স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ সংখ্যা বৃদ্ধি

১২খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধিক লৈ উচ্চ পৰ্যায় বৈঠকত অধ্যক্ষতা কেন্দ্ৰীয় স্বাস্থ্য সচিবৰ

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৰ্বাধিক ক্ষতিগ্ৰস্ত ৪৬খন জিলা কঠোৰ কণ্টেইনমেণ্ট আৰু জনস্বাস্থ্য সম্পৰ্কীয় পদক্ষেপ গ্ৰহণৰ পৰামৰ্শ দিয়া হৈছে

টিকাকৰণ বৃদ্ধি, তাৎক্ষণিক চিনাক্তকৰণ, আছুতীয়াকৈ ৰখা, ফলপ্ৰসূ চিকিৎসা ব্যৱস্থাৰ লগতে ক’ভিডৰ উপযুক্ত আচৰণ মানি চলিবলৈ পাঁচটা বিশেষ কৌশল অৱলম্বনত গুৰুত্ব

Posted On: 27 MAR 2021 4:20PM by PIB Guwahati

কেন্দ্রীয় স্বাস্থ্য সচিব শ্রী ৰাজেশ ভূষণৰ অধ্যক্ষতাত আজি এক উচ্চ পর্যায়ৰ বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকত স্বাস্থ্যসচিব শ্রী ভূষণে ১২খন ৰাজ্যৰ প্রধান সচিব, অতিৰিক্ত মুখ্যসচিব আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিবকে ধৰি ৪৬খন জিলাৰ উপায়ুক্ত, পৌৰ আয়ুক্তসকলৰ সৈতে বৈঠকত মিলিত হয়৷ বিশেষকৈ যিসমূহ ৰাজ্যত ক’ভিড-১৯ সংক্রমণৰ হাৰ আৰু মৃত্যুৰ সংখ্যা আটাইতকৈ বেছি, সেইবোৰ ৰাজ্যই বৈঠকত অংশ লয়৷ এই ৰাজ্যসমূহ হ’ল ক্ৰমে-মহাৰাষ্ট্র, গুজৰাট, হাৰিয়ানা, তামিলনাডু, ছত্তীশগড়, মধ্যপ্রদেশ, পশ্চিমবংগ, দিল্লী, জম্মু আৰু কাশ্মীৰ, কর্ণাটক, পাঞ্জাৱ আৰু বিহাৰ। বৈঠকত নীতি আয়োগ (স্বাস্থ্য)ৰ বিভাগীয় সদস্য ড০ ভি কে পল উপস্থিত থাকে৷

বৈঠকত ক’ভিড-১৯ৰ বিষয়ে বিষদ তথ্য দাঙি ধৰা হয় আৰু ৰাজ্যসমূহক জনোৱা হয় যে ২০২০ চনৰ মে’ মাহৰ পৰা দেশত সাপ্তাহিক ক’ভিড সংক্রমণ আৰু প্রাণহানিৰ ঘটনা ক্রমান্বয়ে বৃদ্ধি পাইছে৷ ইয়াৰ ভিতৰত এই মাহতে ৪৬খন জিলাত সংক্রমণৰ হাৰ ৭১ শতাংশ আৰু মৃত্যুৰ হাৰ ৬৯ শতাংশ৷ মহাৰাষ্ট্রৰ ৩৬খন জিলাৰ ভিতৰত ২৫খন জিলা সৰ্বাধিক ক্ষতিগ্রস্থ হৈছে৷ যোৱা সপ্তাহত এই জিলাসমূহত সংক্রমণৰ হাৰ ৫৯.৮ শতাংশ৷

বৈঠকত ৰাজ্য আৰু কেন্দ্রশাসিত অঞ্চলসমূহৰ ক্ষতিগ্রস্থ জিলাৰ বিভিন্ন তথ্য বিশ্লেষণ কৰা হয়৷ এই তথ্য বিশ্লেষণৰ পৰা দেখা গৈছে যে ক’ভিড-১৯ৰ ফলত যিসকলৰ মৃত্যু হৈছে, তেওঁলোকৰ ভিতৰত ৯০ শতাংশই ৪৫ বছৰৰ ঊৰ্ধ্বৰ৷ গৱেষণাৰ পৰা দেখা গৈছে যে ৯০ শতাংশ লোক সজাগ৷ সেয়েহে, মাত্র ৪৪ শতাংশ লোকে মাস্ক ব্যৱহাৰ কৰে৷ এজন সংক্রমিত ব্যক্তিয়ে ৩০ দিনৰ ভিতৰত ৪০৬ জনলৈ ক’ভিড-১৯ বিয়পাব পাৰে৷ কোনো নিষেধাজ্ঞা অবিহনে মাত্র ১৫ দিনতে শৰীৰত ৰোগ-প্রতিৰোধ ক্ষমতা ৫০ শতাংশ হ্রাস পায় আৰু ভৱিষ্যতে শাৰীৰিক সক্ষমতাৰ পৰিমাণ ৭৫ শতাংশ পর্যন্ত কমিব পাৰে৷ এই গৱেষণাত লগতে উল্লেখ কৰা হৈছে যে “ক’ৰোনাৰ দ্বিতীয় ঢৌ”ৰ ধাৰনা তৃণমূল পৰ্যায়ত প্রত্যেকৰে মাজত ক’ভিড সংক্রান্তীয় উপযুক্ত নিয়ম মানি চলা, ক’ভিড সংক্রমণ ৰোধ কৰা আৰু নিয়ন্ত্রণ পদ্ধতিৰ ক্ষেত্রত শিথিলতা আনি দিছে৷ সেইবাবে বিগত ১৪ দিনত ৪৬খন জিলাত ধাৰাবাহিকভাবে কার্যকৰী পদক্ষেপ গ্রহণ কৰাকে ধৰি কণ্টেইনমেণ্ট কার্যকৰী কৰা আৰু সংস্পর্শলৈ অহা ব্যক্তিসকলৰ অনুসন্ধান কৰা হৈছে৷ ইয়াৰ জৰিয়তে সংক্রমণ বিয়পি পৰাটো ৰোধ সম্ভৱপৰ হৈছে৷


ক’ভিড মহামাৰী নিয়ন্ত্রণ আৰু সংক্রমণ প্রসাৰ ৰোধ কৰাৰ বাবে ৰাজ্য আৰু কেন্দ্রশাসিত অঞ্চলসমূহত ৫টা কৌশল গ্ৰহণ কৰা হৈছে-

১৷ ব্যাপক হাৰত পৰীক্ষাৰ সংখ্যা বৃদ্ধিঃ ৰাজ্যসমূহক কঠোৰ নির্দেশ দিয়া হৈছে যাতে তেওঁলোকে যিবোৰ জিলাত সংক্রমণৰ হাৰ বেছি, তাত পৰীক্ষাৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি কৰে৷ আৰটিপিচিআৰ পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰিবলৈও কোৱা হৈছে৷ আনকি ঘন বসতিপূর্ণ এলেকাত নিৰীক্ষণ কৰিবলৈ ৰেপিড এণ্টিজেন টেষ্ট কৰিবলৈ কোৱা হৈছে৷

২৷ সংক্রমিত লোকসকলক কার্যকৰীভাৱে পৃথকে ৰখা আৰু সংক্রমিত ব্যক্তিৰ সংস্পর্শলৈ অহা অন্য ব্যক্তিসকলৰ অনুসন্ধান কৰাঃ পৰীক্ষাৰ পাছত যদি ক’ৰোনা পজিটিভ বুলি ধৰা পৰে, তেতিয়াহ’লে সংশ্লিষ্ট ব্যক্তিক ক্ষিপ্ৰতাৰে আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰা আৰু সেই ব্যক্তিৰ সংস্পর্শলৈ অহা অন্য ব্যক্তিসকলৰ অনুসন্ধান কৰা দৰকাৰ। ইয়াৰ সমান্তৰালভাৱে এইটোও পৰামর্শ দিয়া হৈছে যে সংক্রমণ ধৰা পৰাৰ প্রথম ৭২ ঘণ্টাৰ ভিতৰত সেই ব্যক্তিৰ সংস্পর্শলৈ অহা গড়ে ৩০ জনৰ অনুসন্ধান কৰা, তেওঁলোকৰ পৰীক্ষা কৰা আৰু পৃথকে ৰখা উচিত৷

৩৷ চৰকাৰী আৰু বেচৰকাৰী স্বাস্থ্য সেৱাৰ পুনৰুজ্জীৱিতকৰণঃ চৰকাৰী আৰু বেচৰকাৰী হাস্পতালৰ আন্তঃগাঁথনি শক্তিশালী কৰি তোলা আৰু স্বাস্থ্য কর্মীসকলৰ ক্লান্তি আৰু একঘেয়ামীভাৱ কটোৱাৰ বাবে বিশেষ ব্যৱস্থা লোৱা প্রয়োজন৷ আনকি ক’ৰোনাত মৃত্যুৰ হাৰ নির্দিষ্ট পৰিমাণে হ্রাস কৰা প্রয়োজন৷ এনে পৰিপ্রেক্ষিতত ৰাজ্যসমূহত আইচিইউ ক্ষেত্রত সেৱা প্রদানৰ বাবে ষ্টেণ্ডার্ড নেচনেল ট্রিটমেণ্ট প্রটকল বা মানসম্মত ৰাষ্ট্ৰীয় চিকিৎসা বিধি কঠোৰভাবে অনুসৰণ কৰিব লাগিব৷

৪৷ ক’ভিড সংক্রমণ ৰোধত উপযুক্ত আচৰণ সুনিশ্চিতকৰণঃ বজাৰ, আন্তঃৰাজ্যিক বাস আস্থান, স্কুল, কলেজ, ৰে’লষ্টেচন ইত্যাদিৰ দৰে জনবহুল এলেকাতয় ক’ভিড আচৰণবিধি কার্যকৰী কৰাৰ ক্ষেত্ৰত দৃষ্টি দিব লাগিব৷ এই ক্ষেত্রত স্থানীয় লোকসকলৰ সক্রিয় অংশগ্রহণ নিতান্তই প্রয়োজন৷ ইয়াৰ সমান্তৰালভাৱে এই ক’ভিড আচৰণবিধি সম্পর্কে সাধাৰণ জনতাৰ মাজত সজাগতাতা গঢ়ি তুলিবলৈ বিভিন্ন নেতা,  সম্প্রদায়ৰ ধর্মীয় গুৰুসকলে প্রচাৰ চলোৱা উচিত৷


ৰাজ্যসমূহক নির্দেশ দিয়া হৈছে যে যিসকলে এই আচৰণবিধি মানি নচলে, তেওঁলোকৰ বাবে জৰিমনাৰ ব্যৱস্থা কৰিব লাগিব, যাতে অন্য লোকৰ বাবে নির্দিষ্ট বার্তা প্ৰেৰণ কৰাটো সম্ভৱ হয়৷ হোলী, সব-ই-বৰাত আৰু ইষ্টাৰৰ দৰে উৎসৱসমূহত ঘৰৰ চৌহদৰ ভিতৰত পৰা নিৰৱে উদযাপন কৰাৰ ওপৰত জোৰ দিয়া হৈছে৷ ৰাজ্যসমূহক জনোৱা হৈছে যে ক’ভিড আচৰণবিধি মানি চলিলে অন্তত ৭০ শতাংশ সংক্রমণ ৰোধ কৰিব পৰা যাব৷

৫৷ জিলাসমূহত বিপুল পৰিমাণে টিকাকৰণৰ লক্ষ্য নিৰ্ধাৰণঃ যিসমূহ জিলাত ক’ৰোনা সংক্রমণৰ মাত্ৰা অধিক, সেইবোৰ স্থানত সংক্রমণ ৰোধৰ কৌশল হিচাপে নির্দিষ্ট বয়সৰ লোকক সৰ্বাংগীন টিকাকৰণত বিশেষ গুৰুত্ব দিব লাগিব৷ পুনৰ কোৱা হৈছে যে দেশত টিকাৰ কোনো ঘাটি নাই৷ ৰাজ্যসমূহে সকলো জিলাত চৰকাৰী আৰু বেচৰকাৰীভাৱে টিকাকৰণ প্রক্রিয়া কৰিব পাৰে আৰু টিকাৰ অভাৱৰ আশংকাত আগৰে পৰা টিকা অধিক পৰিমাণে মজুত কৰি ৰখাৰ কোনো প্রয়োজন নাই৷ ৰাজ্যসমূহৰ হাতত যি পৰিমাণৰ টিকা আছে, সেয়া পুৰা ব্যৱহাৰ কৰিব লাগিব৷ চেন্নাই, মুম্বাই, কলকাতা আৰু কর্নলত চাৰিটা জিএমএছডি ডিপোত প্রয়োজনীয় টিকা মজুত আছে৷


ৰাজ্যসমূহক এক-ডেৰ মাহৰ বাবে টিকা মজুত কৰি ৰখা আৰু আন্তঃগাঁথনি ব্যৱস্থাপনাৰ আগতীয়া পৰিকল্পনা কৰিবলৈ কোৱা হৈছে৷ কাৰণ সংক্রমণ বিয়পি পৰিলে স্থানীয় প্রশাসন যাতে কোনো সমস্যাত পৰিব লগা নহয়৷ এখন জিলাৰ অব্যৱহৃত টিকা যাতে অন্য স্থানত ব্যৱহাৰ কৰা হয়, সেইটোও পৰামর্শ দিয়া হৈছে৷

 

****

MV/DB



(Release ID: 1708180) Visitor Counter : 186