ভাৰতীয় নিৰ্বাচন আয়োগ

অসম, পশ্চিম বংগ, তামিল নাডু, কেৰালা আৰু পুডুচেৰীৰ বিধান সভা নিৰ্বচনৰ সময়ছোৱাত ধনবলৰ পয়োভৰ ৰোধ কৰাৰ বাবে নিৰ্বাচন আয়োগৰ বিশেষ পদক্ষেপ

Posted On: 17 MAR 2021 1:41PM by PIB Guwahati

অসম, পশ্চিম বংগ, তামিল নাডু, কেৰালা আৰু পুডুচেৰীৰ বিধান সভা নিৰ্বচনৰ সময়ছোৱাত ধনবলৰ পয়োভৰ ৰোধ কৰাৰ বাবে নিৰ্বাচন আয়োগে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। বিগত দিনদিয়েকত আয়োগে নিয়োগ কৰা ব্যয় নিৰীক্ষণ প্ৰক্ৰিয়াৰ আধাৰত ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীৰ পৰা অভিলেখ পৰিমাণৰ ৩৩১কোটি টকাৰ নগদ ধন আৰু অন্যান্য সা-সামগ্ৰী জব্দ কৰিছে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ এতিয়াও বহুকেইটা দিন বাকী আছে যদিও জব্দকৃত ধন আৰু সামগ্ৰীৰ পৰিমাণে ২০১৬চনত এইকেইখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত জব্দ কৰা ধন আৰু সামগ্ৰীৰ পৰিমাণ ইতিমধ্যেই অতিক্ৰম কৰিছে। এই পৰ্যন্ত (১৬ মাৰ্চ, ২০২১পৰ্যন্ত) জব্দকৃত ধন আৰু অন্যান্য সা-সামগ্ৰীসমূহৰ বিৱৰণ তলত উল্লেখ কৰা ধৰণৰ:

(ধনৰ পৰিমাণ কেটিৰ হিচাপত)

ৰাজ্য

নগদ ধন

 

সুৰা

(কোটি টকা হিচাপত)

নিচাযুক্ত ঔষধ (কোটি টকা হিচাপত)

উপহাৰ

মূল্যবান ধাতু

মুঠ

অসম

11.73

17.25

27.09

4.87

2.82

63.75

পুডুচেৰী

2.32

0.26

0.15

0.14

2.85

5.72

তামিল নাডু

50.86

1.32

0.35

14.06

61.04

127.64

কেৰালা

5.46

0.38

0.68

0.04

15.23

21.77

পশ্চিম বংগ

19.11

9.72

47.40

29.42

6.93

112.59

মুঠ

89.48

28.93

75.67

48.52

88.87

331.47

২০১৬ চনত উল্লিখিত ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সময়ত জব্দকৃত নগদ ধন আৰু অন্যান্য সা-সামগ্ৰীৰ পৰিমাণ আছিল ২২৫.৭৭কোটি টকা।

অসম, পশ্চিম বংগ, তামিল নাডু, কেৰালা আৰু পুডুচেৰীৰ বিধান সভা নিৰ্বচনৰ সময়ছোৱাত  ক’লা ধনৰ পয়োভৰ ৰোধ কৰাৰ বাবে নিৰ্বাচন আয়োগে ২৯৫গৰাকী ব্যয় নিৰীক্ষক নিয়োগ কৰিছে। তদুপৰি আয়োগে আন ৫গৰাকী বিশেষ ব্যয় নিৰীক্ষককো নিয়োজিত কৰিছে। তেওঁলোক হ’ল: শ্ৰীমতী মধু মহাজন আৰু শ্ৰী বি আৰ বালাকৃষ্ণণ(দুয়োগৰাকী তামিল নাডু আৰু পুডচেৰীৰ বাবে), শ্ৰী বি মুৰলী কুমাৰ(পশ্চিম বংগৰ বাবে), শ্ৰী নীনা নিগম(অসমৰ বাবে) আৰু শ্ৰী পুষ্পীন্দৰ সিং পুনিহা(কেৰালাৰ বাবে)। ভাৰতীয় ৰাজহ সেৱাৰ এইকেইগৰাকী অৱসৰী বিষয়াক বিগত কালত তেওঁলোকে প্ৰদৰ্শন কৰা পাৰদৰ্শী কৰ্মকুশলতাৰ আধাৰতে আয়োগে নিৰ্বাচনী কাম-কাজত সংশ্লিষ্ট দল আৰু প্ৰাৰ্থীসকলে কৰা ব্যয়ৰ ওপৰত বিশেষ নজৰ ৰখাৰ বাবে নিয়োজিত কৰিছে। ইফালে, যাৱতীয় সমীক্ষাৰ আধাৰত উল্লিখিত ৰাজ্যকেইখনৰ মুঠ ২৫৯টা সমষ্টিক ব্যয় স্পৰ্শকাতৰ সমষ্টি হিচাপে চিহ্নিত কৰা হৈছে আৰু এইসমূহ সমষ্টিত এইসকল নিৰীক্ষকে চোকা দৃষ্টি ৰাখিব।

নিৰ্বাচনী ব্যয়ৰ পৰিমাণ সীমিত ৰখাৰ বাবে চোকা দৃষ্টি ৰাখিব পৰাকৈ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে নিৰ্বাচন আয়োগে বহু সংখ্যক সভা অনুষ্ঠিত কৰাৰ লগতে কেন্দ্ৰীয় প্ৰৱৰ্তক সংস্থাসমূহৰ পৰা দিহা-পৰামৰ্শ গ্ৰহণ কৰিছে। শেহতীয়া ভাবে যোৱা ০২-০৩-২০২১ত আয়োগে ৰাজহ সচিব, চিবিডিটিৰ অধ্যক্ষ, চিবিআইচিৰ অধ্যক্ষ আৰু এফআইইউ-ইণ্ড-ৰ সৈতেও এক সভাত মিলিত হয়।

নিৰ্বাচনী প্ৰক্ৰিয়া চলি থকা সময়ত নগদ ধন আৰু উপহাৰৰ বিতৰণক অনুমতি প্ৰদান কৰা নহয় আৰু ধন-উপহাৰৰ লগতে সুৰা অথবা অন্যান্য সামগ্ৰীৰ বিতৰণৰ জৰিয়তে ভোটদাতাক আকৰ্ষিত কৰিবলৈ বিচৰা কাৰ্যক অনৈতিক বুলি গণ্য কৰা হয়। এনে বিতৰণক উপঢৌকন বুলি বিবেচনা কৰি ভাৰতীয় দণ্ডবিধিৰ ১৭১-খ দফা আৰু ১৯৫১চনৰ আৰ পি আইনৰ অধীনত শাস্তিযোগ্য অপৰাধ বুলি গণ্য কৰা হয়।

 

************

SBS/AC/KB



(Release ID: 1705532) Visitor Counter : 177