খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰালয়
অসমৰ খাদ্য সংসাধন উদ্যোগৰ অংশীদাৰসকলৰ বৈঠকত শ্ৰী ৰামেশ্বৰ তেলীৰ অংশগ্ৰহণ
পিএমকেএছৱাই ৰ অধীনত উত্তৰ পূৰ্বাঞ্চলে লাভ কৰা বিশেষ সুবিধাসমূহৰ কথা উল্লেখ
Posted On:
16 FEB 2021 4:43PM by PIB Guwahati
খাদ্য সংসাধন উদ্যোগ মন্ত্ৰালয়ে অসম চৰকাৰৰ সহযোগত আজি অসমৰ গুৱাহাটীত অনুষ্ঠিত কৰা খাদ্য সংসাধনৰ অংশীদাৰসকলৰ বৈঠক (stakeholders meet) ত খাদ্য সংসাধন উদ্যোগ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলীয়ে অংশগ্ৰহণ কৰে।
ইয়াত ভাষণ প্ৰদান কৰি শ্ৰী ৰামেশ্বৰ তেলীয়ে উল্লেখ কৰে যে খাদ্য সংসাধন খণ্ডটোৰ উন্নয়নৰ অৰ্থে উত্তৰ পূৰ্বাঞ্চলত খাদ্য় সংসাধন উদ্যোগ মন্ত্ৰালয়ৰ আঁচনি আৰু কাৰ্যক্ৰমসমূহ ৰূপায়ণৰ বাবে ইয়াৰ বাজেটৰ ১০% আবন্টন জনাই আহিছে। ভাৰত চৰকাৰৰ নীতি অনুসৰি আৰু এই খণ্ডটোক অগ্ৰাধিকাৰ প্ৰদানৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই ব্যৱস্থা কৰা যায়।
মন্ত্ৰীজনে উল্লেখ কৰে যে আজিৰ তাৰিখত, প্ৰায় ২০০ কোটি টকা প্ৰকল্প ব্যয় সাপেক্ষে অসমত ১৫ খাদ্য সংসাধন ইউনিটৰ কাম অব্যাহত আছে। তেওঁ লগতে কয় যে অসমলৈ প্ৰায় ৬০ কোটি টকা মূল্যৰ এগ্ৰ’ প্ৰচেছিং ক্লাষ্টাৰ প্ৰজেক্টত অনুমোদন জনোৱা হৈছে আৰু সম পৰিমাণৰ এপিচি প্ৰকল্প অনুমোদন জনাবলৈ পাইপলাইনত আছে। তেওঁ কয় যে অসমৰ নলবাৰী জিলাৰ মেগা ফুড পাৰ্কখনৰ জৰিয়তে অঞ্চলটোত অৰ্থনীতি আৰু নিয়োগৰ সুযোগ বৃদ্ধি পালে।
শ্ৰী তেলীয়ে আকৌ কয় যে খাদ্য সংসাধন উদ্যোগ মন্ত্ৰালয়ৰ ধ্বজাবাহী আঁচনি প্ৰধান মন্ত্ৰী কিষাণ সম্পদ যোজনা (PMKSY) ৰ অধীনত, উত্তৰ পূবৰ ৰাজ্যসমূহে বিশেষ সুবিধা লাভ কৰিছে। ইয়াৰ জৰিয়তে অধিক হাৰত ৰাজসাহাৰ্য্য লাভ কৰাৰ সমান্তৰালভাৱে বিনিয়োগকাৰীক আকৰ্ষিত কৰিবলৈ অন্যান্য শিথিলতা প্ৰশস্ত কৰা হৈছে। উদাহৰণস্বৰূপে, উত্তৰ পূৰ্বাঞ্চলত ৰাজসাহাৰ্য্যৰ হাৰ ৫০% ৰপৰা ৭৫% লৈ হোৱাৰ বিপৰীতে সাধাৰণ অঞ্চলসমূহৰ বাবে এই হাৰ ৩৫% ৰপৰা ৫০% লৈ। বৰ্তমান, পিএমকেএছৱাই ৰ অধীনত অসমলৈ ২৮ প্ৰকল্পত অনুমোদন জনোৱা হৈছে, ইয়াৰ ৭ টা কাৰ্যক্ষম হৈ উঠিছে। ৰাজ্যিক মন্ত্ৰীজনে তদুপৰি উল্লেখ কৰে যে উত্তৰ পূৰ্বাঞ্চলৰ কথা মনত ৰাখি কৃষি উড়ান যোজনাক বিশেষভাৱে ডিজাইন কৰা হৈছে।
মন্ত্ৰীজনে মতামত ব্যক্ত কৰি কয় যে উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত বহুলাংশে, খাদ্য সংসাধন ইউনিট স্থাপন সন্দৰ্ভত সঠিক নীতি-নিৰ্দেশনা উপলব্ধ নাছিল। এই সমস্যাটো সমাধান কৰিবলৈ, খাদ্য সংসাধন উদ্যোগ মন্ত্ৰালয়ত এটা প্ৰকল্প উন্নয়ন কোষ গঠন কৰা যায়। এই কোষে আগ্ৰহী উদ্যোগীসকলক পৰামৰ্শ সেৱা আৰু ডিপিআৰ যুগুত ইত্যাদিত সহায় আগবঢ়াই আহিছে।
শ্ৰী ৰামেশ্বৰ তেলীয়ে জনসাধাৰণলৈ পিএমকেএছৱাই আৰু পিএমএফএমই ক সুগম কৰি তুলিবলৈ অসম চৰকাৰক আহ্বান জনায়। তেওঁ আশা প্ৰকাশ কৰি কয় যে খাদ্য সংসাধন খণ্ডটোৰ উন্নয়নৰ জৰিয়তে, কৃষকসকলে তেওঁলোকৰ উৎপাদিত ফচলৰ সঠিক মূল্য লাভ কৰাৰ সমান্তৰালভাৱে কৃষি চপোৱাৰ পৰৱৰ্তী সময়ৰ অনিষ্ট হ্ৰাস কৰিব তথা বিনিয়োগ আৰু নিয়োগৰ অৰ্থে নতুন সুযোগৰ সৃষ্টি কৰিব।
****
YKB/TM/SB
(Release ID: 1698498)
Visitor Counter : 167