ৰাষ্ট্ৰপতি সচিবালয়

চৈত্ৰ সুকলাড়ী, উগাদি, গুড়ি পদৱা, চেতী চান্দ, বৈশাখী, বিশু, নৱৰেহ আৰু সাজিবু চেইৰাওবা উপলক্ষে ৰাষ্ট্ৰপতিৰ শুভেচ্ছা

Posted On: 12 APR 2021 8:52PM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দে চৈত্ৰ সুকলাড়ী, উগাদি, গুড়ি পদৱা, চেতি চান্দ, বৈশাখী, বিশু, নৱৰেহ আৰু সাজিবু চেইৰাওবাৰ প্ৰাকমুহূৰ্তত শুভেচ্ছাবাণী প্ৰেৰণ কৰিছে। তেওঁৰ বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয়ঃ

 

‘পৱিত্ৰ চৈত্ৰ সুকলাড়ী, উগাদি, গুড়ি পদৱা, চেতী চান্দ, বৈশাখী, বিশু, নৱৰেহ আৰু সজিবু চেইৰাওবা উৎসৱ উপলক্ষে মই প্ৰতিগৰাকী নাগৰিককে শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

 

নৱবৰ্ষৰ আৰম্ভণি উপলক্ষে এই উৎসৱবোৰ সমগ্ৰ দেশতে বিভিন্ন ধৰণে উদযাপন কৰা হয়, যিয়ে বৈচিত্ৰ্যৰ মাজত একতাৰ প্ৰতিফলন ঘটায়। এইবোৰে আমাৰ দেশৰ সমৃদ্ধ সংস্কৃতিও প্ৰদৰ্শন কৰে যি এই উৎসৱবোৰ উদযাপন কৰাৰ ধৰণত স্পষ্টৰূপে প্ৰতিফলিত হয়।

 

এই আনন্দময় উৎসৱবোৰে আমাৰ সমাজত সমৃদ্ধি, সম্প্ৰীতি আৰু ঐক্যৰ ভাৱনা শক্তিশালী কৰক আৰু জনসাধাৰণৰ মাজত সদিচ্ছা আৰু ভাতৃত্ববোধক উৎসাহিত কৰক’।

 

 

 ***********

DS/AKJ/AK/KG



(Release ID: 1711298) Visitor Counter : 89


Read this release in: English , Urdu , Marathi , Hindi