PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ বুলেটিন

Posted On: 13 APR 2021 6:18PM by PIB Guwahati

Coat of arms of India PNG images free download

 

#Unite2FightCorona

#IndiaFightsCorona

C1.jfif

ভাৰতত প্ৰতি দিনে গড়ে সৰ্বাধিক ভেকচিন পালি প্ৰদান অব্যাহত, যোৱা ২৪ ঘন্টাত ৪০ লাখৰো অধিক পালি প্ৰদানেৰে ভাৰতৰ মুঠ টিকাদান কভাৰেজে অতিক্ৰম কৰিলে ১০.৮৫ কোটি
 

· টিকা উৎসৱৰ তৃতীয় দিনা অৰ্থাৎ আজি দেশখনত প্ৰদান কৰা ক’ভিড-১৯ ৰ ভেকচিন পালিৰ মুঠ সংখ্যাই অতিক্ৰম কৰিলে ১০.৮৫ কোটি

  • যোৱা ২৪ ঘন্টাত ৪০ লাখৰো অধিক ভেকচিন পালি প্ৰদান
  • ভাৰতৰ মুঠ সক্ৰিয় কেছল’ড ১২,৬৪,৬৯৮ হৈছেগৈ। এতিয়া ইয়াৰ হাৰ হৈছে দেশখনৰ মুঠ পজিটিভ ঘটনাৰ ৯.২৪%। যোৱা ২৪ ঘন্টাত মুঠ সক্ৰিয় কেছল’ডৰপৰা মুঠ ৬৩,৬৮৯ টা ঘটনা হ্ৰাস পাইছে
  • ভাৰতৰ মুঠ সক্ৰিয় ঘটনাৰ ৬৮.৮৫% লাভ কৰা গৈছে পাঁচখন ৰাজ্য যথাঃ মহাৰাষ্ট্ৰ, চত্তীশগড়, কৰ্ণাটক, উত্তৰ প্ৰদেশ আৰু কেৰালাত। দেশখনৰ মুঠ সক্ৰিয় কেছল’ডৰ ৪৪.৭৮% কেৱল মহাৰাষ্ট্ৰত লাভ কৰা যায়
  • আজি ভাৰতৰ মুঠ আৰোগ্য লাভৰ সংখ্যা হৈছে ১,২২,৫৩,৬৯৭। ৰাষ্ট্ৰীয় আৰোগ্য লাভৰ হাৰ হৈছে ৮৯.৫১%
  • যোৱা ২৪ ঘন্টাত ৯৭,১৬৮ ৰোগীৰ আৰোগ্য লাভ
  • যোৱা ২৪ ঘন্টাত ৮৭৯ টা মৃত্যুৰ ঘটনা সংঘটিত হৈছে
  • যোৱা ২৪ ঘন্টাত তেৰ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত এটাও কভিড-১৯ জনিত মৃত্যুৰ ঘটনা সংঘটিত হোৱা নাই। এইসমূহ হৈছেঃ জম্মু-কাশ্মীৰ, অসম, লাডাখ, দমন ও ডিউ আৰু দাদৰা ও নগৰ হাভেলী, ত্ৰিপুৰা, মেঘালয়, ছিকিম, নাগালেণ্ড, মিজোৰাম, মণিপুৰ, লক্ষদ্বীপ, আন্দামান ও নিকোবৰ দ্বীপপুঞ্জ আৰু অৰুণাচল প্ৰদেশ

অধিক বিৱৰণৰ বাবেঃ

 

ঘৰুৱা ব্যৱহাৰৰ অৰ্থে ভেকচিনৰ মজুত বৃদ্ধি, তীব্ৰতা ত্বৰান্বিতকৰণ আৰু টিকাদান কভাৰেজ বৃদ্ধিৰ বাবে ইউএই তথা আন দেশত অনুমোদন জনোৱা বিদেশত প্ৰস্তুত কভিড-১৯ ভেকচিনলৈ কেন্দ্ৰৰ ফাষ্ট ট্ৰেক জৰুৰীকালীন অনুমোদন

নিটি আয়োগৰ সদস্য (স্বাস্থ্য) ডাঃ ভি কে পালৰ অধ্যক্ষতাত ১১ এপ্ৰিল, ২০২১ ত অনুষ্ঠিত ক’ভিড-১৯ ৰ অৰ্থে ভেকচিন প্ৰদান সন্দৰ্ভত ৰাষ্ট্ৰীয় বিশেষজ্ঞ গোট (NEGVAC) ৰ ২৩ সংখ্যক বৈঠকত মহামাৰীটোৰ বিৰুদ্ধে যুঁজিবলৈ ভেকচিনৰ মজুত বৃদ্ধিকে ধৰি ঘৰুৱা টিকাদান কাৰ্যক্ৰমৰ তীব্ৰতা ও ক’ভাৰেজ বৃদ্ধিৰ প্ৰসংগত আলোচনা কৰা হয়।

অধিক বিৱৰণৰ বাবেঃ

 

জৰুৰীকালীন পৰিস্থিতিত স্পুটনিক-ভি ভেকচিনৰ সীমিত ব্যৱহাৰত অনুমতি মঞ্জুৰ নেশ্যনেল ৰেগুলেটৰৰ

ৰাছিয়াত ভেকচিনটোৰ অনুমোদন তথা ইয়াৰ চৰ্ত/বাধ্যবাধকতাও এছইচিয়ে পৰ্যালোচনা কৰিছে।

অধিক বিৱৰণৰ বাবেঃ

 

বিজ্ঞান ও প্ৰযুক্তি মন্ত্ৰালয়ৰ বাঅটেকনজি বিভাগ (DBT) ৰ ঘোষণাঃ ভাৰতৰ প্ৰথম এমআৰএনএ-ভিত্তিক কভিড-১৯ ভেকচিন- এইচজিচিঅ-১৯ ৰ ক্লিনিকেল অধ্যয়নৰ বাবে অতিৰিক্ত পুঁজি যোগানত অনুমোদনঃ ইয়াক প্ৰস্তুত কৰিছে পুনে-স্থিত বাঅটেকনজি কোম্পানী জেনভা বাঅফাৰ্মাচিউটিকেল লিমিটেডে

‘মিছন ক’ভিড সুৰক্ষা- দ্য ইণ্ডিয়ান ক’ভিড-১৯ ভেকচিন ডেভলপমেন্ট মিছন’ ৰ অধীনত এই পুঁজি আগবঢ়োৱা হৈছে।

অধিক বিৱৰণৰ বাবেঃ

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰপৰা লাভ কৰা ইনপুট

 

মহাৰাষ্ট্ৰঃ মহাৰাষ্ট্ৰত সোমবাৰে নতুন ঘটনাৰ সামান্য বৃদ্ধি পৰিলক্ষিত হয়। ৫১,৭৫১ জন লোকৰ দেহত কভিড-১৯ পজিটিভ ধৰা পৰাত মুঠ ৩৪,৫৮,৯৯৬ হৈ পৰে। একেই সময়ছোৱাত ২৫৮ জন লোক মৃত্যুমুখত পৰাত মুঠ মৃত্যুৰ ঘটনা ৫৮,২৪৫ লৈ বৃদ্ধি পালে। ৰাজ্যখনত আৰোগ্য লাভৰ হাৰ ৮১.৯৪% ৰ বিপৰীতে মৃত্যুৰ হাৰ ১.৬৮%

 

গুজৰাটঃ সোমবাৰে গুজৰাটত নতুন ঘটনা ৬০২১ আৰু ৫৫ জন আক্ৰান্ত মৃত্যুমুখত পৰে। ৰাজ্যখনত এতিয়ালৈকে আক্ৰান্ত হোৱা লোকৰ মুঠ সংখ্যা ৩,৫৩,৫১৬ হৈ পৰিছে। আহমেদাবাদ চহৰত নতুন ঘটনাৰ সংখ্যা সৰ্বাধিক ১৯০৭, ইয়াৰ পাছতেই চুৰাটত ১১৭৪ টা নতুন ঘটনা লাভ কৰা যায়।

 

ৰাজস্থানঃ ৰাজস্থানত কভিড-১৯ ত আক্ৰান্ত আৰু ইয়াৰ বাবে মৃত্যু মুখত পৰাৰ ঘটনা হঠাৎ বৃদ্ধি পোৱাত ১ ফেব্ৰুৱাৰীৰপৰা ৰাজ্যখনত আৰোগ্য লাভৰ হাৰ ৯৮.৫% ৰপৰা ৮৯.৩% লৈ হ্ৰাস পালে। সোমবাৰে, ২৫ জন লোক মৃত্যুমুখত পৰে, যি পৰিমাণ এতিয়ালৈকে ২৪ ঘন্টাত সৰ্বাধিক। একেৰাহে ৫ম দিনৰ বাবে, ৰাজ্যখনত এদিনতে অভিলেখসংখ্যক ৫,৭৭১ জন লোকৰ দেহত কভিড-১৯ পজিটিভ ধৰা পৰে, যাৰ বাবে মুঠ আক্ৰান্তৰ সংখ্যা ৩,৬৯,৫৬৪ লৈ বৃদ্ধি পালে।

 

মধ্য প্ৰদেশঃ যোৱা ২৪ ঘন্টাত মধ্য প্ৰদেশত কভিড পজিটিভ ঘটনা বৃদ্ধি পাইছে। ৬৪৮৯ টা ঘটনাৰ ভিতৰত ভূপালত ১৪৫৬ টা, ইন্দোৰত ৯২৩ টা, গোৱালিয়ৰত ৪৯৭ টা আৰু জবলপুৰত ৪৬৯ টা ঘটনা লাভ কৰা হয়। একে সময়তে ৩৭ জন কভিড আক্ৰান্ত মৃত্যুমুখত পৰিছে।

 

চত্তীশগডঃ চত্তীশগড়ত কৰোনাত আক্ৰান্ত ১০৭ জন লোক মৃত্যুমুখত পৰিছে। সম্প্ৰতি, প্ৰায় ৯৯ হাজাৰ আক্ৰান্ত লোক ভিন্ন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থা বা হম আইছলেশ্যনত আছে। ৰাজ্যখনত কভিডৰ টিকাদান কাৰ্যক্ৰমো সম্প্ৰসাৰিত কৰা হৈছে। সোমবাৰ পৰ্যন্ত চত্তীশগড়ত ৪৪,৭৩,২০০ ভেকচিন প্ৰদান কৰা যায়।

 

গোৱাঃ সমগ্ৰ ভাৰতৰ লগতে গোৱাতো ১০ এপ্ৰিলৰপৰা ১৪ এপ্ৰিললৈ জন টিকাদান অভিযান টিকা উৎসৱ ঘোষণা কৰা হৈছে। ৰাজ্যখনৰ স্বাস্থ্য বিভাগে অতিৰিক্ত এক লাখ পালি কভিড ভেকচিনৰ অনুৰোধেৰে কেন্দ্ৰলৈ পত্ৰ প্ৰেৰণ কৰিছে। গোৱাত এন্টি-ভাইৰেল ড্ৰাগ ৰেমডেচিভিৰৰ নাটনি নোহোৱাটো নিশ্চিত কৰি তুলিবলৈ ৰাজ্যখনৰ ড্ৰাগটো প্ৰস্তুতকাৰী প্ৰতিষ্ঠানসমূহক ৫,০০০ ইউনিট মজুত ৰাখিবলৈ ৰাজ্য চৰকাৰখনৰদ্বাৰা নিৰ্দেশনা প্ৰদান কৰা হৈছে।

 

কেৰালাঃ কেৰালাৰ স্বাস্থ্যমন্ত্ৰী কে.কে. শৈলজাই অৱগত কৰিছে যে আজি ৰাজ্যখনে কেন্দ্ৰৰপৰা আৰু দুই লাখ পালি কভিড ভেকচিন লাভ কৰিছে। ৰাজ্যখনত কভিড-১৯ ঘটনা বৃদ্ধি পোৱাৰ মাজতে ৰাজ্য চৰকাৰখনে কেতবোৰ বাধ্যবাধকতা পুনৰাই বলবৎ কৰাৰ পৰিপ্ৰেক্ষিতত, যিমান দূৰ সম্ভৱ সিমান ৰাজহুৱা কাৰ্যসূচী বাতিল কৰিবলৈ কৰ্তৃপক্ষসমূহ জনসাধাৰণক আহ্বান জনাইছে। জৰুৰী নোহোৱা সভা আৰু আন কাৰ্যসূচীসমূহ তিনি সপ্তাহ পিছুৱাই দিবলৈ কোৱা হয়।

 

তামিল নাডুঃ সোমবাৰে একেৰাহে দ্বিতীয়টো দিনৰ বাবে তামিল নাডুত ৬,০০০ ৰোধিক নতুন কভিড-১৯ ঘটনা লাভ কৰা হৈছে। ৰাজ্যখনত ৬,৭১১ টা নতুন ঘটনা আৰু ১৯ টা প্ৰাণহানিৰ ঘটনাৰে, মুঠ আক্ৰান্তৰ সংখ্যা ৯,৪০,১৪৫ আৰু মৃত্যুৰ ঘটনা ১২,৯২৭ লৈ বৃদ্ধি পালে। সোমবাৰৰ দিনটোত ১.৬ লাখৰো অধিক লোকক কভিড-১৯ ৰ ভেকচিন প্ৰদান কৰা হয়।

 

কৰ্ণাটকঃ সোমবাৰে কৰ্ণাটকৰ স্বাস্থ্য বিভাগৰপৰা লাভ কৰা তথ্য অনুসৰি, ৰাজ্যখনত ৯,৫৭৯ টা নতুন কভিড-১৯ ঘটনা আৰু ৫২ টা মৃত্যুৰ ঘটনাৰে, মুঠ কেছলড ১০.৭৪ লাখ আৰু মৃত্যুৰ সংখ্যা ১২,৯৪১ লৈ বৃদ্ধি পালে। বেংগালুৰু আৰবানতে ৬,৩৮৭ টা নতুন ঘটনা লাভ কৰা যায়। একেদিনাই ২,৭৬৭ ৰোগীক আৰোগ্য় লাভৰ বাবে ডিচাৰ্জ দিয়া হয়।

 

অন্ধ্ৰ প্ৰদেশঃ অন্ধ্ৰ প্ৰদেশত ৩৩,৭৫৫ টা নমুনা টেষ্টিঙৰ পাছত ৩২৬৩ টা পজিটিভ ঘটনা লাভতে মুঠ আক্ৰান্তৰ সংখ্যা ৯,২৮,৬৬৪ লৈ বৃদ্ধি পালে। ৰাজ্যখনত বৰ্তমান সক্ৰিয় কভিড-১৯ ঘটনা হৈছে ২৩,১১৫ টা। ৰাজ্যখনৰ মুঠ সক্ৰিয় ঘটনাৰ সংখ্যা ২৩,১১৫ লৈ বৃদ্ধি পাইছে। 

 

তেলেংগানাঃ সোমবাৰে নিশা মুঠ ৩,৬২ লাখ পালি কভিড ভেকচিন আহি হায়দৰাবাদ পায়হি। ইয়াৰ ভিতৰত, ২ লাখ পালি হৈছে কভাক্সিনৰ আৰু বাকী থকা ১,৬২ লাখ পালি হৈছে কভিশ্বিল্ডৰ। সোমবাৰে ৰাজভৱনত ৰাজ্যখনৰ ৰাজ্যপাল শ্ৰীমতী তামিলচাই সুন্দৰৰাজনে ৰাজ্যিক স্বাস্থ্য বিভাগৰ জ্যেষ্ঠ বিষয়া-বৰ্গৰে ৰাজ্যখনৰ কভিড-১৯ পৰিস্থিতিৰ পৰ্যালোচনা কৰে।

 

অসমঃ অসমত কভিড-১৯ ৰ ভেকচিনৰ চাহিদা বৃদ্ধি পোৱাত, ৰাজ্যিক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে কেন্দ্ৰৰপৰা তাৎক্ষণিকভাৱে ১৯ লাখ পালি ভেকচিনৰ যোগান বিচাৰিছে। ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া মূল্যত গুৱাহাটীৰ ব্যক্তিগত লেবৰেটৰীসমূহে আৰটি-পিচিআৰ টেষ্ট কৰিবলৈ অমান্তি হোৱাত ৰাজ্যখনত ক’ভিড-১৯ ৰ টেষ্টিং ক্ষমতা প্ৰভাৱিত হৈছে, ৰাজ্য চৰকাৰখনে নিৰ্ধাৰণ কৰি দিয়া হাৰত উক্ত টেষ্টিং সম্ভৱ নহ’ব বুলি ব্যক্তিগত লেবৰেটৰীসমূহে কৈছে। গত ৩ এপ্ৰিলৰ এটি নিৰ্দেশনাত, ৰাজ্য চৰকাৰখনে আৰটি-পিচিআৰ টেষ্টৰ বাবে সৰ্বাধিক মূল্য ৫০০ টকা নিৰ্ধাৰণ কৰি দিছিল। যদি ঘৰৰপৰা নমুনা সংগ্ৰহ কৰিবলগীয়া হয়, তেন্তে ৭০০ টকা ল’ব পাৰিব। ৰেপিড এন্টিজেন টেষ্ট (RAT) ৰ ব্যয় ২৫০ টকা ধাৰ্য্য কৰি দিয়া যায়।

 

মণিপুৰঃ মণিপুৰৰ কভিড-১৯ পজিটিভৰ মুঠ সংখ্যাই ২৯,৫০০ অতিক্ৰম কৰিলে। সোমবাৰে চাৰিজন বিমান যাত্ৰীকে ধৰি ১৮ টা নতুন পজিটিভ ঘটনা লাভতে ৰাজ্যখনত সক্ৰিয় কভিড-১৯ ঘটনা ১০৩ লৈ বৃদ্ধি পালে। শেহতীয়া তথ্য অনুসৰি, ১১ এপ্ৰিলত ১৬১৮ জন লোকক ক’ভিড ভেকচিন প্ৰদান কৰা হয়। ৰাজ্যখনৰ মুঠ ৯৪৫৬৬ জন লোকক ক’ভিড-১৯ ৰ ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত, এতিয়ালৈকে ৰাজ্যখনৰ ৩১,৯৭৬ হেল্থ কেয়াৰ কৰ্মীক টিকা প্ৰদান কৰা হৈছে।

 

মেঘালয়ঃ দেশখনৰ বহু ৰাজ্যতে কভিড-১৯ ৰ ভেকচিনৰ নাটনিয়ে দেখা দিয়াৰ বিপৰীতে মেঘালয়ত এনে নাটনিয়ে দেখা দিয়া নাই। ইয়াৰ স্থিতিৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, ৰাজ্য চৰকাৰখনে ৮ এপ্ৰিললৈকে ২,৯১,৮৬০ পালি ক’ভিশ্বিল্ড লাভ কৰিছে। গত ১২ জানুৱাৰীত ৩৫,০০০ পালি, ইয়াৰ পাছত ২০ জানুৱাৰীত বাকী ৩৪,০০০ পালি লাভ কৰে। গত ১১ ফেব্ৰুৱাৰী আৰু ৩ মাৰ্চত ক্ৰমে ১,৩০,৫০০ আৰু ৬৯,৯৭০ পালিৰ চালান লাভ কৰা হয়। ২২,৩৯০ পালিৰ অন্তিমটো চালান লাভ কৰা হৈছে গত ৫ এপ্ৰিলত। ৮ এপ্ৰিলৰ তথ্য অনুসৰি, ৰাজ্যখনত ভেকচিনৰ অপচয়ৰ হাৰ মাত্ৰ ৩%।

 

ছিকিমঃ ছিকিমত যোৱা ২৪ ঘন্টাত পাঁচটা কৰোনাভাইৰাছৰ নতুন ঘটনা লাভ কৰা হৈছে। ইয়াৰ জৰিয়তে, ৰাজ্যখনত নিশ্চিত কভিড-১৯ ঘটনাৰ সংখ্যা ৬,৪১০ লৈ বৃদ্ধি পালে। ৰাজ্যখনত সম্প্ৰতি কৰোনাভাইৰাছৰ সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ১৬১ টা। ইফালে, একে সময়ছোৱাত ছিকিমত ১,৩৮৩ জন লোকক কভিড-১৯ ভেকচিন প্ৰদান কৰা হৈছে। ১,০০,৬৫৬ লোকে প্ৰথম পালি আৰু ১৬,৮১০ লোকে দ্বিতীয় পালি ভেকচিন লাভ কৰিছে। ৰাজ্যখনত অদ্যপি ভেকচিন লাভ কৰা লোকৰ মুঠ সংখ্যা হৈছে ১,১৭,৪৬৬ জন। ৰাজ্যখনত সপ্তাহান্তিকত অনা-অপৰিহাৰ্য্য দোকানসমূহ বন্ধ ৰখা হৈছে, জন সমাগম ৫০ জন লোকলৈ হ্ৰাস কৰা যায়। এই সন্দৰ্ভত ৰাজ্য চৰকাৰখনে নতুন অধিসূচনা জাৰি কৰিছে।

 

নাগালেণ্ডঃ সোমবাৰে নাগালেণ্ডত ১১ টা নতুন কভিড-১৯ ঘটনা লাভ কৰা হয়। ৰাজ্যখনত বৰ্তমান ১৬৭ টা সক্ৰিয় ঘটনাৰ সমান্তৰালভাৱে মুঠ পজিটিভ ঘটনা ১২,৪১৬ লৈ বৃদ্ধি পাইছে। নাগালেণ্ড অসামৰিক সচিবালয়ৰ বিষয়া-কৰ্মচাৰীসকলৰ ভেকচিন লাভৰ সুচলতাৰ অৰ্থে ইয়াত ক’ভিড ভেকচিন কেন্দ্ৰ স্থাপন কৰা হৈছে। এই ক’ভিড ভেকচিন কেন্দ্ৰ পুৱা ৯ বাজি ৩০ মিনিটৰপৰা বিয়লৈ ৪ বজালৈকে খোলা থাকিব।

 

 

************



(Release ID: 1711683) Visitor Counter : 159