PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ বুলেটিন

Posted On: 20 APR 2021 6:20PM by PIB Guwahati

 

 

  • ভাৰতৰ মুঠ টিকাদান ক’ভাৰেজে ১২.৭১ কোটি অতিক্ৰম কৰিলে
  • যোৱা ২৪ ঘন্টাত ৩২ লাখ পালি ভেকচিন প্ৰদান
  • নতুন ঘটনাৰ ৭৮% লাভ কৰা হৈছে ১০ খন ৰাজ্যত; সক্ৰিয় ঘটনাৰ ৬২% মাথো ৫ খন ৰাজ্যত
  • ৰাষ্ট্ৰীয় মৃত্যুৰ হাৰ ১.১৮% লৈ অৱনমিত
  • সকলো কেন্দ্ৰীয় শাসিত অঞ্চলৰ ক’ভিড-১৯ ৰ স্থিতি, কন্টেইনমেন্ট আৰু আন জন স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা কেন্দ্ৰীয় গৃহ সচিবৰ
  • টেষ্টিং আৰু আন্তঃগাঁথনি, বৃহৎ কন্টেইনমেন্ট জ’ন বৃদ্ধি, ক’ভিডৰ যথোচিত আচৰণৰ কঠোৰ বলবৎকৰণ আৰু আহ-যাহত বাধা আৰোপৰ পৰামৰ্শ প্ৰদান
  • সকলো এইমছৰে অক্সিজেন সংযোজিত বিছনা তথা একেদৰে আইচিইউ-ভেন্টিলেটৰ বিছনাৰ সংখ্যা বৃদ্ধি

 

#Unite2FightCorona

#IndiaFightsCorona

 

PRESS INFORMATION BUREAU

MINISTRY OF INFORMATION AND BROADCASTING

GOVERNMENT OF INDIA

 

Image

 

ভাৰতৰ মুঠ টিকাদান ক’ভাৰেজে ১২.৭১ কোটি অতিক্ৰম কৰিলে; যোৱা ২৪ ঘন্টাত ৩২ লাখ পালি ভেকচিন প্ৰদান

 

বিশ্বৰ সৰ্ববৃহৎ টিকাদান অভিযানৰ অংশস্বৰূপে, আজি দেশখনত প্ৰদান কৰা ক’ভিড-১৯ ভেকচিন পালিৰ মুঠ সংখ্যাই ১২.৭১ কোটি অতিক্ৰম কৰে। ক্ৰমবৰ্ধমানভাৱে, আজি পুৱা ৭ বজা পৰ্যন্ত লাভ কৰা অস্থায়ী প্ৰতিবেদন অনুসৰি, ১৮,৮৩,২৪১ ছেচনজুৰি ১২,৭১,২৯,১১৩ পালি ভেকচিন (১০,৯৬,৫৯,১৮১হিতাধিকাৰীক ১ম পালিআৰু ১,৭৪,৬৯,৯৩২হিতাধিকাৰীক ২য় পালি) প্ৰদান কৰা হয়। যোৱা ২৪ ঘন্টাত ৩২ লাখৰো অধিক পালি ভেকচিন প্ৰদান কৰা হয়।

টিকাদান অভিযানৰ ৯৪-সংখ্যক দিন (১৯ এপ্ৰিল, ২০২১) অনুসৰি, ৩২,৭৬,৫৫৫ পালি ভেকচিন প্ৰদান কৰা হয়। ভাৰতৰ দৈনিক নতুন ঘটনা বৃদ্ধি পাই আহিছে। যোৱা ২৪ ঘন্টাত ২,৫৯,১৭০ নতুন ঘটনা লাভ কৰা হৈছে।

ভাৰতৰ মুঠ সক্ৰিয় কেছল’ড ২০,৩১,৯৭৭ হৈ পৰিছে।বৰ্তমান ইয়াৰ হাৰ হৈছে দেশখনৰ মুঠ পজিটিভ ঘটনাৰ ১৩.২৬%।যোৱা ২৪ ঘন্টাত মুঠ সক্ৰিয় কেছল’ডৰপৰা মুঠ ১,০২,৬৪৮ টা ঘটনা হ্ৰাস পায়। আজি ভাৰতত আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হয় ১,৩১,০৮,৫৮২।ৰাষ্ট্ৰীয় আৰোগ্য লাভৰ হাৰ ৮৫.৫৬%।

যোৱা ২৪ ঘন্টাত ১,৫৪,৭৬১ ৰোগীয়ে আৰোগ্য লাভ কৰে।ৰাষ্ট্ৰীয় মৃত্যুৰ হাৰ অৱনমিত হৈ আহিছে আৰু বৰ্তমান ইয়াৰ হাৰ হৈছে ১.১৮%। যোৱা ২৪ ঘন্টাত ১,৭৬১ টা মৃত্যুৰ ঘটনা সংঘটিত হৈছে।

অধিক বিৱৰণৰ বাবেঃ

 

সকলো কেন্দ্ৰীয় শাসিত অঞ্চলৰ ক’ভিড-১৯ ৰ স্থিতি, কন্টেইনমেন্ট আৰু আন জন স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা কেন্দ্ৰীয় গৃহ সচিবৰ
 

ক’ভিডৰ স্থিতি আৰু ব্যৱস্থাপনা আৰু সঁহাৰি কৌশল সন্দৰ্ভত পৰ্যালোচনা আৰু আলোচনা কৰিবলৈ ভাৰতৰ সকলো কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিবসকলৰ সৈতে কেন্দ্ৰীয় গৃহ সচিব শ্ৰী অজয় কুমাৰ ভাল্লা তথা কেন্দ্ৰীয় স্বাস্থ্য সচিবে এখনি উচ্চ-স্তৰীয় বৈঠকত মিলিত হয়।ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অনুষ্ঠিত হোৱা বৈঠকখনিত লগতে উপস্থিত থাকেনিটি আয়োগৰ সদস্য (স্বাস্থ্য) ডাঃ ভি কে পাল, আইচিএমআৰৰ সঞ্চালক প্ৰধান। আজি অনুষ্ঠিত হোৱা ভিডিঅ’কনফাৰেন্সখনিত সকলো কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰক্ষীৰ সঞ্চালক প্ৰধানসকলেও অংশগ্ৰহণ কৰে।

অধিক বিৱৰণৰ বাবেঃ

 

সকলো এইমছৰে অক্সিজেন সংযোজিত বিছনা তথা একেদৰে আইচিইউ-ভেন্টিলেটৰ বিছনাৰ সংখ্যা বৃদ্ধি

 

ভাৰত চৰকাৰৰ নিৰ্দেশনা অনুসৰি সকলো এইমছ (এইমছ, নতুন দিল্লী, ভূৱনেশ্বৰ, ভূপাল, যোধপুৰ, পাটনা, ৰায়পুৰ, হৃষীকেশ, মঙ্গলগিৰি, নাগপুৰকে ধৰি) এ অক্সিজেন সংযোজিত বিছনা তথা একেদৰে আইচিইউ-ভেন্টিলেটৰ বিছনাৰ সংখ্যা বৃদ্ধিকৰিছে। ইয়াত পূৰ্বে আছিল ১৪৪৮ অক্সিজেন সংযোজিত বিছনা আৰু ৫১৯ আইচিইউ-ভেন্টিলেটৰ বিছনা। কিন্তু কেন্দ্ৰৰ নিৰ্দেশনাৰ পাছতে অক্সিজেন সংযোজিত বিছনাৰ সংখ্যা ২১১৩ আৰু আইচিইউ-ভেন্টিলেটৰ বিছনাৰ সংখ্যা ৬৭৬ লৈ বৃদ্ধি কৰা হয়।

অধিক বিৱৰণৰ বাবেঃ

 

শ্ৰমিকসকলৰ অভিযোগৰে মোকাবিলা কৰিবলৈ ২০ নিয়ন্ত্ৰণ কক্ষ পুনৰ মুকলি

 

ক’ভিড-১৯ ঘটনা বৃদ্ধি আৰু ৰাজ্য চৰকাৰসমূহৰদ্বাৰা নিৰ্দিষ্ট কেতবোৰ নিষেধাজ্ঞা আৰোপৰ পৰিপ্ৰেক্ষিতত, শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে ২০২০ ৰ এপ্ৰিলত স্থাপন কৰা ২০ টা নিয়ন্ত্ৰণ কক্ষ পুনৰাই মুকলি কৰিলে। ইয়াৰ জৰিয়তে কেন্দ্ৰীয় শ্ৰম আয়ুক্তৰ কাৰ্যালয়ৰ অধীনত তথা ভিন্ন ৰাজ্য চৰকাৰৰ সহযোগতসমগ্ৰ দেশৰ অভিবাসী শ্ৰমিকসকলৰ সমস্যাৰাজি দূৰ কৰা হ’ব।যোৱা বছৰ লাখ-লাখ শ্ৰমিকে এই সুবিধা গ্ৰহণ কৰিছিল আৰু তেওঁলোকৰ অভিযোগসমূহ নিষ্পত্তি কৰা হৈছিল।

অধিক বিৱৰণৰ বাবেঃ

 

গুজৰাটৰ ফাৰ্মৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ নিৰ্দেশ আয়ুস মন্ত্ৰালয়ৰ

 

আয়ুস মন্ত্ৰালয়ৰপৰা লাভ কৰা এখনি পত্ৰৰ ভিত্তিত, গুজৰাটৰ খাদ্য ও ঔষধ নিয়ন্ত্ৰণ প্ৰশাসনৰ যুটীয়া আয়ুক্ত (আয়ুৰ্বেদ) ই ৰাজকোটৰ এখন আয়ুৰ্বেদিক ঔষধ প্ৰস্তুতকাৰী ফাৰ্মলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।এই ফাৰ্মখনে প্ৰস্তুত কৰা আয়ুধ এডভান্সড নামৰ ঔষধটোৰ গইনা লৈ জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ অভিযোগৰ ভিত্তিতে এনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।কোম্পানীটোৱে এই ঔষধটোক লৈ এই দাবী কৰিছে যে ই হৈছে ক’ভিড-১৯ ৰ ব্যৱস্থাপনা আৰু চিকিৎসাৰ অৰ্থে ক্লিনিকেলী প্ৰমাণিত প্ৰথমটো মেডিচিন।

অধিক বিৱৰণৰ বাবেঃ

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰপৰা লাভ কৰা ইনপুট

 

মহাৰাষ্ট্ৰ: মহাৰাষ্ট্ৰত ক’ভিড পজিটিভ ঘটনা বৃদ্ধি পাই থকাৰ পৰিপ্ৰেক্ষিতত, ৰাজ্য চৰকাৰে মঙলবাৰে শ্ৰী ৰাম নৱমী, মহাবীৰ জয়ন্তী আৰু হনুমান জয়ন্তী নিয়মমাফিকভাৱেহে পালনৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে।ৰাজ্যখনৰ গৃহ বিভাগে ভক্তসকলক ঘৰত থাকিয়েই এই পৰ্বসমূহ পালন কৰিবলৈ আহ্বান জনাইছে। ইফালে, ৰাজ্যখনৰ গ্ৰচাৰী দোকানসমূহ পুৱা ৭ বজাৰপৰা দুপৰীয়া ১১ বজালৈ মাত্ৰ ৪ ঘন্টাৰ বাবেহে খোলা ৰখাৰ নিৰ্দেশনা প্ৰদান কৰা হৈছে।

 

গুজৰাট: গুজৰাট চৰকাৰে ব্যক্তিগত লেবৰেটৰীসমূহত ক’ভিড-১৯ ৰ অৰ্থে আৰটি-পিচিআৰ টেষ্টৰ মূল্য় হ্ৰাস কৰিলে।সেই অনুসৰি, এই মূল্য ৮০০ টকাৰ পৰিৱৰ্তে ৭০০ টকালৈ হ্ৰাস কৰা হয়।ইফালে, ঘৰৰপৰা নমুনা সংগ্ৰহৰ ক্ষেত্ৰত পূৰ্বৰ ১১০০ টকাৰপৰা ৯০০ টকালৈ হ্ৰাস কৰা হৈছে।

 

মধ্য প্ৰদেশ: মধ্য প্ৰদেশত, ক’ৰোনাত আক্ৰান্ত ৰোগীসকলক এতিয়াৰেপৰা সেনা হাস্পতাল আৰু আইছ’লেশ্যন কেন্দ্ৰসমূহত ৰখা হ’ব।খুব সম্ভৱতঃ দেশখনৰ ভিতৰতে প্ৰথমবাৰৰ বাবে, এখন ৰাজ্য় চৰকাৰে ক’ৰোনা মহামাৰীটোৰে মোকাবিলা কৰিবলৈ সামৰিক সম্পদ ব্যৱহাৰ কৰিছে।ভূপালস্থিত সেনা হাস্পতালত ১৫০, জবলপুৰত ১০০ আৰু সাগৰ আৰু গোৱালিয়ৰত প্ৰত্যেকতে ৪০ খনকৈ আইছ’লেশ্যন বিছনাৰ ব্যৱস্থা কৰা হৈছে।

 

চত্তীশগড়:আজিৰেপৰা চত্তীশগড়ত সম্পূৰ্ণ লকডাউন আৰোপ কৰা হৈছে। সেই অনুসৰি বাকী থকা চুকমা আৰু কোন্দাগাঁও জিলাতো সম্পূৰ্ণ লকডাউন প্ৰযোজ্য হৈ পৰিল। ইয়াৰ পৰিপ্ৰেক্ষিতত, ৰাজ্যখনৰ মুঠ ২৮ খন জিলাতেই লকডাউনৰ কঠোৰ নীতি-নিৰ্দেশনা পালন কৰা হৈছে।

 

গোৱা: গোৱাত মহামাৰীটোৰ আৰম্ভণিৰেপৰা সোমবাৰে এদিনতে সৰ্বাধিক ১৭ জন আক্ৰান্তৰ প্ৰাণহানি হয়।

 

কেৰালা: কেৰালাত ক’ভিড-১৯ ঘটনা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত, ৰাজ্যখনত আজি নিশাৰপৰা নিশা ৯ বজাৰপৰা পুৱা ৫ বজালৈ নৈশ সান্ধ্য আইন কাৰ্যকৰী কৰা হৈছে।

 

তামিল নাডু:সোমবাৰে তামিল নাডুত ১০,৯৪১ টা নতুন ঘটনা লাভ কৰা যায়।


কৰ্ণাটক:কৰ্ণাটকত কালি ১৫৭৮৫ টা নতুন ঘটনা লাভ কৰা হৈছে।

 

অন্ধ্ৰ প্ৰদেশ:অন্ধ্ৰ প্ৰদেশত সোমবাৰে পুৱা অন্ত পৰা তাৰ পূৰ্বৰ ২৪ ঘন্টাত ২৭ কভিড আক্ৰান্ত ৰোগীয়ে মৃত্যুবৰণ কৰে।

 

তেলেংগানা:তেলেংগানাত সোমবাৰে মুঠ ১,৫৫,৮৬৯ হিতাধিকাৰীয়ে প্ৰথম পালি আৰু ২১,৩৫২ হিতাধিকাৰীয়ে দ্বিতীয় পালি ক’ভিডৰ ভেকচিন লাভ কৰে।

 

অসম: অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে আৰটি-পিচিআৰ টেষ্টৰ বাবে সৰ্বাধিক মূল্য ৫০০ টকা ধাৰ্য্য কৰি দিছে।যদি ঘৰৰপৰা নমুনা সংগ্ৰহ কৰা যায়, তেতিয়া ইয়াৰ বাবে ৭০০ টকা ব্যয় কৰিব লাগিব।ইফালে, ৰেপিড এন্টিজেন টেষ্টৰ বাবে নিৰ্ধাৰিত মূল্য হৈছে ২৫০ টকা। ৰাজ্যখনৰ দৈনিক ক’ভিড-১৯ ঘটনাই ছমাহ বিৰতিৰ পাছত পুনৰবাৰ ১০০০ ৰ সীমা অতিক্ৰম কৰিছে।সোমবাৰে সমগ্ৰ ৰাজ্যখনত ৬৫,৩১০ টেষ্টৰ বিপৰীতে মুঠ ১৩৬৭ টা নতুন পজিটিভ ঘটনা লাভ কৰা যায়।

 

মণিপুৰ: মণিপুৰত শেহতীয়াভাৱে এটা কভিড-১৯ জনিত মৃত্যুৰ ঘটনা সংঘটিত হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত একে কাৰণত মৃত্যুবৰণ কৰা লোকৰ সংখ্যা ৩৭৭ লৈ বৃদ্ধি পালে।ৰাজ্যখনত যোৱা ২৪ ঘন্টাত ৫৪ জন লোকৰ দেহত পজিটিভ ধৰা পৰিছে, ইয়াৰে ছজন হৈছে বিমান যাত্ৰী।ৰাজ্যখনৰ ১০ম আৰু ১২শ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষা পিছুৱাই দিয়াৰ সমান্তৰালভাৱে বাকী শ্ৰেণীসমূহ স্থগিত ৰখা হৈছে।

 

মেঘালয়: মেঘালয়ত সোমবাৰে ১০৮ নতুন ক’ভিড-১৯ ঘটনা লাভ কৰা হৈছে। ইয়াৰে ৯৫ পূব খাচী পাৰ্বত্য জিলা, সাতটা পশ্চিম জয়ন্তীয়া পাৰ্বত্য জিলা আৰু ৫ টা ঘটনা ৰীভৈ জিলাত লাভ কৰা যায়।ৰাজ্যখনত মুঠ ১৪,০৭১ আক্ৰান্তই আৰোগ্য লাভ কৰিছে।শ্বিলং আৰু পূব খাচী পাৰ্বত্য জিলাত ক’ভিড ঘটনা হঠাৎ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত, মেঘালয় চৰকাৰে কেতবোৰ বাধ্যবাধকতা আৰোপ কৰিছে।সেই অনুসৰি, বিদ্যালয়সমূহ বন্ধ ৰখা আৰু ৰাজ্যখনত পৰ্যটকৰ প্ৰৱেশত বাধা আৰোপেৰে সম্পূৰ্ণ লকডাউনৰপৰা ৰাজ্যখনক বিৰত ৰখা হৈছে।
সোমবাৰে ইয়াত ৰাজ্যখনৰ ক’ভিড-১৯ পৰিস্থিতি আৰু ভাইৰাছটোক প্ৰতিহতকৰণ সন্দৰ্ভত আলোচনা কৰিবলৈ অনুষ্ঠিত এখনি পৰ্যালোচনা বৈঠকৰ পাছতেই উক্ত বাধ্য-বাধকতাৰ নিৰ্দেশনা প্ৰদান কৰা যায়।

 

ছিকিম: ছিকিমত আজি নটা ঘটনা লাভ কৰাতে, ৰাজ্যখনৰ সক্ৰিয় ক’ৰোনাভাইৰাছজনিত ঘটনাৰ সংখ্যা ৪০৪ লৈ বৃদ্ধি পাইছে।ৰাজ্যখনৰ ভিন্ন প্ৰান্তত একে সময়তে মুঠ ৯০২ লোকক ক’ভিড-১৯ ৰ ভেকচিন প্ৰদান কৰা যায়।

 

নাগালেণ্ড: নাগালেণ্ডত সোমবাৰে ১৩ টা নতুন কভিড ঘটনা লাভ কৰা হয়।ৰাজ্যখনত সক্ৰিয় ঘটনা ১৮৯ আৰু মুঠ ১২,৫৬৮ টা। ৰাজ্য চৰকাৰে ৮ম শ্ৰেণীলৈকে বিদ্য়ালয় বন্ধৰ কথা ঘোষণা কৰিছে। ৰাজ্যখনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা ও উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষা অব্যাহত থাকিব। নাগালেণ্ড চৰকাৰে ক’ভিডৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ ক’ভিড সন্দৰ্ভত জিলা টাস্ক ফ’ৰ্ছসমূহক নৈশ সান্ধ্য আইন, আন দিনত বজাৰ আৰু যুগ্ম-অযুগ্ম ভিত্তিত বাহন চলাচলৰ কথা বিবেচনা কৰিবলৈ কৈছে।

 

ত্ৰিপুৰা: ক’ভিড-১৯ মহামাৰীৰ দ্বিতীয়টো ঢৌ অতিক্ৰম কৰিবলৈ ত্ৰিপুৰাৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনাৰ অৰ্থে ৰাজ্যখনৰ ৰাজ্যপাল ৰমে বাইছে স্বাস্থ্য় বিভাগৰ বিষয়া-বৰ্গৰে এখনি পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে।

 

পঞ্জাৱ: পঞ্জাৱত পজিটিভ ধৰা পৰা ৰোগীৰ মুঠ সংখ্যা হৈছেগৈ ৩০৪৬৬০।ৰাজ্যখনত সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ৩৫৩১১।মুঠ মৃত্যুৰ ঘটনা ৭৯৮৫ টা।

 

হাৰিয়ানা: আজি পৰ্যন্ত হাৰিয়ানাত পজিটিভ ধৰা পৰা নমুনাৰ মুঠ সংখ্যা হৈছে৩৬৩৮১৩।ৰাজ্যখনত মুঠ সক্ৰিয় ক’ভিড-১৯ ৰোগী হৈছে ৪৫৩৬৩।মৃত্যুৰ সংখ্যা ৩৪৪৮ টা।

 

চণ্ডীগড়: চণ্ডীগড়ত মুঠ ক’ভিড-১৯ ঘটনা হৈছেগৈ ৩৪৫৪৬ টা।সক্ৰিয় ঘটনাৰ মুঠ সংখ্যা ৩৮০৪ টা।আজি পৰ্যন্ত ক’ভিডত মৃত্যু ঘটা লোকৰ মুঠ সংখ্যা ৪১৭।

 

হিমাচল প্ৰদেশ: হিমাচল প্ৰদেশত আজি পৰ্যন্ত ক’ভিড পজিটিভ ধৰা পৰা লোকৰ মুঠ সংখ্যা হৈছে ৭৮০৭০।মুঠ সক্ৰিয় ঘটনা ৯৭৮৩।আজি পৰ্যন্ত মুঠ মৃত্যুৰ ঘটনা ১১৯০ টা।

 

Image

Image

Image

 

*********

MV/AP/SB



(Release ID: 1713160) Visitor Counter : 196