উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়

উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ পৰামৰ্শদাতা সমিতিৰ বৈঠকত সভাপতিত্ব কৰে কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে

উত্তৰ-পূবৰ ৰাজ্যসমূহত কোভিড-১৯ৰ বিৰুদ্ধে কাৰ্যকৰীভাৱে যুঁজিবলৈ স্বাস্থ্যসেৱা সুবিধাৰ বাবে উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ে ২৫০ কোটিত অধিক টকা আৱণ্টন দিছে: ডঃ জীতেন্দ্ৰ সিং

Posted On: 08 APR 2021 4:32PM by PIB Guwahati

কেন্দ্ৰীয় উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন ৰাজ্য মন্ত্ৰী(স্বতন্ত্ৰ দায়িত্ব), প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ৰাজ্যিক মন্ত্ৰী, কৰ্মচাৰী, ৰাজহুৱা অভিযোগ,পেন্সন, পাৰমাণৱিক শক্তি আৰু মহাকাশ মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে কয় যে উত্তৰ-পূবৰ আঠখন ৰাজ্যত কোভিড-১৯ ৰ কাৰ্যকৰী ব্যৱস্থাপনাৰ বাবে স্বাস্থ্যসেৱা সুবিধা বৃদ্ধিৰ বাবে উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ে ২৫০ কোটিতকৈও অধিক টকা আৱণ্টন দিছে। আজি ইয়াত উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ সংসদীয় পৰামৰ্শদাতা সমিতিৰ এখন বৈঠকত সভাপতিত্ব কৰি মন্ত্ৰীগৰাকীয়ে কয় যে কোভিড-১৯ আৰু অন্যান্য সংক্ৰামক ৰোগৰ ব্যৱস্থাপনাৰ বাবে আন্তঃগাঁথনি বিকাশত পুঁজিয়ে যথেষ্ট সহায় কৰিছে। মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ সময়মতে সহযোগিতা আগবঢ়োৱাৰ বাবে উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ ভূমিকাৰ প্ৰশংসা কৰে অধিকাংশ সাংসদে।

 

ডঃ জীতেন্দ্ৰ সিঙে কোভিড মহামাৰীৰ অতি প্ৰাৰম্ভিক পৰ্যায়ৰ কথা  সোঁৱৰণ কৰি কয় যে লকডাউনৰ বহু পূৰ্বে উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন  মন্ত্ৰালয়ে কোভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ সৈতে কাৰ্যকৰীভাৱে যুঁজিবলৈ উত্তৰ-পূবৰ ৰাজ্যসমূহক তৎপৰতাৰে ২৫ কোটি টকা মোকলাই দিছিল। এই পুঁজি বিদ্যমান কেন্দ্ৰীয় পেকেজৰ অধীনত অন্তৰ্ভুক্ত নাছিল আৰু ইয়াক কোভিড-১৯ মহামাৰী সম্পৰ্কীয় যিকোনো কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰিব পাৰিছিল।

 

বৈঠকত লোকসভাৰ সাংসদ শ্ৰী ৰেৱতী ত্ৰিপুৰা, ডঃ ৰাজকুমাৰ ৰঞ্জন সিং, শ্ৰী তাপিৰ গাও, শ্ৰী আব্দুল খালেক, শ্ৰী ৰামপ্ৰীত মণ্ডল আৰু শ্ৰী চি লাল ৰোচাংগাই আইজালৰ পৰা অনলাইনৰ জৰিয়তো অংশগ্ৰহণ কৰে।

 

উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ সচিব ডঃ ইন্দ্ৰজিৎ সিং, পৰ্যটন মন্ত্ৰালয়ৰ সচিব শ্ৰী অৰবিন্দ সিং আৰু উত্তৰ-পূব পৰিষদৰ (এনইচি) সচিব শ্ৰী কে মোজেছ চালায়ে বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়, পৰ্যটন, ৰে’লৱে, অসামৰিক বিমান পৰিবহন, দূৰসংযোগ, পথ পৰিবহণ আৰু ঘাইপথ, শক্তি, বন্দৰ, জাহাজ আৰু জলপথ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আৰু বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ জ্যেষ্ঠ বিষয়া আৰু প্ৰতিনিধিসকলো উপস্থিত আছিল।

 

বৈঠকৰ মুখ্য কাৰ্যসূচী ‘উত্তৰ-পূৱৰ বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ পৰ্যালোচনা আৰু উত্তৰ-পূৰ্বাঞ্চলত বিশেষ পেকেজ’ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন সম্পৰ্কীয় অন্যান্য বিভিন্ন বিষয়ৰ ওপৰত আজিৰ বৈঠকত আলোচনা কৰা হয়। লগতে ৰেহাই নোপোৱা কেন্দ্ৰীয় মন্ত্ৰালয়/বিভাগসমূহৰ দ্বাৰা উত্তৰ-পূৰ্বাঞ্চলত ১০ শতাংশ জিবিএছ ব্যৱহাৰৰ বিষয়টোও বিতংভাৱে আলোচনা কৰা হয়।

 

ডঃ জীতেন্দ্ৰ সিঙে বঞ্চিত শ্ৰেণী আৰু অৱহেলিত অঞ্চলসমূহৰ বাবে পৃথক এনইচি বাজেটৰ দৰে কিছুমান গুৰুত্বপূৰ্ণ পদক্ষেপৰ বিষয়ে সাংসদসকলক অৱগত কৰে, যি অঞ্চলটোৰ এক দীৰ্ঘদিনীয়া দাবী হিচাপে উথ্থাপিত হৈ আহিছে। তেওঁ লগতে তেওঁলোকক বাঁহ খণ্ডৰ সামগ্ৰিক বিকাশৰ বিষয়ে অৱগত কৰে আৰু কয় যে বাঁহৰ বাস্কেট, অগৰবটি আৰু বাঁহৰ কাঠকয়লা নিৰ্মাণৰ বাবে জম্মু, কাটৰা আৰু চাম্বাত তিনিটা বাঁহৰ গোট অনুমোদিত হৈছে। মন্ত্ৰীগৰাকীয়ে শতিকা পুৰণি ভাৰতীয় বন আইনৰ সংশোধনীৰ কথাও উল্লেখ কৰে, যাতে জীৱিকাৰ সুযোগ বৃদ্ধি কৰা হয় আৰু আচবাব, হস্তশিল্প আৰু অগৰবটিৰ দৰে ঘৰুৱা বাঁহ উদ্যোগসমূহক বৃহৎ পৰিসৰত সহায় কৰাৰ বাবে কেঁচা বাঁহৰ সামগ্ৰীৰ ওপৰত আমদানি শুল্ক ২৫ শতাংশ বৃদ্ধি কৰা হয়।

 

ডঃ জীতেন্দ্ৰ সিঙে সাংসদসকলক আশ্বাস দিয়ে যে যোগাযোগ, বান নিয়ন্ত্ৰণ, বৰষুণৰ পানী সংৰক্ষণ ব্যৱস্থা, পৰ্যটন, আন্তঃগাঁথনি উন্নয়ন, দূৰসংযোগ, আৱাসিক বিদ্যালয় আৰু অন্যান্য সম্পৰ্কীয় দাবীৰ দৰে বিষয়সমূহ অনাগত দিনত অগ্ৰাধিকাৰৰ ভিত্তিত গ্ৰহণ কৰা হ’ব। তেওঁ কয়, উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ে অন্যান্য মন্ত্ৰালয়ৰ বাবে সহায়ক আৰু নিৰ্দেশনাৰ ভূমিকা পালন কৰিব আৰু মন্ত্ৰালয়সমূহে এনে প্ৰকল্প চিনাক্ত কৰাৰ বাবে মুক্ত আৰু স্পষ্টভাৱে তেওঁৰ কাষ চাপিব পাৰে।

 

 ***********

SNC/KG



(Release ID: 1710588) Visitor Counter : 129