PIB Headquarters

কোভিড-১৯ সন্দৰ্ভত পিআইবিৰ বুলেটিন

Posted On: 05 MAY 2021 12:31PM by PIB Guwahati

#Unite2FightCorona

#IndiaFightsCorona

Image

ভাৰত চৰকাৰে বৰ্তমানলৈকে ৰাজ্য/কেন্দ্ৰ শাসিত প্ৰদেশক ১৭.০২ কোটিতকৈও অধিক ভেকচিন ডজ বিনামূলীয়াকৈ দিছে

ভিড-১৯ টীকাকৰণৰ উদাৰীকৃত আৰু দ্ৰুত তৃতীয় পৰ্যায়ৰ অভিযান ১ মে২০২১ৰ পৰা আৰম্ভ হৈছে নতুন সমৰ্থবান জনসংখ্যাৰ গোটৰ পঞ্জীকৰণ ২৮ এপ্ৰিলৰ পৰা চলি আছে সম্ভাব্য সুফলভোগীয়ে পোনপটীয়াকৈ কউইন পৰ্টেল (cowin.gov.in)অথবা আৰোগ্য সেতু এপৰ জৰিয়তে পঞ্জীয়ন কৰিব পাৰে

ভাৰত চৰকাৰে বৰ্তমানলৈকে প্ৰায় ১৭.০২ কোটি ভেকচিন ড (১৭,০২,৪২,৪১০) ৰাজ্য/কেন্দ্ৰ শাসিত প্ৰদেশসমূহক বিনামূলীয়াকৈ দিছে ইয়াৰে হানি-বিঘিনিকে ধৰি মুঠ ব্যৱহাৰ হৈছে ১৬,০৭,৯৪,৭৯৬ ড (আজি পুৱা ৮ বজালৈকে পোৱা তথ্য অনুসৰি)

. লাখতকৈ অধিকভিড ভেকচিন (,,১৪) এতিয়াও ৰাজ্য/কেন্দ্ৰ শাসিত প্ৰদেশসমূহত দিব পৰাকৈ আছে

তদুপৰি, লাখতকৈও অধিক (,,৩০) ভেকচিনৰাজ্য/কেন্দ্ৰ শাসিত প্ৰদেশসমূহে অহা দিনত অতিৰিক্তভাৱে লাভ কৰিব

সবিশেষ জানিবলৈ : https://www.pib.gov.in/PressReleasePage.aspx?PRID=1716069

 

দিল্লী আৰু হাৰিয়ানাত ডিআৰডিঅই পাঁচটা মেডিকেল অক্সিজেন প্ৰকল্প স্থাপন কৰিব; নতুনদিল্লীৰ এইমছ আৰু আৰএমএল হস্পিটেলত সা-সঁজুলি আহি পাইছে

 

ভিড- ঘটনাৰ বৃদ্ধি আৰু পৰিপূৰক অক্সিজেনৰ প্ৰয়োজনীয়তা পূৰাবলৈ, পিএম-কেয়াৰ্ছে সমগ্ৰ দেশতে ৫০০ মেডিকেল অক্সিজেন প্ৰকল্প স্থাপনৰ বাবে পুঁজি মোকলাই দিছে তিনি মাহৰ ভিতৰত এই প্ৰকল্পসমূহ স্থাপনৰ পৰিকল্পনা কৰা হৈছেডিফেঞ্চ ৰিছাৰ্চ এণ্ড ডেভেলপমেন্ট অৰ্গেনাইজেছন (ডিআৰডিঅ)ই ইয়াৰ উদ্যোগসমূহৰ জৰিয়তে মেমাহৰ প্ৰথম সপ্তাহত দিল্লীত আৰু ইয়াৰ চৌপাশে পাঁচটা মেডিকেল অক্সিজেন প্ৰকল্প স্থাপন কৰি আছে এইবিলাক এইমছ ট্ৰমা চেণ্টাৰ, ড৹ ৰাম মনোহৰ লোহিয়া হস্পিটেল (আৰএমএল), ছফদৰজং হস্পিটেল, লেডী হাৰ্ডিঞ্জ মেডিকেল কলেজৰ লগতে হাৰিয়ানাৰ ঝাঝৰত থকা এইমছত স্থাপন কৰা হ সূচী অনুসৰি, ইয়াৰে দুটা প্ৰকল্প ৪ মে২০২১ত দিল্লী পায়হি আৰু এইমছ আৰু আৰএমএল হস্পিটেলত স্থাপন কৰি থকা হৈছে

সবিশেষ জানিবলৈ : https://www.pib.gov.in/PressReleasePage.aspx?PRID=1715960

 

ভিড মহামাৰী সাহায্য সামগ্ৰীৰ ফলপ্ৰসু আৱণ্টন আৰু বিতৰণত কেন্দ্ৰীয় চৰকাৰে সময় নষ্ট কৰা নাই

ইণ্ডিয়া টুডেই ইয়াৰ বাতৰিত অভিযোগ কৰিছে যে কভিড- সাহায্যৰ প্ৰথম হস্তান্তৰকৰণ এপ্ৰিল, ০২১ত ভাৰত আহি পাওঁতে, কেন্দ্ৰই এই জীৱনদায়ী চিকিৎসা সামগ্ৰী বিতৰণৰ বাবে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰছ (এছঅপি) প্ৰস্তুত কৰিবলৈ সাত দিন লৈছিল

এই বাতৰিয়ে তথ্যগত বাস্তৱতা অপব্যাখ্যা কৰিছে আৰু ই সম্পূৰ্ণৰূপে বিপথে পৰিচালিত

আৱণ্টনৰ বাবে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ স্বাস্থ্য মন্ত্ৰালয়ে ২ মে২০২১ত জাৰি কৰাৰ লগতে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশলৈ কেন্দ্ৰীয় আৰু অন্য চিকিৎসা প্ৰতিষ্ঠানসমূহৰ জৰিয়তে তাৎক্ষণিকভাৱে আৱণ্টন আৰু বিতৰণৰ ব্যৱস্থা কৰা হয়, লগতে এই বৈশ্বিক মহামাৰীৰ বিৰুদ্ধে ভাৰত চৰকাৰে চলোৱা প্ৰচেষ্টাক বিশ্ব সম্প্ৰদায়ে সমৰ্থন আগবঢ়াইছে

অতিৰিক্ত সচিব (স্বাস্থ্য)ৰ অধীনৰ কঅৰ্ডিনেচন চেল স্বাস্থ্য মন্ত্ৰালয়ত ২৬ এপ্ৰিল, ২০২১ত গঠন কৰা হয় আৰু লগে লগে কাম আৰম্ভ কৰেবিভিন্ন সম্পৰ্কিতসকলৰ মাজত সমন্বয় সাধনৰ বাবে আন্তঃ মন্ত্ৰালয় চেলত শিক্ষা মন্ত্ৰালয়ৰ পৰা ডেপুটেচনত এজন যুটীয়া সচিব, এমইএৰ দুজন অতিৰিক্ত সচিব পৰ্যায়ৰ বিষয়া, সীমা শুল্কৰ মুখ্য আয়ুক্ত, অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ অৰ্থনৈতিক উপদেষ্টা, ডিটিই জিএইচএছৰ কাৰিকৰী উপদেষ্টা, এইচ এল এলৰ প্ৰতিনিধি, স্বাস্থ্য মন্ত্ৰালয়ৰ দুজন যুটীয়া সচিব আৰু ভাৰতীয় ৰেড ক্ৰছ ছচাইটিৰ (আইআৰচিএছ) মহা সচিবৰ লগতে আন প্ৰতিনিধি আছে  

সবিশেষ জানিবলৈ : https://www.pib.gov.in/PressReleasePage.aspx?PRID=1715943

 

এখন উপযুক্ত অক্সিজেন থকা ভাৰত গঢ়ি তুলিবলৈ এমএছএমইৰ বাবে চিএছআইআৰ-চিএমইআৰআই অক্সিজেন এনৰিচমেণ্ট টেকনলজিৰ ব্যৱস্থা কৰা হ

এমএছএমই-ডেভেলপমেণ্ট ইনষ্টিটিউট, জয়পুৰে চিএছআইআৰ-চেণ্ট্ৰেল মেকানিকেল ইঞ্জিনিয়াৰিং ৰিছাৰ্চ ইনষ্টিটিউট, দুৰ্গাপুৰৰ সহযোগত অক্সিজেন সম্পৰ্কীয় প্ৰযুক্তিৰ ওপৰত ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে এটা সজাগতা সত্ৰ ০৪-০৫-২০২১ত অনুষ্ঠিত কৰেচিএছআইআৰ-চিএমইআৰআইৰ সঞ্চালক অধ্যাপক ড৹ হৰিষ হীৰানিয়ে অনুষ্ঠানত মুখ্য বক্তা হিচাপে ভাষণ দিয়ে ৰাজস্থান চৰকাৰৰ উদ্যোগ বিভাগৰ অতিৰিক্ত সঞ্চালক শ্ৰী সঞ্জীৱ ছাক্সেনা, এমএছএমই-ডিআই, জয়পুৰৰ সঞ্চালক শ্ৰী ভি কে শৰ্মা, চিআইডিএৰ অধ্যক্ষ ড৹ ৰোহিত জৈন আৰু লঘু উদ্যোগ ভাৰতীৰ সাধাৰণ সম্পাদক শ্ৰী মহেন্দ্ৰ মিশ্ৰৰ লগতে ১০০ এমএছই, উদ্যমী আৰু উদ্যোগপতিয়ে উল্লিখিত সজাগতা কাৰ্যক্ৰমত ভাগ লয়

সবিশেষ জানিবলৈ : https://www.pib.gov.in/PressReleasePage.aspx?PRID=1715979

 

গুৰুত্বপূৰ্ণ টুইট

*****

 



(Release ID: 1716303) Visitor Counter : 157