ভাৰতীয় নিৰ্বাচন আয়োগ

অসমৰ কাউঞ্চিল অফ ষ্টেটছৰ আসনৰ উপ-নিৰ্বাচন

পোষ্ট কৰা হৈছে: 04 FEB 2021 2:17PM by PIB Guwahati

১।তলত দিয়া সবিশেষ অনুসৰি অসমৰ কাউঞ্চিল অফ ষ্টেটছৰ এটা পদ অংশকালীন খালী হৈছেঃ-

 

ৰাজ্য

সদস্যৰ নাম

কাৰণ

খালী হোৱাৰ তাৰিখ

কাৰ্যকালৰ সীমা

অসম

শ্ৰী বিশ্বজিৎ দৈমাৰী

পদত্যাগ

২১-১১-২০২০

০৯-০৪-২০২৬

২। তলত দিয়া সূচী অনুসৰি ওপৰত উল্লেখিত খালী পদ পূৰাবলৈ আয়োগে অসমৰ কাউঞ্চিল অফ ষ্টেটছৰ উপ-নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লৈছেঃ-

 

ক্ৰঃ নং

কাৰ্যক্ৰম

তাৰিখ

১

অধিসূচনা জাৰি

১১ ফেব্ৰুৱাৰী, ২০২১ (বৃহস্পতিবাৰ)

২

মনোনয়ন দাখিলৰ অন্তিম তাৰিখ

১৮ ফেব্ৰুৱাৰী, ২০২১ (বৃহস্পতিবাৰ)

৩

মনোনয়ন পৰীক্ষা

১৯ ফেব্ৰুৱাৰী,২০২১ (শুকুৰবাৰ)

৪

প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম তাৰিখ

২১ ফেব্ৰুৱাৰী, ২০২১ (সোমবাৰ)

৫

ভোট গ্ৰহণৰ তাৰিখ

০১ মাৰ্চ, ২০২১ (সোমবাৰ)

৬

ভোট গ্ৰহণৰ সময়

দিনৰ ০৯:০০-০৪:০০বজা

৭

ভোট গণনা

০১ মাৰ্চ, ২০২১ (সোমবাৰ) সন্ধিয়া ০৫:০০ বজাত

৮

নিৰ্বাচন পূৰ্বে সম্পূৰ্ণ কৰাৰ তাৰিখ

০৩ মাৰ্চ, ২০২১ (বুধবাৰ)

 

৩৷ সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ সময়ছোৱাত সকলো লোকে বিস্তৃত পৰামৰ্শাৱলী মানি চলিব লাগিবঃ-

  1. প্ৰতিটো নিৰ্বাচন সম্পৰ্কীয় কামৰ সময়ত প্ৰতিজন লোকে মুখাৱৰণ (মাস্ক) পৰিধান কৰিব।
  2. নিৰ্বাচনৰ কামত ব্যৱহৃত গৃহ/কোঠা/চৌহদ প্ৰৱেশ কৰোতেঃ (ক) প্ৰতিজন লোকৰে থাৰ্মেল স্কেনিঙৰ ব্যৱস্থা কৰা হ'ব। (খ) সকলো স্থানতে ছেনিটাইজাৰ উপলব্ধ কৰোৱা হ'ব।
  3. ৰাজ্য চৰকাৰ আৰু গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰসাৰিত কোভিড-১৯ গাইডলাইন অনুসৰি সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব।

 

৪৷ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সময়ছোৱাত কোভিড-১৯ সংক্ৰান্তীয় যাৱতীয় পদক্ষেপসমূহ পালন কৰাটো নিশ্চিত কৰিবলৈ অসমৰ মুখ্য সচিবক ৰাজ্যৰ এজন জ্যেষ্ঠ বিষয়াক মকৰল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

 

৫৷ তদুপৰি, আয়োগে এই নিৰ্বাচনৰ বাবে পৰ্যবেক্ষক হিচাপে অসমৰ মুখ্য নিৰ্বাচনী বিষয়াক নিযুক্তি দিছে।

 

 ************

SBS/RP


(ৰিলিজ আই ডি : 1695333) অতিথি কক্ষ : 255
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Manipuri , Bengali , Tamil