প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

উত্তৰ প্ৰদেশৰ গোৰখপুৰতচৌৰী-চৌৰাৰ শতবৰ্ষ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মূল ভাষণ

Posted On: 04 FEB 2021 2:47PM by PIB Guwahati

ভগৱান শিৱৰ অৱতাৰ, গোৰক্ষনাথৰ ভূমিক প্ৰণাম জনাইছো। দেওৰাহা বাবাৰ আশীৰ্বাদত এই জিলাৰ যথেষ্ট উন্নতি হৈছে। আজি দেওৰাহা বাবাৰ ভূমিত আমি চৌৰী-চৌৰাৰ মহান নাগৰিকসকললৈ স্বাগতম জনাইছো আৰু আপোনালোক সকলোকে প্ৰণাম জনাইছো।

উত্তৰ প্ৰদেশৰ ৰাজ্যপাল, শ্ৰীমতী আনন্দিবেন পেটেলজী, যশস্বী আৰু জনপ্ৰিয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথজী, উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰীসকল, সাংসদ, বিধায়ক আৰু আমাৰ ভাই-ভনীসকল। চৌৰী-চৌৰাৰ পৱিত্ৰ ভূমিত দেশৰ বাবে প্ৰাণ আহুতি দিয়া, দেশৰ স্বাধীনতা সংগ্ৰামক নতুন দিশ প্ৰদান কৰা, সেই বীৰ শ্বহীদসকলৰ চৰণত মই প্ৰণাম জনাইছো, সশ্ৰদ্ধ শ্ৰদ্ধাঞ্জলি জনাইছো। এই অনুষ্ঠানত বিভিন্ন জিলাৰ শ্বহীদ আৰু স্বাধীনতা সংগ্ৰামীসকলৰ পৰিয়ালো উপস্থিত আছে। ভালেমান স্বাধীনতা সংগ্ৰামীৰ পৰিয়াল আজি অনলাইনযোগে সংযুক্ত হৈছে। মই আপোনালোক সকলোকে স্বাগতম জনাইছো, শ্ৰদ্ধা জনাইছো।

বন্ধুসকল,

এশ বছৰ পূৰ্বে চৌৰী-চৌৰাত যি ঘটিছিল, সেয়া কেৱল জুই জ্বলোৱাৰ ঘটনা নহয়, এখন থানাত জুই লগাই দিয়াৰ ঘটনা কেতিয়াও হোৱা নাছিল। চৌৰী-চৌৰাৰ ঘটনাৰ বাৰ্তা যথেষ্ট ডাঙৰ আছিল,বহুল চৰ্চিত বিষয় আছিল। বিভিন্ন কাৰণত পূৰ্বে যেতিয়াই চৌৰী-চৌৰাৰ প্ৰসঙ্গ উত্থাপন হৈছিল তেতিয়াই ইয়াক এক সাধাৰণ অগ্নিসংযোগৰ ঘটনা হিচাপেই গণ্য কৰা হৈছিল। কিন্তু কি পৰিস্থিতিত জুই লগোৱা হৈছিল, তাৰ কাৰণ কি আছিল, সেইবোৰো সমানেই গুৰুত্বপূৰ্ণ। সেই জুই থানাত লগোৱা হোৱা নাছিল, সেই জুই মানুহৰ হৃদয় জ্বলোৱা হৈছিল। চৌৰী-চৌৰাৰ ঐতিহাসিক সংগ্ৰামক আজি দেশৰ ইতিহাসত যি স্থান দিয়া হৈছে, তাৰ বাবে প্ৰত্যেকটো প্ৰয়াসেই প্ৰসংশনীয়। আমি ইয়াৰ বাবে যোগীজী আৰু তেওঁৰ সমগ্ৰ দলটোকেই অভিনন্দন জনাইছো। আজি চৌৰী-চৌৰাৰ শতবৰ্ষত এক ডাক টিকটো মুকলি কৰা হৈছে। আজিৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানবোৰ সমগ্ৰ বছৰটো চলি থাকিব। এই অনুষ্ঠানবোৰত চৌৰী-চৌৰাৰ সমান্তৰালকৈ প্ৰতিখন গাঁৱৰে আৰু প্ৰতিটো অঞ্চলৰ বীৰ শ্বহীদসকলৰ কথা স্মৰণ কৰা হ’ব। এই বছৰ, যেতিয়াই দেশে স্বাধীনতাৰ ৭৫ তম বৰ্ষত প্ৰৱেশ কৰিব, তেতিয়াই এইধৰণৰ অনুষ্ঠানে ইয়াক অধিক প্ৰাসঙ্গিক কৰে তুলিব।

বন্ধুসকল,

চৌৰী-চৌৰা দেশৰ সাধাৰণ জনতাৰ এক স্বতঃস্ফূৰ্ত সংগ্ৰাম আছিল। এয়া দুৰ্ভাগ্যজনক যে চৌৰী-চৌৰাৰ শ্বহীদসকলক লৈ কেতিয়াও বিশেষ এটা আলোচনা হোৱা নাই। এই সংগ্ৰামেৰ শ্বহীদ, বিপ্লৱীসকলক হয়তো ইতিহাসৰ পাতত প্ৰাধান্য দিয়া নহ’ল, কিন্তু স্বাধীনতাৰ বাবে তেওঁলোকে ত্যাগ কৰা ৰক্ত ​​অৱশ্যেই দেশৰ মাটিত মিহলি হৈ আছে, যিয়ে আমাক সদায়েই অনুপ্ৰাণিত কৰি আহিছে। ভিন্ন গাওঁ, ভিন্ন বয়স, ভিন্ন সামাজিক পটভূমি, কিন্তু তেওঁলোক সকলোৱেই আছিল ভাৰতমাতাৰ বীৰ সন্তান।

স্বাধীনতা আন্দোলনত সম্ভৱতঃ এনেধৰণৰ ঘটনা খুব কমেই ঘটিছে, য’ত এটা ঘটনাৰ বাবে ১৯ জন স্বাধীনতা সংগ্ৰামীক ফাঁচিকাঠত তুলি দিয়া হৈছিল। ব্ৰিটিছ শাসনত হাজাৰ হাজাৰ স্বাধীনতা সংগ্ৰামীক ফাঁচি দিয়া হৈছিল। কিন্তু বাবা ৰাঘবদাস আৰু মহামান্য মালব্যজী'ৰ প্ৰচেষ্টাত প্ৰায় ১৫০ গৰাকী লোকক ফাঁচিৰ পৰা ৰক্ষা কৰা হৈছিল। সেয়ে আজি বাবা ৰাঘৱদাস আৰু মহামান্য মদনমোহন মালব্যজী'ৰ প্ৰতিও শ্ৰদ্ধা জনোৱাৰ দিন, তেওঁক স্মৰণ কৰাৰ দিন।

বন্ধুসকল,

মই আনন্দিত যে আমাৰ ছাত্ৰ আৰু যুৱসমাজেও নানা প্ৰতিযোগিতাৰ মাজেৰে এই সমগ্ৰ কাৰ্যসূচীৰ সৈতে জড়িত হৈছে। আমাৰ যুৱসমাজে যিবোৰ কিতাপ পঢ়িব, তাত তেওঁলোকে ইতিহাসৰ বহু দিশেই জানিব পাৰিব। ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়েও স্বাধীনতাৰ ৭৫ বৰ্ষপূৰ্তি উপলক্ষে তৰুণ লেখকসকলক স্বাধীনতা সংগ্ৰামীসকলৰ ওপৰত লিখা কিতাপৰ বাবে, ঘটনাবোৰৰ ওপৰত লিখা পুথিৰ বাবে, গৱেষণাপত্ৰ লিখাৰ বাবে আমন্ত্ৰণ জনাইছে। চৌৰী-চৌৰাৰ এনে বহু বীৰ সংগ্ৰামী আছিলন যাৰ জীৱন কাহিনী আপোনালোকে দেশৰ সমূখলৈ লৈ আহিব পাৰে। চৌৰী-চৌৰা শতাব্দীৰ সৈতে জড়িত এই অনুষ্ঠানবোৰক স্থানীয় শিল্প, সংস্কৃতি আৰু স্বনিৰ্ভৰতাৰ সৈতে জড়িত কৰাৰ চেষ্টা কৰা হৈছে। এই প্ৰয়াসে আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ প্ৰতি আমাৰ শ্ৰদ্ধাঞ্জলিও বৃদ্ধি কৰে। এই আয়োজনৰ বাবে মই মুখ্যমন্ত্ৰী যোগী আদিত্যনাথজী আৰু উত্তৰ প্ৰদেশ চৰকাৰক প্ৰশংসা কৰিছো।

বন্ধুসকল,

সামুহিকতাৰ যি শক্তিয়ে দাসত্বৰ শিকলি ভাঙিছিল সেই শক্তিয়েই ভাৰতক বিশ্বৰ বৃহৎ শক্তি হিচাপে গঢ়ি তুলিব। এই সামুহিকতাই আত্মনিৰ্ভৰ ভাৰত অভিযানেৰ মূল ভিত্তি। আমি দেশক ১৩০ কোটি দেশবাসীৰ বাবে আৰু সমগ্ৰ বিশ্ব পৰিবাৰৰ বাবেও আত্মনিৰ্ভৰ কৰি তুলিছো। এবাৰ ভাবকচোন, এই ক’ৰোনাৰ সময়ত যেতিয়া ভাৰতে ১৫০ তকৈও অধিক দেশৰ নাগৰিকলৈ সহায়ৰ বাবে প্ৰয়োজনীয় ঔষধ পঠিয়াইছিল, যেতিয়া ভাৰতে বিশ্বৰ বিভিন্ন দেশৰ পৰা নিজৰ ৫০ লাখতকৈও অধিক নাগৰিকক দেশলৈ ওভতাই আনিছিল, যেতিয়া ভাৰতে বহু দেশৰ হাজাৰ হাজাৰ নাগৰিকক নিৰাপদে তেওঁলোকৰ দেশলৈ পঠিয়াইছিল, যেতিয়া আজি ভাৰতে নিজাকৈ কৰোনাৰ টীকা প্ৰস্তুত কৰিছে, বিশ্বৰ ডাঙৰ ডাঙৰ দেশবোৰতকৈ অধিক দ্ৰুত গতিত টীকাকৰণ অভিযান চলিছে, যেতিয়া ভাৰতে মানৱ জীৱনৰ সুৰক্ষাৰ কথা মনত ৰাখি সমগ্ৰ বিশ্বতে টীকা সৰবৰাহ কৰিছে, তেতিয়াই আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ আত্মা য’তেই নাথাকক কিয়, তেওঁলোকে নিশ্চয় গৰ্ব বোধ কৰিছে।

বন্ধুসকল,

এই অভিযান সফল কৰিবলৈ অভূতপূৰ্ব প্ৰচেষ্টাৰ প্ৰয়োজন আছে। এই প্ৰচেষ্টাৰ এক ছবি এইবাৰৰ বাজেটতো আমি দেখিবলৈ পাইছো। ক’ৰোনা অতিমাৰিৰ সময়ত দেশে যিবোৰ প্ৰত্যাহ্বানৰ মুখামুখি হৈছে, এইবাৰৰ বাজেটে তাৰ সমাধানত নতুন গতি প্ৰদান কৰিব। বন্ধুসকল, বাজেটৰ পূৰ্বে বহু বিশেষজ্ঞই কৈছিল যে দেশ ইমান ডাঙৰ ডাঙৰ সংকটৰ মুখামুখি হৈছে, ফলশ্ৰুতিত চৰকাৰে এইবাৰ কৰ বৃদ্ধি কৰিবই লাগিব, দেশৰ সাধাৰণ নাগৰিকৰ ওপৰত বোজা জাপি দিবই লাগিব, নতুন কৰ প্ৰয়োগ কৰিবই লাগিব। কিন্তু এইবাৰৰ বাজেটত দেশবাসীৰ ওপৰত কোনো বোজা জাপি দিয়া নহ’ল। বৰং দেশক আগুৱাই নিবলৈ চৰকাৰে আৰু অধিক ব্যয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই খৰচবোৰ দেশৰ সুচল ৰাস্তাঘাট নিৰ্মাণৰ বাবে কৰা হ’ব, এই খৰচৰ পৰা আপোনালোকে গাওঁবোৰক চহৰবোৰৰ সৈতে, বজাৰৰ সৈতে, মন্দিৰৰ সৈতে  সংযুক্ত কৰিব পাৰিব, এই খৰচেৰে দলং নিৰ্মাণ কৰা হ’ব, ৰে’লৰ ট্ৰেক স্থাপন কৰা হ’ব, নতুন ট্ৰেন চলোৱা হ’ব, নতুন বাছো চলোৱা হ’ব। শিক্ষা, পঢ়া শুনা আৰু আমাৰ যুৱ সমাজৰ বাবে ভাল সুযোগ নিশ্চিত কৰিবলৈ বাজেটত অনেক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু বন্ধুসকল, এইবোৰ কামৰ বাবে কৰ্মীৰো প্ৰয়োজন হ’ব। চৰকাৰে যেতিয়া নিৰ্মাণ কাৰ্যত বেছি ব্যয় কৰিব, তেতিয়া দেশৰ লাখ লাখ যুৱকে কৰ্মসংস্থান পাব। আয়ৰ নতুন দুৱাৰ খোল খাব।

বন্ধুসকল,

কেবা দশক ধৰি আমাৰ দেশত বাজেটৰ অৰ্থ আছিল, কাৰ নামত কি ঘোষণা কৰা হল! বাজেটক ভোটৰ হিচাপবহী কৰি ৰখা হৈছিল। ভাবকচোন, আপুনিও আপোনাৰ ঘৰত খৰচৰ হিচাপ বৰ্তমান আৰু ভৱিষ্যতৰ দায়িত্ব অনুযায়ী কৰে। কিন্তু পূৰ্বৰ চৰকাৰবোৰে বাজেটক এনে ধৰণৰ ঘোষণাৰ মাধ্যম কৰি ৰাখিছিল, যি  তেওঁলোকে পূৰণ কৰাত ব্যৰ্থ হৈছিল। এতিয়া দেশত সেই চিন্তাধাৰাৰ সলনি হৈছে, দৃষ্টিভঙ্গী সলনি হৈছে।

বন্ধুসকল,

কৰোনাৰ সময়ত ভাৰতে যিদৰে এই অতিমাৰীৰ বিৰুদ্ধে যুদ্ধ কৰিছে, আজি সমগ্ৰ বিশ্বতে সেয়া প্ৰশংসিত হৈছে। বিশ্বৰ বহু দেশেই আমাৰ টীকাকৰণ অভিযানৰ পৰা শিকিছে। এতিয়া দেশৰ চেষ্টা হৈছে প্ৰতিখন গাওঁ-জিলাতে এনে চিকিৎসা পৰিকাঠামোৰ ব্যৱস্থা কৰা, যাতে সৰু সৰু ৰোগৰ বাবে যেন চহৰলৈ যাব নালাগে। কেৱল সেয়াই নহয়, চহৰবোৰৰ হাস্পতালবোৰতো চিকিৎসা কৰাৰ ক্ষেত্ৰত যাতে কোনো সমস্যা নহয় সেই দিশবোৰৰ প্ৰতিও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এইপৰ্যন্ত যদি আপোনালোকৰ কোনো ডাঙৰ পৰীক্ষা বা চেক-আপ কৰাবলগীয়া হয়, তেন্তে আপোনালাকো নিজৰ গাওঁ এৰি গোৰখপুৰলৈ যাবলগীয়া হয়। বা বহুসময়ত আপোনালোকে লক্ষ্ণৌ বা বাৰাণসী পৰ্যন্ত যাবলগীয়া হয়। আপোনালোকৰ এই সমস্যাবোৰৰ সমাধান কৰিবলৈ এইবাৰ সকলোবোৰ জিলাতে আধুনিক পৰীক্ষামূলক পৰীক্ষাগাৰ নিৰ্মাণ কৰা হ’ব, জিলাতেই চেকআপৰ ব্যৱস্থা কৰা হ’ব আৰু সেই কাৰণেই দেশে এইবাৰৰ বাজেটত স্বাস্থ্যক্ষেত্ৰত প্ৰচুৰ ব্যয় কৰিছে।

বন্ধুসকল,

আমাৰ কৃষকসকল আমাৰ দেশৰ প্ৰগতিৰ অন্যতম বৃহত্তৰ ভিত্তি। চৌৰী-চৌৰাৰ সংগ্ৰামতো কৃষকসকলৰ বৃহৎ ভুমিকা আছিল। কৃষকসকলৰ উন্নতিৰ বাবে, তেওঁলোকক আত্মনিৰ্ভৰ কৰিবলৈ, বিগত বছৰত কৃষকসকলৰ বাবে নিয়মিত প্ৰচেষ্টা কৰি থকা হৈছে। ক’ৰোনাৰ সময়ত দেশত তাৰ ফল দেকা গৈছে। অতিমাৰীৰ মাজতো আমাৰ কৃষিক্ষেত্ৰ দৃঢ়ভাৱে আগুৱাই গৈছে আৰু কৃষকসকলে অভিলেখসংখ্যক উৎপাদন কৰি দেখুৱাইছে। আমাৰ কৃষকসকল যদি আৰু শক্তিশালী হয় তেতিয়া কৃষিক্ষেত্ৰত এই অগ্ৰগতি আৰু দ্ৰুত হ’ব। সেইবাবে এই বাজেটত ভালেমান পদক্ষেপ গ্ৰহণ কৰা হৈছে। কিষাণ মণ্ডীবোৰক কৃষকসকলৰ সুবিধাৰ বাবে গঢ়ি তুলিবলৈ আৰু ১০০০ টা মণ্ডীক e-NAM ৰ সৈতে সংযুক্ত কৰা হ’ব। অৰ্থাৎ, কৃষকে যেতিয়া বজাৰত তেওঁৰ ফচল বিক্ৰী কৰিবলৈ যাব, তেওঁলোকে আৰু বেছি স্বাচ্ছন্দ্য লাভ কৰিব। তেওঁলোকে যিকোনো স্থানৰ পৰাই নিজৰ ফচল বিক্ৰী কৰিব পাৰিব।

 

ইয়াৰ উপৰিও গ্ৰামীণ অঞ্চলত পৰিকাঠামো পুঁজি বৃদ্ধি কৰি ৪০ হাজাৰ কোটি টকা কৰা হৈছে। ইয়াৰ লাভ প্ৰত্যক্ষভাৱে কৃষকসকলেই লাভ কৰিব। এই সকলোবোৰ সিদ্ধান্তই আমাৰ কৃষকসকলক আত্মনিৰ্ভৰ কৰি তুলিব, কৃষি ব্যৱসায়ৰ পৰা লাভ আহৰণ কৰা আৰম্ভ কৰিব। ইয়াত উত্তৰ প্ৰদেশত কেন্দ্ৰ চৰকাৰে যি 'প্ৰধানমন্ত্ৰীৰ স্বামীত্ব যোজনা' আৰম্ভ কৰিছে সিও দেশৰ গাওঁবোৰৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এই প্ৰকল্পৰ আওতাত গাওঁৰ জমি, গাওঁৰ মাটি-বাৰিৰ কাগজপত্ৰ গাওঁৰ মানুহক দিয়া হৈছে। যেতিয়া আপোনাৰ মাটিৰ সঠিক কাগজপত্ৰ, আপোনাৰ ভূমিৰ সঠিক কাগজপত্ৰ থাকিব তেতিয়া সেইবোৰৰ দাম বৃদ্ধি পাব, আপুনি খুব সহজেই বেংকবোৰ পৰা ঋণ ল’ব পাৰিব। গাওঁৰ মানুহবোৰৰ ঘৰ আৰু মাটিত কোনেও কু-দৃষ্টি দিব নোৱাৰিব। ইয়াৰ লাভ দেশৰ ক্ষুদ্ৰ কৃষক, গাওঁৰ দৰিদ্ৰ পৰিয়ালবোৰে লাভ কৰিব।

বন্ধুসকল,

এই প্ৰয়াসবোৰে আজি কিদৰে দেশৰ ছবি সলনি কৰিছে, খোদ গোৰখপুৰেই ইয়াৰ এক দুৰ্দান্ত উদাহৰণ। বিপ্লৱীসকলৰ এই ভূমি, অনেক ত্যাগৰ সাক্ষী এই অঞ্চল, কিন্তু পূৰ্বে ইয়াৰ ছবি কি আছিল? ইয়াত কাৰখানা বন্ধ হৈ গৈছিল, ৰাস্তা পথ ভঙা ছিঙা আছিল, হাস্পতালবোৰ নিজেই অসুস্থ হৈ পৰি আছিল। কিন্তু এতিয়া পুনৰ গোৰখপুৰত সাৰ কাৰখানা আৰম্ভ হৈছে। ইয়াৰ ফলত কৃষকসকলো লাভৱান হ’ব আৰু যুৱকসকলেও কৰ্মসংস্থানৰ সুযোগ লাভ কৰিব। আজি গোৰখপুৰত এইমছ নিৰ্মাণ হৈছে, ইয়াৰ মেডিকেল কলেজ আৰু হাস্পতালত হাজাৰ হাজাৰ শিশুৰ জীৱন ৰক্ষা পৰিছে। বিগত কেবা দশক ধৰি, এনকেফেলাইটিছে বহু শিশুৰ জীৱন গ্ৰাস কৰিছিল। কিন্তু যোগীজীৰ নেতৃত্বত গোৰখপুৰৰ লোকসকলে যি কাম কৰিছে তাৰ প্ৰসংশা এতিয়া বিশ্বৰ ডাঙৰ ডাঙৰ প্ৰতিষ্ঠানেও কৰিছে। এতিয়া দেওৰিয়া, কুশীনগৰ, বস্তি, মহাৰাজগঞ্জ আৰু সিদ্ধাৰ্থনগৰতো নতুন মেডিকেল কলেজ স্থাপন হৈছে।

বন্ধুসকল,

পূৰ্বে পূৰ্বাঞ্চলত আৰু এটা ডাঙৰ সমস্যা আছিল। আপোনালোকৰ নিশ্চয় মনত আছে, পূৰ্বে যদি কোনো লোকে ৫০ কিলোমিটাৰ দূৰলৈও যাবলগীয়া আছিল তেন্তে তেওঁলোকে তিনি চাৰি ঘন্টা আগতেই ৰাওনা হ’ব লাগিছিল। কিন্তু আজি ইয়াত ফ’ৰলেন আৰু ছিক্সলেনৰ পথ নিৰ্মাণ হৈছে। কেৱল সেয়ে নহয়, গোৰখপুৰৰ পৰা খন চহৰলৈ বিমানৰ ব্যৱস্থাও কৰা হৈছে। কুশীনগৰত নিৰ্মিত আন্তৰ্জাতিক বিমানবন্দৰেও এতিয়াৰ পৰা পৰ্যটন ক্ষেত্ৰক আৰু উন্নীত কৰিব।

বন্ধুসকল,

এই উন্নয়ন, স্বনিৰ্ভৰতাৰ ক্ষেত্ৰত এই পৰিৱৰ্তন আজি প্ৰতিগৰাকী স্বাধীনতা সংগ্ৰামীৰ প্ৰতি দেশৰ শ্ৰদ্ধাঞ্জলি। আজি, আমি যেতিয়া চৌৰী-চৌৰা শতবৰ্ষ উদযাপন কৰিছো, তেতিয়া আমাৰ সামূহিক অংশগ্ৰহণৰ মাধ্যমেৰে এই পৰিৱৰ্তনক আগুৱাই লৈ যোৱাৰ চেষ্টা কৰিব লাগিব। আমিও প্ৰতিশ্ৰুতি দিব লাগিব যে দেশৰ ঐক্য আমাৰ বাবে প্ৰথম, দেশৰ প্ৰতি সন্মান আমাৰ বাবে আটাইতকৈ ডাঙৰ বিষয়। এই চিন্তা বুকুত বান্ধিয়েই আমি প্ৰতিগৰাকী দেশবাসীৰ সৈতে আগুৱাই যাব লাগিব। মই বিশ্বাসী যে আমি যি যাত্ৰা আৰম্ভ কৰিছো, এক নতুন ভাৰত গঠনৰ মাজেৰে সেয়া পূৰ্ণ হ’ব।

 

মই পুনৰ এবাৰ, শ্বহীদসকলৰ এই শতবৰ্ষ অনুষ্ঠানত, সমগ্ৰ বছৰতে এটা বিষয় কেতিয়াও নাপাহৰিব যে তেওঁলোক দেশৰ বাবে শ্বহীদ হৈছিল। তেওঁলোকে প্ৰাণাহুতি দিছিল, যাৰ বাবে আমি আজি স্বাধীন হৈছো, তেওঁলোকে দেশৰ বাবে মৃত্যু বৰণ কৰিছিল, নিজৰ প্ৰাণ দিব পাৰিছিল, নিজৰ স্বপ্নপূৰণ কৰিব পাৰিছিল, আমাৰ মৃত্যুবৰণ কৰাৰ সেই সুযোগ নাই, সেয়ে দেশৰ বাবে জীয়াই থকাৰ প্ৰতিজ্ঞা কৰিব লাগিব। তেওঁলোকৰ দেশৰ বাবে মৃত্যুবৰণ কৰাৰ সৌভাগ্য হৈছিল, আমাৰ দেশৰ বাবে জীয়াই থকাৰ সৌভাগ্য হৈছে। এই শতাব্দী বৰ্ষত চৌৰী-চৌৰাৰ শ্বহীদসকলক স্মৰণ কৰি আমি দৃঢ় সংকল্প গ্ৰহণ কৰা উচিত। আমাৰ স্বপ্নপূৰণৰ বৰ্ষ হোৱা উচিত। আমাৰ বাবে, এয়া মানুহৰ কল্যাণৰ বাবে আন্তৰিকভাৱে কাম কৰাৰ বছৰ হোৱা উচিত। তেতিয়াহে এই বলিদানৰ শতবৰ্ষ আমাক নতুন উচ্চতালৈ লৈ যোৱাৰ এক সুযোগ হৈ উঠিব। আৰু তেওঁলোকৰ বলিদান আমাৰ অনুপ্ৰেৰণাৰ কাৰক হৈ উঠিব।

এই ভাৱনাৰেই, মই পুনৰ এবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ।

 

*****

DS/SH/BM/RD



(Release ID: 1695833) Visitor Counter : 168