কেবিনেট
গোলকীয় উদ্ভাৱনী ক্ষেত্ৰত সহযোগিতা সন্দৰ্ভত ভাৰত আৰু ইউনাইটেড কিংডমৰ মাজত সম্পাদিত বুজাবুজিৰ চুক্তিখনলৈ কেবিনেটৰ অনুমোদন
प्रविष्टि तिथि:
05 MAY 2021 12:20PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ সভাই গোলকীয় উদ্ভাৱনী ক্ষেত্ৰত সহযোগিতা সন্দৰ্ভত ভাৰত আৰু ইউনাইটেড কিংডমৰ মাজত স্ম্পাদিত বুজাবুজিৰ চুক্তিখনলৈ কাৰ্যোত্তৰ ভাবে অনুমোদন জনায়। উল্লেখ্য, গোলকীয় উদ্ভাৱন সহযোগিতা(জিআইপি) সম্পৰ্কীয় চুক্তিখন ভাৰতৰ ‘বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়’ আৰু ইউনাইটেড কিংডমৰ ‘ফৰেইন, কমনৱেল্থ এণ্ড ডেভেলপমেণ্ট অফিচ’(এফচিডিচি)ৰ মাজত সম্পাদিত হৈছিল।
উদ্দেশ্যে:
বুজাবুজিৰ চুক্তিখনৰ জৰিয়তে ভাৰত আৰু ইউনাইটেড কিংডমে উদ্ভাৱনী ক্ষেত্ৰত গোলকীয় সহযোগিতাৰ এক পৰম্পৰাৰ সূচনা কৰিব বিচাৰিছে। এই ‘জিআইপি’য়ে ভাৰতীয় উদ্ভাৱকসকলক তৃতীয় দেশসমূহত উদ্ভাৱনী প্ৰেক্ষাপটৰ পৰিসৰ বৃদ্ধিৰে নতুন বিপণন ক্ষেত্ৰৰ সন্ধান কৰাত সহোযোগিতা আগবঢ়াই স্বচলতা আহৰণৰ সুযোগ প্ৰদান কৰিব। ই ভাৰতত উদ্ভাৱনী প্ৰেক্ষাপট ৰচনা কৰাতো সহযোগিতা আগবঢ়াব। ‘জিআইপি’ উদ্ভাৱনসমূহে সংশ্লিষ্ট খণ্ডত ‘বহণক্ষম বিকাশৰ লক্ষ্য’(এছডিজি) প্ৰাপ্তিত গুৰুত্ব প্ৰদান কৰি প্ৰাপ্ত কৰিব খোজা দেশসমূহক ‘এছডিজি’ আহৰণত সহায়ৰ হাত আগবঢ়াব।
‘জিআইপি’-য়ে আন্তঃ সীমান্তীয় উদ্ভাৱনৰ হস্তান্তৰণৰ বাবে এক মুক্ত আৰু সৰ্বাত্মক ই-বজাৰ বিকশিত কৰাৰ উপৰি প্ৰভাৱশীলতাৰ ফলাফল ভিত্তিক সমীক্ষাৰ জৰিয়তে স্বচ্ছতা আৰু দায়বদ্ধতা বৰ্দ্ধনৰ প্ৰেক্ষাপট ৰচনাত গুৰুত্ব প্ৰদান কৰিব।
*****
DS/KB
(रिलीज़ आईडी: 1716214)
आगंतुक पटल : 240
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
हिन्दी
,
English
,
Urdu
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam