স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহক ২১ কোটিতকৈ অধিক ভেকচিন ড’জ দিয়া হৈছে

ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহৰ ওচৰত ১.৬ কোটিতকৈ অধিক ভেকচিন আছে

प्रविष्टि तिथि: 22 MAY 2021 11:15AM by PIB Guwahati

কেন্দ্রীয় চৰকাৰে ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহক বিনামূলীয়াকৈ ক’ভিড ভেকচিন যোগান ধৰিছে। কাৰণ কেন্দ্রই ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজৰ টিকাকৰণক এক গুৰুত্বপূর্ণ কৌশল হিচাপে বিবেচনা কৰিছে। সেয়েহে নমুনা পৰীক্ষা, সংক্রমিত লোকসকলক চিনাক্ত কৰা, চিকিৎসাৰ ব্যৱস্থা কৰা আৰু উপযুক্ত ক’ভিড আচৰণবিধিও মানি চলিব লাগিব৷ ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহে বিচাৰিলে নিজেও ক’ভিড ভেকচিন সংগ্রহ কৰিব পাৰে।

’ভিড-১৯ৰ টিকাকৰণ অভিযানৰ তৃতীয় পর্যায় ১ মে’ৰ পৰা আৰম্ভ হৈছে। বিভিন্ন ভেকচিন প্রস্তুতকাৰক সংস্থা যি ভেকচিন উৎপাদন কৰিছে প্রতি মাহত তাৰ ৫০ শতাংশ কেন্দ্রই সংগ্রহ কৰিছে। এই ভেকচিন ৰাজ্যসমূহক বিনামূলীয়াকৈ দিয়া হৈছে৷

কেন্দ্রই এতিয়ালৈকে ২১,৩৩,৭৪,৭২০টা ভেকচিন ড’জ ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহক দিছে। ইয়াৰে ১৯,৭৩,৬১,৩১১ টা ড’জ হিতাধিকাৰীক দিয়া হৈছে। ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহত হাতত এতিয়াও ১,৬০,১৩,৪০৯ টা ভেকচিন ড’জ আছে। অহা ৩ দিনত ২,৬৭,১১০টা ভেকচিন ড’জ ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহলৈ প্ৰেৰণ কৰা হ’ব৷

 

****


(रिलीज़ आईडी: 1721192) आगंतुक पटल : 247
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Punjabi , Marathi , English , Urdu , हिन्दी , Manipuri , Bengali , Gujarati , Odia , Tamil , Telugu , Malayalam