PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবি-ৰ বুলেটিন

Posted On: 25 MAY 2021 6:11PM by PIB Guwahati

 

  • ১.৯৬লাখ আক্ৰান্ত, ৪০দিনৰ পিচত ২লাখৰ তললৈ নামিল দৈনিক নতুনকৈ আক্ৰান্তৰ সংখ্যা,
  •  
  • দৈনিক আক্ৰান্তৰ হাৰ ৯.৫৪%,
  • শেহতীয়া ২৪ঘণ্টাত ১৮-৪৪ বয়স সীমাৰ মাজত প্ৰদান কৰা হল ১২.৮২লাখ পালি প্ৰতিষেধক,
  •  
  • ১মে’, ২০২১ৰ পৰা এতিয়ালৈ সৰ্বাধিক

  •  

 

#Unite2FightCorona

#IndiaFightsCorona

Image

১.৯৬লাখ আক্ৰান্ত, ৪০দিনৰ পিচত ২লাখৰ তললৈ নামিল দৈনিক নতুনকৈ আক্ৰান্তৰ সংখ্য়া

শেহতীয়া ২৪ ঘণ্টাত ১৮-৪৪ বয়স সীমাৰ লোকক প্ৰদান কৰা হ’ল ১২.৮২লাখ পালি প্ৰতিষেধক; ১মে’, ২০২১ৰ পৰা এতিয়ালৈ সৰ্বাধিক

  • ক’ভিড মহামাৰী ৰ বিৰুদ্ধে ভাৰতে অব্যাহত ৰখা যুঁজখনলৈ উত্সাহজনক বাৰ্তা কঢ়িয়াই বিগত ৪০দিনৰ পিচত আজি দৈনিক নতুনকৈ আক্ৰান্তৰ সংখ্যা প্ৰথম বাৰৰ বাবে ২লাখৰ তললৈ নামিছে।(১৪এপ্ৰিল, ২০২১ৰ দিনা আছিল ১,৮৪,৩৭২গৰাকী)
  • শেহতীয়া ২৪ঘণ্টাত দৈনিক নতুনকৈ আক্ৰান্তৰ সংখ্যা আছিল ১,৯৬,৪২৭গৰাকী।
  • সামগ্ৰিক ভাবে সক্ৰিয় ৰোগীৰ সংখ্যাও ২৫,৮৬,৭৮২লৈ অৱনমিত হৈছে। যোৱা ১০মে-ত সৰ্বাধিক হোৱাৰ পিচত ক্ৰমাগত ভাবে এই সংখ্যা অৱনমিত হোৱা দেখা গৈছিল। যোৱা ২৪ ঘণ্টাত এই সংখ্যা ১,৩৩,৯৩৪ৰে কমা বুলি তথ্য লাভ কৰিব পৰা গৈছে।
  • ভাৰতত দৈনিক আৰোগ্যৰ সংখ্যাই দৈনিক নতুনকৈ আক্ৰান্তৰ সংখ্যাক অতিক্ৰম কৰাৰ ধাৰা ১২দিন ধৰি একেৰাহে অব্য়াহত আছে। যোৱা ২৪ঘণ্টাত আৰোগ্য লাভ কৰিছে ৩,২৬,৮৫০গৰাকী লোকে।
  • সামগ্ৰিক ভাবে দেশত আৰোগ্য লাভ কৰা লোকৰ সংখ্যা হয়গৈ ২,৪০,৫৪,৮৬১গৰাকী।
  • শেহতীয়া ২৪ঘণ্টাত দেশত মুঠ ২০,৫৮,১১২টা নমুনাৰ পৰীক্ষণ সম্পন্ন কৰা হৈছে। এয়াকে লৈ এই পৰ্যন্ত সম্পন্ন কৰা সৰ্বমুঠ পৰীক্ষণৰ সংখ্যা হৈছেগৈ ৩৩,২৫,৯৪,১৭৬টা।
  • দৈনিক আক্ৰান্তৰ হাৰ অৱনমিত হৈ আজি হৈছেগৈ ৯.৫৪%।
  • আজি পুৱা ৭বজা পৰ্যন্ত পোৱা তথ্য় মতে ২৮,৪১,১৫১টা প্ৰতিষেধক প্ৰদান শিবিৰৰ জৰিয়তে দেশত সৰ্বমুঠ ১৯,৮৫,৩৮,৯৯৯ পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে।
  • ইফালে, যোৱা ২৪ঘণ্টাত ১৮-৪৪ বয়সসীমাৰ মাজৰ ১২.৮২গৰাকী লোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে।

বিস্তৃত তথ্যৰ বাবে :https://www.pib.gov.in/PressReleasePage.aspx?PRID=1721472

 

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ ২১.৮৯কোটি পালিৰো অধিক  প্ৰতিষেধকৰ যোগান ধৰা হৈছে

ভাৰত চৰকাৰে দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ (বিনামূলীয়া আৰু প্ৰত্যক্ষ ভাবে ৰাজ্যৰ সংগ্ৰহ এই দুই শ্ৰেণীভুক্ত) এই পৰ্যন্ত ২১.৮৯কোটি (২১,৮৯,৬৯,২৫০)পালিৰো অধিক প্ৰতিষেধক যোগান ধৰিছে।

ইয়াৰে আধানাৰ্জিসহ মুঠ ১৯,৯৩,৩৯,৭৫০পালি (আজি পুৱা ৮বজা পৰ্যন্ত উপলব্ধ তথ্য়ানুসৰি) ব্যৱহাৰ কৰা হৈছে।

ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ হাতত দিব পৰাকৈ এতিয়াও জমা আছে ১.৭৭কোটি পালিৰো অধিক(১,৭৭,৬৭,৮৫০) প্ৰতিষেধক

বিস্তৃত তথ্য়ৰ বাবে; https://www.pib.gov.in/PressReleasePage.aspx?PRID=1721518

 

’ভিড সাহায্য সামগ্ৰীৰ শেহতীয়া স্থিতি

ক’ভিড-১৯ৰ বিৰুদ্ধে অব্যাহত ৰখা যুঁজখনত সহযোগিতা আগবঢ়োৱাৰ উদ্দেশ্য পৃথিৱীৰ বিভিন্ন দেশ তথা বিভন্ন সংস্থাসমূহৰ পৰা ভাৰত চৰকাৰে চিকিত্সা সামগ্ৰীকে ধৰি বিভিন্ন সা-সামগ্ৰী সাহায্য হিচাপে লাভ কৰিছে। যোৱা ২৭ এপ্ৰিল, ২০২১ৰ লাভ কৰা এই সাহায্য সামগ্ৰীসমূহ বিশেষ তত্পৰতাৰে দেশৰ বিভিন্ন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ প্ৰেৰণ তথা প্ৰদানৰ দিহা কৰা হৈছে।

সামগ্ৰিক ভাবে, ২৪মে’, ২০২১ পৰ্যন্ত ১৭,৭৫৫টা অক্সিজেন কনচেণ্ট্ৰেটৰ, ১৬,৩০১টা অক্সিজেন চিলিণ্ডাৰ, ১৯টা অক্সিজেন জেনেৰেটৰ প্লাণ্ট, ১৩,৪৪৯টা ভেণ্টিলেটৰ-বাই-পেপ, ৬.৯ লাখ ৰেমডিচিভিৰ ভাইল আৰু ১২লাখ ফেভিপিৰাভিৰ টেবলেট বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলললৈ প্ৰেৰণ আৰু প্ৰদান কৰা হৈছে।

 

 

বিস্তৃত তথ্যৰ বাবে : https://www.pib.gov.in/PressReleasePage.aspx?PRID=1721553

 

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ অতিৰিক্ত ভাবে আৱণ্টন দিয়া হৈছে ১৯,৪২০ ভাইল এম্ফটাৰিচিন-বি

কেন্দ্ৰীয় সাৰ আৰু ৰসায়ন দপ্তৰৰ মন্ত্ৰী শ্ৰী ডি ভি সদানন্দ গৌড়াই কালি অৰ্থাত্ ২৪মে তাৰিখে দেশৰ বিভিন্ন ৰাজ্য আৰু  কেন্দ্ৰীয় শাসিত অঞ্চল তথা কেন্দ্ৰীয় প্ৰতিষ্ঠানসমূহলৈ অতিৰিক্ত ভাবে ১৯,৪২০ ভাইল এম্ফটাৰিচিন-বি আৱণ্টিত কৰা হৈছে বুলি ঘোষণা কৰে।  উল্লেখ্য যে যোৱা ২১মে’ৰ দিনা ২৩,৬৮০ ভাইল এম্ফটাৰিচিন-বি ৰাজ্য তথা ইউটিসমূহলৈ আৱণ্টিত কৰা হৈছিল।

বিস্তৃত তথ্য: াhttps://www.pib.gov.in/PressReleasePage.aspx?PRID=1721438

 

উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ স্বাস্থ্য় সচিবসকলৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে এখন জৰুৰী সভাত মিলিত হৈ অঞ্চলটোৰ কভিড পৰিস্থিতিৰ সমীক্ষা কৰাৰ লগতে আগন্তুক সময়ৰ বাবে গ্ৰহণ কৰা প্ৰস্তুতি সন্দৰ্ভত বিস্তৃত আলোচনা কৰে।

 

সবিশেষ তথ্য়: https://www.pib.gov.in/PressReleasePage.aspx?PRID=1721653

 

’ভিড-বিহিত আচৰণ পালন কৰি আহমেদনগৰ জিলাৰ আৰু এখন গাঁও ক’ভিড মুক্ত হ’বলৈ সক্ষম হ’ল

সবিশেষ: https://www.pib.gov.in/PressReleasePage.aspx?PRID=1721468

 

 

পিআইবি-ৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ পৰা লাভ কৰা তথ্যাৱলী

মহাৰাষ্ট্ৰ: ক’ভিডৰ সংক্ৰমণ অত্যধিক থকা এলেকাসমূহত আক্ৰান্তসকলক হ’ম আইছলেশ্যনত থকাটো বাৰণ কৰি নিৰ্দেশনা জাৰি কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে। ইয়াৰ পৰিৱৰ্তে প্ৰতিষ্ঠানিক কোৱেৰেণ্টাইন বাধ্যতামূলক কৰা হৈছে। ব্ৰিহান মুম্বাই পৌৰ নিগমৰ তৰফৰ পৰা ঘোষণা কৰা তিনি দিনীয়া ৱাক-ইন-ভেকচিনেশ্য়ন অভিযান আজিৰে পৰা আৰম্ভ হৈছে।
 

গুজৰাট: সোমবাৰে গুজৰাটত চিনাক্ত কৰা ৩,১৮৭গৰাকী ক’ভিড আক্ৰান্তৰে ৰাজ্যখনত সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা ৭,৯১,৬৫৭গৰাকীলৈ বৃদ্ধি পালে। দিনটোত আৰোগ্যৰ সংখ্যা আছিল ৯,৩০৫গৰাকী। এই পৰ্যন্ত ৰাজ্যখনত ৯,৬২১গৰাকী লোকে মৃত্যু বৰণ কৰাৰ বিপৰীতে মুঠ ৭,১৩,০৬৫গৰাকী লোকে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে।

ৰাজস্থান: সোমবাৰে ৰাজ্যখনত চিনাক্ত কৰা ৪,৪১৪গৰাকী ক’ভিড আক্ৰান্তৰে ৰাজ্যখনত সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা ৯,২০,৪৫৬গৰাকীলৈ বৃদ্ধি পালে। দিনটোত ১০৩গৰাকী লোকৰ মৃত্যুৰে এই পৰ্যন্ত ৰাজ্যখনত মৃত্যু হোৱা লোকৰ সংখ্যা হয়গৈ ৭,৮০৬গৰাকী। আৰোগ্যৰ সংখ্যা আছিল ৯,৩০৫গৰাকী। ৰাজ্যখনত সক্ৰিয় ৰোগীৰ সংখ্যা হৈছেগৈ ১,১২,২১৮গৰাকী। ইফালে, এই পৰ্যন্ত ৰাজ্যখনত মুঠ ৮,১২,৭৭৫গৰাকী লোকে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে।

মধ্য প্ৰদেশ: ৰাজ্যখনত বলবত্ কৰা ক’ৰোনা সান্ধ্য আইন অহা ৩১ মে’ পৰ্যন্ত কঠোৰ ভাবে বাহাল থাকিব বুলি ঘোষণা দোহাৰিছে মুখ্য মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে। ইফালে, ক’ৰোনাত পিতৃ-মাতৃ হেৰুওৱা শিশুসকললৈ মাহে ৫,০০০টকাৰ পেন্সন আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে

চত্তিশগড়: ৰাজ্যখনত ’ভিডৰ সংক্ৰমণৰ হাৰ দ্ৰুত গতিত অৱনমিত হোৱা দেখা গৈছে।

গোৱা: কাইলৈৰ পৰা ৰাজ্যখনত টীকা উত্সৱ কাৰ্যক্ৰমৰ শুভাৰম্ভ কৰা হ’ব। সোমবাৰে ৰাজ্যখনত চিনাক্ত কৰা ১,৪০১গৰাকী কভিড আক্ৰান্তৰে ৰাজ্যখনত সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা ১,৪৭,৮৬১গৰাকীলৈ বৃদ্ধি পালে। দিনটোত ৩৮গৰাকী লোকৰ মৃত্যুৰে এই পৰ্যন্ত ৰাজ্যখনত মৃত্যু হোৱা লোকৰ সংখ্যা হয়গৈ ২,৩৬২গৰাকী। আৰোগ্যৰ সংখ্যা আছিল ২,৩৬২গৰাকী। ৰাজ্যখনত সক্ৰিয় ৰোগীৰ সংখ্যা হৈছেগৈ ১৬,২৭৮গৰাকী। ইফালে, এই পৰ্যন্ত ৰাজ্যখনত মুঠ ১,২৯,১৬২গৰাকী লোকে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে।

কেৰালা: বিদেশত পঢ়িবলৈ কিম্বা চাকৰি কৰিবলৈ যাব খোজা সকলক টীকাকৰণৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিব ৰাজ্য চৰকাৰে। ৰাজ্যখনত এই পৰ্যন্ত ৪৪গৰাকী লোক ব্লেক ফাংগাছৰ দ্বাৰা আক্ৰান্ত হৈছে। ইফালে, কভিডত আক্ৰান্ত লোকৰ এদিনত সৰ্বাধিক মৃত্যুৰ অভিলেখ ৰচনা কৰি সোমবাৰে ৰাজ্যখনত ১৯৬গৰাকী লোকৰ মৃত্যু হয়। দিনটোত আক্ৰান্তৰ সংখ্যা আছিল ১৭,৮২১গৰাকী।

তামিল নাডু সোমবাৰে ৰাজ্যখনত চিনাক্ত কৰা ৩৪,৮৬৭গৰাকী ক’ভিড আক্ৰান্তৰে ৰাজ্যখনত সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা ১৮,৭৭,২১১গৰাকীলৈ বৃদ্ধি পালে। দিনটোত ৪০৪গৰাকী লোকৰ মৃত্যুৰে এই পৰ্যন্ত ৰাজ্যখনত মৃত্যু হোৱা লোকৰ সংখ্যা হয়গৈ ২০,৮৭২গৰাকী। আৰোগ্যৰ সংখ্যা আছিল ৯,৩০৫গৰাকী। ৰাজ্যখনত সক্ৰিয় ৰোগীৰ সংখ্যা হৈছেগৈ ১,১২,২১৮গৰাকী। ইফালে,  ৰাজ্যখনত মুঠ ৫৫,০৭,০৩৪গৰাকী লোকে প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰাৰ বিপৰীতে ১৯,৬৬,৪৫৫গৰাকীয়ে দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰিছে। ইয়াকে লৈ ৰাজ্যখনত প্ৰতিষেধক গ্ৰহণ কৰা লোকৰ মুঠ সংখ্যা হৈছেগৈ ৭৪,৭৩,৪৮৯ গৰাকী। ইয়াৰে, ১৯,৬৬,৪৫৫গৰাকীয়ে বিপৰীতে লাভ কৰিবলৈ সক্ষম হৈছে।

কৰ্ণাটক: সোমবাৰে ৰাজ্যখনত চিনাক্ত কৰা ২৫,৩১১গৰাকী ক’ভিড আক্ৰান্তৰে ৰাজ্যখনত সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা ২৪,৫০,২১৫গৰাকীলৈ বৃদ্ধি পালে। দিনটোত ৫২৯গৰাকী লোকৰ মৃত্যুৰে এই পৰ্যন্ত ৰাজ্যখনত মৃত্যু হোৱা লোকৰ সংখ্যা হয়গৈ ২৫,৮১১গৰাকী। আৰোগ্যৰ সংখ্যা আছিল ৫৭,৩৩৩গৰাকী। ৰাজ্যখনত সক্ৰিয় ৰোগীৰ সংখ্যা হৈছেগৈ ১,১২,২১৮গৰাকী। ইফালে, এই পৰ্যন্ত ৰাজ্যখনত মুঠ ১,২২,৪৩,৪৭৩গৰাকী লোকে প্ৰতিষেধক গ্ৰহণ কৰিছে।

অন্ধ্ৰ প্ৰদেশ: সোমবাৰে ৰাজ্যখনত চিনাক্ত কৰা ১২,৯৯৪গৰাকী ক’ভিড আক্ৰান্তৰে ৰাজ্যখনত সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা ১৫,৯৩,৮২১গৰাকীলৈ বৃদ্ধি পালে। দিনটোত ৯৬গৰাকী লোকৰ মৃত্যুৰে এই পৰ্যন্ত ৰাজ্যখনত মৃত্যু হোৱা লোকৰ সংখ্যা হয়গৈ ১০,২২২গৰাকী। আৰোগ্যৰ সংখ্যা আছিল ১৮,৩৭৩গৰাকী। ৰাজ্যখনত সক্ৰিয় ৰোগীৰ সংখ্যা হৈছেগৈ ২,০৩,৭৬২গৰাকী। ইফালে, এই পৰ্যন্ত ৰাজ্যখনত মুঠ ১৩,৭৯,৮৩৭গৰাকী লোকে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে। ৰাজ্যখনত মুঠ ৮০,২৩,৫৪১পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে।

তেলেংগাণা: মুখ্যমন্ত্ৰী কে চি আৰয়ে ৰাজ্যখনৰ ক’ভিড পৰিস্থিতিৰ সমীক্ষা কৰে। ৰাজ্যখনত ক’ভিড নিয়ন্ত্ৰণৰ বাবে দ্বিসূত্ৰী নীতি গ্ৰহণ কৰিছে। বৃহত্ সংখ্যক লোকৰ নমুনা পৰীক্ষণ আৰু আৰু হোম আইছলেশ্যন কিটৰ বিতৰণ। ইফালে, ৰাজ্যখনত মুঠ ১,২২,৪৩,৪৭৩গৰাকী লোকে প্ৰতিষেধক গ্ৰহণ কৰিছে। সোমবাৰে ৰাজ্যখনত চিনাক্ত কৰা ৩০৪৩গৰাকী আক্ৰান্তক নতুনকৈ চিনাক্ত কৰা হৈছে।  দিনটোত ২১গৰাকী লোকৰ মৃত্যু হৈছে। এই পৰ্যন্ত ৰাজ্যখনত মৃত্যু হোৱা লোকৰ সংখ্যা হয়গৈ ৩১৪৬গৰাকী। ইফালে ৰাজ্যখনত সংক্ৰমিত সোকৰ সংখ্যা হয়গৈ ৫,৫৬,৩২০গৰাকী। ৰাজ্যখনত সক্ৰিয় ৰোগীৰ সংখ্যা হৈছেগৈ ৩৯,২০৬গৰাকী। ইফালে, এই পৰ্যন্ত ৰাজ্যখনত মুঠ ১,২২,৪৩,৪৭৩গৰাকী লোকে প্ৰতিষেধক গ্ৰহণ কৰিছে।

অসম: শেহতীয়া ২৪ ঘণ্টাত ৮৪গৰাকী লোকৰ মৃত্যুৰে ক’ভিড সংক্ৰমণৰ সংকট অব্যাহত আছে ৰাজ্যখনত। সোমবাৰে ৰাজ্যখনত সম্পন্ন কৰা মুঠ ১,২০,৬৬৮ নমুনা পৰীক্ষাৰ বিপৰীতে ৬,২২১গৰাকী লোক নতুনকৈ ক’ভিড আক্ৰান্ত হোৱাৰ তথ্য নিশ্চিত কৰা হৈছে। দিনটোত কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ৭২৯গৰাকী লোকক নতুনকৈ আক্ৰান্ত হোৱা বুলি চিনাক্ত কৰা হৈছে। ইফালে, মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী চিকিত্সা মহাবিদ্যালয় চৌহদত ২৮খন নতুন আইচিইউ বিচনা আনুষ্ঠানিক ভাবে মুকলি কৰে।

মণিপুৰ:: ক’ভিড-১৯ৰ শেহতীয়া পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে সোমবাৰে  মুখ্যমন্ত্ৰী এন বীৰেন সিঙে হেলিকপ্টাৰৰে ৰাজ্যখনৰ উখ্ৰূল, সেনাপতি আৰু টামেংলং  জিলা পৰিভ্ৰমণ কৰে। ৰাজ্যখনত ৫৩৮গৰাকী লোক নতুনকৈ আক্ৰান্ত হোৱাৰ বিপৰীতে ১৭গৰাকী লোকৰ মৃত্যু হৈছে। ইয়াকে লৈ ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা ৩,৪৫,৬১৮গৰাকীলৈ বৃদ্ধি পালে।

মেঘালয়: ৮১১গৰাকী লোক নতুনকৈ আক্ৰান্ত হোৱাৰ বিপৰীতে ৰাজ্যখনত আৰোগ্য লাভ কৰিছে ৬৭৯গৰাকী লোকে। ইয়াকে লৈ ৰাজ্যখনত আক্ৰান্তৰ সংখ্যাই আজি ৩০,০০০ৰ সীমা অতিক্ৰম কৰিছে। আজিৰ তাৰিখত ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৩০,৪৯২গৰাকী। আনহাতে, সক্ৰিয় ৰোগীৰ সংখ্যা হৈছেগৈ ৭৭৮৮গৰাকী।


ছিক্কিম: শেহতীয়া ভাবে ১০১গৰাকী আক্ৰান্ক চিনাক্ত কৰা হৈছে। এইখিনি সময়ত ২২৪গৰাকী লোকে আৰোগ্য লাভ কৰিছে. ৰাজ্যখনত সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৩,১৮৪গৰাকী। কভিড-ৰ চিকিত্সাৰে জড়িত স্বেচ্ছাসেৱকসকলক অস্থায়ী ভাবে নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছে ছিক্কিম চৰকাৰে।

ত্ৰিপুৰা: কালি ৰাজ্যখনত ৪২৬গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে। পশ্চিম ত্ৰিপুৰা জিলাত আক্ৰান্তৰ হাৰ ২৪.৭১শতাংশলৈ বৃদ্ধি পাইছে।

নাগালেণ্ড: সোমবাৰে ৰাজ্যখনত ১৯১গৰাকী কভিড আক্ৰান্ত চিনাক্ত কৰা বিপৰীতে ১১গৰাকী লোক প্ৰাণ হেৰুৱাইছে। ইফালে, ৪৭১৪গৰাকী সক্ৰিয় ৰোগীৰ সৈতে ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা ২০,২৫৯গৰাকীলৈ বৃদ্ধি পাইছে।

 

***********



(Release ID: 1721792) Visitor Counter : 247