কেবিনেট

‘ইনষ্টিটিউত অব চাৰ্টাৰ্ড একাউণ্টেণ্টছ অব ইণ্ডিয়া’ আৰু ‘কাটাৰ ফাইনেন্সিয়েল চেণ্টাৰ অথ’ৰিটী’ৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ সম্পৰ্কীয় প্ৰস্তাৱলৈ কেবিনেটৰ অনুমোদন

Posted On: 12 MAY 2021 3:33PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ সভাই ইনষ্টিটিউত অব চাৰ্টাৰ্ড একাউণ্টেণ্টছ অব ইণ্ডিয়া(আইচিএআই) আৰু কাটাৰ ফাইনেন্সিয়েল চেণ্টাৰ অথৰিটী(কিউএফচিএ)ৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ সম্পৰ্কীয় এক প্ৰস্তাৱলৈ অনুমোদন জনাইছে।

প্ৰস্তাৱিত চুক্তিখনে প্ৰতিষ্ঠান দুটাৰ মাজত সহযোগিতাৰ পৰিসৰ সম্প্ৰসাৰিত কৰাৰ লগতে কাটাৰস্থিত গাণনিক আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহৰ হিচাপ-গণনাৰ পেছাদাৰিত্ব তথা উদ্যমশীলতাৰ সামগ্ৰিক প্ৰেক্ষাপটটোক শক্তিশালী কৰি তুলিব।

৬০০০ৰৰো অধিক সদস্যৰে মধ্য প্ৰাচ্যত আৰু কাটাৰ(ডোহা)ত থকা আইচিএআই-ৰ চেপ্টাৰটোক সংস্থাটোৰ আটাইতকৈ উজ্জীৱিত চেপ্টাৰসমূহৰ অন্যতম হিচাপে গণ্য কৰা হয়। কাটাৰৰ বিভন্ন ব্যক্তিগত আৰু ৰাজহুৱা প্ৰতিষ্ঠানৰ হিচাপ প্ৰবন্ধন ব্যৱস্থাটোলৈ সহযোগিতা আগবঢ়োৱা আৰু ইয়াৰ বিকাশৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰি আহিছে আইচিএআয়ই-য়ে। প্ৰস্তাৱিত চুক্তিখনে আইচিএআইৰ সদস্যসকলৰ প্ৰগতিৰ ক্ষেত্ৰত অতিৰিক্ত সহযোগিতা আগবঢ়াব।

 

 

*******


DS/KB



(Release ID: 1718338) Visitor Counter : 156