PIB Headquarters

পিআইবিৰ ক’ভিড-১৯ৰ বুলেটিন

Posted On: 16 APR 2021 6:23PM by PIB Guwahati

#Unite2FightCorona

#IndiaFightsCorona

D1.jfif

ভাৰতত ১১.৭২ কোটিৰ সীমা অতিক্ৰম কৰিলে টীকাকৰণ অভিযানে, বিগত ২৪ ঘণ্টাত ২৭ লক্ষাধিক প্ৰতিষেধক প্ৰদান কৰা হৈছে

ভাৰতত ২৬ কোটিতকৈও অধিক পৰীক্ষণ সম্পন্ন কৰা হৈছে৷ ১০ খন ৰাজ্যত ৯% নতুন ৰোগী চিনাক্ত হৈছে৷ ভাৰতত  দৈনিক নতুন ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে৷ বিগত ২৪ ঘণ্টাত ২,১৭,৩৫৩ জন ৰোগী চিনাক্ত হৈছে৷ আজি পৰ্যন্ত মুঠ ১,২৫,৪৭,৮৬৬ জন লোকে আৰোগ্য লাভ কৰিছে৷ ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ হ’ল ৮৭.৮০%৷ বিগত ২৪ ঘণ্টাত ১,১৮,৩০২ জন লোকে আৰোগ্য লাভ কৰিছে৷

অধিক বিৱৰণৰ বাবে

পৰ্যাপ্ত পৰিমাণৰ অম্নজানৰ উপলব্ধতাৰ খতিয়ান ল’লে প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী মোদীয়ে আগন্তুক ১৫ দিন ১২ খন ৰাজ্যত ব্যৱহাৰ হ’বলগীয়া অম্লজান যোগানৰ শেহতীয়া খতিয়ান গ্ৰহণ কৰে৷ প্ৰধানমন্ত্ৰীয়ে বিষয়াসকলক অম্লজানৰ সৰবৰাহত যাতে কোনো বাধাৰ সৃষ্টি নহয় তাৰে নিশ্চিতি প্ৰদান কৰিবলৈ আগ্বান জনায়৷

 

অধিক বিৱৰণৰ বাবে

ৰাজধানী চহৰত ক’ভিড-১৯ৰ বৰ্ধিত সংখ্যাৰ পৰিপ্ৰেক্ষিতত ডাঃ হৰ্ষ ৱৰ্ধনে প্ৰস্তুতিৰ খতিয়ান ল’লে নতুন দিল্লীৰ এইমছৰ

ডাঃ হৰ্ষ ৱৰ্ধনে নতুন দিল্লীত ক’ভিড-১৯ৰ বৰ্ধিত ৰোগীৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীয়ে বিচনা/অক্সিজেনযুক্ত বিচনা, জেনেৰেল ৱাৰ্ড/আইচিইউ ৱাৰ্ড আদিৰ খতিয়ান লয়৷

অধিক বিৱৰণৰ বাবে

 

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে কেন্দ্ৰীয় মন্ত্ৰালয় আৰু পিএছইউসমূহক তেওঁলোকৰ চিকিৎসালয়ৰ বিচনাসমূহ ক’ভিড-১৯ৰ বাবে উৎসৰ্গিত কৰিবলৈ আহ্বান জনাইছে

সমগ্ৰ দেশতে ক’ভিড-১৯ ৰোগীৰ সুব্যৱস্থাপনাৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে অন্যান্য কেন্দ্ৰীয় মন্ত্ৰালয় আৰু পিএছইউসমূহক তেওঁলোকৰ চিকিৎসালয়ৰ বিচনাসমূহ ক’ভিড-১৯ৰ ৰোগীৰ বাবে উৎসৰ্গিত কৰিবলৈ আহ্বান জনাইছে৷

অধিক বিৱৰণৰ বাবে

 

 

 

 

 

 

 

 

কেন্দ্ৰীয় গৃহ সচিবে উত্তৰ প্ৰদেশ আৰু ছট্টিশগড়ত ক’ভিড-১৯ৰ স্থিতিৰ খতিয়ান লোৱাৰ লগতে ৰাজ্য দুখনত ৰাজহুৱা স্বাস্থ্য পৰিমাপৰো বুজ লয়

ছট্টিশগড়, উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰত এক লক্ষাধিক সক্ৰিয় ৰোগী আছে৷ এই পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহ সচিবে উত্তৰ প্ৰদেশ আৰু ছট্টিশগড়ত কভিড-১৯ৰ স্থিতিৰ খতিয়ান লোৱাৰ লগতে ৰাজ্য দুখনত ৰাজহুৱা স্বাস্থ্য পৰিমাপৰো বুজ লয়৷

অধিক বিৱৰণৰ বাবে

 

 

 

 

 

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

মহাৰাষ্ট্ৰঃ ৰাজ্যখনত বৃহস্পতিবাৰে ৩ লাখ ৬৯ হাজাৰতকৈও অধিক লোকক প্ৰতিষেধক প্ৰদান কৰা হয়৷ ৰাজ্যখনত বৃহস্পতিবাৰে সক্ৰিয় ৰোগীৰ সংখ্যা ৬১,৬৯৫ জন হোৱাৰ লগতে মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৬,২০,০৬০ জন৷

গুজৰাটঃ ৰাজ্যখনত যোৱা ১৫ দিনত ১৮,০০০খন বিচনা চিকিৎসালয়সমূহত সংযোজিত কৰা হয়৷ ৰাজ্যখনত বৰ্তমানে মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৪৪২৯৮ জন৷

ৰাজস্থানঃ বিগত ২৪ ঘণ্টাত  ৬৬৫৮ জন ৰোগী আক্ৰান্ত হৈছে৷

মধ্য প্ৰদেশঃ বৃহস্পতিবাৰে ১০,১৬৬জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হয়৷ আনহাতে ৩৯৭০ জন লোকে আৰোগ্য লাভ কৰে৷ ক’ভিড-১৯ৰ ব্যৱস্থাপনাৰ বাবে মুখ্যমন্ত্ৰী সাহায্য নিধিৰ পৰা ১ কোটি টকা মুকলি কৰি দিয়া হৈছে৷

ছট্টিশগড়ঃ বৃহস্পতিবাৰে ১৫,২৫৬ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ৫,০১,৫০০ জন৷

কেৰালাঃ আজি সন্ধিয়ালৈ মুঠ ২৪,৯৫৩ জন লোকে প্ৰতিষেধক লাভ কৰিছে৷ এই পৰ্যন্ত ২,০৬,১১৬ জন লোকে প্ৰতিষেধক লাভ কৰিছে৷

তামিলনাডুঃ বৃহস্পতিবাৰে  ৫৮,০৯৭ জন লোক ৰোগত আক্ৰান্ত হৈছে৷ এই  পৰ্যন্ত ৪৩,৯০,৬২৯  জন লোকে প্ৰতিষেধক লাভ কৰিছে৷

কৰ্ণাটকঃ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৯৬৫৬১ জন৷ মুঠ ১৩১১২ জন লোকৰ মৃত্যু হৈছে৷ মুঠ ৬২,৭৪,২৬০ জন লোকে প্ৰতিষেধক লাভ কৰিছে৷

অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৯,৪২,১৩৫ জন৷ ৭৩৫৩  জন লোকৰ মৃত্যু হৈছে৷

তেলেংগানাঃ বৃহস্পতিাবাৰে ১,৫৪,৫৬৮ জন লোকক প্ৰথম পালি আৰু ১৩,৬৩১ জন লোকক দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩,৪১,৮৮৫ জন৷ ১৭৯৭ জন লোকৰ মৃত্যু হৈছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩০,৪৯৪ জন৷

মণিপুৰঃ বুধবাৰে মুঠ ৩২,১০৯ জন স্বাস্থ্য কৰ্মীক প্ৰতিষেধক প্ৰদান কৰা হয়৷ বৃহস্পতিবাৰে পজিটিভ ৰোগীৰ সংখ্যা ২১ৰ পৰা ১৮ জনলৈ হ্ৰাস পায়৷

মেঘালয়ঃ আজিৰ তাৰিখ পৰ্যন্ত মুঠ ১.৬১ লাখ প্ৰতিষেধকৰ পালি ৰাজ্যখনত প্ৰদান কৰা হৈছে৷

 

 

ছিক্কিমঃ ৪১ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২২৯ জন৷ ১১ৰ পৰা ১৪ এপ্ৰিললৈ মুঠ ২৬,৩২৮টা ভেকচিন শ্লটৰ আয়োজন কৰা হৈছে৷ দক্ষিণ জিলাত ৪৬২৫ আৰু উত্তৰ জিলাত ২০৬২ টা প্ৰতিষেধক প্ৰদান কৰা হৈছে৷

 

নাগালেণ্ডঃ ৪২ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা ১২১ আৰু  মুঠ ৰোগীৰ সংখ্যা ১২,৪৮২ জন৷

 

পাঞ্জাৱঃ মুঠ ২৮৬৮১৬ জন লোক ক’ভিড পজিটিভ হৈছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩০০৩৩ জন৷ মৃত্যু হৈছে ৭৭২২ জনৰ৷

 

হাৰিয়ানাঃ  মুঠ ৰোগীৰ সংখ্যা হ’ল ৩৩৫৮০০ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩০৫১৮ জন৷ ৩৩৩৪ জনৰ মৃত্যু হৈছে৷ আজিৰ তাৰিখ পৰ্যন্ত ৩০৩৪৪৩০ জন লোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে৷

 

চণ্ডীগড়ঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩২৩৯৭ জন৷ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩৩৭১ জন৷ মুঠ ৪০৭ জনৰ মৃত্যু হৈছে৷

 

হিমাচল প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৭৩৩৫৩ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৭৩৬২ জন৷ এই পৰ্যন্ত ১১৪৬ জনৰ মৃত্যু হৈছে৷

 

d6.jfif

d3.jfif

d5.jfif

d4.jfif

*****

MV/AP/MANN



(Release ID: 1712397) Visitor Counter : 193