PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ বুলেটিন

Posted On: 22 APR 2021 7:09PM by PIB Guwahati

 

  • ভাৰতত সামূহিক টিকাকৰণ অভিযানে ১৩.২৩ কোটিতকৈ অধিক লোকক সামৰি লৈছে
  • বিগত ২৪ ঘণ্টাত ২২লাখ লোকক টিকাকৰণ কৰা হৈছে
  • ভাৰতৰ মুঠ চিকিসাধীন ৰোগীৰ ৬০%ই ৫খন ৰাজ্যৰ
  • বিগত ২৪ ঘণ্টাত ১.৭৮লাখতকৈ অধিক ৰোগী আৰোগ্য হৈছে
  • বিশাখাপট্টনম আৰু বোকাৰোৰ পৰা মহাৰাষ্ট্ৰ আৰু উত্তৰপ্ৰদেশলৈ তৰল মেডিকেল অক্সিজেন(এলএমঅ’) লৈ ৰাওনাৰ বাবে সাজু অক্সিজেন এক্সপ্ৰেছ

#Unite2FightCorona

#IndiaFightsCorona

Image

 

ভাৰতত সামূহিক টিকাকৰণ অভিযানে ১৩.২৩ কোটিতকৈ অধিক লোকক সামৰি লৈছে; বিগত ২৪ ঘণ্টাত ২২লাখ লোকক টিকাকৰণ কৰা হৈছে

বিশ্বৰ সৰ্ববৃহৎ টিকাকৰণ অভিযানে সামূহিক ক’ভিড-১৯ টিকাকৰণৰ সংখ্যাই ১৩.২৩ কোটিৰ সীমা অতিক্ৰম কৰিছে৷ আজি পুৱা ৭ বজালৈকে ১৯,২৮,১১৮টা পৰ্বৰ জৰিয়তে মুঠ ১৩,২৩,৩০,৬৪৪টা ভেকচিন ড’জ প্ৰদান কৰা হৈছে৷ ইয়াৰে ভিতৰত ৯২,১৯,৫৪৪গৰাকী স্বাস্থ্যকৰ্মীৰ প্ৰথম ড’জ আৰু ৫৮,৫২,০৭১গৰাকী স্বাস্থ্যকৰ্মীক দ্বিতীয় ড’জ, ১,১৬,৩২,০৫০গৰাকী আগশাৰীৰ কৰ্মীৰ প্ৰথম ড’জ আৰু ৫৯,৩৬,৫৩০গৰাকী আগশাৰীৰ কৰ্মীক দ্বিতীয় ড’জ, ৬০ বছৰ বয়সতকৈ ঊৰ্ধ্বৰ ৪,৭৮,৬৭,১১৮গৰাকী হিতাধিকাৰীক প্ৰথম ড’জ আৰু ৫৭,৬০,৩৩১গৰাকী হিতাধিকাৰীক দ্বিতীয় ড’জ আৰু ৪৫ৰ পৰা ৬০ বছৰ বয়সৰ মাজৰ ৪,৪৪,২৮,৮৮৪জন লোকক প্ৰথম ড’জ আৰু ১৬,৩৪,১১৬জন লোকক দ্বিতীয় ড’জ প্ৰদান কৰা হৈছে৷ এতিয়ালৈকে টিকাকৰণ কৰা লোকসকলৰ ভিতৰত ৫৯.২৫%ই আঠখন ৰাজ্যৰ৷ বিগত ২৪ ঘণ্টাত ২২ লাখতকৈ অধিক লোকক টিকাকৰণ কৰা হয়৷ টিকাকৰণ অভিযানৰ ৯৬তম দিন(২১ এপ্ৰিলত)ত দেশত ২২,১১,৩৩৪জন লোকক টিকাকৰণ কৰা হয়৷ ইয়াৰে ৩৫,৪৯৯টা পৰ্বৰ জৰিয়তে ১৫,০১,৭০৪গৰাকী হিতাধিকাৰীক প্ৰথম ড’জ আৰু ০৭,০৯,৬৩০জন হিতাধিকাৰীক ভেকচিনৰ দ্বিতীয় ড’জ প্ৰদান কৰা হয়৷বিগত ২৪ ঘণ্টাত দেশত ৩,১৪,৮৩৫জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷ মহাৰাষ্ট্ৰ, উত্তৰপ্ৰদেশ, দিল্লী, কৰ্ণাটক, কেৰালা, চত্তীশগড়, মধ্যপ্ৰদেশ, বিহাৰ, গুজৰাট আৰু ৰাজস্থানকে ধৰি ১০খন ৰাজ্যত নতুন ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে৷ দেশৰ নতুন আক্ৰান্তৰ ৭৫.৬৬%ই এই ১০খন ৰাজ্যৰ৷ মহাৰাষ্ট্ৰত সৰ্বাধিক ৬৭,৪৬৮জন, উত্তৰপ্ৰদেশত ৩৩,১০৬জন আৰু দিল্লীত ২৪,৬৩৮ লোক নতুনকৈ আক্ৰান্ত হৈছে৷ ১২খন ৰাজ্যত নতুন আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈ থকা পৰিলক্ষিত হৈছে৷ ভাৰতৰ মুঠ চিকিৎসাধীন ৰোগীৰ সংখ্যা ২২,৯১,৪২৮গৰাকীলৈ বৃদ্ধি পাইছে৷ এয়া মুঠ আক্ৰান্ত ৰোগীৰ ১৪.৩৮%৷ ২৪ ঘণ্টাত নতুনকৈ চিকিৎসাধীন ৰোগীৰ সংখ্যা আৰু ১,৩৩,৮৯০জন বৃদ্ধি পালে৷ ৫খন ৰাজ্য ক্ৰমে মহাৰাষ্ট্ৰ, কৰ্ণাটক, চত্তীশগড়, কেৰালা আৰু উত্তৰপ্ৰদেশত ভাৰতৰ মুঠ চিকিৎসাধীন ৰোগীৰ ৫৯.৯৯% আছে৷ ভাৰতৰ মুঠ আৰোগ্য ৰোগীৰ সংখ্যা ১,৩৪,৫৪,৮৮০জনলৈ বৃদ্ধি পাইছে৷ ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৮৪.৪৬% হৈছে৷ বিগত ২৪ ঘণ্টাত দেশত ১,৭৮,৮৪১জন ৰোগী আৰোগ্য হৈছে৷ ৰাষ্ট্ৰীয় মৃত্যুৰ হাৰ ১.১৬%লৈ হ্ৰাস পাইছে৷ বিগত ২৪ ঘণ্টাত দেশত ২,১০৪জন ৰোগীৰ মৃত্যু হৈছে৷ নতুনকৈ মৃত্যু হোৱা ৰোগীৰ ৮১.০৮%ই ১০খন ৰাজ্যৰ৷ মহাৰাষ্ট্ৰত সৰ্বাধিক ২৪৯জন লোকৰ মৃত্যু হৈছে৷ দিল্লীতো ২৪৯জন ৰোগীৰ মৃত্যু হৈছে৷ ০৯খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত বিগত ২৪ ঘ্ণ্টাত এজনো ৰোগীৰ মৃত্যু হোৱা নাই৷ সেইবোৰ হৈছে-লাডাখ, দমন আৰু দিউ, দাদৰা আৰু নগৰ হাভেলী, ত্ৰিপুৰা, ছিকিম, মিজোৰাম, লাক্ষাদ্বীপ, নাগালেণ্ড, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু অৰুণাচল প্ৰদেশ৷

অধিক বিৱৰণৰ বাবে: https://www.pib.gov.in/PressReleasePage.aspx?PRID=1713356

 

অক্সিজেনৰ যোগান আৰু পৰ্যাপ্ততা সন্দৰ্ভত উচ্চস্তৰীয় বৈঠক প্রধানমন্ত্রী

প্রধানমন্ত্রী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশজুৰি অক্সিজেনৰ যোগান আৰু ইয়াৰ পৰ্যাপ্ততা বৃদ্ধি কৰাৰ পদ্ধতি আৰু উপায়সমূহৰ সমীক্ষা কৰিবলৈ এখন উচ্চস্তৰীয় বৈঠকৰ অধ্যক্ষতা কৰে। বিষয়াসকলে তেওঁক যোৱা কেইটামান সপ্তাহত অক্সিজেনৰ যোগানত সংশোধনৰ বাবে কৰা প্ৰয়াসৰ বিষয়ে অৱগত কৰে। প্ৰধানমন্ত্ৰীয়ে অনেক দিশত দ্ৰুতগতিত কাম কৰাৰ প্ৰয়োজনীয়তাৰ কথা কয়। ইয়াৰ ভিতৰত অক্সিজেনৰ উৎপাদন বঢ়োৱা, বিতৰণৰ গতি বঢ়োৱা আৰু স্বাস্থ্য সুবিধাৱলীৰ বাবে অক্সিজেনৰ সাহায্য প্ৰদান কৰিবলৈ অভিনৱ পদ্ধতিৰ ব্যৱহাৰ কৰা অন্তৰ্ভুক্ত আছে। প্ৰধানমন্ত্ৰীক অৱগত কৰা হয় যে ৰাজ্যসমূহৰ অক্সিজেনৰ চাহিদা চিনাক্ত কৰা আৰু সেই অনুসৰি পৰ্যাপ্ত যোগান সুনিশ্চিত কৰিবৰ বাবে তেওঁলোকৰ সৈতে লগলাগি বিস্তৃত কাৰ্য কৰি থকা হৈছে। প্ৰধানমন্ত্ৰীক অৱগত কৰা হয় যে কেনেদৰে ৰাজ্যসমূহক অক্সিজেনৰ যোগান ধাৰাবাহিকভাৱে বঢ়াই থকা হৈছে। ২০খন ৰাজ্যৰ দৈনিক ৬,৭৮৫ মেট্ৰিক টন তৰল মেডিকেল অক্সিজেনৰ চাহিদাৰ পৰিৱৰ্তে ভাৰত চৰকাৰে ২১ এপ্ৰিলৰ পৰা এই ৰাজ্যসমূহক দৈনিক ৬,৮২২ মেট্ৰিক টন অক্সিজেন আৱণ্টিত কৰিছে। এই কথা আলোচনা কৰা হয় যে যোৱা কিছু দিনত, বেচৰকাৰী আৰু সাৰ্বজনীন ইস্পাৎ প্ৰকল্প, উদ্যোগে অক্সিজেন নিৰ্মাতাৰ যোগদানৰ লগতে নন-এছেন্সিয়েল উদ্যোগৰ বাবে অক্সিজেনৰ যোগানত বাধা আৰোপ কৰি তৰল মেডিকেল অক্সিজেনৰ উপলব্ধতাত দৈনিক প্ৰায় ৩,৩০০ মেট্ৰিক টনৰ বৃদ্ধি হৈছে। বিষয়াসকলে প্ৰধানমন্ত্ৰীক জনায় যে তেওঁলোকে অতি সোনকালে স্বীকৃত পিএছএ অক্সিজেন প্ৰকল্প আৰম্ভ কৰাবৰ বাবে ৰাজ্যসমূহৰ সৈতে লগ হৈ কাম কৰি আছে। প্ৰধানমন্ত্ৰীয়ে বিষয়াসকলক এই কথা সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে যে বিভিন্ন ৰাজ্যত অবাধে অক্সিজেনৰ যোগান হ'ব লাগে। তেওঁ কয় যে কোনো ধৰণৰ বাধা আৰোপ কৰা সন্দৰ্ভত স্থানীয় প্ৰশাসনৰ দায়িত্ব নিৰ্ণয় কৰা উচিত। তেওঁ মন্ত্ৰালয়সমূহক অক্সিজেনৰ উৎপাদন আৰু যোগান বঢ়াবৰ বাবে বিভিন্ন নতুন পদ্ধতিৰ উদ্ভাৱন কৰিবলৈও কয়।

অধিক বিৱৰণৰ বাবে :https://www.pib.gov.in/PressReleasePage.aspx?PRID=1713393

ক’ভিড-১৯ পৰিস্থিতি পৰ্যালোচনাৰ বাবে উচ্চস্তৰীয় বৈঠকত মিলিত হোৱাৰ বাবে পশ্চিমবংগ ভ্ৰমণ বাতিল কৰিলে প্ৰধানমন্ত্ৰীয়ে
প্ৰধানমন্ত্ৰীয়ে কাইলৈ দেশৰ শোচনীয় ক’ভিড-১৯ পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ বাবে এক উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰিব৷

শ্ৰী মোদীয়ে টুইটাৰযোগে কয়, কাইলৈ দেশৰ শোচনীয় ক’ভিড-১৯ পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ বাবে এক উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰিম৷ সেইবাবে মই পশ্চিমবংগলৈ যাব নোৱাৰিম৷

অধিক বিৱৰণৰ বাবে: https://www.pib.gov.in/PressReleasePage.aspx?PRID=1713420

 

বিশাখাপট্টনম আৰু বোকাৰোৰ পৰা মহাৰাষ্ট্ৰ আৰু উত্তৰপ্ৰদেশলৈ তৰল মেডিকেল অক্সিজেন(এলএমঅ’) লৈ ৰাওনাৰ বাবে সাজু অক্সিজেন এক্সপ্ৰেছ

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজৰ প্ৰতি সঁহাৰি জনাই ভাৰতীয় ৰে’লৱেই অক্সিজেন এক্সপ্ৰেছ চলাচল কৰিছে৷ আজি নিশা বিশাখাপট্টনমৰ পৰা মুম্বাইলৈ প্ৰথমখন তৰল মেডিকেল অক্সিজেন টেংকাৰৰ যাত্ৰা আৰম্ভ হ’ব৷ এলএমঅ’ভৰ্তি টেংকাৰসমূহ ভাৰতীয় ৰে’লৱেৰ ৰ’-ৰ’ সেৱাৰ জৰিয়তে পৰিবহণ কৰা হ’ব৷

অধিক বিৱৰণৰ বাবে:https://www.pib.gov.in/PressReleasePage.aspx?PRID=1713395

ভিড সংক্রমণ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্রীয় ৰকাৰে ১৯খন ৰাজ্য/কেন্দ্রীয় শাসিত অঞ্চল ৰেমডেছিভিৰ যোগানৰ আৱণ্টনৰিছে
 

বিভিন্ন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলত ক’ভিড-১৯ৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পাইছে। সাম্প্রতিক সময়ত এই সংক্রমণৰ সংখ্যা বৃদ্ধি পোৱাত কার্যকৰী ব্যৱস্থা গ্রহণৰ জৰিয়তে উদীয়মান সমস্যা সমাধানৰ বাবে ভাৰত চৰকাৰ বিভিন্ন পদক্ষেপ লৈছে। কেন্দ্রীয় চৰকাৰৰ গৃহীত এই ইতিবাচক পদক্ষেপসমূহৰ বিষয়ে নিয়মীয়া পর্যালোচনা কৰা হৈছে আৰু সর্বোচ্চ পৰ্যায়ত পর্যবেক্ষণো কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে: https://www.pib.gov.in/PressReleasePage.aspx?PRID=1713329

উদ্যোগসমূহক চৰকাৰী সাহাৰ্যৰ আশ্বাস দিলে বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে; উদ্যোগসমূহে পৰিস্থিতি মূল্যায়নৰ বাবে অপেক্ষা আৰু প্ৰত্যক্ষ কৰক

কেন্দ্ৰীয় বিত্ত আৰু কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে কালি উদ্যোগসমূহক ক’ভিড-১৯ মহামাৰীৰ দ্বিতীয় লহৰৰ শেহতীয়া পৰিস্থিতি মূল্যায়নৰ বাবে কেইটামান দিন অপেক্ষা আৰু প্ৰত্যক্ষ কৰিবলৈ কয়৷ বিত্তমন্ত্ৰীগৰাকীয়ে লগতে উদ্যোগসমূহক চৰকাৰে সম্পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ আশ্বাস দিয়ে৷

অধিক বিৱৰণৰ বাবে https://www.pib.gov.in/PressReleasePage.aspx?PRID=1713304

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহ ইনপুটসমূহ

 

মহাৰাষ্ট্ৰঃ মহাৰাষ্ট্ৰৰ জে’ল কৰ্তৃপক্ষৰ তথ্য অনুসৰি ৰাজ্যখনৰ ৪৭খন জে’লৰ ২৪৬গৰাকী কয়দী ইতিমধ্যে ক’ৰোনাত আক্ৰান্ত হৈছে৷ ক’ভিড-১৯ৰ সংক্ৰমণ প্ৰতিবোধৰ বাবে নিশা ৮ বজাৰ পৰা কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ বুধবাৰে ৬৭হাজাৰ লোক আক্ৰান্ত আৰু ৫৬৮জন লোকৰ মৃত্যুৰ পাছতে এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷

গুজৰাটঃ বুধবাৰে প্ৰথমবাৰলৈ গুজৰাটত ১২হাজাৰতকৈ অধিক লোক আক্ৰান্ত আৰু ১২১জন ৰোগীৰ মৃত্যু হৈছে৷ ৰাজ্যখনৰ চিকিৎসাধীন ৰোগীৰ সংখ্যা ৭৬,৫০০লৈ বৃদ্ধি পাইছে৷

মধ্যপ্ৰদেশঃ ৰাজ্যখনৰ ১৮ বছৰ ঊৰ্ধ্বৰ প্ৰায় ৩.৩২ কোটি লোকে বিনামূলীয়া ভেকচিন লাভ কৰিব৷ মুখ্যমন্ত্ৰী শিৱৰাজ চৌহানে এক ভাৰ্চুৱেল কেবিনেট বৈঠকত মিলিত হয়, য’ত ১৪গৰাকী মন্ত্ৰীক ৰাজ্যিক পৰ্যায়ত সংক্ৰমণ নিয়ন্ত্ৰণৰ দায়িত্ব দিয়া হৈছে৷ ৰাজ্যখনত বিগত ২৪ ঘণ্টাত ১৩,১০৭জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷

চত্তীশগড়ঃ ৯০শতাংশ স্বাস্থ্যকৰ্মীক প্ৰথম পৰ্যায়ৰ ক’ভিড-১৯ ভেকচিন ড’জ প্ৰদানেৰে দ্বিতীয় স্থানত আছে চত্তীশগড়৷ চলিত লকডাউনৰ সময়ত বিগত ৪টা দিনত চত্তীশগড়ত ৫৬,৩২৩জন লোক নতুনকৈ ক’ৰোনাত আক্ৰান্ত হোৱাৰ লগতে ৬৯৯জন ৰোগীৰ মৃত্যু হৈছে৷

ৰাজস্থানঃ বুধবাৰে ৰাজস্থানত ১৪,৬২২জন ৰোগী নতুনকৈ ক’ভিডত আক্ৰান্ত হোৱাৰ লগতে ৬২জন ৰোগীৰ মৃত্যু হৈছে৷ ৰাজ্যখনৰ চিকিৎসাধীন ৰোগীৰ সংখ্যা ৯৬,৩৬৬জনলৈ বৃদ্ধি পাইছে৷

গোৱাঃ ৰাজ্যখনত বুধবাৰে ৰাজ্য চৰকাৰে ৩০ এপ্ৰিললৈকে নিশা ১০বজাৰ পৰা পুৱা ৬ বজালৈ নৈশ সান্ধ্য আইনকে ধৰি একাধিক নিষেধাজ্ঞা আৰোপ কৰিছে, অৱশ্যে অত্যাৱশ্যকীয় সেৱাসমূহত বাধা উঠাই লৈছে৷

কেৰালাঃ আজিৰে পৰা ৰাজ্যখনত ক’ভিড নিষেধাজ্ঞা অধিক কঠোৰ কৰিছে৷ ৰাজহুৱা স্থানত সমাগম বন্ধ কৰিছে৷ ৰাজ্যখনত কালি ২২,৪১৪জন আক্ৰান্তৰে এদিনতে সৰ্বাধিক আক্ৰান্তৰ অভিলেখ ৰচনা কৰিছে৷

তামিলনাডুঃ বুধবাৰে তামিলনাডুত ১১,৬৮১জন নতুনকৈ আক্ৰান্ত হোৱাৰ লগতে ৫৩জন ৰোগী মৃত্যু হৈছে৷ ৰাজ্যখনত বৰ্তমান ৮৪,৩৬১জন ৰোগী চিকিৎসাধীন হৈ আছে৷ বুধবাৰে ৰাজ্যখনত ৭৩,৪৬১জন লোকক টিকাকৰণ কৰা হৈছে৷

কৰ্ণাটকঃ ৰাজ্য চৰকাৰে প্ৰকাশ কৰা ক’ভিড বুলেটিন অনুসৰি কৰ্ণাটকত নতুনকৈ ২৩,৫৫৮জন ৰোগী আক্ৰান্ত হৈছে৷ ৰাজ্যখনত বৰ্তমান ১,৭৬,১৮৮জন ৰোগী চিকিৎসাধীন হৈ আছে৷ নতুনকৈ ১১৬জন ৰোগীৰ মৃত্যু হৈছে৷

অন্ধ্ৰপ্ৰদেশঃ ৰাজ্যখনত কালি ৯,৭১৬গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে৷ বৰ্তমান ৰাজ্যখনত ৬০,২০৮জন ৰোগী চিকিৎসাধীন হৈ আছে৷

তেলেংগানাঃ তেলেংগানাত ৩০ এপ্ৰিলৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ১৯খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত আৱণ্টন কৰা এণ্টি ভাইৰেল ড্ৰাগ ৰেমডেছিভিৰ ১১লাখ বেজীৰ ২১,৫৫১টা তেলেংগানাক প্ৰদান কৰিছে৷ কালি ৰাজ্যখনত নতুনকৈ ৫৫৬৭জন লোক আক্ৰান্ত হোৱাৰ লগতে ২৩জন ৰোগীৰ মৃত্যু হৈছে৷ বৰ্তমান ৰাজ্যখনত ৪৯,৭৮১জন ৰোগী চিকিৎসাধীন হৈ আছে৷

অসমঃ অসমত ১৮-৪৫বছৰ বয়সৰ সকলোকে বিনামূলীয়া ভেকচিন প্ৰদান কৰা হ’ব৷ যোৱা বছৰ অসম আৰোগ্য নিধিৰ জৰিয়তে সংগ্ৰহ কৰা ১১৮ কোটি টকা ভেকচিন ক্ৰয়ৰ বাবে ব্যৱহাৰ কৰা হ’ব৷ বুধবাৰে ৰাজ্যখনত ১,৬৬৫জন ৰোগী নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে৷ অসমৰ পজিটিভিটিৰ হাৰ ২.৬৮শতাংশ৷ কামৰূপ মেট্ৰ’ত সৰ্বাধিক ৬৭৪জন লোক আক্ৰান্ত হৈছে৷ ৰাজ্যখনত কালি ৫জন ৰোগী ক’ভিডত মৃত্যু হৈছে৷ অসমৰ স্বাস্থ্য বিভাগে ভাৰত বায়’টেক ইণ্টাৰনেশ্যনেল আৰু চিৰাম ইনষ্টিটিউটৰ পৰা ২ কোটি ভেকচিন বিচাৰিছে৷ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে যেতিয়া গুৱাহাটী মেট্ৰ’ত আক্ৰান্ত সংখ্যা ১,০০০ হ’ব তেতিয়াই জিলা প্ৰশাসনে শিক্ষানুষ্ঠান আৰু হোষ্টেলসমূহ বন্ধৰ সিদ্ধান্ত ল’ব পাৰিব৷

মনিপুৰঃ  বিগত ২৪ ঘণ্টাত মনিপুত ৯২জন নতুন আক্ৰান্তৰ লগতে ২জন ৰোগীৰ মৃত্যু তথ্য পোৱা গৈছে৷  ৰাজ্যখনত বৰ্তমানলৈকে ১,১৩,৬৫১জন লোকে ভেকচিন লাভ কৰিছে৷

মেঘালয়ঃ মেঘালয় চৰকাৰে যুদ্ধোত্তৰ প্ৰস্তুতিৰে টিকাকৰণ অভিযান হাতত লোৱাৰ সিদ্ধান্ত লৈছে৷ অহা সপ্তাহ বা ১০দিনৰ ভিতৰত ৰাজ্যখনত ৬.৫লাখ হিতাধিকাৰীক টিকাকৰণৰ সিদ্ধান্ত লোৱা হৈছে৷ অহা মাহত ভিতৰত আৰু ৬.৫লাখ ৪৫বছৰৰ উৰ্ধ্বৰ ব্যক্তিক টিকাকৰণৰ লক্ষ্য লোৱা হৈছে বুলি মুখ্যমন্ত্ৰী কনৰাড চাংমাই জনাইছে৷ বুধবাৰে ১৯২জন লোক দেহত নতুনকৈ ক’ভিড পোৱা গৈছে৷ ৰাজ্যখনত বৰ্তমান ১,০২১জন লোক ক’ভিড আক্ৰান্ত হৈ আছে৷ কালি ৩জন ৰোগীৰো মৃত্যু হৈছে৷
ছিকিমঃ ৰাজ্যখনত কালি নতুনকৈ ৫০জন আক্ৰান্ত হৈছে৷ বৰ্তমান ছিকিমত ৫৩৬জন ৰোগী চিকিৎসাধীন হৈ আছে৷

ত্ৰিপুৰাঃ ত্ৰিপুৰা ভ্ৰমণলৈ যোৱা লোকসকলে ৭২ঘণ্টাৰ ভিতৰত নিগেটিভ ক’ভিড ৰিপ’ৰ্ট নিব লাগিব৷ কোনো লোকে লগত নানিলে, প্ৰৱেশ পথতে পৰীক্ষা কৰিব লাগিব৷ কালি ৰাজ্যখনত দ্বিতীয় ক’ভিড তৰংগত ৯২জন লোক আক্ৰান্ত হৈছে৷

নাগালেণ্ডঃ বুধবাৰে ৰাজ্যখনত ৯৭জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷ বৰ্তমান ৰাজ্যখনত ৩৪৭জন ৰোগী চিকিৎসাধীন হৈ আছে৷ লকডাউন নাই যদিও ডিমাপুৰত নৈশ সান্ধ্য আইন জাৰি কৰিছে৷

পাঞ্জাৱঃ ৰাজ্যখনত বৰ্তমানলৈকে ৩,১৪,২৬৯জন লোক আক্ৰান্ত হৈছে আৰু বৰ্তমান ৩৮,৮৬৬জন ৰোগী চিকিৎসাধীন হৈ আছে৷ ৰাজ্যখনত মুঠ ৮,১১৪জন ৰোগীৰ মৃত্যু হৈছে৷ টিকাকৰণ অভিযানো দ্ৰুতগতিত অব্যাহত আছে৷

হাৰিয়ানাঃ বৰ্তমানলৈকে ৰাজ্যখনত ৩,৮১,২৪৭জন লোক আক্ৰান্ত হৈছে৷ বৰ্তমান ৫৫,৪২২জন ৰোগী চিকিৎসাধীন হৈ আছে৷ ৰাজ্যখনত মুঠ ৩,৫২৮জন ৰোগীৰ মৃত্যু হৈছে৷ মুঠ ৩৩,৮৬,৪৯২জন লোকক টিকাকৰণ কৰা হৈছে৷

চণ্ডীগড়ঃ ৰাজ্যখনত মুঠ ৩৫,৭৭০জন লোক ক’ভিডত আক্ৰান্ত হৈছে৷ বৰ্তমান ৪,১২৫জন ৰোগী চিকিৎসাধীন হৈ আছে৷ বৰ্তমানলৈকে ৪২৩জন ৰোগীৰ মৃত্যু হৈছে৷

হিমাচলপ্ৰদেশঃ আজিলৈকে ৰাজ্যখনৰ ৮১,১০২জন লোকৰ দেহত ক’ভিড পোৱা গৈছে৷ বৰ্তমান ১০,৭৯৩জন ৰোগী চিকিৎসাধীন হৈ আছে৷ ৰাজ্যখনত মুঠ ১,২২৩জন ৰোগীৰ মৃত্যু হৈছে৷

 

A stamp of false on a social media post which is claiming that the export of oxygen from India has increased by 734% between Jan 2020 & Jan 2021.

A stamp of false on a media report which claims that export of oxygen from India rose over 700% in Jan'21 vs '20.

Embedded video

Embedded video

 

*******

 



(Release ID: 1713511) Visitor Counter : 174