প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে ৯ মাৰ্চত শ্ৰীমদ্ ভগৱদ্ গীতাৰ শ্লোকৰ ওপৰত ২১ গৰাকী পণ্ডিতৰ বাখ্যা সম্বলিত পাণ্ডুলিপি মুকলি কৰিব

प्रविष्टि तिथि: 07 MAR 2021 7:55PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২১ চনৰ ৯ মাৰ্চত নতুন দিল্লীৰ লোক কল্যাণ মাৰ্গত আবেলি ৫ বজাত শ্ৰীমদ্ ভগৱদ্ গীতাৰ শ্লোকৰ ওপৰত ২১ জন পণ্ডিতৰ বাখ্যা সম্বলিত ১১ খন পাণ্ডুলিপি মুকলি কৰিব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত জন্মু আৰু কাশ্মীৰৰ উপ-ৰাজ্যপাল শ্ৰী মনোজ সিনহা আৰু ডঃ কৰণ সিঙো উপস্থিত থাকিব।

শ্ৰীমদ্ ভগৱদ্ গীতাঃ মূল লিপিত সংস্কৃতৰ একাধিক বিৰল বাখ্যা

সাধাৰণতে শ্ৰীমদ্ ভগৱদ্ গীতা একক বাখ্যাৰ সৈতে উপস্থাপন কৰা হয়। শ্ৰীমদ্ ভগৱদ্ গীতাৰ এক ব্যাপক আৰু তুলনামূলক প্ৰশংসা লাভ কৰাৰ বাবে প্ৰথমবাৰৰ বাবে, প্ৰসিদ্ধ ভাৰতীয় পণ্ডিতসকলৰ ভালেমান প্ৰধান মন্তব্য একত্ৰিত কৰা হৈছে। ধৰ্মাৰ্থ ট্ৰাষ্টে প্ৰকাশ কৰি উলিওৱা পাণ্ডুলিপিখন অসাধাৰণ বিভিন্নতা আৰু ভাৰতীয় লিপিৰ সূক্ষ্মতাৰ সৈতে প্ৰস্তুত কৰা হৈছে, য’ত শংকৰ ভাষ্যৰ পৰা ভাষানুৱাদলৈকে আছে। ডঃ কৰণ সিং জন্মু-কাশ্মীৰৰ ধৰ্মাৰ্থ ট্ৰাষ্টৰ অধ্যক্ষ ন্যাসৰক্ষী।

*********************

DS/AKJ/KG


(रिलीज़ आईडी: 1703182) आगंतुक पटल : 177
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam