PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ বুলেটিন

Posted On: 24 MAY 2021 6:36PM by PIB Guwahati

 

 

  • টিকাদান অভিযানৰ ৩য়-পৰ্যায়ৰ অধীনত ১৮-৪৪ বছৰ বয়সৰ অৰ্থে ১ কোটিৰো অধিক পালি ভেকচিন প্ৰদানেৰে লক্ষ্যণীয় সীমা অতিক্ৰম ভাৰতৰ
  • ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ ২১.৮০ কোটিৰো অধিক পালি ভেকচিন প্ৰেৰণ কৰা হৈছে
  • এতিয়া ক’উইনত ১৮-৪৪ বছৰ বয়সৰ বাবে অনলাইন এপইনমেন্টৰ সংযোজন হিচাপে অন-চাইট পঞ্জীয়ন /সহজতৰ ক’হৰ্ট পঞ্জীয়ন উপলব্ধ
  • সাপ্তাহিক পজিটিভিটি হাৰ ১২.৬৬% লৈ হ্ৰাস পাইছে
  • একেৰাহে ১১ সংখ্যক দিনৰ বাবে দৈনিক আৰোগ্য লাভে দৈনিক নতুন ঘটনাক অতিক্ৰম কৰিলে
  • অক্সিজেন এক্সপ্ৰেছসমূহৰদ্বাৰা এতিয়ালৈকে এদিনত সৰ্বাধিক ১১৪২ মেট্ৰিক টনৰো অধিক অক্সিজেন সাহাৰ্য্য সৰবৰাহ কৰা হৈছে

 

#Unite2FightCorona

#IndiaFightsCorona

Image

Image

 

টিকাদান অভিযানৰ ৩য়-পৰ্যায়ৰ অধীনত ১৮-৪৪ বছৰ বয়সৰ অৰ্থে ১ কোটিৰো অধিক পালি ভেকচিন প্ৰদানেৰে লক্ষ্যণীয় সীমা অতিক্ৰম ভাৰতৰ

সাপ্তাহিক পজিটিভিটি হাৰ ১২.৬৬% লৈ হ্ৰাস

  • ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজখনত আজি ভাৰতে এটা লক্ষ্যণীয় সীমা অতিক্ৰম কৰিলে। টিকাদান অভিযানৰ ৩য়-পৰ্যায়ৰ অধীনত ১৮-৪৪ বছৰ বয়সৰ অৰ্থে ১ কোটিৰো অধিক পালি (১,০৬,২১,২৩৫) ভেকচিন প্ৰদান কৰিলে দেশখনে।
  • ৰাষ্ট্ৰজোৰা টিকাদান অভিযানৰ ৩য়-পৰ্যায়ৰ অধীনত আজি দেশখনত প্ৰদান কৰা ক’ভিড-১৯ ভেকচিন পালিৰ মুঠ সংখ্যাই ১৯.৬০ কোটি অতিক্ৰম কৰিছে। আজি পুৱা ৭ বজালৈকে লাভ কৰা অস্থায়ী প্ৰতিবেদন অনুসৰি, ২৮,১৬,৭২৫ ছেচনজুৰি মুঠ ১৯,৬০,৫১,৯৬২ পালি ভেকচিন প্ৰদান কৰা হয়।
  • ভাৰতত একেৰাহে ১১ সংখ্যক দিনৰ বাবে দৈনিক আৰোগ্য লাভে দৈনিক নতুন ঘটনাক অতিক্ৰম কৰিলে। যোৱা ২৪ ঘন্টাত ৩,০২,৫৪৪ টা আৰোগ্য লাভৰ ঘটনা লাভ কৰা হৈছে।
  • আজি ভাৰতৰ মুঠ আৰোগ্য লাভে ২,৩৭,২৮,০১১ স্পৰ্শ কৰিলে। ৰাষ্ট্ৰীয় আৰোগ্য লাভৰ হাৰ ৮৮.৬৯% লৈ বৃদ্ধি পাইছে।
  • আন এটি ইতিবাচক দিশ হিচাপে, ভাৰতত একেৰাহে ৮ম দিনৰ বাবে দৈনিক নতুন ঘটনা ৩ লাখৰ নিম্ন হৈ ৰৈছে। আজি দৈনিক নতুন ঘটনা আৰু দৈনিক আৰোগ্য লাভৰ ঘটনাৰ মাজৰ ব্যৱধান ৮০,২২৯ লৈ হ্ৰাস পালে।
  • যোৱা ২৪ ঘন্টাত ২,২২,৩১৫ টা দৈনিক নতুন ঘটনা লাভ কৰা হয়।

অধিক বিৱৰণৰ বাবেঃ

 

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ ২১.৮০ কোটিৰো অধিক পালি ভেকচিন প্ৰেৰণ কৰা হৈছে
এতিয়াও ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে ১.৮০ কোটিৰো অধিক পালি প্ৰদান কৰিবলৈ মজুত আছে

ভাৰত চৰকাৰে এতিয়ালৈকে বিনামূলীয়া আৰু ৰাজ্যসমূহৰ প্ৰত্যক্ষ ক্ৰয় উভয় পৰ্যায়ত, ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ ২১.৮০ কোটিৰো অধিক পালি ভেকচিন (২১,৮০,৫১,৮৯০) প্ৰেৰণ কৰিছে।

অধিক বিৱৰণৰ বাবেঃ

 

এতিয়া কউইনত ১৮-৪৪ বছৰ বয়সৰ বাবে অনলাইন এপইনমেন্টৰ সংযোজন হিচাপে অন-চাইট পঞ্জীয়ন /সহজতৰ কহৰ্ট পঞ্জীয়ন উপলব্ধ
বৰ্তমানে চৰকাৰী কভিড টিকাদান কেন্দ্ৰ (CVC) তহে মাথো এই সুবিধা উপলব্ধ

ৰাজ্যসমূহে প্ৰদান কৰা ভিন্ন অৱলোকনৰ ওপৰত ভিত্তি কৰি আৰু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে লাভ কৰা ইনপুট অনুসাৰে, ১৮-৪৪ বছৰ বয়সৰ হিতাধিকাৰীসকলৰ অৰ্থে, কেন্দ্ৰীয় চৰকাৰখনে এতিয়া ক’উইন ডিজিটেল প্লেটফৰ্মত অন-চাইট পঞ্জীয়ন/সহজতৰ ক’হৰ্ট পঞ্জীয়নৰ সুবিধা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

অধিক বিৱৰণৰ বাবেঃ

 

মিউকৰ্মিকচিছৰ বৰণৰ বিপৰীতে ভেঁকুৰবিধাৰ নামেৰে চিনাক্ত কৰাটো অধিক সুবিধাজনকঃ এইমছৰ সঞ্চালক ডাঃ ৰণদ্বীপ গুলেৰিয়া
ই সংক্ৰামক নহয়

ক’ভিড-১৯ ৰপৰা আৰোগ্য লাভ কৰিবলৈ ধৰা বা আৰোগ্য লাভ কৰা ৰোগীসকলৰ মাজত মিউকৰ্মিকচিছ নামৰ এটা সাধাৰণ ভেঁকুৰজাতীয় সংক্ৰমণৰ ঘটনা সংঘটিত হৈছে। এই ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে, কিন্তু ই সংক্ৰামক ৰোগ নহয়, ইয়াৰ অৰ্থ হৈছে ই ক’ভিড-১৯ ৰ দৰে এজন লোকৰপৰা আন এজন লোকৰ দেহলৈ বিয়পি নাযায়। এইদৰে কৈছে এইমছ, নতুন দিল্লীৰ সঞ্চালক ডাঃ ৰণদ্বীপ গুলেৰিয়াই।

অধিক বিৱৰণৰ বাবেঃ

 

ভিড সাহাৰ্য্য সন্দৰ্ভত আপডেট

ভাৰত চৰকাৰে ২০২১ ৰ ২৭ এপ্ৰিলৰপৰা ভিন্ন ৰাষ্ট্ৰ/সংগঠনৰপৰা ক’ভিড-১৯ সাহাৰ্য্য হিচাপে মেডিকেল যোগান আৰু সা-সৰঞ্জামৰ আন্তঃৰাষ্ট্ৰীয় সহযোগিতা লাভ কৰি আহিছে। এইসমূহ ক্ষীপ্ৰতাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ বিতৰণ/প্ৰেৰণ কৰা হৈছে।

অধিক বিৱৰণৰ বাবেঃ

 

অক্সিজেন এক্সপ্ৰেছসমূহৰদ্বাৰা এতিয়ালৈকে এদিনত সৰ্বাধিক ১১৪২ মেট্ৰিক টনৰো অধিক অক্সিজেন সাহাৰ্য্য সৰবৰাহ কৰা হৈছে

ভাৰতীয় ৰেলৱেয়ে সমগ্ৰ দেশখনৰ ভিন্ন ৰাজ্যলৈ লিকুইড মেডিকেল অক্সিজেন (LMO) যোগানৰ জৰিয়তে সাহাৰ্য্য পৰিবহণৰ যাত্ৰা অব্যাহত ৰাখিছে। এতিয়ালৈকে, ভাৰতীয় ৰেলৱেয়ে দেশখনৰ বিভিন্ন ৰাজ্যলৈ ৯৭৭ ৰোধিক টেংকাৰেৰে ১৬০২৩ মেট্ৰিক টনৰো অধিক এলএমঅ’ সৰবৰাহ কৰিছে। এইখিনিতে উল্লেখ কৰিব পাৰি যে এতিয়ালৈকে ২৪৭ খন অক্সিজেন এক্সপ্ৰেছে নিজ-নিজ যাত্ৰা সম্পূৰ্ণ কৰিছে।

অধিক বিৱৰণৰ বাবেঃ

 

অক্সিজেন প্লান্ট আৰু সমীপৱৰ্তী অঞ্চললৈ নিৰ্ভৰযোগ্য শক্তি যোগানৰ অৰ্থে নাগালেণ্ডস্থিত ৰেফাৰেল হাস্পতাল ছাব-ষ্টেচনত পাৱাৰগ্ৰীডৰ ট্ৰেন্সফৰ্মাৰ

শক্তিৰ সংযোগ বিচ্ছিন্নৰ ঘটনা হ্ৰাস আৰু নাগালেণ্ডৰ একমাত্ৰ অক্সিজেন প্লান্টটোলৈ পৰ্যাপ্ত শক্তি যোগান নিশ্চিত কৰিবলৈ, নাগালেণ্ড চৰকাৰ আৰু ইয়াৰ পাৱাৰ নাগালেণ্ড বিভাগ (DoPN) এ ডিমাপুৰস্থিত ৰেফাৰেল হাস্পতাল ছাব-ষ্টেচনত এটা ১০ মেগা ভল্ট এম্পিয়াৰ (MVA) ৰ ট্ৰেন্সফৰ্মাৰ সংস্থাপনৰ বাবে পাৱাৰগ্ৰীডক আহ্বান জনাইছিল।

অধিক বিৱৰণৰ বাবেঃ

 

ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত চৰকাৰে প্ৰতিজন তৃতীয় লিংগৰ লোকক ১৫০০ টকাকৈ সাহাৰ্য্য আগবঢ়াব
তৃতীয় লিংগৰ লোকৰ মানসিক স্বাস্থ্যৰ যতনৰ অৰ্থে 8882133897 হেল্পলাইন লম্বৰ মুকলি

ক’ভিড-১৯ ৰ বিৰুদ্ধে দেশখনে যুঁজ দি থকাৰ পৰিপ্ৰেক্ষিতত, তৃতীয় লিংগৰ লোকৰ সমাজখনৰ সদস্যসকলে জীৱিকাৰ গুৰুতৰ বিচ্ছিন্নতাৰ ফলত বহু পৰিমাণে প্ৰভাৱিত হৈছে। দেশখনৰ এই সাম্প্ৰতিক পৰিস্থিতিত এই উপান্ত সমাজখনৰ লোকসকল অতিশয় নিৰুপায় হৈ পৰিছে আৰু খাদ্য-স্বাস্থ্যৰ দৰে প্ৰাথমিক প্ৰয়োজনৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈ পৰিছে।

অধিক বিৱৰণৰ বাবেঃ

 

পিআইবিৰ ক্ষেত্ৰীয় ইউনিটসমূহৰপৰা লাভ কৰা ইনপুট

কেৰালাঃ কেৰালাৰ স্বাস্থ্য মন্ত্ৰী বীণা জৰ্জে কয় যে কেৰালাই চমু সময়ৰ ভিতৰত সম্পূৰ্ণ টিকাদানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। তেওঁ লগতে কয় যে পৰ্যাপ্ত ভেকচিনৰ মজুত নিশ্চিত কৰিবলৈ চৰকাৰখনে সম্ভাৱ্য সকলো উপায় প্ৰয়োগ কৰিছে। ৰাজ্যখনৰ ৪৫ বছৰ বয়সৰ উৰ্ধ ৪৫ শতাংশ লোকে প্ৰথম পালি ভেকচিন লাভ কৰিছে।

তামিল নাডুঃ তামিল নাডুৰ মুখ্যমন্ত্ৰী এমকে ষ্টেলিনে দেওবাৰে ৰাজ্যখনৰ মহামাৰী পৰিস্থিতিৰ বুজ লয়। ইয়াত মুখ্যমন্ত্ৰীজনে উপায়ুক্তসকলক ৰাজ্য়খনৰ যিসমূহ জিলাত ক’ভিড-১৯ ৰ ভেকচিন প্ৰদানৰ পৰিমাণ কম হৈ আছে, তাত উক্ত পৰিমাণ বৃদ্ধিৰ অৰ্থে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। ৰাজ্যখনত বৰ্তমানে প্ৰায় ১২ লাখ পালি ভেকচিন মজুত আছে।

কৰ্ণাটকঃ কৰ্ণাটকত নতুন ঘটনাঃ ২৫,৯৭৯ টা; মুঠ সক্ৰিয় ঘটনাঃ ৪,৭২,৯৮৬ টা; নতুন ক’ভিড-১৯ জনিত মৃত্যুৰ ঘটনাঃ ৬২৬ টা।

অন্ধ্ৰ প্ৰদেশঃ অন্ধ্ৰ প্ৰদেশত যোৱা ২৪ ঘন্টাত ৯১,৬২৯ টা নমুনা টেষ্ট কৰাৰ বিপৰীতে ১৮,৭৬৭ টা নতুন ক’ভিড-১৯ ঘটনা লাভ কৰা যায়। একে সময়তে ৰাজ্য়খনত ১০৪ টা ক’ভিড-১৯ জনিত মৃত্যুৰ ঘটনা সংঘটিত হৈছে। ইফালে, ২০,১০৯ ক’ভিড আক্ৰান্তক ডিচাৰ্জ দিয়া হৈছে।

তেলেংগানাঃ তেলেংগানাত শেহতীয়াভাৱে ২,২৪২ টা নতুন ক’ভিড-১৯ ঘটনা লাভ কৰা হৈছে। ইফালে ১৯ আক্ৰান্ত মৃত্যুমুখত পৰিছে। ৰাজ্য়খনত ক’ভিড-১৯ জনিত মৃত্যুৰ ঘটনা ৩,১২৫ লৈ বৃদ্ধি পাইছে।

অসমঃ অসমত দেওবাৰে ৭২ জন ক’ভিড-১৯ ত আক্ৰান্ত লোক মৃত্যুমুখত পৰে। ৰাজ্যখনত পজিটিভিটি হাৰ ক্ৰমান্বয়ে হ্ৰাস পাই ৫.৮৬ শতাংশ হৈছেহি। এই সময়ছোৱাত ৬২,৭২২ টা টেষ্ট সম্পন্ন কৰাৰ বিপৰীতে প্ৰায় ৩,৫৬৩ টা নতুন ঘটনা ধৰা পৰিছে। কামৰূপ মহানগৰ জিলাত নতুন ঘটনাৰ সংখ্যা ৬২৪ টা। গুৱাহাটীৰ আমিনগাঁওস্থিত ইনলেণ্ড কন্টেইনাৰ ডিপোত ৰাজ্য়খনৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৪ টা কন্টেইনাৰত মুঠ ৮০ মেট্ৰিক টন মেডিকেল অক্সিজেন কঢ়িয়াই অনা অক্সিজেন এক্সপ্ৰেছক আদৰণি জনায়। মুখ্যমন্ত্ৰীজনে নগৰীয়া অঞ্চলৰপৰা গ্ৰামাঞ্চলসমূহলৈ মহামাৰীটোৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ সমূহীয়া নিৰীক্ষণ ব্যৱস্থা গঢ়ি তুলিবলৈ সকলো উপায়ুক্তকে আহ্বান জনাইছে।

মণিপুৰঃ মণিপুৰত শেহতীয়াভাৱে ৭৬৭ টা নতুন ক’ভিড-১৯ ঘটনা লাভ কৰাৰ বিপৰীতে ১৪ আক্ৰান্ত মৃত্যুমুখত পৰিছে।
ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে দেওবাৰে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৰাজ্যখনৰ হ’ম আইছ’লেশ্যনত থকা ক’ভিড ৰোগীসকলৰ সৈতে মত-বিনিময় কৰি তেওঁলোকৰ অভাৱ আৰু অভিযোগৰ বুজ লয়।

মেঘালয়ঃ দ্বিতীয়বাৰৰ বাবে ১,০০০-ৰ সীমা অতিক্ৰমৰ এটা দিন পাছত, মেঘালয়ত দেওবাৰে ৮০৩ টা নতুন ক’ভিড-১৯ ঘটনা লাভ কৰা যায়। দেওবাৰে ২৪ আক্ৰান্ত মৃত্যুমুখত পৰাত মুঠ মৃত্যুৰ ঘটনা ৪৫৯ লৈ বৃদ্ধি পালে। ৰাজ্যখনত এতিয়া সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ৭,৬৮০ টা। ইয়াৰে পূব খাচী পাৰ্বত্য জিলাত ৪,১৭৩ টা (কেছল’ডৰ ৫৪%)।

নাগালেণ্ডঃ নাগালেণ্ডত দেওবাৰে ২২৩ টা নতুন ক’ভিড-১৯ ঘটনা লাভ কৰা যায় আৰু ১৩ টা মৃত্যুৰ ঘটনা সংঘটিত হয়। ৰাজ্যখনত ৪৬৭৮ টা সক্ৰিয় ঘটনাৰে মুঠ ঘটনাৰ সংখ্যা ২০,০৬৮ টা হৈ পৰিছে। এতিয়ালৈকে নাগালেণ্ডত মুঠ ২,৫৩,৯৪০ ক’ভিশ্বিল্ড পালি প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত, ১,৯৯,৪৬০ ই প্ৰথম পালি লাভ কৰাৰ বিপৰীতে ৫৩,৯৪০ ই দ্বিতীয় পালি লাভ কৰিছে।
ত্ৰিপুৰাঃ ত্ৰিপুৰাত যোৱা ২৪ ঘন্টাত ৮৭৬ টা নতুন ক’ভিড-১৯ ঘটনা লাভ কৰাৰ বিপৰীতে একে কাৰণতে ২ জন ৰোগী মৃত্যুমুখত পৰে। যোৱা ২৪ ঘন্টাত পশ্চিম ত্ৰিপুৰা জিলাতে ক’ভিড ঘটনা সৰ্বাধিক হৈ ৰৈছে। এই পৰিমাণ হৈছে ৩৯৯ টা। ইফালে, ভাৰতীয় বায়ু সেনাৰ বিমানযোগে গুৱাহাটীৰপৰা আগৰতলাত উপস্থিত হৈছেগৈ পিপিই আইটেম, টেষ্ট কিটকে ধৰি ৮৫ হাজাৰ মেডিকেল কিট।
ছিকিমঃ ছিকিমত শেহতীয়াভাৱে ৩২৪ টা নতুন ক’ভিড-১৯ ঘটনা লাভ কৰা যায়। ৰাজ্য়খনত মুঠ ঘটনাৰ সংখ্যা ১৩১৩২ টা। আৰোগ্য লাভৰ ঘটনাৰ সংখ্যা ৮৩৬১ টা। ৰাজ্য়খনত সক্ৰিয় ঘটনাৰ সংখ্যা ৩৩১৭ টা। শেহতীয়াভাৱে তিনিজন ক’ভিড আক্ৰান্তৰ মৃত্যু হোৱাত মুঠ মৃত্যুৰ ঘটনা ২২৪ লৈ বৃদ্ধি পালে। ছিকিম মনেষ্ট্ৰীত ক’ভিড-১৯ ৰ সংক্ৰমণ হোৱাত ৯৩ ভিক্ষু আক্ৰান্ত হৈছে।

মহাৰাষ্ট্ৰঃ সম্ভাৱ্য তৃতীয় ঢৌৰ অৰ্থে প্ৰস্তুতিৰ অংশ হিচাপে, মহাৰাষ্ট্ৰত পেডিয়েট্ৰিক ক’ভিড বেড বৰ্তমানে প্ৰায় ৬০০ ৰপৰা ২,৩০০ খনলৈ বৃদ্ধিৰ পৰিকল্পনা হাতত লোৱা হৈছে। মহাৰাষ্ট্ৰত দেওবাৰে ২৬,৬৭২ টা নতুন ক’ভিড-১৯ ঘটনা লাভ কৰা হয়। একে সময়তে ৫৯৪ আক্ৰান্ত মৃত্যুমুখত পৰে।

গুজৰাটঃ প্ৰায় ডেৰ মাহৰ পাছত, গুজৰাটত দেওবাৰে ৪,০০০ ৰ সীমাৰ তলত ক’ভিড ঘটনা লাভ কৰা যায়। একেই দিনটোত ৮,৭৩৪ আক্ৰান্তই আৰোগ্য লাভ কৰিছে। ইফালে মৃত্যুমুখত পৰে ৫৩ জন।

ৰাজস্থানঃ ৰাজস্থান চৰকাৰে লকডাউন আৰু ১৫ দিনলৈ বঢ়াই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জুনৰ ৮ তাৰিখলৈকে লকডাউন সম্প্ৰসাৰণ সন্দৰ্ভত ৰাজ্য়খনৰ গৃহ বিভাগে ইতিমধ্যে নতুন নীতি-নিৰ্দেশনা জাৰি কৰিছে। এই সময়ছোৱাত মেডিকেল ইমাৰ্জেন্সী আৰু নিৰ্দিষ্ট সেৱাসমূহক ৰেহাই দিয়া যাব।

মধ্য প্ৰদেশঃ মধ্য প্ৰদেশত ৫ খন জিলাত ক’ৰোনা কাৰ্ফিউ উঠাই লোৱা হৈছে। জিলা কেইখন হৈছেঃ জাবুৱা, আলিৰাজপুৰ, খান্দৱা, বুৰ্হানপুৰ আৰু ভিন্দ। বাকী জিলাসমূহৰ পৰিস্থিতি মূল্যায়ন সাপেক্ষে একে কাৰ্ফিউ উঠাই লোৱা সন্দৰ্ভত বিবেচনা কৰিবলৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে নিৰ্দেশনা প্ৰদান কৰিছে।

চত্তীশগড়ঃ চত্তীশগড়ৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেশ বাঘেলে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে গৌৰেলা-পেণ্ড্ৰা-মাৰৱাহী জিলাত নৱ-নিৰ্মিত সমৰ্পিত ক’ভিড হাস্পতাল আৰু ক’ভিড লেব উদ্বোধন কৰিলে। চত্তীশগড়ত দেওবাৰে ৩,৩০৬ টা নতুন ক’ভিড-১৯ ঘটনা লাভ কৰা হয়। একে সময়তে ৯২ আক্ৰান্ত মৃত্যুমুখত পৰে।

গোৱাঃ গোৱা চৰকাৰে ক’ভিড কাৰ্ফিউ ৩১ মে’লৈকে সম্প্ৰসাৰিত কৰিলে। এই সময়ছোৱাত ৰেষ্টুৰেন্ট কিটচেনসমূহ পুৱা ৭ বজাৰপৰা সন্ধিয়া ৭ বজালৈকে কাৰ্যক্ষম হৈ থাকিব। দেওবাৰে ৰাজ্যখনৰ ক’ৰোনাভাইৰাছ কেছল’ড ১,৬২১ হৈ ১,৪৬,৪৬০ হয়।

 

*******



(Release ID: 1721435) Visitor Counter : 203