উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়

বিকাশ আৰু জনতা-কেন্দ্ৰীক সংবাদ সেৱাৰ প্ৰতি দ্ৰুতগতিত হোৱা আগ্ৰহ বৃদ্ধিৰে ভাৰতীয় তথা অসমীয়া সংবাদ মাধ্যমৰ নৱজাগৰণৰ সূত্ৰপাত হৈছে : ড০ জিতেন্দ্ৰ সিং

Posted On: 15 MAR 2021 5:23PM by PIB Guwahati

‘প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত তৃণমূল পৰ্যায়ৰ গণতন্ত্ৰৰ উথ্থানৰ এক নতুন অধ্যায়ৰ সূচনাৰে ভাৰতৰ ইতিহাসে ২০১৪ চনত এক মোৰ লৈছিল’। এই অভিমত ব্যক্ত কৰিছে উত্তৰ পূবাঞ্চল উন্নয়ণ বিভাগৰ স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী তথা প্ৰধানমন্ত্ৰী কাৰ্যালয়, কৰ্মচাৰী প্ৰশাসন, পেন্সন, ৰাজহুৱা অভিযোগ, আণৱিক শক্তি আৰু মহাকাশ বিভাগৰ ৰাজ্যমন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে। মন্ত্ৰীগৰাকীয়ে আজি ‘অসমৰ সাংবাদিকতাৰ ১৭৫বৰ্ষপূৰ্তি’ শীৰ্ষক এক আলোচনাচক্ৰত ভাষণ প্ৰদান কৰি এই অভিমত প্ৰকাশ কৰে। ‘ইণ্ডিয়ান ইনষ্টিটিউট অব মাছ কমিউনিকেশ্যন’-য়ে অনুষ্ঠিত কৰা এই আলোচনাচক্ৰত দিয়া ভাষণটোত মন্ত্ৰীগৰাকীয়ে কয়, ‘ভাৰতীয় তথা অসমীয়া সাংবাদিকতাৰ ক্ষেত্ৰতখনত সংবাদ পৰিবেশনাৰ ক্ষেত্ৰত হোৱা সাগৰ-সংকাশ পৰিৱৰ্তন আৰু দ্ৰুতগতিত বিকাশমূলক আৰু জনতা-কেন্দ্ৰীক সংবাদৰ প্ৰতি বৰ্দ্ধিত আগ্ৰহৰ জৰিয়তে এক নৱ জাগৰণৰ সূচনা হৈছে’। ড০ সিঙে কয় যে শেহতীয়া বছৰচেৰকত অসমীয়া সংবাদ মাধ্যমত ঘাইপথ আৰু দলঙৰ নিৰ্মাণ, নতুন বিমান বন্দৰ, আভ্যন্তৰীণ জলপথৰ উন্নয়ণৰ দৰে বিকাশমূলক বাতৰিয়ে অধিক শিৰোনাম দখল কৰাৰ বিপৰীতে উগ্ৰপন্থীৰ উপদ্ৰবৰ দৰে নেতিবাচক বাতৰিৰ পয়োভৰ কমি অহা পৰিলক্ষিত হৈছে।

অসমৰ সংবাদিকতাই ১৭৫বৰ্ষত পদাৰ্পণ কৰাৰ বছৰটোতে কাকতালীয় ভাবে দেশৰ স্বাধীনতায়ো ৭৫সংখ্যক বছৰত পদাৰ্পণ কৰিছে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে স্বাধীনতাৰ ৭৫বছৰক ৫টা স্তম্ভৰ জৰিয়তে উদযাপন কৰাৰ কথা কৈছে আৰু এয়া স্বাধীনতা সংগ্ৰামৰ অন্তৰ্নিহিত আবেগটোৰ লগতে যিসকল মহান আত্মাই ইয়াক সম্ভৱ কৰি তুলিলে তেওঁলোকৰ ত্যাগ-গাঁথাৰ চৰ্চাৰে হোৱা উচিত বুলি তেওঁ মন্তব্য কৰে। উদযাপনৰ কাৰ্যসূচীক ‘স্বাধীনতা সংগ্ৰাম’, ‘৭৫ত চিন্তা’, ‘৭৫ত আহৰণ কৰা সাফল্য’, ‘৭৫ত সম্পাদিত কৰিব লগা কাম’ আৰু ‘৭৫ত গ্ৰহণ কৰা সিদ্ধান্ত’- এই পাঁচোটা পৰ্বত বিভক্ত কৰা হৈছে বুলি উল্লেখ কৰি ড০ সিঙে কয় যে এয়া এনে চিন্তা যিয়ে কামত আত্নিয়োগ কৰাৰ বাবে অনুপ্ৰাণিত কৰে আৰু কাম নকৰাকৈযে কোনো সাফল্য অৰ্জন কৰিব পৰা নাযায় সেই কথাকে প্ৰতীয়মান কৰিছে।

‘যেতিয়া ভাৰত ‘কমিটি অব নেশ্যনছ’ৰ অগ্ৰণী ৰাষ্ট্ৰ হিচাপে পৰিগণিত হ’ব আৰু উত্তৰ-পূৰ্বাঞ্চল বিশেষকৈ অসমে মোদীৰ নতুন ভাৰতৰ উথ্থানত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব, তেতিয়া আগন্তুক ২৫টা বছৰৰ এইটো পৰ্যায় অতিকে গৌৰৱময় আৰু ঘটনা বহুল হ’ব’ বুলি মন্তব্য কৰিছে ড০ সিঙে। তেওঁ কয়, ‘অসমক কেন্দ্ৰত ধাৰণ কৰি উত্তৰ পূৰ্বাঞ্চলে আজি জীৱনৰ সকলো পৰ্যায়তে আটাইতকৈ আধুনিক পৰিৱৰ্তনৰ বাবে অগ্ৰসৰ হৈছে আৰু ইয়াৰ অৰ্থনৈতিক পুনৰুথ্থানৰ ক্ষেত্ৰত বাঁহে অতিকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ আগবাঢ়িছে’।

আলোচনাচক্ৰখনত ‘আইআইএমচি’ৰ সঞ্চালক প্ৰধান ড০ সঞ্জয় দ্বিবেদী, আছাম ত্ৰিবুণৰ কাৰ্যবাহী সম্পাদক শ্ৰী প্ৰশান্তজ্যোতি বৰুৱা, পূৰ্বাঞ্চল  প্ৰহৰী কাকতৰ কাৰ্যবাহী সম্পাদক শ্ৰী বশিষ্ঠ নাৰায়ণ পাণ্ডে আৰু বিশিষ্ট সাংবাদিক তথা ‘ৰাজ্যিক তথ্য আয়ুক্ত’ শ্ৰী সমুদ্ৰ গুপ্ত কাশ্যপ, অনুষ্ঠানৰ আহ্বায়ক শাশ্বতী গোস্বামী আৰু ‘আইআইএমচি’ৰ সকলো আঞ্চলিক মূৰব্বী তথা শিক্ষকবৃন্দ আৰু শিক্ষাৰ্থীসকল উপস্থিত থাকে।

 

 

*********

SNC/KB



(Release ID: 1705042) Visitor Counter : 114


Read this release in: English , Urdu , Hindi , Manipuri