উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়

ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত পৰ্যটন ক্ষেত্ৰত ব্যাপক কোভিড-পৰৱৰ্তী সুযোগৰ সৃষ্টি হৈছেঃ ড৹ জিতেন্দ্ৰ সিংহ

Posted On: 16 MAR 2021 5:45PM by PIB Guwahati

উত্তৰ-পূৰ্বাঞ্চল বিকাশ মন্ত্ৰালয় (ডনাৰ), প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ  এমঅ'এছ, পাৰ্ছনেল, পাবলিক গ্ৰিভেঞ্চ, পেঞ্চনছ, এটমিক এনাৰ্জি আৰু মহাকাশ বিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী (স্বতন্ত্ৰ প্ৰভাৰ) ড৹ জিতেন্দ্ৰ সিংহই আজি কয় যে ভাৰতত, বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলত, পৰ্যটন খণ্ডত কোভিড পৰৱৰ্তী সুযোগবিলাক আহৰণ কৰাৰ তাৎক্ষণিক প্ৰয়োজনীয়তা আহি পৰিছে, যি কিছুমান ইউৰোপীয় গন্তব্য স্থানৰ বিকল্প প্ৰদান কৰিব পাৰে, যাক বহুতো হলিডে-মেকাৰ্ছে কৰোণাৰ প্ৰতিকূলতাৰ ঠিক পিছতে কম অগ্ৰাধিকাৰ দিব পাৰে।

 

বিভিন্ন পৰ্যটন আৰু পৰিবহন সমিতিৰ প্ৰতিনিধিৰে হোৱা এক বৈঠকত ড৹ জিতেন্দ্ৰ সিংহই কয় যে সুযোগে আমাৰ দুৱাৰত টুকুৰিয়াই আছে আৰু এতিয়া এই সুযোগৰ সৎ ব্যৱহাৰ কেনেকৈ কৰিব পাৰো সেয়া আমাৰ কথা। তেওঁ কয় যে যদি এই কালছোৱাত আমি আমাৰ পৰ্যটকৰ সোঁত বঢ়োৱাটো নিশ্চিত কৰিবলৈ সক্ষম হওঁ, তেতিয়া ই আহিবলগীয়া বছৰবিলাকত এটা ধাৰাৰ সৃষ্টি কৰিব।

ড৹ জিতেন্দ্ৰ সিংহই কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ মেঘালয়, ছিক্কিম আৰু অৰুণাচল প্ৰদেশত ইয়াৰ কিছুমান পছন্দৰ গন্তব্য স্থান থকা সত্বেও, কেন্দ্ৰৰ পৰা সমৰ্থনৰ অভাৱ আৰু ক্ৰমাগত চৰকাৰসমূহৰ কম অগ্ৰাধিকাৰৰ বাবে সঠিককৈ সুযোগবিলাক আহৰণ কৰিব পৰা নাছিল। তেওঁ কয় যে অৱশ্যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধীনত, যোগাযোগ আৰু পৰিবহনৰ ক্ষেত্ৰত বৈপ্লৱিক আৰু দ্ৰুত উন্নয়ন সাধিত হৈছে, যি পৰ্যটনৰ বিকাশ ত্বৰান্বিত কৰিছে। এটা উদাহৰণ দাঙি ধৰি তেওঁ কয় যে এসময়ত কোনো এখন ৰাজ্যই দায়িত্ব নোলোৱা বাবে দুয়োখন ৰাজ্যকে সংযোগ কৰা পথবিলাক অচল আছিল, কিন্তু এতিয়া কেন্দ্ৰীয় চৰকাৰৰ নৰ্থ ইষ্টাৰ্ণ ৰোড ডেভেলপমেণ্ট স্কীমৰ অধীনত, এই বিষয়টোৰো সমাধা কৰা হৈছে। গুৱাহাটী বিমান বন্দৰত অৱতৰণ কৰা পৰ্যটকে এতিয়া শ্বিলং আৰু মেঘালয়ৰ অন্যান্য স্থানলৈ হেলিকপ্টাৰ বা অন্য উপায়েৰে নগৈ স্থলপথেৰে প্ৰাকৃতিক শোভা উপভোগ কৰি যাত্ৰা কৰিবলৈ ভাল পায়।

 

পৰ্যটনৰ তিনিটা উপাদান, যেনে হলিডে মেকাৰ্ছ, মেডিকেল টুৰিষ্টছ আৰু ফিল্ম মেকাৰ্ছৰ ওপৰত আলোকপাত কৰি ড৹ জিতেন্দ্ৰ সিংহই ছিক্কিমত এটা ফিল্ম ষ্টুডিঅ' স্থাপনৰ সিদ্ধান্তৰ কথা উল্লেখ কৰাৰ লগতে অৰুণাচল প্ৰদেশত ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট স্থাপন কৰিব বুলি কয়। তেওঁ কয় যে যোৱা ছয় বছৰত গুৱাহাটী এক বিশেষ সুবিধা সম্পন্ন স্বাস্থ্য সেৱাৰ স্থান হিচাপে বিকশিত হৈছে আৰু এই দিশটোৱে কেৱল চুবুৰীয়া ৰাজ্যকেইখনৰ প্ৰয়োজনীয়তাই পূৰণ কৰা নাই, বৰং ম্যানমাৰ, ভূটান আৰু নেপালৰ দৰে পূব সীমান্তৰ সিপাৰৰ দেশকো উপকৃত কৰিছে যি কম খৰচতে পোৱা সহজ চিকিৎসাৰ সুযোগৰ কথা অনুধাৱন কৰিব।

 

বৈঠকৰ সময়ত, প্ৰতিনিধিসকলেও কিছুমান গঠনমূলক পৰামৰ্শ আগবঢ়ায় যাৰ সন্দৰ্ভত ডনাৰ মন্ত্ৰীজনে কয় যে তেওঁলোকে এটা প্ৰস্তাৱ প্ৰস্তুত কৰক, যাক নিৰ্বাচনৰ পিছতে আৰ্হি আচৰণ বিধি অপসাৰিত হোৱাৰ পিছত ৰূপায়ণ কৰিব পৰা যায়। পূব প্ৰান্তৰ দেশসমূহৰ পৰা অহা ৰোগীসকলক সহজে ভিছা প্ৰদানৰ সুবিধা আৰু বিমান পৰিবহনৰ ভাড়া সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয়। উত্থাপিত সকলো বিষয়ৰ মোকাবিলা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু এই ক্ষেত্ৰত বেচৰকাৰী খণ্ডক প্ৰয়োজনীয় চৰকাৰী সহযোগিতাৰে পাৰস্পৰিকভাৱে কাম কৰাৰ কথা কোৱা হৈছে।

                                                        

******

SNC


(Release ID: 1705376) Visitor Counter : 194


Read this release in: English , Urdu , Hindi