গৃহ মন্ত্ৰালয়

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে গুজৰাটৰ গান্ধীনগৰ জিলাৰ কোলাভাড়াৰ কোভিড ডেজিগনেটেড চিকিৎসালয়ত ২৮০ পিএছএ অক্সিজেন প্ৰকল্প উদ্বোধন কৰে

ৰোগীসকলে প্ৰকল্পটোৰ পৰা প্ৰতি মিনিটত ২৮০ লিটাৰ অক্সিজেন লাভ কৰিব, ইয়াৰ উপৰিও জৰুৰীকালীন অৱস্থাত ইয়াত অক্সিজেন চিলিণ্ডাৰ প্ৰদান কৰা হ’ব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত সমগ্ৰ দেশতে এক বিশেষ অভিযান আৰম্ভ কৰা হৈছে, য’ত প্ৰধানমন্ত্ৰী কেয়াৰ্ছ ফাণ্ডৰ পৰা অক্সিজেন প্ৰদান আঁচনিৰ অংশ হিচাপে কেন্দ্ৰীয় চৰকাৰে গুজৰাটত ১১ টা নতুন পিএছএ অক্সিজেন প্ৰকল্প স্থাপনৰ বাবে অনুমোদন জনাইছে

এই প্ৰকল্পসমূহ সোনকালেই আৰম্ভ কৰা হ’ব আৰু ইয়াত উৎপাদিত অক্সিজেনৰ অতিৰিক্ত পৰিমাণ আন ৰাজ্যলৈ পৰিবহন কৰা হ’ব

গান্ধীনগৰৰ হেলিপেড গ্ৰাউণ্ডত শীঘ্ৰে ৬০০ আই চি ইউ বিচনাৰ সুবিধা থকা এখন ১২০০ বিচনাযুক্ত চিকিৎসালয় কাৰ্যক্ষম হ’ব

Posted On: 24 APR 2021 4:08PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি গুজৰাটৰ গান্ধীনগৰ জিলাৰ কোলাভাড়াৰ কোভিড ডেজিগনেটেড চিকিৎসালয়ত ২৮০ পিএছএ অক্সিজেন প্ৰকল্প উদ্বোধন কৰে। অক্সিজেন প্ৰকল্প উদ্বোধন কৰাৰ পিছত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি গৃহমন্ত্ৰীয়ে কয় যে কোলাভাড়াত ৬৬ জন ৰোগী চিকিৎসাধীন হৈ আছে যাক আজিৰ পৰা অক্সিজেনৰ সুবিধা প্ৰদান কৰা হ’ব। এই প্ৰকল্পৰ পৰা, ৰোগীসকলে প্ৰতি মিনিটত ২৮০ লিটাৰ অক্সিজেন লাভ কৰিব। ইয়াৰ উপৰিও জৰুৰীকালীন অৱস্থাত ইয়াত অক্সিজেন চিলিণ্ডাৰ প্ৰদান কৰা হ’ব যাতে ৰোগীসকলৰ কোনো অসুবিধা নহয়।

 

শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত সমগ্ৰ দেশতে এক বিশেষ অভিযান আৰম্ভ কৰা হৈছে, য’ত প্ৰধানমন্ত্ৰী কেয়াৰ্ছ ফাণ্ডৰ পৰা অক্সিজেন প্ৰদান আঁচনিৰ অংশ হিচাপে গুজৰাটত ১১ টা নতুন পিএছএ অক্সিজেন প্ৰকল্প স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে। এই প্ৰকল্পসমূহ সোনকালে আৰম্ভ কৰা হ’ব আৰু ইয়াত উৎপাদিত অক্সিজেনৰ অতিৰিক্ত পৰিমাণ আন ৰাজ্যলৈ পৰিবহন কৰা হ’ব। তেওঁ কয় যে গুজৰাট এখন ঔদ্যোগিক ৰাজ্য য’ত অধিক অক্সিজেন উৎপাদন কৰা হৈছে যিয়ে আন ৰাজ্যসমূহক সহায় কৰিব।

 

গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী বিজয় ৰূপানি আৰু উপ-মুখ্যমন্ত্ৰী শ্ৰী নিতিন পেটেলক তেওঁৰ সংসদীয় সমষ্টিত গ্ৰাম্য নাগৰিকসকলক প্ৰদান কৰা সেৱাৰ বাবে অভিনন্দন জনাই শ্ৰী অমিত শ্বাহে কয় যে ক’ৰোনাৰ প্ৰথম ঢৌৰ সময়ত তেওঁলোকে কৰা কঠোৰ পৰিশ্ৰমৰ পৰিপ্ৰেক্ষিতত তেওঁ নিশ্চিত যে এই দ্বিতীয় ঢৌত আমি ক’ৰোনাক পৰাস্ত কৰি গুজৰাটৰ লোকসকলক এই মহামাৰীৰ পৰা উলিয়াই লৈ আহিম আৰু তেওঁলোকক সুৰক্ষা দিম। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে টাটা ছন্স আৰু ডিআৰডিঅ’ৰ সহযোগত গান্ধী নগৰৰ হেলিপেড গ্ৰাউণ্ডত ৬০০ খন আইচিইউ বিচনাৰ সুবিধা থকা এখন ১২০০ বিচনাযুক্ত চিকিৎসালয় শীঘ্ৰেই কাৰ্যক্ষম হ’ব। তেওঁ আৰু কয় যে ইয়াৰ বাবে ইতিমধ্যে কাম আৰম্ভ হৈছে আৰু সোনকালেই জনসাধাৰণে সুবিধা লাভ কৰিব।

 

অনুষ্ঠানত গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী বিজয় ৰুপানি, উপ-মুখ্যমন্ত্ৰী শ্ৰী নীতিন পেটেল আৰু গান্ধীনগৰ জিলাৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল।

 

 

 ****************

NW/RK/PK/AD/DDD/KG



(Release ID: 1713884) Visitor Counter : 153