স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

মানসিক স্বাস্থ্য সহায়তাৰ বাবে ক’ভিড-১৯ হেল্পলাইন

Posted On: 09 MAR 2021 1:23PM by PIB Guwahati

মহামাৰী আৰু ‘লকডাউন’ৰ সময়ছোৱাত সন্মুখীন হোৱা লোকসকলৰ মানসিক স্বাস্থ্য আৰু মনোবৈজ্ঞানিক সমস্যাৱলী নিৰসনত সহায়তা প্ৰদান কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ‘চেণ্টাৰ ফৰ চাইক’লজিকেল ছাপ’ৰ্ট ইন ডিজেষ্টাৰ মেনেজমেণ্ট, নিমহানছ’-য়ে যোৱা ২৯মাৰ্চ ২০২০তাৰিখে ৰাষ্ট্ৰজোৰা এক মাচুলবিহীন ‘হেল্পলাইন’(০৮০-৪৬১১ ০০০৭) সেৱা মুকলি কৰিছিল। ২০২১চনৰ ২৭ফেব্ৰুৱাৰী পৰ্যন্ত এই ‘হেল্পলাইন’য়ে ৩,৩৭৫৫৬টা কল গ্ৰহণ কৰাৰ বিপৰীতে ৫৫,০৮১গৰাকী ব্যক্তিলৈ নিৰ্দিষ্ট প্ৰসংগত সহযোগিতা/হস্তক্ষেপ আগবঢ়ায়।

দেশৰ আন দুখন কেন্দ্ৰীয় মানসিক স্বাস্থ্য প্ৰতিষ্ঠান ক্ৰমে ‘লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান’(এলজিবিআৰআইএমএইচ), তেজপুৰ আৰু ‘কেন্দ্ৰীয় মানসিক ৰোগ প্ৰতিষ্ঠান’(চিআইপি),ৰাঁচীয়েও বহুকেইখন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে জোঁট বান্ধি এতিয়া স্থানীয়-আঞ্চলিক ভাষাত তেনে সেৱা আগবঢ়োৱাৰ বাবে আগবাঢ়ি আহিছে। ইফালে, ‘এলজিবিআৰআইএমএইচ’, তেজপুৰে আকৌ ইয়াৰ উপৰিও ‘থেৰাপিউটিক কাউন্সেলিং’ আৰু ‘চাইক’থেৰাপী’ সংক্ৰান্তীয় সহযোগিতা আগবোঢ়োৱাৰ ব্যৱস্থা কৰিছে।

ইফালে, কেন্দ্ৰীয় চৰকাৰৰ ‘সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ে’ও ‘কিৰণ’ শীৰ্ষক আন এক মানসিক স্বাস্থ্য পুনৰসংস্থাপন সংক্ৰান্তীয় ‘হেল্পলাইন’(১৮০০-৫০০-০০১৯)সেৱা মুকলি কৰিছে। দেশৰ ১৩টা ভাষাৰে কথা পাতিব পৰা এই সেৱা সপ্তাহৰ সাতোটা দিনতে আৰু দিনটোৰ ২৪ঘণ্টাই উপলব্ধ হয়। এই হেল্পলাইনত ৬৬০গৰাকী ‘ক্লিনিকেল/ৰিহাবিলিটেশ্যন মনোবিজ্ঞানী আৰু ৬৬৮গৰাকী মনোৰোগ চিকিত্সকে সেৱা আগবঢ়ায়। এই সেৱাৰ জৰিয়তে সমস্যাৰ আগতীয়া পৰীক্ষণ, প্ৰথমিক চিকিত্সা, মনোবৈজ্ঞানিক সহযোগিতা, সংকট-প্ৰবন্ধন, মানসিক কল্যাণসাধন, উশৃংখল আচৰণ ৰোধ কৰা, মনোবৈজ্ঞানিক সংকট প্ৰবন্ধন আৰু মানসিক ৰোগ বিশেষজ্ঞসকলৰ পৰামৰ্শ গ্ৰহণৰ বাবে প্ৰেৰণৰ দিহা আগবঢ়োৱা হয়।

সমাজৰ বিভিন্ন খণ্ডত উদ্ভৱ হোৱা মানসিক স্বাস্থ্য সংক্ৰান্তীয় বিভিন্ন সমস্যা সন্দৰ্ভত বিভিন্ন বিধি-নিৰ্দেশনা, পৰামৰ্শাৱলী তথা আনুষংগিক সহযোগিতা-সামগ্ৰী আদি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ৱে’বছাইট (https://www.mohfw.gov.in/)ৰ ‘বিহেভিয়াৰেল হেল্থ-ছাইক’লজিকেল হেল্পলাইন’-ৰ অধীনত উপলব্ধ কৰাৰো ব্যৱস্থা কৰা হৈছে।

সেইদৰে ‘স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়’ৰ অধীনস্থ্ ‘অখিল ভাৰতীয় বাক আৰু শ্ৰৱণ প্ৰতিষ্ঠান’ৰ দৰে সংস্থানসমূহে ক’ভিড মহামাৰীৰ সময়ছোৱাত ‘হোৱাটছএপ্’ আদিৰ দৰে সামাজিক মাধ্যম ব্যৱহাৰ কৰি বধিৰ, বুদ্ধিমত্তাৰ বিসংগতি, মস্তিষ্কৰ পক্ষাঘাত আৰু বহু বিসংগতিৰে আক্ৰান্ত শিশুসকলক বিভিন্ন প্ৰকাৰৰ পৰামৰ্শ প্ৰদানৰো ব্যৱস্থা কৰিছিল। তদুপৰি সামাজিক মাধ্যমৰ জৰিয়তে বিশেষেজ্ঞৰ বিভন্ন ধৰণৰ পৰামৰ্শ সম্বলিত ভিডিঅ’ আদিও সম্প্ৰচাৰিত কৰা হৈছিল।

‘স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়’ৰ অধীনস্থ বাংগালুৰুৰ ‘নিমহানছ’ত মানসিক বিকাৰগ্ৰস্থ তথা স্নায়বিক সমস্যাত ভোগাসকল ক’ভিড আক্ৰান্ত হ’লে ৰখাৰ বাবে বিশেষ ‘আচুতীয়াকৰণ কক্ষ’ স্থাপন কৰিছিল। ২০২০ৰ ১৩জুলাইত এই কক্ষ স্থাপন কৰা হৈছিল।

‘স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ’ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী অশ্বিনী কুমাৰ চৌবেই ৰাজ্যসভাত আজি প্ৰদান কৰা এক লিখিত প্ৰশ্নোত্তৰত এই তথ্য প্ৰকাশ কৰে।

****

MV/SJ/KB


(Release ID: 1703694) Visitor Counter : 162


Read this release in: English , Bengali , Tamil , Telugu