জল জীৱন মিচনৰ অধীনত ইয়াৰ বাৰ্ষিক কৰ্ম পৰিকল্পনা অৱগত কৰিলে অৰুণাচল প্ৰদেশে
২০২২ চনৰ ভিতৰত ৬৫,০০০ নল সংযোগ আৰু ২০২৩ৰ ভিতৰত ‘হৰ ঘৰ জল’ যোগানৰ পৰিকল্পনা অৰুণাচল প্ৰদেশৰ
Posted On:
21 APR 2021 1:24PM by PIB Guwahati
২০২১-২২ বিত্তীয় বৰ্ষত জল জীৱন মিচনৰ অধীনত গ্ৰামাঞ্চলৰ লোকসকলক নলসংযোগী পানী প্ৰদানৰ ক্ষেত্ৰত গ্ৰহণ কৰা বাৰ্ষিক কৰ্ম পৰিকল্পনাৰ সন্দৰ্ভত আজি ভিডিঅ’ কনফাৰেন্সিংযোগে সবিশেষ অৱগত কৰে অৰুণাচলপ্ৰদেশে৷ এই উপলক্ষে অৰুণাচলপ্ৰদশে ২০২৩চনৰ ভিতৰত তেওঁলোকৰ প্ৰতিটো পৰিয়ালত পানী যোগানৰ প্ৰতিশ্ৰুতি পুনৰ দোঁহাৰে৷ ২.১৭লাখ গ্ৰামীণ পৰিয়াল থকা অৰুণাচনৰ ইতিমধ্যে ১.০১লাখ(৪৭%)পৰিয়ালে নলসংযোগী পানী লাভ কৰিছে৷ ২০২১-২২ বৰ্ষত ৰাজ্যখনৰ ৩খন জিলা, ১৮টা ব্লক আৰু ১,৮২৫খন গাঁৱৰ ‘হৰ ঘৰ জল’ প্ৰদানৰ পৰিকল্পনা কৰিছে৷ সেই হিচাপে এই বৰ্ষত ৰাজ্যখনত ৬৫,০০০টা নলসংযোগী পানী যোগান ধৰিব৷
ৰাজ্যিক কমিটীয়ে ৰাজ্যখনক এছচি/এছটি অধ্যূসিত অঞ্চল, উন্নয়ন অভিলাষী জিলাসমূহক অগ্ৰাধিকাৰ প্ৰদানৰ আহ্বান জনাইছে৷ উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰ জল জীৱন মিচনৰ অধীনত অৰুণাচলক ২০২০-২১ বৰ্ষত ৩৪৫কোটি আৰু ২০২১-২২ বৰ্ষত ৬০০ কোটি টকা কেন্দ্ৰীয় পূঁজি মুকলি কৰি দিয়া হৈছে৷ যোৱা বছৰ ৰাজ্যখনে পাৰদৰ্শিতাৰে কাম কৰিছিল৷
ৰাজ্যখনৰ তথ্যমতে ইতিমধ্যে ৰাজ্যখনৰ ৮৬% স্বাস্থ্যকেন্দ্ৰ, ৭৯% শিক্ষানুষ্ঠান, ৬০% আশ্ৰমশালী আৰু ৫৭% অংগনৱাড়ী কেন্দ্ৰত নলসংযোগী পানী যোগান ধৰা হৈছে৷
ৰাজ্যখনত পানীৰ গুণাগুন পৰীক্ষাৰ বাবে জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ পৰীক্ষাগাৰ স্থাপন কৰা হৈছে৷ এই ক্ষেত্ৰত সমূদায়কক পানীৰ গুণাগুন পৰীক্ষণৰ বাবে উৎসাহিত কৰা হৈছে৷
****
BY/AS/DB
(Release ID: 1713362)
Visitor Counter : 154