বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

ভাৰতত ২০২০ৰ এপ্রিল -ডিচেম্বৰ পর্যন্ত সময়ছোৱাত প্রত্যক্ষ বিদেশী বিনিয়োগৰ পৰিমাণ আছিল ৬৭.৫৪ বিলিয়ন মার্কিন ডলাৰ

২০২০-২১ বিত্তীয় বর্ষৰ প্রথম ন মাহত প্রত্যক্ষ বিদেশী বিনিয়োগ সংক্রান্তীয় ইকুইটি প্রবাহৰ পৰিমাণ ৪০ শতাংশ বৃদ্ধি (৫১.৪৭ বিলিয়ন মার্কিন ডলাৰ)

Posted On: 04 MAR 2021 2:52PM by PIB Guwahati

আর্থিক বিকাশৰ ক্ষেত্রত প্রত্যক্ষ বিদেশী বিনিয়োগ (এফডিআই) এক গুৰুত্বপূর্ণ চালিকাশক্তি আৰু ভাৰতৰ আর্থিক উন্নয়নৰ ক্ষেত্রত ঋণ বহির্ভূত অর্থৰ এক অন্যতম উৎস। চৰকাৰে সেয়ে সকলো সময়তে এক বিনিয়োগ-অনুকূল প্রত্যক্ষ বিদেশী বিনিয়োগ নীতি কার্যকৰী কৰাৰ ক্ষেত্ৰত সক্রিয় ভূমিকা গ্ৰহণ কৰি আহিছে। প্রত্যক্ষ বিদেশী বিনিয়োগ নীতিক আৰু অধিক বিনিয়োগ-অনুকূল কৰি তুলিবলৈ আৰু দেশত বিনিয়োগ প্রবাহৰ ক্ষেত্রত বাধা দূৰ কৰিবলৈ চৰকাৰে একাধিক পদক্ষেপ গ্ৰহণ কৰিছে। স্বাভাবিকভাবেই বিগত চাৰে ছয় বছৰত গৃহীত পদক্ষেপসমূহৰ সুফল এতিয়া লাভ কৰা গৈছে। প্রত্যক্ষ বিদেশী বিনিয়োগ নীতিৰ উদাৰীকৰণ আৰু সবলীকৰণৰ পথত অগ্রসৰ হৈ চৰকাৰে বিভিন্ন ক্ষেত্রত প্রত্যক্ষ বিদেশী বিনিয়োগ নীতিত সংস্কাৰ কৰিছে।

 

 

প্রত্যক্ষ বিদেশী বিনিয়োগ নীতি সংস্কাৰ, বিনিয়োগৰ সুযোগ-সুবিধা আৰু সহজে ব্যৱসায়-বাণিজ্যৰ অনুকূল পৰিৱেশ গঢ়ি তোলাৰ দৰে একাধিক প্রয়োজনীয় পদক্ষেপ গ্রহণৰ ফলত দেশত প্রত্যক্ষ বিদেশী বিনিয়োগ প্রবাহৰ পৰিমাণ বৃদ্ধি পাইছে। ইয়াৰ ফলস্বৰূপে ভাৰত প্রত্যক্ষ বিদেশী বিনিয়োগৰ ক্ষেত্রত বৈশ্বিক বিনিয়োগকাৰীসকলৰ বাবে এক পছন্দৰ স্থান হৈ উঠিছে। নিম্নলিখিত পৰিসংখ্যাৰ পৰা ইয়াৰ সুস্পষ্ট প্রমাণ পোৱা যায়ঃ

 

২০২০ৰ এপ্রিল-ডিচেম্বৰ পর্যন্ত সময়চোৱাত ভাৰতত প্রত্যক্ষ বিদেশী বিনিয়োগৰ মুঠ পৰিমাণ আছিল ৬৭.৫৪ বিলিয়ন মার্কিন ডলাৰ। বিদেশী বিনিয়োগৰ এই পৰিমাণ যিকোনো এটি বিত্তীয় বৰ্ষৰ প্রথম নমাহত সর্বাধিক। আনকি, ২০১৯-২০ৰ প্রথম নমাহত বিনিয়োগৰ তুলনাত ২২ শতাংশ বা ৫৫.১৪ বিলিয়ন অধিক।

 

২০২০-২১ বিত্তীয় বৰ্ষৰ প্রথম নমাহত প্রত্যক্ষ বিদেশী বিনিয়োগ সংক্রান্তীয় ইকুইটি প্রবাহৰ পৰিমাণ ৪০ শতাংশ বৃদ্ধি পাই ৫১.৪৭ বিলিয়ন মার্কিন ডলাৰ হয়, যি পূর্ববর্তী বছৰত একেখিনি সময়ত আছিল ৩৬.৭৭ বিলিয়ন মার্কিন ডলাৰ।

 

২০২০-২১ বিত্তীয় বৰ্ষৰ তৃতীয় ত্রৈমাসিকত প্রত্যক্ষ বিদেশী বিনিয়োগ সংক্রান্তীয় ইকুইটি প্রবাহৰ পৰিমাণ ২০১৯-২০ বিত্তীয় বৰ্ষৰ তৃতীয় ত্রৈমাসিকৰ ১৯.০৯ বিলিয়ন মার্কিন ডলাৰৰ পৰা ৩৭ শতাংশ বৃদ্ধি পাই ২৬.১৬ বিলিয়ন মার্কিন ডলাৰ হয়।

 

একেদৰে, বিগত ডিচেম্বৰ মাহত প্রত্যক্ষ বিদেশী বিনিয়োগ সংক্রান্তীয় ইকুইটি প্রবাহৰ পৰিমাণ ২৪ শতাংশ বৃদ্ধি পাই হৈছে ৯.২২ বিলিয়ন মার্কিন ডলাৰ, যি ২০১৯ চনৰ একেখিনি সময়ত আছিল ৭.৪৬ বিলিয়ন মার্কিন ডলাৰ।

 

     *************

YB/SS/KG



(Release ID: 1702599) Visitor Counter : 214