ভুবিজ্ঞান মন্ত্ৰালয়
অসম, মেঘালয়, মধ্য মহাৰাষ্ট্ৰ, মাৰাঠাৱাড়া, তেলেংগানা, কেৰালা আৰু মাহেৰ বিভিন্ন স্থানত বিজুলি ঢেৰেকনিৰে ধুমুহা অহাৰ সম্ভাৱনা
৩০ এপ্ৰিলত অসম আৰু মেঘালয়ত বিভিন্ন স্থানত ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনা
प्रविष्टि तिथि:
27 APR 2021 10:27AM by PIB Guwahati
ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান বিভাগৰ আগতীয়া জাননী অনুসৰি ২৭ এপ্ৰিলৰ পৰা অসম, মেঘালয়, মধ্য মহাৰাষ্ট্ৰ, মাৰাঠাৱাড়া, তেলেংগানা, কেৰালা আৰু মাহেৰ বিভিন্ন স্থানত বিজুলি ঢেৰেকনিৰে ধুমুহা অহাৰ সম্ভাৱনা আছে৷ একেদৰে, বিদৰ্ভ, ছত্তীশগড়, পশ্চিমবংগৰ হিমালয়ৰ পাদদেশত আৰু ছিকিম, ওড়িশা, অৰুণাচলপ্ৰদেশ, নাগালেণ্ড, মনিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰা, গুজৰাট, কংকন আৰু গোৱা, অন্ধ্ৰপ্ৰদেশৰ উপকূলৱৰ্তী এলেকা, য়ানাম, কৰ্ণাটক আৰু পুডুচেৰী, তেলেংগানা আৰু কাৰাইকালৰ বিভিন্ন স্থানৰ বিজুলী মৰাৰ সম্ভাৱনা আছে৷ ইফালে, এই দিনটোত গুজৰাট, ওড়িশা আৰু পশ্চিমবংগৰ গংগোত্ৰী এলেকাত প্ৰচণ্ড গৰম হ’ব৷
২৮ আৰু ২৯ এপ্ৰিলতো অসম, মেঘালয়, মধ্য মহাৰাষ্ট্ৰ, মাৰাঠাৱাড়া, তেলেংগানা, কেৰালা আৰু মাহেৰ বিভিন্ন স্থানত বিজুলি ঢেৰেকনিৰে ধুমুহা অহাৰ সম্ভাৱনা আছে৷ বিহাৰ, বিদৰ্ভ, ছত্তীশগড়, পশ্চিমবংগৰ হিমালয়ৰ পাদদেশত আৰু হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, জম্মু আৰু কাশ্মীৰ, লাডাখ, মুজাফ্ফৰবাদ, অৰুণাচলপ্ৰদেশ, নাগালেণ্ড, মনিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰা, সৌৰাষ্ট্ৰ, কচ্চ, কংকন আৰু গোৱা, অন্ধ্ৰপ্ৰদেশৰ উপকূলৱৰ্তী এলেকা, য়ানাম, কৰ্ণাটক আৰু তামিলনাডু, পুডুচেৰী আৰু কাৰাইকালৰ বিভিন্ন স্থানৰ বিজুলী মৰাৰ সম্ভাৱনা আছে৷
২৮ আৰু ২৯ এপ্ৰিলত কেৰালা আৰু মাহেৰ বিভিন্ন স্থানত ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে৷ এই সময়ছোৱাত বতাহৰ গতি প্ৰতি ঘণ্টাত ৪০-৫০ কিলোমিটাৰ হ’ব পাৰে৷
৩০ এপ্ৰিলত অসম, মেঘালয়, নাগালেণ্ড, মনিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বিভিন্ন স্থানত বিজুলি ঢেৰেকনিৰে ধুমুহা অহাৰ সম্ভাৱনা আছে৷ সেইদৰে উত্তৰাখণ্ড,বিহাৰ, বিদৰ্ভ, ছত্তীশগড়, পশ্চিমবংগৰ হিমালয়ৰ পাদদেশত আৰু হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, জম্মু আৰু কাশ্মীৰ, লাডাখ, অৰুণাচলপ্ৰদেশ, নাগালেণ্ড, মনিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰা, সৌৰাষ্ট্ৰ কচ্চ, কংকন আৰু গোৱা, অন্ধ্ৰপ্ৰদেশৰ উপকূলৱৰ্তী এলেকা, য়ানাম, কৰ্ণাটক আৰু তামিলনাডু, পুডুচেৰী, লাক্ষাদ্বীপ আৰু কাৰাইকালৰ বিভিন্ন স্থানত বিজুলী মৰা আৰু পাতলীয় ধুমুহা অহাৰ সম্ভাৱনা আছে৷
৩০ এপ্ৰিলত অসম আৰু মেঘালয়ৰ বিভিন্ন স্থানত ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে৷
ইফালে, ১ মে’ত অসম, মেঘালয়, নাগালেণ্ড, মনিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বিভিন্ন স্থানত বিজুলি ঢেৰেকনিৰে পাতলীয়া ধুমুহা অহাৰ সম্ভাৱনা আছে৷ সেইদৰে উত্তৰাখণ্ড, বিহাৰ, ঝাৰখণ্ড, ছত্তীশগড়, পশ্চিমবংগ, অন্ধ্ৰপ্ৰদেশৰ উপকূলৱৰ্তী এলেকা, য়ানাম, তেলেংগানা আৰু কেৰালা আৰু মাহেৰ বিভিন্ন স্থানত বিজুলী মৰা আৰু পাতলীয়া ধুমুহা অহাৰ সম্ভাৱনা আছে৷ জম্মু আৰু কাশ্মীৰ, লাডাখ, গিলজিত বাল্টিস্থান, মুজাফ্ফৰবাদ, হিমাচলপ্ৰদেশ, বিদৰ্ভ, পশ্চিমবংগ আৰু ছিকিম, ওড়িশা, অৰুণাচলপ্ৰদেশ আৰু কৰ্ণাটকৰ উপকূলৱৰ্তী এলেকাৰ বিভিন্ন স্থানত বিজুলী মৰাৰ সম্ভাৱনা আছে৷
অধিক জানিবলৈ MAUSAM APP আৰু MEGHDOOT APP ব্যৱহাৰ কৰিব পাৰিব৷
*****
RP/ (IMD inputs)/DB
(रिलीज़ आईडी: 1714531)
आगंतुक पटल : 246