান্ত হোৱা চণ্ডীগড়ত বৰ্তমান ২,১৩৪জন ৰোগী চিকিৎসাধীন হৈছে আছে৷ ৰাজ্যখনত এতিয়ালৈকে ৭৪৫জন ৰোগীৰ মৃত্যু হৈছে৷

হিমাচলপ্ৰদেশঃ মুঠ ১,৮৯,৪৬৫জন লোক আক্ৰান্ত হোৱা হিমাচলপ্ৰদেশত বৰ্তমান ১৪,৯৪০জন ৰোগী চিকিৎসাধীন হৈছে আছে৷ ৰাজ্যখনত এতিয়ালৈকে ৩,১১১জন ৰোগীৰ মৃত্যু হৈছে৷

View image on Twitter

***



(Release ID: 1723280) Visitor Counter : 155