কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা

অৰুণাচল প্ৰদেশ আৰু ছিক্কিমৰ সংপ্ৰেৰণ আৰু বিতৰণ ব্যৱস্থাৰ সবলীকৰণৰ বাবে ‘ব্যয় প্ৰাককলনৰ সংশোধন’ৰ প্ৰস্তাৱলৈ কেবিনেটৰ অনুমোদন

Posted On: 16 MAR 2021 3:59PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত ‘অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট সমিতি’ৰ সভাই অৰুণাচল প্ৰদেশ আৰু ছিক্কিমৰ আন্তঃৰাজ্যিক সংপ্ৰেৰণ আৰু বিতৰণ ব্যৱস্থাৰ সবলীকৰণৰ জৰিয়তে অৰ্থনৈতিক উন্নয়ণৰ প্ৰসংগত ৯১২৯.৩২কোটি টকাৰ ব্যয় প্ৰাককলনৰ  সংশোধন  সন্দৰ্ভত যুগুতোৱা এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱলৈ অনুমোদন জনায়।

শক্তি মন্ত্ৰালয়ৰ অধীনস্থ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান ‘পাৱাৰগ্ৰিড’য়ে অৰুণাচল প্ৰদেশ আৰু ছিক্কিম চৰকাৰৰ সহযোগত পৰ্যয়ক্ৰমে ৰূপায়ণ কৰা আঁচনিখনৰ ইতিমধ্যে আৱণ্টন দিয়া কামখিনি ২০২১চনৰ ডিচেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লগতে ইতিপূৰ্বে আৱণ্টন নিদিয়া কামখিনি সংশোধিত প্ৰাককলনৰ প্ৰস্তাৱলৈ অনুমোদন জনোৱাৰ দিনাৰ পৰা ৩৬মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ সংকল্প গ্ৰহণ কৰা হৈছে। আন্তঃগাঁথনি নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠাৰ পিচত সংপ্ৰেৰণ আৰু বিতৰণ ব্যৱস্থাৰ স্বত্বাধিকাৰিত্ব আৰু তদাৰকীৰ দায়িত্ব সংশ্লিষ্ট ৰাজ্য দুখনৰ হাতত অৰ্পণ কৰা হ’ব।

অৰুণাচল প্ৰদেশ আৰু ছিক্কিমৰ সামগ্ৰিক উন্নয়ণৰ বাবে চৰকাৰে প্ৰদান কৰা প্ৰতিশ্ৰুতি পূৰণ কৰাৰ মূল উদ্দেশ্যৰ  লগতে ৰাজ্য দুখনৰ মাজত দূৰ-দূৰণিৰ প্ৰত্যন্ত এলেকাসমূহৰ সৈতে গ্ৰিড সংযোগ প্ৰদানৰ জৰিয়তে আন্তঃৰাজ্যিক সংপ্ৰেৰণ আৰু বিতৰণ ব্যৱস্থাৰ আন্তঃগাঁথনি সবলীকৰণৰ বাবেই আঁচনিখন ৰূপায়ণৰ দিহা কৰা হৈছে।

আঁচনিখনৰ ৰূপায়ণে এক আশ্বস্থ হ’ব পৰা ‘পাৱাৰগ্ৰিড’ সৃষ্টি কৰাৰ লগতে অনাগত সময়ত এলানি ‘লোড চেণ্টাৰ’য়ে মূৰ দাঙি উঠিব পৰাকৈ ৰাজ্যসমূহৰ সংযোগ ব্যৱস্থাক উন্নত কৰা আৰু ইয়াৰ জৰিয়তে গাঁও, সীমান্ত আৰু দূৰ-দূৰণিৰ প্ৰত্যন্ত এলেকাসমূহকে ধৰি চহৰাঞ্চল আৰু অৰুণাচল প্ৰদেশ আৰু ছিক্কিমৰ সকলো শ্ৰেণীৰ বিদ্যুত্ গ্ৰাহকৰে সংযুক্ত গ্ৰিডক উপকৃত কৰিব।

এই কেইখন ৰাজ্যৰ জনমূৰি বিদ্যুত্ উপভোগৰ পৰিমাণো বৃদ্ধি কৰিব আঁচনিখনে, আৰু ইয়ে ৰাজ্যকেইখনৰ সামগ্ৰিক অৰ্থনৈতিক বিকাশৰ হাৰ বৃদ্ধিতো অৰিহণা যোগাব।

পটভূমি:

প্ৰাথমিক পৰ্যায়ত শক্তি মন্ত্ৰালয়ৰ কেন্দ্ৰীয় খণ্ডৰ পৰিকল্পিত আঁচনিৰ ৰূপত ২০১৪ চনৰ ডিচেম্বৰ মাহত আঁচনিখন অনুমোদিত হৈছিল আৰু ইয়াৰ বাবে প্ৰয়োজন হোৱা সমুদায় পুঁজি শক্তি মন্ত্ৰালয়ৰ পৰিকল্পিত আঁচনিৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে বহণ কৰাৰ কথা আছিল।

****

DS/KB



(Release ID: 1705359) Visitor Counter : 134