প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

৭ ফেব্ৰুৱাৰীত অসম আৰু পশ্চিমবংগ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

পশ্চিমবংগত প্ৰধানমন্ত্ৰীয়ে বিভিন্ন আন্তঃগাঁথনিমূলক প্ৰকল্প দেশবাসীলৈ উচৰ্গা কৰিব

অসমত প্ৰধানমন্ত্ৰীয়ে ‘অসম মালা’ মুকলি কৰাৰ লগতে দুখন চিকিৎসালয়ৰ আধাৰশিলাও স্থাপন কৰিব

Posted On: 05 FEB 2021 6:25PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭ ফেব্ৰুৱাৰী ২০২১ তাৰিখে অসম আৰু পশ্চিমবংগ ভ্ৰমণ কৰিব৷ দিনৰ প্ৰায় ১১.৪৫ মান বজাত প্ৰধানমন্ত্ৰীয়ে অসমত দুখন চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ প্ৰধান জিলা পথসমূহৰ এক আঁচনি ‘অসম মালা’ উদ্বোধন কৰিব৷ ইয়াৰ পিছত সন্ধিয়া প্ৰায় ৪.৫০ বজাত তেওঁ পশ্চিমবংগৰ হালদিয়াত বিভিন্ন আন্তঃগাঁথনিমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দেশবাসীলৈ উচৰ্গাও কৰিব৷

পশ্চিমবংগত প্ৰধানমন্ত্ৰীঃ

প্ৰধানমন্ত্ৰীয়ে ভাৰত পেট্ৰ’লিয়াম কৰ্প’ৰেচন লিমিটেডৰ দ্বাৰা নিৰ্মিত এলপিজি ৰপ্তানি টাৰ্মিনেল দেশবাসীলৈ উচৰ্গা কৰিব৷ ইয়াত প্ৰায় ১১০০ কোটি টকাৰ বিনিয়োগ কৰা হৈছে আৰু  ইয়াৰ সামৰ্থ হ’ল প্ৰতি বছৰত ১ মিলিয়ন মেট্ৰিক টন৷ ইয়াৰ জৰিয়তে পশ্চিমবংগৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ আৱশ্যকীয় এলপিজি উপলব্ধ হোৱাত সহায়ক হ’ব৷

প্ৰধানমন্ত্ৰীয়ে দেশবাসীলৈ ৩৪৮ কিলোমিটাৰৰ ডোবি-দুৰ্গাপুৰ প্ৰাকৃতিক গেছ পাইপলাইন ষ্টেচন উচৰ্গা কৰিব৷ ই প্ৰধানমন্ত্ৰী উৰ্জা গংগা প্ৰকল্পৰ এটা অংশ৷ এই প্ৰকল্পত প্ৰায় ২৪০০ কোটি টকা বিনিয়োগ কৰা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে ইণ্ডিয়ান অইল কৰ্প’ৰেচনৰ হালদিয়া তেল শোধনাগাৰৰ দ্বিতীয় কেটেলাইটিক-আইচ’ডিৱাক্সিঙৰ আধাৰশিলা স্থাপন কৰিব৷ এই ইউনিটটোৰ সামৰ্থ হ’ল প্ৰতি বছৰত ২৭০ হাজাৰ মেট্ৰিক টন৷ ইয়াৰ জৰিয়তে ১৮৫ মিলিয়ন আমেৰিকান ডলাৰৰ বৈদেশিক মুদ্ৰা ৰাহি হোৱাৰ আশা প্ৰকাশ কৰা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰবাসীলৈ ৰাণীচকত ৪ লেনৰ আৰঅ’বি-কাম-ফ্লাইঅ’ভাৰো উচৰ্গা কৰিব৷ ইয়াক ১৯০ কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা হৈছে৷

উপৰোক্ত আটাইবোৰ প্ৰকল্প প্ৰধানমন্ত্ৰীৰ ‘পূৰ্বোদয়া’ বীক্ষণক বাস্তাৱায়িত কৰাৰ অৰ্থে ৰূপায়ণ কৰা হৈছে৷

অসমত প্ৰধানমন্ত্ৰীঃ

প্ৰধানমন্ত্ৰীয়ে অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ তথা জিলাৰ প্ৰধান পথসমূহৰ নেটৱৰ্ক উন্নত কৰাৰ বাবে ‘অসম মালা’ মুকলি কৰিব৷ ‘অসম মালা’ৰ জৰিয়তে ৰাজ্যখনৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ সৈতে গ্ৰামাঞ্চলৰ সংযোগ ব্যৱস্থা উন্নত হ’ব৷ এই আঁচনি মুকলি অনুষ্ঠানত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী৷

প্ৰধানমন্ত্ৰীয়ে বিশ্বনাথ আৰু চৰাইদেউত দুখন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰো আধাৰশিলা স্থাপন কৰিব৷ ইয়াত প্ৰায় ১১০০ কোটি টকা ব্যয় কৰা হৈছে৷ প্ৰতিখন চিকিৎসালয়ত ৫০০খন বিচনা থকাৰ লগতে  ১০০ এমবিবিএছ শিক্ষাৰ্থীৰ বাবে আসন উপলব্ধ হ’ব৷   

*****

 

DS /AKJ/MANN



(Release ID: 1695716) Visitor Counter : 194