উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
আত্মনিৰ্ভৰ ভাৰত পেকেজৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলৰ ৮খন ৰাজ্যৰ প্ৰতিখনৰ বাবে চৰকাৰে ২০০ কোটি টকাকৈ নিৰ্ধাৰণ কৰিছেঃ ডাঃ জীতেন্দ্ৰ সিং
प्रविष्टि तिथि:
18 MAR 2021 4:06PM by PIB Guwahati
কেন্দ্ৰীয় উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন ৰাজ্য মন্ত্ৰী(স্বতন্ত্ৰ দায়িত্ব), প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ৰাজ্যিক মন্ত্ৰী, কৰ্মচাৰী, ৰাজহুৱা অভিযোগ,পেন্সন, আণৱিক শক্তি আৰু মহাকাশ মন্ত্ৰী ডাঃ জীতেন্দ্ৰ সিঙে কয় যে ১২ অক্টোবৰ, ২০২০ত ঘোষণা কৰা আত্মনিৰ্ভৰ ভাৰত পেকেজৰ অধীনত মূলধন ব্যয়ক উত্সাহিত কৰাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ ৮খন ৰাজ্যৰ বাবে ৫০ বছৰৰ বিশেষ সুদমুক্ত ঋণৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ বাবে ২০০ কোটি টকাকৈ নিৰ্ধাৰণ কৰা হৈছে। ৰাজ্যসভাত আজি এক প্ৰশ্নৰ লিখিত উত্তৰত মন্ত্ৰীগৰাকীয়ে এই তথ্য দাঙি ধৰে। তেওঁ আৰু কয় যে ভাৰত চৰকাৰে আত্মনিৰ্ভৰ ভাৰত পেকেজ ১.০, ২.০ আৰু ৩.০ ক্ৰমে ১৩ মে, ১৭ মে আৰু ১২ অক্টোবৰ, ২০২০ত ঘোষণা কৰিছিল।
কভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজত আৰু দেশক আত্মনিৰ্ভৰ কৰি তোলাৰ বাবে বিভিন্ন দীৰ্ঘম্যাদী প্ৰকল্প, কাৰ্যসূচী আৰু নীতি আত্মনিৰ্ভৰ ভাৰত পেকেজৰ অধীনত ঘোষণা কৰা হৈছে। এই পেকেজ তথা প্ৰকল্পসমূহ আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলকে ধৰি সমগ্ৰ দেশত প্ৰযোজ্য।
*******************************************************
SNC/KG
(रिलीज़ आईडी: 1705970)
आगंतुक पटल : 169